Wednesday, October 07, 2015

গল্প: এচিকুট দুষ্টামি ৷ ডাঃ কুমাৰ পাৰ্থ প্ৰতিম ৷

★★""এচিকুট দুষ্টামি ৷""★★

চিনেমা এখন চাই আছিলোঁ ৷ ৰাতিৰ ভাতসাঁজ খাই উঠাৰ পিছত হেলান পাৰি বিচনাত বাগৰি চিনেমা চোৱাৰ মজাই সুকীয়া ৷ চিনেমাখনৰ নায়িকাগৰাকী ধৰি লওঁক সুকুমাৰ বুলি ল'ৰা এজনৰ বাকদত্তা ৷ মাজতে নায়কৰ আবিৰ্ভাৱ ৷ নায়ক একপক্ষীয়ভাবে নায়িকাৰ প্ৰেমত পৰিল ৷ ঘটনাক্ৰমে নায়িকাৰ লগত একেলগে ঘূৰা ফিৰা কৰাৰ সুবিধাও পালে নায়কে ৷ কিছুদিনৰ পিছত যেতিয়া নায়কে নায়িকাক ঘৰমুৱা ৰেল এখনত উঠাই থৈ আহিবলৈ ৰেল ষ্টেচনলৈ গ'ল, সুকুমাৰ নায়িকাৰ অপেক্ষাত আগৰে পৰাই ৰৈ আছিল ৷ কিছু 'চিনেমেটিক' আবেগিক মুহুৰ্তত তেতিয়াহে নায়িকাই নায়কৰ তেওঁৰ প্ৰতি উদ্ভৱ হোৱা উমাল প্ৰেমৰ আভাস পালে ৷ নায়িকাৰো হৃদয়ত প্ৰেমৰ ৰক্তজৱা প্ৰস্ফুটিত হ'ল ৷ সুকুমাৰে পানীৰ বটল এটা আনিবলৈ যোৱাৰ সুবিধাতে দুয়োজনে সাৱটা সাৱটি কৰি অনুভৱৰ চুমা দুটামানো খালে য'তে ত'তে ৷ এটা সময়ত সুকুমাৰে নায়িকাক লৈ ৰেলত উঠি গুছি গ'ল ৷ নায়ক আৰু নায়িকাৰ বিচ্ছেদৰ মুহুৰ্তখিনি বেছ কিছু আবেগিক কৰি উপস্থাপন কৰা হ'ল ৷ বিৰহ বেদনা সন্নিবিষ্ট সংগীত এটিৰ সুৰ ভাঁহি আহিল টেলিভিছনৰ পৰ্দাৰ পৰা ৷ মোৰ ওচৰতে বহি একেলগে চিনেমাখন উপভোগ কৰি থকা মোৰ শ্ৰীমতীয়ে মোক কিবা এটা ক'ব বিচাৰিলে ৷ মই তেওলৈ চালোঁ ৷ তেওঁৰ চকুত পানী ৷ কি যে ক'ম আৰু, জানেই নহয়, ছোৱালীবোৰ (মহিলাবোৰ বুলি ক'বলৈ ভয় লাগে, কিজানিবা শ্ৰীমতীয়ে বেয়াই পায়! ) অলপ বেছিকৈয়ে চেণ্টিমেণ্টেল ৷ তাতে আকৌ টিভিত চলিছে বিৰহ বেদনা ! ডিভিডিটোৰ 'পজ' বটনটো টিপি ধৰিলোঁ ৷

"কিবা ক'বা পৰী?"

"নায়কজনলৈ বেয়াই লাগে নহয়নে প্ৰিয়ম? পায়ো হেৰুৱালে নায়িকাজনীক! "

"দুখ নকৰিবা ৷ চিনেমাখনৰ আধাতকৈও বেছি আছে এতিয়াও ৷ নায়ক নায়িকাৰ মিলন হ'ব অৱশেষত ৷"

"সেইটোও হয় অৱশ্যে !"

"কিন্তু কি জানানে পৰী? মোৰ সুকুমাৰৰ কথা ভাবিহে বেয়া লাগিছে ৷"

"কিয়?"

"প্ৰেক্টিকেল উদাহৰণ এটা দিওঁ ৰ'বা তোমাক ৷ আমাৰ এংগেজমেণ্টৰ পিছত আৰু বিয়াৰ আগত তোমাক যদি বেলেগ ল'ৰা এটাই ভাল পোৱা আৰম্ভ কৰিলেহেঁতেন? "

"মই তাক নাপাত্তা কৰি দিলোঁ হয় ৷"

"কিন্তু কেনেবাকৈ শুদ্ধ বা ভুলবশতঃ 'বাই চান্স' তুমিও যদি তাৰ প্ৰেমত পৰি গ'লাহেঁতেন, তেতিয়া মোৰ কেনে লাগিলহয়? মোৰ কোমল কলিজাটো ভঙি চিঙি টুকুৰা টুকুৰ নহ'লহেতেন জানোঁ?"

"ধেৎ, কিযে কোৱা প্ৰিয়ম ! "

"এইবোৰ প্ৰেক্টিকেল কথা পৰী ৷ আৰু চোৱা, কিছুমান চিনেমাতটো পৰকীয়া প্ৰেমকো বহু মহান কৰি উপস্থাপন কৰা হয় ৷ সেয়া দেখিও আমি আবেগিক হৈ পৰোঁ ৷ নহয় জানোঁ? "

"ঠিকেই কৈছা ৷"

"কিন্তু বাস্তৱত সেয়া কিমানদূৰ গ্ৰহণযোগ্য ? আমাৰ ক্ষেত্ৰতে চোৱা, দিনটোৰ ভিতৰত মই নিজে কিমান গৰাকী ছোৱালীক বা মহিলাক লগ পাওঁ বাৰু? বা তুমিওটো দৈনন্দিন বিভিন্ন ল'ৰা বা পুৰুষৰ  সান্নিধ্যত আহা ! তাৰে মাজৰ কাৰোবাৰ ব্যক্তিত্বৰ প্ৰতি খন্তেকৰ বাবে আকৰ্ষিত হোৱাটো একো অস্বাভাৱিক নহয় ৷ কিন্তু যদি সেই বিশেষজনৰ প্ৰেমত পৰি আমাৰ এজনে আনজনক অৱহেলা কৰিবলৈ আৰম্ভ কৰোঁ, তেন্তে আমি এজনে আনজনৰ লগতে আমাৰ সন্তানটিৰ প্ৰতি অন্যায় কৰা নহ'বনে?"

পৰীয়ে কৈ উঠিল,

"ঠিকেই কৈছা প্ৰিয়ম, কিছুমান কথা চিনেমাতহে ভাল লাগে ৷ বাস্তৱ সম্পূৰ্ণ বিপৰীত ৷ নিজৰ আবেগ অনুভূটিবোৰ সংযত কৰিব পাৰিলেহে সংসাৰ এখন টিকি থাকে ৷"

পৰী ইমান অনুভূতিপ্ৰবণ হৈ পৰিব বুলি আশা কৰা নাছিলোঁ ৷ গতিকে পৰিস্থিতিটো কিছু লঘু কৰিবলৈ মই তেওঁক ক'লোঁ,

"মই কথাৰ কথাটোহে ক'লোঁ ৷ হ'ল বুলিয়ে তুমি ইমান চিন্তাশীল হৈ উঠাৰ কোনো প্ৰয়োজন নাই ৷ আৰু বিশেষকৈ চিনেমা চাই থকাৰ সময়তটো আৰু নহয় ৷ তোমাৰ চকুপানীখিনি দেখোন শুকাই গ'ল ৷ এটা কাম কৰা, চিনেমাখন চলাই দিওঁ, তুমি এসোতামান কান্দা ৷ চকুপানী মচিবলৈ ময়ো ৰোমাণ্টিক হিৰ' টাইপত তোমাক শুধ বগা তাৱেল এখনেই আনি দিও বাথৰুমৰপৰা ৷ পকেটত ৰুমাল নাই যে! "

এটি উজ্জল হাঁহিৰে "দুষ্টটো ক'ৰবাৰ" বুলি কৈ পৰীয়ে মোৰ বাহুটোত লাহেকৈ ঠেলা মাৰি  দিলে ৷ অকস্মাতে পৰীৰ প্ৰতি মই সেই 'বিশেষভাৱে' আকৃষ্ট হৈ পৰিলোঁ ৷ অলপ আগতে দেখা নায়ক নায়িকাৰ আলিংগনৰ মুহুৰ্তখিনি মোৰ চকুৰ আগত ভাঁহি উঠিল ৷ ঘৰৰ বাকী সদস্যসকল ইতিমধ্যে শুলেই চাগৈ ৷ গতিকে অলপ দুষ্টামিয়েই কৰা যাওক বুলি মনতে পাং পাতি ৰুমৰ দৰ্জাখন বন্ধ কৰিবলৈ বুলি বিচনাৰ ওপৰত উঠি বহিলোঁ ৷

#এক_মিনিটৰ_গল্প, #এচিকুট_দুষ্টামি, #ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

No comments:

Post a Comment