প্ৰজ্ঞাপ্ৰাপ্তি গুৱাহাটীৰ বাসিন্দা ৷ কৰ্মস্থান মৰিগাঁও ৷ প্ৰত্যেকদিনা গুৱাহাটীৰপৰা মৰিগাঁৱলৈ অহা যোৱা কৰি অফিছ ডিউটি কৰাটো ইমান উজু কথা নহয় ৷ চাবলৈ গ'লে মাত্ৰ আশী কিলোমিটাৰহে বাট, কিন্তু দৈনিক অহা যোৱা কৰোতে বহু কষ্ট হয় ৷ তাৰোপৰি অহা যোৱাৰ নামতে এদিনত প্ৰায় পাঁচ ঘণ্টামান সময়ৰ অপচয় হয় ৷ মাজতে মৰিগাঁৱতে ভাৰাঘৰ লোৱাৰ কথা ভাবিছিল, কিন্তু মাক গুৱাহাটী এৰি যাবলৈ অসন্মত ৷ গতিকে ৰুগীয়া মাকৰ কথা ভাবি সেইটোও কৰা নহ'ল ৷ ঘৰৰ গাড়ীখন লৈ অহা যোৱা কৰাৰো প্ৰশ্ন নুঠে, পেট্ৰলৰ যিহে দাম, মাহেকত গাড়ীৰ তেলৰ খৰচ তাইৰ দৰমহাতকৈও বেছিহে হ'বগৈ ৷ কিন্তু আজি তাই গাড়ী চলায়েই অফিচলৈ যাব লগা হ'ল ৷ অফিচলৈ বাহিৰৰ কোনোবা অফিছাৰ ইন্সপেকচনত আহি মিটিং কৰাৰ কথা, ইপিনে আকৌ ভুতৰ ওপৰত দানৱৰ লেখীয়াকৈ কোনোবাই দিলে অসম বন্ধ ৷ মুঠতে নিৰুপায় অৱস্থা এটা ৷ মিটিং শেষ হওতে নিশা প্ৰায় আঠ বাজো বাজো হ'লগৈ ৷ ছোৱালী এজনীয়ে অকলে ৰাতিখন ইমান দূৰ গাড়ী চলাই অহাটো ইমান নিৰাপদো নহয় ৷ ভিতৰি ভিতৰি অলপ শংকিত হৈ পৰিছিল তাই ৷ লগৰ অৰ্চনাহঁতৰ ঘৰত ৰাতিটো কটোৱাই ভাল হ'ব বুলি ভাবোতেই সিহঁতৰ লগত একেলগে কাম কৰা দিব্যই তাইৰ ওচৰলৈ আহি সুধিলে,
"আজি তুমি গাড়ী লৈ আহিছা বোলে প্ৰজ্ঞা? এতিয়া যাবাগৈ নে ক'ৰবাত থকাৰ কথা ভাবিছা?"
"যাব পৰা হ'লে ভাল আছিল, মাৰ গাটো ইমান ভাল নহয় এইকেইদিন ৷ কিন্তু ৰাতিখন অকলে,অকলে......."
"তুমি যদি বেয়া নোপোৱা, মই যাব পাৰিম নেকি তোমাৰ লগত ? তুমি বা জানানে নাই, মোৰ ঘৰো গুৱাহাটীতহে !"
প্ৰজ্ঞাপ্ৰাপ্তিৰ এটা ডাঙৰ দুশ্চিন্তা দূৰ হ'ল ৷ লগত চিনাকি ল'ৰা এজন গ'লে ৰাতি হ'লেও চিন্তা কৰিবলগীয়া একো নাথাকিব ৷ এনেই দিব্যৰ লগত সিহঁতৰ অফিছৰ ছোৱালী কেইজনীৰ সিমান মাতা বোলা নাই ৷ নাৰী সম্বন্ধীয় তাৰ পুৰণিকলীয়া মনোভাৱবোৰ সুবিধা পালেই সি সাৰ্বজনীনভাৱে ব্যক্ত কৰিবলৈ যত্ন কৰে ৷ "লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল" জাতীয় তাৰ বিকৃত মানসিকতাৰ বাবেই ছোৱালীকেইজনী ভিতৰি ভিতৰি তাৰ ওপৰত ক্ষুন্ন হৈ আছে ৷ কিন্তু আজি এই সময়ত তাক লগ পাই প্ৰজ্ঞাপ্ৰাপ্তিৰ কোনোবা ঘনিষ্ঠ বন্ধুক লগ পোৱাতকৈও বেছিকৈহে ভাল লাগিল ৷ কথাতে কয় নহয়, অভাৱে স্বভাৱ নষ্ট কৰে বুলি ৷
বিভিন্ন কথা বতৰাৰ মাজেৰে দহ বাজিবলৈ অলপ সময় থাকোতেই সিহঁত গুৱাহাটী আহি পালেহি ৷ আধা বাটৰপৰাই দিব্যই ভায়েকক ফোন কৰি কৈ থৈছে, সি আহি দিব্যক প্ৰজ্ঞাহঁতৰ ঘৰৰপৰা লৈ যাবহি ৷ গাড়ীৰপৰা নমাৰ আগমুহুৰ্তত তাই তাক সুধিলে,
"মোৰ ড্ৰাইভিং কেনে পালা দিব্য?"
"ধুনীয়া, বহুত ভাল চলোৱা তুমি ৷ ছোৱালী মানুহে চলোৱা যেন একেবাৰে নালাগিল ৷"
প্ৰজ্ঞাপ্ৰাপ্তিৰ গাটো যেন কিহবাই ৰুকিহে দিলে ৷ বেজবেজাই গ'ল তাইৰ গোটেই দেহাটো ৷ কেতিয়াও নকৰা কাম এটা কৰিলে তাই ৷ মিচিকিয়া হাঁহি এটিৰে দিব্যৰ গাল এখনত মৃদু টিপা এটা মাৰি তাই উত্তৰ দিলে,
"অশেষ ধন্যবাদ ৷ কিন্তু এটা কথা জানানে দিব্য? মৰিগাঁৱৰপৰা গুৱাহাটীলৈ মই ছোৱালীজনীয়ে যে তোমাক মোৰ গাড়ীত উঠাই লৈ আনিলোঁ, মোৰো এজন ল'ৰাক উঠাই অনা যেন অলপোৱেই নালাগিল !"
#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম