এক অজান শংকাই বাহ ল'বলৈ আৰম্ভ কৰিছে সমৰৰ মনত ৷ চাওতে চাওতে কাইলৈৰপৰা ফাইনেল পৰীক্ষা আহি পালেহিয়েই ৷ দিনৰ ভাতসাজ খোৱাৰ পিছতে এঘণ্টাৰ বাবে শুই ল'লে সমৰে ৷ এলাৰ্ম ঘড়ীটোৰ টি টি টিট, টি টি টিট শব্দটোত একেজাপে উঠি বহিল সি ৷ পঢ়া মোটামুটি হৈছেই, পৰীক্ষা ভাল কৰিবই লাগিব ৷ দুখীয়া মাক বাপেক হালে তাক পঢ়োৱাৰ স্বাৰ্থত অশেষ কষ্ট স্বীকাৰ কৰিব লগাত পৰিছে ৷ বাথৰুমলৈ যাবলৈ বুলি ওলাই ৰুমত থকা হিটাৰটোৰ চুইছ অন কৰি দিলে সি, চচপেন এটাত পানী বঢ়াই হিটাৰটোৰ ওপৰত শোৱাৰ আগতেই সাজু কৰি ৰাখিছিল ৷ ফিকা চাহ একাপ খাই ল'লে টোপনিৰ ভাৱটো নাইকিয়া হ'ব অন্ততঃ ৷
পঢ়িবলৈ বুলি বহোতেই সমৰৰ মনত পৰিল যে তাৰ লগৰ পৰিমলে কালিয়েই লৈ যোৱা তাৰ টোকাবহীখন এতিয়ালৈকে ওভোতাই দিয়া নাই ৷ সি আছেনে নাই বা ৰুমত! কাইলৈ পৰীক্ষা, গতিকে ৰুমত নাথাকিলেও হোষ্টেলত বেলেগ কাৰোবাৰ ৰুমত পঢ়ি থকাৰ সম্ভাৱনাই বেছি, কিন্তু ইমান ডাঙৰ হোষ্টেলটোত তাক বিচাৰি উলিওৱা ইমান সহজ কথা নহ'ব ৷ পৰিমলৰ ম'বাইলত ফোন মাৰিলে সি, নাই ৰিং কৰি কৰি শেষ হৈ গ'ল ৷ ফোনটো চাইলেণ্ট কৰি ৰাখিছে চাগৈ ৷ টিঙিছকৈ খং এটা উঠি আহিল সমৰৰ ৷ ই পৰিমল ল'ৰাটো এনেই বেয়া নহয়, মানে ভালেই, মানে বহুতেই ভাল, কিন্তু এনেবোৰ ক্ষেত্ৰত তাৰ স্বভাৱ একেবাৰেই বেপেৰুৱা ৷ বস্তু এটা খোজাৰ সময়ত তাৰ কত যে বাহানা, সদায় অলপ সময় পিছতে ওভতাই দিম বুলি কয়, কিন্তু বস্তুটো আনিবলৈ তাৰ ৰুমলৈ বাৰেপতি তাত বাতি কাঢ়িবলগা হয় ৷ বহুত হৈছে, আৰু নোৱাৰি ৷ পৰিমলৰ ৰুমলৈ বুলি আগবাঢ়িল সমৰ ৷ বাহিৰৰপৰা এবাৰ মাত লগাই একো নভবাকৈয়ে জোৰেৰে ঠেলা মাৰি দিলে পৰিমলৰ ৰুমৰ দৰ্জাখন ৷ ধমকৈ শব্দ এটা কৰি দৰ্জাখন খোল খাই গ'ল ৷ এনেয়েয়ো সিহঁতৰ হোষ্টেলৰ বহুত ৰুমৰ দৰ্জাৰ শলখাৰ অৱস্থা তথৈবছ ৷ নামতহে লাগি থাকে, তাৰোপৰি খঙত অলপ জোৰকৈয়ে ঠেলিলে চাগে সি !
"অই, মোৰ বহীখন দিব লাগে বুলি তই জাননে নাই অ' পৰিমল? কালিলৈ পৰীক্ষা নাইনে?"
ৰুমৰ ভিতৰ সোমাই এক অতি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মূখীন হ'ব লগাত পৰিল সমৰ ৷ সিহঁততকৈ এবছৰৰ জুনিয়ৰ মধুস্মিতাই ততাতৈয়াকৈ পৰিমলৰ বিচনাত বাগৰি থকা অৱস্থাতে বিচনা চাদৰখনকেই গাত মেৰিয়াই ল'লে ৷ পৰিমল বিচনাৰপৰা জাপ মাৰি উঠি নিজৰ নিৰাবৰণ দেহাটো ঢাকিবলৈ তেতিয়াও কিবা বিচৰাতেই ব্যস্ত ৷
সমৰ তৎক্ষণাৎ বাহিৰ ওলাই আহিল ৷ নিজৰ চকুকেই যেন বিশ্বাস কৰিবলৈ টান পালে সি ৷ পৰিমলে এনেকুৱা কৰাটো যে সপোনৰো অগোচৰ ৷ সমাজখনত নৈতিকতা বাহাল ৰখাৰ স্বাৰ্থত নিয়মৰ বাহিৰৰ কোনো কথাতে আপোচ কৰিবলৈ মান্তি নোহোৱাকৈ পৰিমলে আজিৰ যুৱচামক দেখোন নেতৃত্ব প্ৰদান কৰি আহিছে ৷ তাৰ উদ্দীপ্ত ভাষণ শুনিবলৈ বহু বয়সস্থ ব্যক্তিও আশাৰে বাট চাই ৰয় ৷
তাৰোপৰি অকস্মাতে আৰু এটা কথা মনত পৰিল সমৰৰ, মধুস্মিতাক চোন পৰিমলে সকলোৰে আগত ৰাখী ভগ্নীৰূপে চিনাকি কৰাই দিয়ে ! হাৰে, তহঁত প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীহালৰ কিবা কৰিবৰ মন আছে, কৰ, কোনেও তাত মাথা ঘমাবলগীয়া নাই ৷ সেয়া তহঁতৰ ব্যক্তি স্বাধীনতা ভাই! কিন্তু পবিত্ৰ সম্পৰ্ক এটাৰ আঁৰ লৈ এনেকুৱা লজ্জাজনক কামবোৰ কিয় কৰ হেৰৌ? ছিহ, ঘৃণাত মুখখন কোঁচ খাই গ'ল সমৰৰ ৷ সঁচাকৈ, এনেকুৱা অপকৰ্মবোৰৰ বাবেই ৰাখী একোডালৰ সন্মান লাঘৱ হৈছে ৷ ৰাখী ভাতৃ ভগ্নীৰ দৰে পবিত্ৰ সম্পৰ্ক একোটাকো সমাজখনে সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈ পৰিছে ৷
হোষ্টেলৰ ৰুমত নিষিদ্ধ অভিসাৰ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ৷ তাৰোপৰি ৰাখী ভণ্টীৰ লগত? ভাবিবলৈও লাজ লগা কথা ! পিছৰ কথা পিছত দেখা যাব, সেইখিনি মুহুৰ্তত নিজৰ সন্মানটো বচাবলৈকে সমৰে বাহিৰৰপৰা ক'লে,
"ছৰী ভাই, তই বিজী থকা বুলি মই জনা নাছিলোঁ ৷ বহীখন পিছত মোৰ ৰুমত দি থৈ আহিবি, কালিলৈ পৰীক্ষা আছেটো ! আৰু নেক্সট টাইম দৰ্জাখন ভালদৰে লক কৰি লবি ৷ নহ'লে বিপদত পৰিবি বন্ধু ৷ মুখা খুলি যাব পাৰে তোৰ ৷"
#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম
No comments:
Post a Comment