Sunday, March 20, 2016

বইজ্জাত শিয়াল ৷

সেইদিনা যেন শালীনতাৰ সকলো সীমা চেৰাই গ'ল হিমাংশুৱে ৷

হোষ্টেলটোত সেইদিনা একপ্ৰকাৰ ৰমনীয় পৰিবেশ ৷ হোষ্টেল প্ৰতিষ্ঠাৰেপৰা ধৰি সেই দিনলৈকে থকা সকলো আবাসীকে আমন্ত্ৰণ কৰি নৃত্য, গীত, নাটক আদিৰ এক বিশাল আয়োজন কৰা হৈছিল ৷ কিছুসংখ্যক পুৰণি আবাসী, যিসকল বয়সত এতিয়াৰ নতুন আবাসীসকলৰ দেউতাকহঁতৰ সমানেই বা তাতোকৈ ডাঙৰহে হ'ব, তেখেতসকলো অতি আগ্ৰহেৰে এই অনুষ্ঠানটিলৈ আহিছিল ৷ নিজে থাকি যোৱা পুৰণি ৰুমবোৰত এভুমুকি মাৰি স্মৃতিৰ ভৰত আবেগিক হৈ পৰিছিল বহুকেইজন ৷ কেইজনমানে প্ৰদীপ্তহঁতক স্মৃতি বিজড়িত কাহিনী কৈ শুনাইছিল ৷ সকলো সুকলমে পাৰ হৈ গ'ল ৷ এটা সময়ত নতুন আবাসীসকলৰপৰা বিদায় লৈ পুৰণি আবাসীসকল ঘৰমুৱা হ'ল ৷ অনুষ্ঠানটোত দেহে কেহে লাগি থকা প্ৰদীপ্তহঁতে অলপ আড্ডা দিবলৈ বুলি প্ৰিয়ংকৰৰ ৰুম পালেগৈ ৷ নিশাটোৰ মাদকতা ইমান সোনকালে শেষ কৰিবলৈ এটাৰো যেন মন যোৱা নাই ৷ তাতে আকৌ পিছদিনাখন দেওবাৰ, ক্লাছ পাতিও নাই ৷ বিটুলে চিনিয়ৰ দাদা এজনে মৰমতে দি যোৱা গোলাপী বটল এটা উলিয়ালে ৷ প্ৰিয়ংকৰক বাদ দি বাকীকেইটাই প্লাষ্টিকৰ গ্লাছ একোটাত অলপ অলপকৈ বাকি গিলাচৰ মুখলৈকে পানী ঢালি ল'লে ৷ গোটেইকেইটাই জানে, প্ৰিয়ংকৰৰ এই বস্তুবিধ নচলে ৷ আপত্তিও নাই সিহঁতৰ, একো নিচা নকৰা ল'ৰাটোৱে কাকো একো অস্বস্তিত নেপেলোৱাকৈ পাৰ্টি একোটাৰ আমেজ ল'বলৈ বা লগৰীয়া কেউজনক সংগ দিবলৈ কেতিয়াও কৃপণালি নকৰে ৷ তাৰোপৰি এই সৰু বটলটোৰ আৰু এজন গ্ৰাহক বাঢ়ি যাব লাগিলে জোখত কম হোৱাৰ সম্ভাৱনাই বেছি ৷ বাৰু যিয়েই নহওক, পাৰ্টি জমি উঠিছিল লাহে লাহে ৷ এটা সময়ত সকলোৰে আক্ৰমনৰ  লক্ষ্য হৈ পৰিল হিমাংশু আৰু অনিন্দিতাৰ প্ৰেম কাহিনী ৷ প্ৰকৃততে হিমাংশুৰ একপক্ষীয় প্ৰেমৰ পাত্ৰী আছিল অনিন্দিতা ৷ সি বেচেৰাই কিবা ক'ম ক'ম বুলি ভাবি থাকোতেই জ্ঞানদ্বীপ আৰু অনিন্দিতা একাত্ম হৈ পৰিছিল ৷ তথাপিও এনেকুৱা আড্ডাবোৰত হিমাংশু থাকিলে তাক তাৰ বিফল বা আৰম্ভ নৌহওতেই মৰহি যোৱা প্ৰেম কাহিনী মনত পেলাই দিয়াটো যেন সিহঁতৰ সহপাঠীবোৰৰ এক অঘোষিত পৰম্পৰা ৷ সকলোৱে জানে, সঁচা কথা ক'বলৈ গ'লে হিমাংশুৱে এই কথাটো মুঠেও গুৰুতৰভাৱে লোৱা নাছিল বা এই অকৃত সম্পৰ্কটো লৈ তাৰ কেতিয়াও কোনো অনুতাপো নাই ৷ কিন্তু ৰসিকতা কৰিবলৈ সি এই কথাটো ওলালেই যিহে আবেগিক অভিনয় কৰি দেখুৱায়, তাৰ ৰসাস্বাদন কৰিবলৈকে অনিন্দিতাৰ কথা তাৰ আগত বাৰেপতি উলিওৱা হয় ৷ কিন্তু সকলোৰে বেছিটো যে বেয়া ৷ সেইদিনা যেন শালীনতাৰ সকলো সীমা চেৰাই গ'ল হিমাংশুৱে ৷ সি ক'লে,

"বুজিছ, এটা দুখ কিন্তু মোৰ চিৰ জীৱন থাকি যাব?"

গোটেইকেইটাই সমস্বৰে সুধিলে,

"কি দুখ?"

সি ক'লে,

"জাননে, অনিন্দিতাৰ বগা দেহটোত এটাও তিল নাছিল বে ৷ চাল্লা, তাইক মই উপভোগ কৰাৰ সুযোগটো নাপালোঁ ৷ সেই দুখটো কিন্তু মোৰ চিৰ জীৱন থাকি যাব ৷"

কাঁহ পৰি জীণ যোৱা অৱস্থা বিৰাজ কৰিলে কোঠাটোত কিছুসময় ৷ এনে কিছুমান ক্লেদাক্ত কথা শুনিবলৈ সিহঁতৰ এটাও প্ৰস্তুত নাছিল ৷ প্ৰদীপ্তই মাত দিলে,

"ধেমালিতে হ'লেও অলপমান বেছিয়েই হ'ল নেকি?"

সমৰে ক'লে,

"অলপমান নহয়, অলপ বেছিকৈয়ে বেছি হ'ল ৷"

প্ৰিয়ংকৰে হিমাংশুক ধমকিৰ সুৰত সুধিলে,

"এইবোৰ কি লেতেৰা কথা ক'বলৈ আহিছ হিমাংশু? তই ক'ৰবাত আৰু কিবা খাই আহিছ নেকি?"

"নাই খোৱা একো ৷ আৰু ধেমালি কৰিও কোৱা নাই ৷"

প্ৰিয়ংকৰে মনতে হিচাপ এটা কৰি চালে ৷ সৰু বটল এটা সাতটাই ভগাই খাওতে নিচা লগাৰ কোনো কথাই নাহে ৷ তাৰোপৰি এইবোৰ খোৱাৰ ক্ষেত্ৰত হিমাংশু বেছ পুৰণি খেলুৱৈ  ! সি ক'লে,

"তেন্তে তই এইবোৰ কি আবোল তাবোল বলকি আছ?"

"কি বলকা দেখিলি?"

"অনিন্দিতাৰ দেহত তিল আছেনে নাই, সেইটো তই কেনেকৈ জান?"

"মই দেখিছোঁ আকৌ!"

"ইমান অসভ্যালি কথা ক'বলৈ লাজ পোৱা নাইনে তই?"

"কিয় লাজ পাম? যিটো সঁচা, সেই কথাটোহে কৈছোঁ ৷"

"কি সঁচা কথা?"

"আব্বে, তাইৰ বগা চামৰাত এটা তিলো নাই বে ৷ বিশ্বাস কৰ, এবাৰ তাই মোৰ ৰুমলৈ আহিছিলটো ৷"

বিপ্লৱৰ এটা পূৰ্ণহতীয়া চৰ আহি পৰিলহি হিমাংশুৰ গালত ৷ অনিন্দিতা কেনে ছোৱালী, সেয়া সিহঁত সকলোৱে জানে, গতিকে এনে মিছা অপযশ কিছুমান সহ্য কৰি থকাৰ প্ৰশ্নই নুঠে ৷ ৰূদ্ৰমূৰ্তি ধাৰণ কৰিলে প্ৰিয়ংকৰে ৷ সি হিমাংশুক ক'লে,

"তই নিজকে কি বুলি ভাবিছ হা? আমিকেইটা দেখাত কি একো একোটা বুৰ্বক? নে আমাৰ প্ৰত্যেকটোৰ কপালতে বুৰ্বক বুলি লিখা আছে? ইমানদিনে এই কথাটো ৰগৰৰ পৰ্য্যায়ত আছিল, কিন্তু তই আজি বহুত আগবাঢ়ি গ'লি ৷ বাহ, অনিন্দিতাৰ চকুত চকু থৈ কথা ক'বলৈও সাহ নথকা এটাই তাইৰ কাপোৰ খোলাৰ কথা ক'বলৈ সাহ কৰা হ'ল ! আজি ইয়াত কৈছ ! তাইক যিহেতু নিজৰ কৰাৰ সুবিধাটো নাপালিয়েই, গতিকে কালি বেলেগ ক'ৰবাত কৈ ছোৱালীজনীক তই তাৰমানে বদনামী কৰিবলৈ চেষ্টা কৰিবি ? তোৰ নামত কুকুৰো নোপোহো মই ৷ এতিয়াই ওলাই যা মোৰ ৰুমৰপৰা ৷ আৰু যদি কেতিয়াবা কেনেবাকৈ ঘুণাক্ষৰেও কাৰোবাৰ মুখত এনে কথা শুনোঁ, তেন্তে তোকেই শেষ কৰি দিম ৷ কি চাই আছ? গুছ ইয়াৰপৰা ৷"

গালি দিয়া সময়খিনিত বোধহয় প্ৰিয়ংকৰৰ ধৈৰ্য্যচ্যুতি ঘটিছিল ৷ ওপৰত লিখা কথাখিনি মূল কথোপকথনৰ কিয়দংশৰ সম্পাদিত ৰূপহে ৷ আচল গালিখিনি অসাংবিধানিক শব্দৰ পয়োভৰত অতিশয় অশ্লীল হৈ পৰিছিল ৷ সদায় ভদ্ৰ, অমায়িক ল'ৰাটোৰ মুখত এনেবোৰ শব্দৰ ফুলজাৰি দেখি উপস্থিত গোটেইকেইটা হতবাক হৈ পৰিছিল ৷

হিমাংশুৱে বাৰুকৈয়ে ভয় খালে ৷ চৰ খোৱা গালখন মোহাৰি মোহাৰি সি বাহিৰ হৈ গ'ল ৷ প্ৰদীপ্তই ক'লে,

"আচলতে কি জান? ভুল আমাৰেই ৷ কৌতুক কৰাৰ স্বাৰ্থত আমি তাক উচতনি দিয়াৰ নিচিনা হৈছে ৷ আজি আমাৰ আগত আৰম্ভ কৰিছিল, কালিলৈ বেলেগৰ আগত ক'ব ৷ আৰু আমাৰ মানুহবোৰটো দেখিছই, সঁচা মিছাৰ বাছ বিচাৰ কৰিবলৈ নাচাবই, এনেকুৱা মুখৰোচক কথা এটা পালে তিলটোকে তালটো কৰি আৰু বেছিকৈহে প্ৰচাৰ কৰিব ৷ এবাৰ ভাবি চাচোন, অনিন্দিতাই এই কথাবোৰ শুনিলে মনত কিমান দুখ পাব  ! আজিৰপৰা এই কথাৰ ওপৰত হাঁহি স্ফূৰ্তি কৰা বন্ধ ৷"

প্ৰিয়ংকৰে ক'লে,

"মইটো তহঁতক আগৰেপৰাই সকীয়াই আছোঁ, বোলো হিমাংশুৰ লগত এই কথাটো পাতি তামাছা কৰাটো বন্ধ কৰ !"

বিটুলে ক'লে,

"আৰে ভাই, সি নিজে জমাই থাকে কাৰণেহে আমিও ৰস লওঁ ৷"

"বাৰু, যি হ'ল হ'ল, দেখিলি নহয় আজি পৰিণাম? "

ভাষ্কৰে ক'লে,

"কিন্তু আজি এটা কথা মানি গ'লোঁ ৰে প্ৰিয়ংকৰ ৷ তই ইমানবোৰ বেয়া গালি দিব পৰাটোটো দূৰৰে কথা, ইমানবোৰ বেয়া শব্দ জান বুলিও মই কাহানিও ভবাই নাছিলোঁ ৷"

প্ৰিয়ংকৰে উত্তৰ দিলে,

"আৰে ভাই, বইজ্জাত শিয়াল এটাৰ লগত মই কিয় মানুহৰ দৰে কথা পাতিম?"

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment