২০১৪ চনৰ এপ্ৰিল মাহৰ ২৪ তাৰিখ ৷ লোকসভা নিৰ্বাচনৰ ভোটদান কৰি মৰিগাৱৰপৰা কর্মস্থল গুৱাহাটীলৈ উলটি আহি আছিলোঁ ৷ এনেকুৱা দিনবোৰত বেছি সংখ্যক গাড়ীয়েই নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰে, গতিকেই উভটি আহিবলৈ গাড়ী নোপোৱাৰ দৰে আহুকলীয়া পৰিস্থিতি এটাৰ সন্মুখীন হোৱাৰপৰা বাচিবলৈ ৰাতিপুৱা বাইক লৈয়েই গৈছিলোঁ ৷ অকলে অকলে আশী কিলোমিটাৰ বাট গাড়ী চলাই যাবলৈ কিছু চিন্তা কৰোঁ, বেলেগ কথা নহয়, কিন্তু পেট্ৰলৰ খৰচটোৰ কথা অলপমান ভাবিবলগীয়া হয়, গতিকে গাড়ীৰ সলনি বাইক ৷
সেইদিনা গৰম অলপ বেছিয়েই আছিল ৷ তাৰোপৰি মই ‘ফুল মাস্ক’ হেলমেট পিন্ধি আহিছিলোঁ ৷ প্ৰায় পঞ্চাশ কিলোমিটাৰমান অতিক্ৰম কৰাৰ পিছত বৰকৈ পানী খাবলৈ মন গ’ল ৷ বাইকখন ৰখাই ৰাজপথৰ ওচৰতে থকা দোকান এখনৰপৰা শীতল পানীয়ৰ বটল এটা কিনিলোঁ ৷ ঠিক তেনে সময়তেই এগৰাকী কম বয়সীয়া মহিলা চাৰি আৰু পাঁচ বছৰমান বয়সৰ দুটা ল’ৰাক লগত লৈ দোকানখনলৈ সোমাই আহিছিল ৷ মহিলাগৰাকী আৰু কণমানিদুটাৰ উৱলি যোৱা সাজ পোছাক আৰু অপুষ্টিজনিত চেহেৰাৰপৰা এই কথাটো সহজেই অনুমেয় আছিল, যে শিশুদুটিক লালন পালন কৰোতে এই মানুহজনীয়ে ইতিমধ্যেই যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে ৷
মহিলাগৰাকীয়ে দোকানীজনৰ লগত কিবা কথা পাতিবলৈ আৰম্ভ কৰিছিল, কিন্তু কণমানিদুটাই অত্যন্ত জিজ্ঞাসাৰে মোলৈ চাই আছিল ৷ সম্ভৱতঃ ‘ক’ল্ড ড্ৰিংক’ৰ বটলটোৰপৰা মই পোনে পোনে পানীয়খিনি মুখত ঢালি লোৱাৰ ধৰণটো দেখি সিহঁত দুটাই বৰ আমোদ পাইছিল, হয়তোবা কণমানিৰ সুবিশাল জগতখনৰ মই অনুধাৱন কৰিব নোৱাৰা কোনোবা কাৰ্টুন চৰিত্ৰৰ লগত মোৰ সামঞ্জস্য বিচাৰি পাইছিল, বা অন্য কিবা কাৰণো হ’ব পাৰে, কিন্তু একেথৰে তেনেদৰে মোলৈ চাই থকা দেখি অলপ সময়ৰ পিছত মই অসহজ বোধ কৰিছিলোঁ ৷ সিহঁত দুটালৈ চাই হাঁহিছিলোঁ, সিহঁত দুটাইয়ো প্ৰত্যুত্তৰ স্বৰূপে মোলৈ দুটি মিঠা হাঁহি উপহাৰ দিছিল ৷ বৰ মৰমলগা আছিল দুয়োটা ৷ এবাৰ মনলৈ আহিল যে এটা ক’ল্ড ড্ৰিংকৰ বটল কিনি দিয়া যাওক সিহঁত দুটাক, কিন্তু পিছমুহূৰ্ততে সেইটো ভাল কথা নহ’ব যেন ভাবি সিদ্ধান্ত সলনি কৰিলোঁ ৷ দোকানীজনক দুটা পাঁচ টকা দামৰ কেডবাৰী চকলেট দিবলৈ ক’লোঁ ৷ মহিলাগৰাকীয়ে যেন কিবা এটা অনুমান কৰিব পাৰিলে, কপালত এক চিন্তাৰ ৰেশ টানি তেখেতে মোক ক’লে,
“বেয়া নাপাব দাদা, এটা কথা সুধোঁ ৷”
“কওঁকচোন ৷”
“চকলেট কেইটা আপুনি কেনেবাকৈ ইহঁত দুটাৰ বাবে কিনিছে নেকি?”
“হয়, যদিহে আপুনি বেয়া নাপায় ৷”
এটি শ্লেষমিশ্ৰিত হাঁহি মাৰিছিল মানুহগৰাকীয়ে ৷
“ক্ষমা কৰিব দাদা ৷ বেয়া পোৱা বা ভাল পোৱাৰ কথা নাহে ৷ কিন্তু আপুনিয়েই কওকচোন, আজি বাৰু আপুনি দিব, কালি মই চকলেটৰ বাবে কাক লগ কৰিম? প্ৰতিদিনে দহ টকা এনেদৰে খৰচ কৰাটো মোৰ বাবে সম্ভৱপৰ নহ’ব ৷ দুখীয়া মাকৰ সন্তান, সেয়ে ইমান মৰম ইহঁতৰ প্ৰাপ্য নহয় ৷”
মোক আৰু একো কোৱাৰ সুযোগ নিদি সৰুটোক কোলাত লৈ ডাঙৰটোৰ এখন হাতত টানি টানি মহিলাগৰাকী আঁতৰি গৈছিল ৷ এনে এক প্ৰতিক্ৰিয়া মোৰ বাবে একেবাৰেই অপ্ৰত্যাশিত আছিল ৷ লাজ পাইছিলোঁ, অপমানিত বোধ কৰিছিলোঁ ৷ কণমানিকেইটাক অলপমান মৰম কৰিবলৈ বিচাৰি যেন প্ৰচণ্ডভাৱে মুখথেকেচা খাইছিলোঁ ৷ দোকানীজনৰো মুখৰ মাত হেৰাই গৈছিল ৷ সান্ত্বনা দিয়াৰ অৰ্থেই যেন তেখেতে মোক কৈছিল,
“মানুহজনী অভদ্ৰ ৷”
উত্তৰ দিয়াৰ আৱশ্যকতা অনুভৱ নকৰিলোঁ ৷ মই দিয়া এশটকীয়া নোটখনৰপৰা ৰাখিবলগীয়া খিনি ৰাখি ঘুৰাই দিয়া বাকী পইচাখিনি পকেটত সুমুৱাই বাইক ষ্টাৰ্ট কৰিলোঁ ৷ গোটেই বাটটোত মোৰ অলপ আগেয়ে ঘটি যোৱা ঘটনাটোৰ কথা মাজে মাজে মনলৈ আহি থাকিল ৷ হয়তো মহিলাগৰাকীয়ে একো ভুল কথা কোৱা নাছিল ৷ কিন্তু পৰিস্থিতিটো নটি স্বীকাৰ কৰি মানি ল’বলৈ হয়তোবা টান পাইছিলোঁ ৷
গুৱাহাটী পালোহি ৷ ডিউটিলৈ যাবলৈ হাতত তেতিয়াও বহু সময় ৷ ঘৰলৈ যোৱাৰ আগতে ৰাস্তাৰ ওচৰৰে সৰু চালি দিয়া দোকান এখনত চাহ একাপ খাওঁ বুলি সোমালোঁ ৷ চাহকাপ আহিল ৷ চাহ খাই থাকোতেই হঠাতে মনলৈ আহিল, মহিলাগৰাকীৰ ব্যৱহাৰ ৰুক্ষ, কিন্তু অভদ্ৰ নহয় ৷ তেখেতে জীৱনটো দেখিছে, জীৱনটো অনুধাৱন কৰিছে ৷ তাতোকৈ ডাঙৰ কথা হ'ল, তেখেত এগৰাকী মাতৃ ৷ জীৱন নামৰ নৈখনত প্ৰচণ্ড ধুমুহা বাৰিষাৰ মাজতো টুলুং-ভুটুং নৌকাখনকেই সাৰথি কৰি কাৰোপৰা সহায়ৰ আশা নকৰাকৈ স্বাভিমানেৰে নিজ সন্তানক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰা এগৰাকী সংগ্ৰামী মাতৃ ৷ এই কথাখিনিৰ অনুভৱে অলপ আগলৈকে ক’লা পৰি থকা মনটো দেখোন পোহৰাই তুলিলে ৷
হয়, তেখেত এগৰাকী মাতৃ ৷ ৰুঢ় বাস্তৱৰ সাহসেৰে সন্মুখীন হ’ব খোজা এগৰাকী পৰাক্ৰমী মাতৃ ৷
#বাস্তৱ ৷
#হয়_তেখেত_এগৰাকী_মাতৃ ৷
#খণ্ডচিত্ৰ_৮
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷