বাছখনত খুব হেঁচা ঠেলা ৷ পান জপাদি মানুহ উঠাই আনিছে ৷ কেইজনমান চেমনীয়া দৰ্জাত ওলমিয়েই আহিছে ৷ একেবাৰে শেষৰ দীঘলীয়া চিটটোৰ সন্মূখত ঠিয় হৈ অহা কলেজীয়া ছোৱালীজনীয়ে বহু অস্বস্তি পাইছে ৷ আগ, পিছ, মুঠতে চাৰিওকাষে মানুহে আগুৰি ধৰা অৱস্থা এটা ৷ লৰচৰ কৰিবলৈও উপায় নাই ৷ অকস্মাতে তাইৰ ভাৱ হ'ল, তাইৰ নিতম্বত যেন কোনোবাই স্পৰ্শ কৰিছে ৷ চাৰিওপিনে চালে তাই ৷ নাই, সকলো দেখোন নিজক লৈয়ে ব্যস্ত ৷ তাই ভুলকৈয়ে ভাবিছিল, কাৰোবাৰ হাত বা অন্য অংশ অসাৱধানবশতঃহে তাইৰ পিছফালে লাগিছিল ৷ এনেয়ো ইমান ভীৰত এনেকুৱা হোৱাটো একেবাৰেই স্বাভাবিক ৷ অলপ সময় সুকলমে পাৰ হ'ল ৷ তাৰ পিছতে তাই অনুভৱ কৰিলে, তাইৰ ধাৰণা ভুল নাছিল, সঁচাকৈয়ে কোনোবাই তাইৰ তপিনাত হাতেৰে মোহাৰিব ধৰিছে ৷ গাতে গা লাগি থকা মানুহৰ ভীৰত তলৰফালে দেখা পোৱাৰো একো অৱকাশেই নাই ৷ কাৰ হাত হ'ব পাৰে সেইখন? কিংকৰ্তব্যবিমুঢ় হ'ল ছোৱালীজনী ৷ কি কৰা উচিত হ'ব তাই? প্ৰতিবাদ নেদেখি তাইৰ দেহৰ ওপৰত হাতখনৰ অনধিকাৰ আগ্ৰাসনৰ মাত্ৰা আৰু অধিক চৰিল ৷ অৱশেষত উপায়ন্তৰ হৈ তাই চিঞৰি উঠিল ৷ বাছখন ৰখাই দিলে ড্ৰাইভাৰে ৷ সকলোৱে তাইৰ পিনে চালে ৷ তাই নিজেও যেন হতবাক হ'ল ৷ কোনে কৰিব পাৰে এনে অভদ্ৰামি? সকলোবোৰেই দেখোন দেখাত একো একোজন ভদ্ৰলোক ৷ বয়সস্থ মহিলা এগৰাকীয়ে সোধাত তাই ঘটনাটো বিৱৰি ক'লে ৷ যাত্ৰীসকলৰ এজনে আনজনলৈ চালে ৷ কোনোবাই ভিতৰি ভিতৰি আসুৰিক ৰসপান কৰিলে ৷ আগৰ চিটত বহি অহা ভদ্ৰলোক এজন অতিশয় বিতুষ্ট হৈ পৰিল ৷
তেওঁ চিঞৰিলে,
"অই ড্ৰাইভাৰ, গাড়ী চলা ৷ ইমান সৰু কথা এটাৰ বাবে ইমান হুলস্থুল কৰিব লাগেনে?"
বয়সস্থ মহিলাগৰাকীয়ে ভদ্ৰলোকজনৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিলে ৷ ভদ্ৰলোকজনক উদ্দেশ্যি তেখেতে ক'লে,
"ইমানবোৰ মানুহেৰে গিজগিজাই থকা অৱস্থাত ছোৱালী এজনীৰ লগত এনে জঘন্য কাম কৰা হৈছে, আপোনাৰ তেনেদৰে ক'বলৈ বেয়া লগা নাইনে?"
অন্য এজন যাত্ৰীয়ে চিঞৰি উঠিল,
"গাড়ী চলা ড্ৰাইভাৰ ৷ দেৰি হৈছে ৷"
ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলে ৷ গাড়ীৰ ইঞ্জিন আৰু পুৰণি মিউজিক চিষ্টেমৰ কোলাহলত মহিলাগৰাকীৰ প্ৰতিবাদৰ ভাষা ধুসৰ হৈ পৰিল ৷ বাকী ভাল যাত্ৰীসকলৰ কোনেও টু শব্দ এটাও উচ্চাৰণ নকৰিলে ৷ সঁচা কথা, আমাৰ দৰে ভদ্ৰ মানুহেৰে ভৰপূৰ সভ্য সমাজ এখনত ছোৱালী বা মহিলা এগৰাকীৰ সন্মানত আঘাত হনাটো যে একেবাৰেই সৰু কথা ৷
ছোৱালীজনীয়ে ড্ৰাইভাৰক গাড়ী ৰাখিবলৈ কৈ মাজ ৰাস্তাতে নামি পৰিল গাড়ীৰপৰা ৷ গন্তব্যস্থান যে এতিয়াও বহু দূৰ ৷ দুনয়ন চকুলোৰে উপচি পৰিল তাইৰ ৷ শোক, ক্ষোভ আৰু হতাশাৰ বোজাই তাইৰ বুকুখনত হেঁচা মাৰি ধৰিলে ৷ তাই যে কান্দিবও নোৱাৰিলে ৷ কাৰ আগত কান্দিব তাই? কিয়ই বা কান্দিব? তাইৰ চকুপানীৰ মূল্য দিব জনা মানুহ কেইজন আছিল সেই সময়ত গাড়ীখনত? অবলা নাৰী বুলি গণ্য কৰি নিজকে কিয় তাই দোষাৰূপ কৰিব? নিষ্ঠুৰ বাস্তৱৰ সাহসেৰে সন্মূখীন হ'বলৈ তাইটো শিকিবই লাগিব !
#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম
No comments:
Post a Comment