Sunday, March 27, 2016

ছিহ !

প্ৰিয়ংকৰৰ ইণ্টাৰ্ণশ্বীপ আৰম্ভ হৈছিল সেইদিনা ৷ শিকাৰু চিকিৎসক হিচাপে জীৱনৰ প্ৰথমটো প'ষ্টিং, তাতে আকৌ শিশুৰোগ বিভাগত ৷ শৰ্মা ছাৰে ৱাৰ্ডত ৰোগী চাই আছিল সেই সময়ত ৷ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ এজনে আহি ক'লেহি,

"ছাৰ, বিশ নম্বৰ বিচনাৰ ছোৱালীজনীক চিটি স্কেন কৰাবলৈ নিব লাগিবনে?"

ছাৰে ক'লে,

"লৈ যোৱা ৷"

তাৰ পিছত প্ৰিয়ংকৰলৈ চাই ছাৰে ক'লে,

"ই প্ৰিয়ংকৰকো লগতে লৈ যোৱা ৷ দেখি আহক কেনেকৈ কি কৰা তোমালোকে ৷ তেহে ইণ্টাৰেষ্ট বাঢ়িব তাৰ কামৰ প্ৰতি ৷"

চিনিয়ৰজনৰ লগত ছোৱালীজনীৰ ওচৰলৈ বুলি অগ্ৰসৰ হ'ল প্ৰিয়ংকৰ ৷ চিনিয়ৰজনে তাক জনালে, ছয় বছৰীয়া ছোৱালী, মৃগী বেমাৰত ভূগি আছে, তাৰ ওপৰতে আকৌ আনুসংগিক আন কিছু সমস্যা ৷ অসুখ অলপ গুৰুতৰেই ৷  আৰু অধিক তথ্যৰ বাবে চিটি স্কেনৰ আৱশ্যক ৷ প্ৰিয়ংকৰে মন কৰিলে, ছোৱালীজনীক প্ৰস্ৰাৱৰ কেথাটাৰ লগাই থোৱা আছিল ৷ দেউতাক আৰু ৱাৰ্ড বয় এজনক লগত লৈ ছোৱালীজনীক ষ্ট্ৰেছাৰ এখনত চিটি স্কেন কৰা ৰুমৰ ওচৰলৈ লৈ যোৱা হ'ল ৷ চিনিয়ৰজনে প্ৰিয়ংকৰক বুজালে,

"চিটি স্কেন কৰোতে পুৰা স্থিৰ হৈ থাকিব লাগে ৷ লৰচৰ কৰি থাকিলে ৰিপৰ্ট দিবলৈ অসুবিধা ৷ এই শিশুটিক কালিও আনিছিল ইয়ালৈ, কিন্তু কৰাব নোৱাৰিলে ৷ আজি টোপনি অহা ঔষধৰ বেজী দি ল'ব লাগিব ৷ সেইকাৰণে আমিও আহিব লগা হৈছে ৷"

চিটি স্কেন ৰুমৰ ভিতৰলৈ গৈ চিনিয়ৰজনে ৰেডিঅ'লজী বিভাগৰ চিকিৎসকৰ লগত কথা পাতি আহিল ৷

"এজনৰ কাম চলি আছে ভিতৰত ৷ হৈছেই প্ৰায় ৷ তাৰ পিছতে তাইক কৰাব ৷ বেজীটো দিবলৈ দিছে ৷ চিন্তা নাই, 'কেনুলা' লাগিয়েই আছে নহয় তাইৰ হাতত ৷"

সকলো ঠিকেই চলি আছিল ৷ কিন্তু বেজীটো দিবলৈ বুলি চিনিয়ৰজন তাইৰ ওচৰ পাওতেই ছোৱালীজনীয়ে হাহাকাৰ লগালে ৷ ষ্ট্ৰেছাৰখনৰ ওপৰত ঠিয় হৈ পৰিল তাই ৷ চিঞৰ বাখৰ আৰম্ভ কৰিলে, নাই, মুঠতে তাই বেজী দিবলৈ নিদিয়ে ৷ বাৰেপতি তাই ষ্ট্ৰেছাৰখনৰপৰা দেউতাকৰ কোলালৈ যাব বিচাৰে ৷ ৱাৰ্ড বয়জন আৰু দেউতাকৰ বাবে তাইক নিয়ন্ত্ৰণ কৰি ৰখাটো বহু কঠিন হৈ পৰিল ৷ এটা সময়ত বুজনি আৰু হেঁচা ঠেলাৰ আতিশয্যত কণমানিজনীৰ কঁকালত মেৰিয়াই ৰখা গামোছাখন খুলি পকাত পৰি গ'ল ৷ ওচৰতে ৰখি থকা 'ভদ্ৰ' মহিলা এগৰাকী উত্ৰাৱল হৈ পৰিল সেই দৃশ্যটো দেখি ৷ দেউতাকজনক উদ্দেশ্যি তেখেতে ক'লে,

"ছিহ, আপোনালোক ইমান অসভ্য কিয়? ছোৱালীজনীক পেণ্ট এটাও পিন্ধাবপৰা নাইনে? লাজ নাপাই আপোনালোকে?"

প্ৰিয়ংকৰে মন কৰিলে, কেথাটাৰডাল লাগি থকা অৱস্থাত কঁকালৰপৰা নগ্ন হৈ থকা ছোৱালীজনীৰ প্ৰতিচ্ছবিখন অসহজ আছিল হয়, কিন্তু তাৰ বাবে বিপৰ্য্যয়ৰ সময় এটাত দেউতাকজনক তেনেদৰে দোষাৰূপ কৰা কাণ্ডটো দেখোন অতিকৈ নিষ্ঠুৰ ! তাৰোপৰি মহিলাগৰাকীয়ে আদিৰে পৰা অন্তলৈ দেখিয়েই আছিল গোটেই পৰিস্থিতিটো ৷ মানুহবোৰ যেন সঁচাকৈ অমানুহ হৈ পৰিছে লাহে লাহে ৷

জীয়ৰীৰ বেমাৰে ইতিমধ্যেই অৱসাদগ্ৰস্ত কৰি ৰখা দেউতাকজনক তেনে অৱস্থাত তেনে কিছুমান কথাই মানসিকভাৱে যেন আৰু বেছি কোঙা কৰি পেলাইছিল ৷ মৌনভাৱে চকুপানী টুকিছিল তেখেতে ৷ ছোৱালীজনীক গামোছাখনেৰে আৱৰি বৰ দুখেৰে তেখেতে কৈছিল,

"পিন্ধাই ৰাখিছিলোৱেই বাইদেউ ৷ অলপ আগেয়ে তাই শৌচ কৰাৰ পিছত মাকে পেণ্টটো অলপ পিছত পিন্ধাম বুলি কৈছিল ৷ কিন্তু ছাৰহঁত গৈ পোৱাৰ লগে লগে তাইক লৈয়েই আনিলোঁ নহয়, সেয়ে পাহৰি গৈছিলোঁ ৷"

মহিলাগৰাকীয়ে অনুভৱ কৰিব পাৰিলে জানোঁ? চিকিৎসাৰত, বেদনাত আতুৰ ৰুগ্ন শিশু এটিৰ নিৰাবৰণ দেহটিটো কেতিয়াও অশ্লীল হ'ব নোৱাৰে ! সেই অশ্লীলতা যে তেখেতৰ চকু আৰু মগজুৰ অপৰিপক্কতাৰ বাস্তৱ প্ৰতিফলন  !

ওচৰতে ৰেডিঅ'লজী বিভাগৰ জমাদাৰ এজনে কাম কৰি আছিল ৷ নতুন চিকিৎসক হিচাপে প্ৰিয়ংকৰে কি কৰা উচিত হ'ব বুলি দোধোৰ মোধোৰ পৰিস্থিতি এটাত থাকোতেই জমাদাৰজনে আগুৱাই আহি মহিলাগৰাকীক সুধিলে,

"আপনি কাৰ কামছে আহিছে?"

মহিলাগৰাকীয়ে উত্তৰ দিছিল,

"মোৰ সম্পৰ্কীয় এগৰাকীৰ কাম আছে ৷"

জমাদাৰজনে কৈছিল,

"ছোৱালীজনী পেহলে অচ্ছা হ'ব দিজিয়ে, তাৰ পিছ্তে তাইৰ পাপাজী পুৰা কপৰা পেহনাই দিব হা ৷ আপনি অপনা কামছে মতলব ৰখিয়ে ৷"

প্ৰিয়ংকৰে হাড়ে হিমজুৱে অনুভৱ কৰিলে, সহানুভূতিশীল হ'বলৈ বা বেলেগৰ দুখ বেদনাৰ বুজ লৈ অন্তৰত আঘাত নিদিয়াকৈ কথা ক'বলৈ তথাকথিত উচ্ছশিক্ষাৰ ডিগ্ৰীৰ কোনো আৱশ্যক নাই ৷ তাৰোপৰি আৰু এক ভাৱনাই তাৰ মনত দোলা দি গ'ল, শিকাৰ মন থাকিলে জীৱনৰ যিকোনো পৰিস্থিতিতে যিকোনো মানুহৰপৰাই কিবা অলপ কথা শিকিব পাৰি ৷

দেউতাকজনে কৃতজ্ঞতাৰে চালে জমাদাৰজনলৈ ৷

জমাদাৰজনৰ প্ৰতি শ্ৰদ্ধাত মুৰ দো খাই পৰিল প্ৰিয়ংকৰৰ ৷


#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

No comments:

Post a Comment