দশমমানত পঢ়া ছোৱালীজনী মাকৰ লগত মোৰ ওচৰলৈ চকুৰ কিবা অসুবিধাৰ বাবে আহিছিল ৷ আৰ্থিকভাৱে একেবাৰেই দূৰ্বল পৰিয়াল এটাৰ জীয়ৰী তাই ৷ অপুষ্টি আৰু ৰক্তহীনতাই তাইৰ দেহাটোক যেন কাবু কৰি পেলাইছিল ৷
দৰকাৰী পৰীক্ষা নিৰীক্ষাৰ অন্তত মই মাকক ক'লোঁ,
"তাইৰ চকুৰ বিশেষ অসুবিধা নাই বাইদেউ ৷ কিন্তু ছোৱালীজনী একেবাৰেই দুৰ্বল ৷ তেজ একদমেই কম ৷ আপুনি সোনকালেই মেডিচিন বিশেষজ্ঞ এজনক দেখুৱাওকচোন তাইক ৷"
ছোৱালীজনী শোকত ভাগি পৰিছিল ৷ উচুপি উচুপি তাই কৈছিল,
"দুমাহমানৰপৰা মোৰ মাহেকীয়া একেবাৰে অনিয়মীয়া ছাৰ ৷ নামতহে হৈছে বুলিব পাৰি ৷ মায়ে বেলেগ কিবা সন্দেহ কৰি আছে ৷ সেইদিনা প্ৰস্ৰাৱৰ পৰীক্ষা এটাও কৰাইছে ফাৰ্মাছী এখনৰপৰা কিবা এটা কিনি আনি ৷ সেইটোত নিগেটিভ পোৱাৰ পিছতো মায়ে মোক সন্দেহ কৰিবলৈ এৰা নাই ৷ আপুনিয়েই মাক বুজাওক না ছাৰ, মাহেকীয়া স্ৰাৱ হ'বলৈও দেহত অলপমান তেজ লাগিবটো !"
#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য, #ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম
No comments:
Post a Comment