Thursday, August 28, 2014

মূল্যবৃদ্ধিত এভুমুকি !!!

ডিউটিৰ পৰা ঘৰলৈ বুলি অহাৰ পথত অক্স্মাতে মনত পৰিল, শ্ৰীমতীয়ে বজাৰৰ পৰা কিবা নিব লগা হব পাৰে বুলি কৈছিল । পকেটৰ পৰা ম'বাইলটো উলিয়াই তেওঁৰ নম্বৰটো ডায়েল কৰিলো ।

"প্ৰণামী, কি নিব লগা আছিল অ' বজাৰৰ পৰা?"

"শুনিছা, বাকী সকলো আছেই । পোৱা যদি বিলাহী কেইটামানকে লৈ আনিবা ।"

পকেটৰ পৰা পাৰ্ছটো উলিয়াই চালো । অ'ত ত'ত বহুত ঠাইত পইচা দি দি পকেট একপ্ৰকাৰ খালী, খৰচ কৰিব পৰাকৈ এতিয়া বিশ টকাহে আছেগৈ পকেটত । হব আৰু , এলাহ লাগিছে, আকৌ ATM ত নোসোমাও আজি । বিলাহীহে নিব দিছে, একো নাই, ১০ টকামানৰ লৈ যাম , কেইবাটাও পাম ।

শাক পাছলিৰ দোকান এখন দেখি গাড়ী খন ৰখাই আৰামত নামিলো । বঢ়িয়া, বিলাহীকেইটা একেবাৰে ''মোক খা'' "মোক খা" কৈ জিলিকি আছে । আজি শ্ৰীমতীক খুশ কৰি দিম বাপ্পেকে ।

"বিলাহী কেনেকে দিছে ?"

"৬০ টকাকৈ ।"

"বহু বেছি কৈছে হে ।"

"এই দামেই চলি আছে দাদা । দিমনে?"

পকেটত থকা একমাত্র বিশ টকাটোলৈ মনত পৰিল । চাব্বাছ পাৰ্থ, বজাৰত জুই চাই দাম, আৰু তই বিশ টকাত এসোপা বিলাহী কিনি ঘৈণীয়েৰক খুশ কৰ ।

দুখ মনেৰে কলো,

"দিয়ক আৰু , পোন্ধৰ টকাৰ, মানে এপোৱা দিয়ক ।"

অৱশেষত সৰু ডাঙৰ মিলাই মাত্র তিনিটা বিলাহী হাতত লৈ পাম্প যোৱা বুকুখন সাৱটি ঘৰলৈ বুলি আগবাঢ়িলো ।

ভালকৈ বুজিলো , চাল্লা , বস্তুৰ দাম সচাকৈয়ে বৰকৈ বাঢ়িছে ।

(উপসংহাৰ : ঘৰৰ শাক পাছলিৰ বজাৰ সাধাৰণতে কৰিবলগীয়া নোহোৱাৰ বাবেই বোধকৰোঁ বহু বয় বস্তুৰ দাম দৰৰ বিষয়ে মই তেনেকৈ অৱগত নহওঁ । কিন্ত এটা বিলাহী যেতিয়া পাচ টকাৰে কিনিব লগা হয়, তেতিয়া সচাকৈয়ে গা বেজবেজাই যায় ।)

No comments:

Post a Comment