Friday, August 07, 2015

সেই অনুভৱটি.... নাজানোঁ আৰু দিয়ক !!!

চিকিৎসালয়ত ৰুটিন ৰাউণ্ড দি আছিলোঁ ৷ বয়সীয়া চিষ্টাৰ (নাৰ্চ) এগৰাকীয়ে মোৰ ওচৰলৈ আগুৱাই আহি আন্তৰিকতাৰে সুধিলে,

"ছাৰ, আপোনাৰ ছোৱালীয়ে আমাৰ মেডিকেলতে ফাৰ্ষ্ট এম,বি,বি,এছ ত পঢ়ি আছে নহয়নে?"

মই উত্তৰ দিলোঁ,

"নাই, নহয় বাইদেউ ৷"

তেখেতে মোক ইমান ডাঙৰ ছোৱালীৰ দেউতাক বুলি ভাবিলে, পিছে ব্যক্তিগতভাৱে মই মোৰ নিজ সন্তানৰ পিতৃ হোৱাৰ ক্ষেত্ৰত এতিয়াও "প্ৰছেছিং ফেজ" তে আছোঁ ৷

চিষ্টাৰ বাইদেউ গৰাকীয়ে যেন অলপ আমোদহে পালে ৷ মিচিকিয়া হাঁহি এটিৰে তেখেতে আকৌ ক'লে,

"মোক বুৰ্বক নবনাব ছাৰ ৷ কালি মোক মোৰ লগৰ এগৰাকীয়ে তাইৰ লগত চিনাকিও কৰি দিছে ৷"

মই অলপ খৰ খেদাত আছিলোঁ ৷ তাৰোপৰি তেখেতৰ মনত দকৈ শিপাই যোৱা এই 'নিৰ্দোষ' ভুল কথাটো মই ইমান কম সময়তে যে নোহোৱা কৰিব নোৱাৰিম, সেই সম্পৰ্কে মই নিশ্চিন্ত আছিলোঁ ৷ গতিকে কথা বহলাই থকাতকৈ মই হাঁহি এটিৰে থোৰতে উত্তৰ দি থলোঁ,

"অ'কে, তাৰমানে আপুনি তাইক লগ পালেই ইতিমধ্যে !"

"হয় ছাৰ ৷ আপোনাৰ ছোৱালীজনী বৰ ধুনীয়া ৷ আৰু কথা বতৰাতো বহুত ভদ্ৰ ৷"

"ধন্যবাদ বাইদেউ !"

মই লাহেকৈ আতৰি আহিলোঁ ৷ কিন্তু আহি থকাৰ সময়ত মোৰ মনত বিভিন্ন ধৰণৰ মিশ্ৰিত ভাৱনাই দোলা দিব ধৰিলে ৷ বোধহয় মই বয়সতকৈ বুঢ়া হৈ গৈছোঁ ৷ বোধহয় মোৰ লাহে লাহে বাঢ়ি প্ৰকাণ্ড হৈ অহা পেটটো কমাবলৈ চেষ্টা কৰাৰ সময় আহি গৈছে ৷ ইত্যাদি ইত্যাদি ৷

কিন্তু যিয়েই নহওক, ৩৪ বছৰ বয়সত এজনী ১৯ বছৰীয়া ছোৱালীৰ দেউতাক হোৱাৰ অনুভৱটি...... নাজানোঁ আৰু দিয়ক !!! :-) :-)

No comments:

Post a Comment