Thursday, January 14, 2016

আপোন পৰ ৷

ভূমিকম্পটো বহুত ডাঙৰেই আছিল ৷ জখলা এডালত উঠি ইলেক্ট্ৰিকেল প'ষ্ট এটাত কিছু সময় আগেয়ে জ্বলি যোৱা তাঁৰ অলপ মেৰামতিৰ কামত লাগি আছিল নাইট ডিউটিত থকা বিপ্লৱ ৷ তলৰপৰা টৰ্ছ মাৰি পোহৰ দেখুৱাই জখলাপাত ধৰি থকা সহকাৰীজনে ভয় খাই জখলা এৰি দৌৰিবলৈ আৰম্ভ কৰিছিল ৷ বিপ্লৱেও বহুত ভয় খাইছিল ৷ এই শেষ হ'ব, এই শেষ হ'ব বুলি ভাৱ হোৱা ভূমিকম্পটোৱে পৃথিৱীখন প্ৰায় আধা মিনিটমান  জোকাৰি আছিল ৷ জীৱনত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ ভূমিকম্পৰ সন্মূখীন হৈছিল সি ৷  পৰি নোযোৱাকৈ থাকিবলৈ জখলাপাতত ভৰি ৰাখি ইলেক্ট্ৰিকেল প'ষ্টটোতে জোৰেৰে সাৱতি ধৰিছিল বিপ্লৱে ৷ ভাগ্যক্ৰমে কাৰেণ্টৰ কানেকচনটো কাটি থোৱা আছিল ৷ তললৈ নামিবলৈও সাহ কৰিব পৰা নাছিল সি, কিজানিবা জখলাডাল পৰিয়েই যায় ৷ অলপ পিছত সহকাৰীজন আহি জখলাডাল ধৰি দিয়াত ভগৱানৰ নাম লৈ বিপ্লৱ তললৈ নামি আহিল ৷

ইমানপৰে ভূমিকম্পৰ লগতে ওপৰৰপৰা পৰি যোৱাৰ ভয়ত, মানে নিজৰ প্ৰাণ বচোৱাৰ স্বাৰ্থত তাৰ চিন্তা ভাৱনা শক্তি যেন বিলুপ্ত হৈ গৈছিল ৷ তললৈ আহিয়েই তাৰ মাক দেউতাকৰ লগত ঘৰত এৰি থৈ অহা ঘৈণীয়েক আৰু কণমানিটোলৈ মনত পৰিল ৷ বুকুখন একমুহুৰ্তৰ বাবে কঁপি উঠিল ৷ একো অসুবিধা হোৱা নাইটো সিহঁতৰ? তৎক্ষণাত মবাইলটো উলিয়াই ঘৈণীয়েকৰ নম্বৰটো ডায়েল কৰিলে ৷ নাই, বিজী হৈ আছে নম্বৰটো ৷ একেৰাহে কেইবাবাৰো যত্ন কৰাৰ অন্তত পাঁচ মিনিটমানৰ মূৰত ঘৈণীয়েকৰ নম্বৰটো বাজি উঠিল ৷

"সকলো ঠিকে আছেনে মানসী?"

"নক'বা আৰু, অলপ ভয় খালোঁ ঠিকেই, কিন্তু ভগৱানৰ কৃপাত একো অসুবিধা হোৱা নাই ৷ তোমাৰ?"

"ময়ো ঠিকে আছোঁ দিয়া ৷ মাহঁতৰ কিবা অসুবিধা হৈছিল নেকি?"

"নাই, মায়ে ভূমিকম্প অহাৰ লগে লগে মোক জগাইছেহি ৷ এতিয়াও ওচৰতে আছে ৷"

ঘৈণীয়েকক বিপ্লৱে হও হওকৈ নোহোৱা দূৰ্ঘটনাটোৰ কথা ঘূূণাক্ষৰেও নজনালে ৷ বেছিকৈ টেনচন ল'ব মানুহজনীয়ে ৷ সুখত আছে, সুখতে থাকক ৷ টেনচন দি ৰাতি টোপনি ক্ষতি কৰোৱাৰ কোনো প্ৰয়োজন নাই ৷ বিপ্লৱে এইবাৰ শহুৰেকৰ নম্বৰত ডায়েল কৰিলে ৷ এনেয়েও তেখেতসকলৰ তীব্ৰ আপত্তিক নসাৎ কৰি মানসীৰ লগত প্ৰেমবিবাহত আৱদ্ধ হোৱাৰ দিন ধৰি শাহুৱেকহঁতে বিপ্লৱক কিবা যেন প্ৰতিদন্দ্বী হিচাপেহে গণ্য কৰে ৷ আন্তৰিকতা অলপোৱেই আনিব পৰা নাই তেখেতসকলে ৷ বিপ্লৱে অৱশ্যে সম্পৰ্কটো বচাই ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই ৷ শহুৰেকে ফোনটো ধৰি ক'লে,

"হেল্ল'  !"

"মই বিপ্লৱে কৈছোঁ দেউতা ৷"

"গম পাইছো, কোৱা ৷"

"সকলো ঠিকে আছেনে দেউতা ? আপোনালোকৰটো একো অসুবিধা হোৱা নাই?"

"নাই নাই, একো অসুবিধা হোৱা নাই ৷ ৰ'বা, এওঁ কথা পাতে বোলে তোমাৰ লগত ৷"

শাহুৱেকে ফোনটো ধৰিলে ৷

"কওক মা ৷"

"মই অলপ আগতে মানসীলৈ ফোন কৰিছিলোঁ বিপ্লৱ ৷ তাইক কৈছোঁ, গতিকে তোমাকো কওঁ, তোমাৰ নাইট ডিউটি থকা কেইদিন 'আমাৰ' মানসীক তুমি আমাৰ ঘৰত থৈ যাবা ৷ ছোৱালীজনী ৰাতিখন অকলে অকলে তাত থাকিলে বৰ ভয় লাগে ৷ তাতে আকৌ এই ভূমিকম্পবোৰটো আছেই ৷"

"বাৰু ভাবি চাম মা ৷"

বিপ্লৱৰ বহুত দুখ লাগি গ'ল ৷ এনেয়েও সি অলপমান বেছিকৈয়ে অনুভূতিশীল ৷ আত্মীয়ৰ মৰম আকলুৱা ৷ সি যেনে তেনে মৰাৰপৰা বাচিছে, তাৰ খবৰ ল'বলৈ শাহুৱেকৰ মনলৈয়ে নাহিল, কিন্ত ভূমিকম্প অহাৰ লগে লগে ইমান ৰাতিখনো ফোনত 'নিজৰ' জীয়ৰীক তাৰ নাইট ডিউটিৰ কেইদিন তেখেতসকলৰ ঘৰত থ'বলৈ ক'বলৈ হ'লে নাপাহৰিলে ৷ বেলেগ এদিন হোৱা হ'লে বিপ্লৱে বিশেষ একোৱেই নাভাবিলেহেঁতেন, কিন্তু আজিৰ এই বিপৰ্য্যয়ৰ দিনটোত বিপ্লৱ শোকাহত হৈ পৰিল ৷ ভূমিকম্প কেৱল ৰাতিয়েই আহিব বুলিটো কোনো কথা নাই ৷ জখলাৰ ওপৰৰপৰা কেনেবাকৈ পৰি যোৱা হ'লে হয়টোবা তাক বচোৱাটোৱেই মুস্কিল হ'লহয় ৷ তাৰ লগৰ এজন ঢুকাইছেই তেনেদৰে কেইমাহমান আগতে ৷ তাৰোপৰি নিজৰ বিবাহিতা স্ত্ৰীক কেনেদৰে ৰক্ষণাবেক্ষণ দিব লাগে সেয়া অন্ততঃ তাক শাহুৱেকে শিকোৱাৰ প্ৰয়োজন নাই৷ মনৰ দুখতে সি শাহুৱেকক ক'লে,

"আপুনি এতিয়ালৈ মোৰ খবৰ এবাৰো নল'লে মা ৷"

"এহ, তুমি ল'ৰা মানুহটোৰনো কি হ'ব?"

"ল'ৰা মানুহ বুলি কোনো কথা নাই মা ৷ সকলোখিনি আন্তৰিকতাৰহে কথা ৷ দূৰত্ববোৰ আমিহে সৃষ্টি কৰোঁ, অঘটনে ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাৰাখে মা !"

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

No comments:

Post a Comment