ব্লাড বেংকৰ ডিউটিত আছিলোঁ ৰক্তদাতাসকলক এজন এজনকৈ পৰীক্ষা কৰি ৷
এজন 32 বছৰমান বয়সৰ মানুহ আহি মোৰ সন্মুখত বহিলহি ৷
ফৰ্মখন লৈ সুধিলো, " পেচেন্ট কি হয় আপোনাৰ?"
উত্তৰ আহিল, "মোৰ ল'ৰাৰ মিছেছ ৷"
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল ৷ মানুহজনৰ বয়সটো আকৌ এবাৰ ফৰ্মখনত চকু ফুৰাই চালো ৷ হয়, 32 বছৰেই হয় ৷
"আপোনাৰ ল'ৰাৰ মিছেছ মানে? আপোনাৰ ল'ৰাৰ বয়স কিমাননো?"
"অ'হ! !! ছৰি ছাৰ, মোৰ লগৰ ল'ৰাৰ মিছেছ !!! 'লগৰ' শব্দটো ক'ব নোৱাৰাকৈ 'মিছ' হৈ গ'ল ৷ "
জোৰ কৰি উঠা হাঁহিটো কোনোমতে দমাই ৰাখি মিচিকিয়া হাঁহি এটাৰে তেওঁক ক'লো,
"দেখিলে, এটা শব্দ মিছ কৰিলে অৰ্থৰ কেনে পৰিবৰ্তন হৈ যায় ৷ হব দিয়ক, আজি আমি দুয়োটাই সেই প্ৰমাণ পালো ৷ নে কি কয়?"
সেমেনা সেমেনি কৰি লাজুক হাঁহি এটাৰে তেওঁ ক'লে,
"নকব আৰু ছাৰ, 'মোৰ ল'ৰা' হ'বলৈ মই বিয়াই পতা নাই এতিয়ালৈ ৷ "
ময়ো আন এটা মিঁচিকিয়া হাঁহিৰে কথাটো তাতেই সামৰিলোঁ ৷ মানুহজনক আৰু অপ্ৰস্তুত কৰিবলৈ সত নহ'ল ৷
কিন্তু পেটে পেটে নিজকে নিজে এইবুলি কৈ ভিতৰুৱাকৈ পৰম ৰস পালো,
"ভাগ্য ভাল, 'লগৰ' শব্দটো 'মিছ' কৰাৰ লেথীয়াকৈ 'ল'ৰাৰ' শব্দটোও 'মিছ' কৰি আপুনিযে মোক ভুলতে পেচেন্ট গৰাকী 'মোৰ মিছেছ হয়' বুলি নকলে, কাৰণ তেনেকে কোৱাহলে আপোনাৰ 'লগৰ ল'ৰাজনে' বৰ দুখ পালেহেঁতেন ৷"
:-) :-)

No comments:
Post a Comment