Saturday, January 02, 2016

আলহী ৷

কেবামাহৰ ব্যৱধানত পুতেকৰ মাক দেউতাকলৈ মনত পৰিল ৷ বিলাসী গাড়ীখন ড্ৰাইভাৰক ধুই চিকচিকীয়া কৰিবলৈ নিৰ্দেশ দিলে, ষ্টেটাছৰ কথা আছে ৷ পত্নী পুত্ৰসহিতে তেখেতসকলৰ লগত এসাঁজ খাবলৈ বুলি গাঁৱৰ ঘৰলৈ গাড়ী ষ্টাৰ্ট দিয়া হ'ল ৷ দিনতিয়াকৈয়ে ঘূৰি আহিব লাগিব ৷ মাক দেউতাকৰ ঘৰত গীজাৰ, এ,চি, আদি আধুনিক সা সুবিধাবোৰ বাদেই দিয়ক, ভাত খাবলৈ বুলি সাধাৰণ ডাইনিং টেবুল এখনো নাই ৷ তেনে এখন ঘৰত ৰাতি থকাৰ প্ৰশ্নই নুঠে ৷ নাতিক পাই আইতাকৰ উচাহে ভৰা মন ৷ মাটিত থ'লে পোকে খাব, মুৰত ল'লে উকনিয়ে পাব ৷ হাজাৰ হওক, ইমান ব্যস্ততাৰ মাজতো পুতেকে বোৱাৰী আৰু নাতিয়েকক তেখেতসকলৰ ওচৰলৈ এখন্তেক নিবৰ বাবে সময় উলিয়াব পৰাটোৱেই বেছ কিছু ডাঙৰ কথা ৷ যিমানেই আলাই আথানি নকৰক কিয়, মাতৃ এগৰাকীয়ে সকলো দেখোন নিজৰ মনতেই থাপি থুপি থয় ৷

দুপৰীয়া ভাত খোৱাৰ সময়ত দেউতাকৰ ম'বাইলটো বাজি উঠিল ৷ নাতিয়েকে চিঞৰি উঠিল,

"ছিঃ, ইমান পুৰণা ম'বাইল  !"

পুতেকে সুধিলে,

"ম'বাইল কেতিয়া কিনিলা দেউতা?"

"নাই অ' বোপাই, মই কিনা নাই ৷ মই যে হাজিৰা কৰোঁ সেই বিজু দদাইটি, তেওঁ দিছে ৷ ছমাহমানেই হ'ল ৷ মোক কাম থাকিলে ফোন কৰি মাতিবলৈ ভাল হয় বোলে ৷"

কথা বতৰাৰ কোবত ৰিছিভ কৰাৰ আগতেই ম'বাইলৰ ৰিং কৰি কৰিয়েই কলটো শেষ হ'ল ৷ অলপ সময়ৰ পিছত আকৌ বাজি উঠিল ফোনটো ৷ দেউতাকে ফোনত ক'লে,

"নহয় অ' দদাইটি, আলহী আহিছে ৷ সেয়ে অলপ আগতীয়াকৈ ভাত খাব লগা হ'ল আজি ৷ আলহীৰ লগত একেলগে নাখালে বেয়া দেখি যে  ! মই অলপ পিছত যাম দিয়ক আপোনাৰ তালৈ ৷"

ভাৱলেশহীনভাৱে দেউতাকে পুনৰ আহাৰ গ্ৰহণ কৰাত মনোনিবেশ কৰিলে ৷ ওচৰতে বহু 'কষ্টেৰে' পীৰাত বহি একেগলে ভাত খাই থকা পুতেকে হয়তো অনুভৱেই কৰিব নোৱাৰিলে যে কিমান মানসিক অৱসাদৰ অন্ততহে এজন পুতেক বা জীয়েক নিজৰ মাক দেউতাকৰ বাবে আলহী হৈ পৰিব পাৰে  !

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

No comments:

Post a Comment