ছোৱালীজনী মোতকৈ বহু বছৰৰ জুনিয়ৰ ৷ আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৷ যোৱা চাৰি বছৰত এতিয়ালৈকে মই তাইক চাৰিবাৰমানহে লগ পাইছোঁ ৷ প্ৰথমবাৰ লগ পাওতে তাই মোক নিজৰ নামটো জনাইছিল ৷ পিছৰ কেইবাৰ লগ পোৱাৰ সময়ত তাইৰ নামটো মই মনত পেলাবলৈ অসমৰ্থ হৈছিলোঁ, কিন্তু তাই মোক নিজৰ চিনাকিটো বাৰম্বাৰ দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ৷ আচলতে মানুহৰ নাম মনত ৰখাৰ ক্ষেত্ৰত মই অলপমান কেঁচা ৷ বেলেগ কাৰোবাৰ হয়নে নহয় নাজানোঁ, কিন্তু সদায় লগ পাই থকা মানুহ এজনক মাত দিব বিছাৰিও অকস্মাত কেতিয়াবা বিবুধিত পৰোঁ দেখোন, এওৰ নামটো বা কি আছিল ! তেনেক্ষেত্ৰতটো বহুবাৰ হেই, হে'ৰি, অ'ৰা আদিৰেই কাম চলাই দিওঁ, কথা পতাজনে মোৰ সমস্যাটো বুজিব পৰাৰ আগতেই আমাৰ এৰা এৰি হয় ৷ কিন্তু এই ছোৱালীজনী অলপ সুকীয়া ৷ প্ৰত্যেকবাৰেই তাই মোক চিনি পাইছোনে নাই বুলি সোধে ৷
শেষৰবাৰ তাইক লগ পাইছিলোঁ কেইদিনমান আগতে ৷ মোৰ শিক্ষক এজনৰ জীয়ৰীৰ বিয়াৰ নিমন্ত্ৰণ আছিল ৷ প্ৰণামী, মানে মোৰ শ্ৰীমতী কিবা কাৰণত যাব পৰা নাছিল ৷ ছমহীয়া কেচুৱাজনীক প্ৰথমবাৰৰ বাবে অকলে লগত লৈ বিয়া খাবলৈ গ'লোঁ ৷ বিবাহভৱনটো সেই সময়ত চিনাকি মানুহেৰে ভৰি আছিল ৷ আকৌ এবাৰ লগ পালোঁ সেই জুনিয়ৰ ছোৱালীজনীক ৷
"পাৰ্থ দা, চিনি পাইছেনে? ছাৰ মোৰ মামাহে হয় ৷"
তাইক চিনি পাইছিলোঁ ঠিকেই, কিন্তু নামটো আকৌ মনত নপৰা হ'ল ৷ তাই সংকোচবোধ নকৰাকৈ মই নুসোধাকৈয়ে আকৌ এবাৰ নিজৰ নামটো ক'লে ৷ শ্ৰীমতীৰ খবৰো ল'লে ৷ ভিতৰুৱাকৈ বহুত লাজ পালোঁ ৷ পিছমুহুৰ্ততে তাই মোৰ কোলাত থকা জীয়ৰীলৈ হাত আগবঢ়াই মিচিকিয়া হাঁহি এটিৰ সৈতে বেছ কিছু আন্তৰিকতাৰে ক'লে,
"এয়াই মানে আমাৰ প্ৰতিষ্ঠা প্ৰতিম ৷"
যিজনী ছোৱালীয়ে মোৰ এজনী জীয়ৰী আছে বুলি জানে বুলিও মই জনা নাছিলোঁ, যাৰ নামটো মনত পেলাবলৈ মই বাৰেপতি ব্যৰ্থ হৈছিলোঁ, সেই ছোৱালীজনীয়ে মনত অলপো বেয়া ভাৱ নৰখাকৈ অহশ্মমতাবিহীনভাৱে মোৰ ছমহীয়া জীয়ৰীৰ নামটো পৰ্য্যন্ত মনত ৰাখিছে ! হৃদয় আপ্লুত হৈ পৰিছিল ৷ এটা কথা হৃদয়ংগম কৰিলোঁ সেইদিনা, যে নিজ সন্তানক কোনোবাই আদৰ কৰা দেখিলে পিতৃ মাতৃৰ হৃদয় সঁচাকৈ উথলি উঠে ৷ লগতে অজানিতেই সেই সৰু ছোৱালীজনীয়ে মোক আৰু এটা ডাঙৰ কথা অনুভৱ কৰালে ৷ আন্তৰিকতা আনিবলৈ কাৰোবাৰ ঘনিষ্ঠ হোৱাৰ কোনো প্ৰয়োজন নাই ৷ অমায়িক ব্যৱহাৰেৰে সকলোৱে সকলোৰে অন্তৰ জয় কৰিব পাৰে ৷
অস্বীকাৰ নকৰোঁ, কেতিয়াবা মই নিজেও সৰু কথা একোটাতে উগ্ৰ হৈ পৰোঁ ৷ ইগ', চুপাৰ ইগ'ৰ প্ৰকোপত সৰল পৰিস্থিতি একোটাও কেতিয়াবা জটিল কৰি তোলোঁ ৷ ছোৱালীজনীৰ স্থানত মই থকা হ'লে বাৰেপতি চিনাকি দিয়াৰ পিছতো নামটো মনত ৰাখিব নোৱাৰা বা নজনা বা মনত ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব নোৱাৰা এজন লোকক মই হয়তো গুৰুত্ব দিয়াটো বা মাতা বোলা কৰাটো বন্ধ কৰিলোঁহেতেন ৷ ছোৱালীজনীয়ে আকৌ এবাৰ যেন মোক সোঁৱৰাইহে দিলে, ইচ্ছা থাকিলে কণিষ্ঠ একোজনৰপৰাও বহু কথাই শিকিব পাৰি ৷
সেই ছোৱালীজনীৰ নামটো মই আকৌ এবাৰ পাহৰাৰ কোনো প্ৰশ্নই নুঠে ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷