Friday, March 11, 2016

সফলতাৰ খতিয়ান ৷

ৰাতিপুৱা চাৰে পাঁচ বজাতে ম'বাইলটো বাজি উঠিল ৷ টোপনিৰপৰা সাৰ পাই খপজপকৈ ম'বাইলটো হাতত ল'লে প্ৰিয়ংকৰে ৷ ওচৰতে গভীৰ নিদ্ৰাত থকা পৰিণীতা আৰু নিয়ৰৰ টোপনিত ব্যাঘাত নহওক বুলি ততাতৈয়াকৈ ম'বাইলটো চাইলেণ্ট কৰি স্ক্ৰীণখনলৈ চালে সি ৷ অচিনাকি নম্বৰ ৷

"হেল্ল' !"

"ছাৰ, মোৰ ল'ৰাটোৱে কালি আবেলিৰপৰা দুবাৰমান বমি কৰিছে, কি ঔষধ খুৱাও বাৰু?"

কোনে কৰিছে, ক'ৰপৰা কৰিছে একো নজনোৱাকৈয়ে মহিলা গৰাকীয়ে নিজৰ সমস্যাৰ কথা আৰম্ভ কৰিলে ৷ আনকি ফোনটো সঠিক নম্বৰত লাগিছেনে নাই, সেয়া সোধাৰো প্ৰয়োজনীয়তা উপলব্ধি নকৰিলে তেখেতে ৷ বোধহয় প্ৰিয়ংকৰৰ কণ্ঠস্বৰ তেখেতৰ বাবে চিনাকি ৷

সাধাৰণ কথা এটাৰ কাৰণে ইমান ৰাতিপুৱাই ফোন কৰি কেঁচা টোপনি বিঘ্নিত কৰাৰ বাবে মনলৈ অহা তীব্ৰ অস্বস্তিখিনি লুকুৱাই ৰাখিবলৈ যত্ন কৰিলে সি ৷ কেতিয়াবা সাধাৰণ বুলি ভবা ৰোগ একোটাও পৰীক্ষা নিৰীক্ষাৰ অন্তত গুৰুতৰ হিচাপে আত্মপ্ৰকাশ কৰে ৷

"তাৰ কিমান বয়স বাৰু?"

"এঘাৰ বছৰ ৷"

"সৰু ল'ৰা ৷ তাক কোনোবা এজন  শিশুৰোগ  বিশেষজ্ঞক দেখুৱাই ল'লে ভাল হ'ব বুজিছে ৷ নোচোৱাকৈ ঔষধ দিয়াটো ইমান ঠিক কথা নহ'ব ৷"

মহিলাগৰাকীয়ে কওঁ নকওকৈ ক'লে,

"আচলতে ছাৰ, ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'লেই যে, সেয়ে ভাবিলোঁ আপুনি যদি কিবা ঔষধ কৈ দিয়ে, তেন্তে তাক ডাক্টৰৰ ওচৰলৈ নিয়াৰ সময়খিনি  মই ছোৱালীজনীৰ লগত থাকিব পাৰিলোহেঁতেন ৷ ল'ৰাটোৰ বেছি অসুবিধা হোৱা নাই কিন্তু ৷"

খঙৰ মাত্ৰাটো অলপ বাঢ়িয়েই গ'ল প্ৰিয়ংকৰৰ ৷ বেছি অসুবিধা নায়েই যদি ইমান ৰাতিপুৱাই ফোন কৰাৰ কি আৱশ্যকতা আছিল বাৰু? অলপ দেৰিকৈয়ো কৰিব পাৰিলে হয় ! মনৰ কথা সি অৱশ্যে মনতে ৰাখিলে, তেখেতক একো নক'লে ৷ বৰঞ্চ মহিলাগৰাকীয়ে জীয়েকৰ পৰীক্ষাৰ কথা কোৱাৰ লগে লগে তাৰ নিজে পাৰ কৰি অহা সেই দিনবোৰলৈ মনত পৰি গ'ল ৷ কিমান যে উদ্বিগ্নতাপূৰ্ণ দিন আছিল সেইবোৰ, ভাবিলে এতিয়াও ভয় লাগি যায়, লগতে অলপ হাঁহিও উঠে অৱশ্যে ৷ পৰীক্ষাহলত পৰীক্ষা দিবলৈ সি বহিছিল ঠিকেই, কিন্তু ঘৰত মাক, দেউতাক, ভায়েক, ভণীয়েক সকলো যেন একো একোটা নিজা নিজা উৎকণ্ঠাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মহিলাগৰাকীৰ  জীয়ৰীৰ প্ৰতি দ্বায়িত্ব পালনৰ হাবিয়াস দেখি তাৰ হৃদয়ত তেখেতৰ প্ৰতি অনুকম্পা জাগিল ৷  ল'ৰাটোৰ সমস্যাৰ সবিশেষ সুধি  তেখেতক ঔষধ দুটাৰ বানান সহকাৰে নাম কৈ সি ক'লে,

"এইকেইটা ঔষধ দুদিনমান ব্যৱহাৰ কৰিলেই সি আৰাম পাব লাগে, কিন্তু তাৰ পিছতো কিবা অসুবিধা থাকিলে কোনোবা এজনক দেখুৱাই ল'ব ৷ মই তাক নোচোৱাকৈয়ে দিছোঁ নহয় ঔষধ !"

"হ'ব ছাৰ ৷ ধন্যবাদ ৷ আৰু এটা কথা, ছোৱালীজনীক পৰীক্ষা ভালদৰে দিবৰ বাবে  অলপমান কওকচোন, তাই  মনত ভাল পাব আৰু ৷"

"তাইক ফোনটো দিয়কচোন ৷"

কণমানি এজনীৰ লেখীয়াকৈ ফোনৰ সিটো মূৰৰ পৰা ছোৱালী এজনীৰ আদৰ মিশ্ৰিত কণ্ঠস্বৰ ভাঁহি আহিল ৷

"ডাক্টৰ আংকল !"

"কেনে খবৰ তোমাৰ?"

"মোৰ ভালেই ৷ মোক চিনি পাইছেনে আংকল? মোক আপুনি যোৱা বছৰ চাইছিল  ৷"

"তোমাৰ নামটো কি আছিল?"

ছোৱালীজনীয়ে নিজৰ নামটো ক'লে  ৷ প্ৰিয়ংকৰে নামটোৰ সৈতে  তাইৰ মুখখন  অৱশ্যে মনত পেলাব নোৱাৰিলে ৷ কিন্তু ইমান আগ্ৰহত কথা পতা ছোৱালীজনীক সঁচা কথা কৈ মনত দুখ দিয়াটো উচিত কথা হ'ব জানোঁ? সি তাইক ক'লে,

"চিনি পাইছোঁ আকৌ ৷ তোমাৰ এতিয়া কেনে? কিবা অসুবিধা আছে নেকি?"

"নাই আংকল, এতিয়া মই সম্পূৰ্ণ সুস্থ ৷"

"পৰীক্ষাৰ বাবে পঢ়া শুনা কেনেকুৱা হৈছে? "

"কৰি আছোঁ আৰু ৷ হৈ যোৱা পৰীক্ষাকেইটা মোটামুটি ঠিকেই হৈছে ৷ বাকী থকা কেইটা ভাল হ'বৰ বাবে আপুনি  আশীৰ্বাদ কৰিব আৰু ৷"

এনেবোৰ কথাই দেখোন হৃদয় মন স্পৰ্শ কৰি যায় ! অলপ আগেয়ে অনুভৱ কৰা বিৰক্তি ক'ৰবালৈ উৰা মাৰিলে !

"তোমাৰ প্ৰতি আশীৰ্বাদ সদায় থাকিব মাজনী ৷  এইকেইদিন ভালদৰে পঢ়া ৷ পৰীক্ষাৰ পিছত আহিবা এবাৰ  মোৰ ওচৰলৈ ৷"

"হ'ব আংকল ৷ নিশ্চয় আহিম ৷"

ফোনটো ৰখাৰ পিছত প্ৰিয়ংকৰৰ মনটো বহুত  ভাল লাগি গ'ল ৷  চকুকেইটা জপাই পৰিস্থিতিটো আকৌ এবাৰ জুকিয়াই চালে সি ৷ অজানিতেই এটি আত্মসন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল তাৰ মুখমণ্ডলত ৷

প্ৰত্যেক বৃত্তিতে আমি কেৱল বৃত্তিগত কামবোৰ সমাপন  কৰিবলৈয়ে যত্ন নকৰোঁ, নিয়াৰিকৈ সংবেদনশীল  হৃদয়েৰে কৰা আমাৰ কামবোৰেৰে আমি প্ৰতিদিন প্ৰতিৰাতি অজানিতেই  নিত্য নতুন সম্পৰ্ক কিছুমানৰ  সৃষ্টি কৰোঁ ৷ কিছুমান সম্পৰ্ক হয়তো ক্ষণস্থায়ী, কিন্তু কিছুমান সম্পৰ্ক আকৌ যাউতিযুগীয়া হৈ পৰে ৷  আৰু জীৱনটোৰ শেষত  আপোনাৰ কৃতকাৰ্য্যতা অথবা আৰ্থিক স্বচ্ছলতা আদি কথাবোৰ নিতান্তই গৌণ হৈ পৰাৰ সময়তো কিন্তু এই মধুৰ  সম্পৰ্কবোৰেই  আমাৰ জীৱনজোৰা সাধনাৰ সফলতাৰ খতিয়ান দাঙি ধৰে ৷

বহুতৰ দৰে কেতিয়াবা প্ৰিয়ংকৰৰ নিজৰো এই চিকিৎসাবৃত্তিটোলৈ ভীষণ বিৰক্তি জন্মে ৷ কমকৈ হ'লেও কিছুসংখ্যক অস্বস্তিকৰ পৰিস্থিতিৰো সন্মূখীন হ'ব লগাত পৰিছে সি এতিয়ালৈ ৷  কিন্তু এইমাত্ৰ উল্লেখ কৰা ঘটনা পৰিঘটনাবোৰে নিজৰ বৃত্তিটোলৈ বিশ্বাস পুনৰ ঘূৰাই আনে, ভাল কাম কৰিবলৈ প্ৰেৰণা জগায় ৷

বিচনাৰপৰা উঠি টেবুলত থকা ডায়েৰীখন বিচাৰি হাতত ল'লে প্ৰিয়ংকৰে ৷ লিখি নাৰাখিলে পাহৰি যোৱা হয় ধুনীয়া কথাবোৰো ৷ নিয়ৰ মাজনীহঁতক ডাঙৰ হৈ ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাব পৰাকৈ কথা ক'বলৈ আৰু এটি নিপোটল কাহিনীৰ যে সমল পালে আজি সি ৷

কলমটো হাতত লৈ সেই দিনটোৰ প্ৰথম শব্দটো লিপিবদ্ধ কৰিলে সি ডায়েৰীখনত ৷

"হেল্ল'  !"

আৰু চাওতে চাওতে এখন সম্পূৰ্ণ অজান পৃথিৱীৰ গৰ্ভলৈ সোমাই গৈ থাকিল প্ৰিয়ংকৰ ৷ গন্তব্যস্থল যে এতিয়াও বহু নিলগত !

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment