"তেজ দিবলৈ মানুহ আছেনে নাই আপোনালোকৰ?"
"নায়েই নহয় ছাৰ ৷"
"ৰোগী আপোনাৰ কি হয়?"
"মোৰ পত্নী ৷"
"আপুনি দিয়ক তেন্তে এবটল তেজ ৷"
"নাই ছাৰ, মই দিব নোৱাৰিম ৷"
"কিয়? আপোনাৰ কিবা অসুবিধা বা বেমাৰ আজাৰ আছে নেকি?"
"নাই ছাৰ, বেলেগে দিব ৷ কালি পৰহি মানে আহি পাব মানুহ ৷"
"আপোনাৰ শ্ৰীমতীৰ বেমাৰটো কালি পৰহিলৈকে ৰখি নাথাকে নহয়, তাৰোপৰি তেখেতক তিনি বটলমান তেজ লাগিব পাৰে ৷ গতিকে আপুনি আজি এবটল তেজ ব্লাড বেংকত জমা কৰক, বাকী যি মানুহ আহিব, তেওঁলোকে পিছত আৰু তেজ জমা কৰি থাকিব ৷"
মানুহজন নিৰুত্তৰ ৷ প্ৰিয়ংকৰে বুজাবলৈ বহু যত্ন কৰিলে, কিন্তু মানুহজন নিজৰ সিদ্ধান্তত আকোঁৰগোজ ৷ ঘৈণীয়েক মৰি গ'লেও তেওঁ নিজৰ তেজ কাৰো বাবে দিব নোৱাৰে ৷ পুৱাই পুৱাই প্ৰিয়ংকৰৰ বৰ খং উঠিল ৷ সুস্থ সৱল মানুহটো হৈ বেমাৰত লেবেজান ঘৈণীয়েকজনীৰ কাৰণে তেজ এবটল দিয়াৰ মানসিকতাকণো নাই এই মানুহজনৰ ৷ সি অলপ খঙেৰেই ক'লে,
"আপোনাৰ নিচিনা মানুহৰ লগত কথা পতাটোও মহাপাপ ৷ বাৰু, যি কি নহওক, এই কাগজখন লৈ ব্লাড বেংকলৈ যাওক, মই ফোন কৰি দিম, এবটল তেজ ধাৰত লৈ আহিব পাৰিব ৷ মানুহ আহি পালেই ধাৰ মাৰি দিব ৷"
মানুহজনে কাগজখন হাত পাতি ল'লে ৷ প্ৰিয়ংকৰে পুনৰ ক'লে,
"বুজিছে দাদা, বেমাৰী ঘৈণীজনীৰ কথা অলপ মৰমেৰে ভাবিবলৈ শিকক ৷ মুখতে মৰম দেখুৱাই একো লাভ নাই ৷"
চুপ চাপ মানুহজন বাহিৰ ওলাই গ'ল ৷ ওচৰতে কাম কৰি থকা প্ৰিয়ংকৰৰ সহপাঠী চিকিৎসক ডাঃ অনিন্দিতাই মাত দিলে,
"ইহঁতক কথা কৈ একো লাভ নাই প্ৰিয়ংকৰ ৷ নামত গিৰিয়েক এটা হৈ আছে, এইজনী ঘৈণীয়েক কেনেবাকৈ মৰি গ'লেও কোনো কথা নাই, কেইদিনমান পিচতে আন এজনী বিয়া পাতি আনিব !"
প্ৰিয়ংকৰে মিচিকিয়াই হাঁহিলে ৷
অনিন্দিতাই আকৌ ক'লে,
"কিন্তু কি জানানে? নিজে ছোৱালী হৈ ক'বলৈ বেয়াও লাগে, এই অপদাৰ্থ গিৰিয়েকটোৰ নিচিনা কিছুমান অপদাৰ্থ ঘৈণীয়েকো আছে, যি আচলতে এনে গিৰিয়েক পোৱাৰহে যোগ্য ৷"
অলপ সময়ৰ নীৰৱতাৰ অন্তত অনিন্দিতাই পুনৰ ক'লে,
"কিন্তু বিধিৰ বিধান বৰ বিচিত্ৰ অ' প্ৰিয়ংকৰ ৷ এনেকুৱাও হ'ব পাৰে যে আমি বাহিৰৰপৰা দেখি অনুধাৱন কৰিবলৈ ব্যৰ্থ হওঁ চাগৈ, কিন্তু বেপেৰুৱা, দ্বায়িত্বজ্ঞানহীন এনে মানুহবোৰে দেখোন ভাল ভাল গিৰিয়েক বা ঘৈণীয়েকেই পায় ৷ সকলোৰে ক্ষেত্ৰত একে হয় বুলি কোৱা নাই, কিন্তু ভাল মানুহ কিছুমানো দেখোন মৰি পচি থাকিবলগীয়া হয় এনে মানুহৰূপী পশুবোৰৰ লগত !"
প্ৰিয়ংকৰ নিমাতে ৰ'ল ৷ একপ্ৰকাৰে সঠিক কথাই কৈছে অনিন্দিতাই ৷ একাষাৰে নুই কৰিব পাৰিব জানো সি তাইৰ কথাখিনি?
প্ৰিয়ংকৰে অনিন্দিতালৈ চালে ৷ কিবা গভীৰ ভাৱত ডুব গৈছিল তাই ৷ বেলেগে হয়তো নুবুজিব, সিয়ো জনা যেন দেখুওৱা বা তাইক কেতিয়াবা কিবা সোধা বা কোৱাৰ প্ৰশ্নই নুঠে, কিন্তু একে ঠাইৰে বাসিন্দা হোৱাৰ ফলশ্ৰুতিত অনিন্দিতাৰ মাক দেউতাকৰ অশান্তিৰে জৰ্জৰিত সংসাৰখনৰ দুই এটা কথা ঘুনুক ঘানাককৈ তাৰ কাণত বহু বছৰ আগতেই পৰিছিলহি ৷ আজিৰ মানুহজনক লগ পাই তাইক পুৰণি স্মৃতিয়ে বৰকৈ আমনি কৰিছিল বোধহয় ৷
কিছুসময় পিছত "মই বাথৰুমৰপৰা আহিছোঁ দেই" বুলি কৈ অনিন্দিতা তাৰপৰা আঁতৰি গ'ল ৷ পিছপিনৰপৰা তাই যোৱাৰ ফালে একেথৰে বহুপৰ চাই ৰ'ল প্ৰিয়ংকৰ ৷ সদায় হাঁহি স্ফুৰ্তি কৰি থকা ছোৱালীজনী কেতিয়াবা এনেদৰে অকস্মাতে আনমনা হৈ পৰে ৷ অনুভৱ কৰিলে সি, বহুতে জীৱনটোত যে কেৱল সুখী হোৱাৰ অভিনয়েই কৰি যাব লগাত পৰে !
পাঁচ মিনিটমান পিছত অনিন্দিতা উভটি আহিল ৷ পৰিস্থিতিটো লঘূ কৰাৰ স্বাৰ্থত কিবা খুহুতীয়া বা কৌতুকজাতীয় কথা কোৱা ভাল হ'ব বুলি প্ৰিয়ংকৰৰ মনলৈ আহিছিল ৷ কিন্তু অনিন্দিতাই বহু কষ্টেৰে লুকুৱাব বিচৰা চলচলীয়া দুচকুৱে তাক যে মিচিকিয়া হাঁহি এটা মৰাৰপৰাও বিৰত ৰাখিলে !
#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment