কেইদিনমান আগৰ কথা ৷ শহুৰ দেউতাক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিলোঁ ৷ মোৰ সহপাঠী ঘনিষ্ঠ বন্ধু এজন তাৰ হৃদৰোগ বিশেষজ্ঞ ৷ দুপৰীয়া তালৈ ফোন কৰাত সি মাতি পঠিয়ালে ৷ ভালদৰে চাই মেলি সি ক'লে,
"এটা কাম কৰোঁ বুজিছ, আনকেইটা পৰীক্ষা কৰাতকৈ এঞ্জিঅ'গ্ৰাফী এটা কৰাই লোৱাই ভাল হ'ব ৷"
"তই যি ভাল হয় বুলি ভাব ৷ কেতিয়া কৰাবি?"
"তই কয় যদি এতিয়াই কৰি দিম ৷"
"কৰ তেন্তে ৷"
আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰাৰ পিছত শহুৰ দেউতাক পৰীক্ষাটো কৰাবলৈ ভিতৰলৈ লৈ যোৱা হ'ল ৷ মোৰ বন্ধুৱে ইতিমধ্যে বোধহয় ৰোগীৰ পৰিচয় ভিতৰত থকাসকলক জনাইছিল ৷ ছিনিয়ৰ চিষ্টাৰ বাইদেউ এগৰাকী আছিল তাত ৷ তেখেতে শহুৰ দেউতাক আন্তৰিকতাৰে সুধিলে,
"আমাৰ ছাৰ তাৰমানে আপোনাৰ জোৱাইৰ বন্ধু?"
দেউতাই উত্তৰ দিলে,
"হয় ৷"
বাইদেউগৰাকীয়ে আকৌ সুধিলে,
"আপোনাৰ জোৱায়ে বিয়া কৰাইছেনে নাই?"
প্ৰশ্নটো শুনি দেউতাই বিৰাট ৰস পালে ৷ তেখেতৰ হাঁহি দেখি বাইদেউগৰাকীয়ে নিজৰ ভুল বুজিব পাৰিলে ৷ বাইদেউগৰাকীয়ে লাজুক হাঁহি এটিৰে ক'লে,
"ছৰী, ছৰী, কিবাহে সুধিলোঁ ৷ আচলতে আমাৰ ছাৰে বিয়া পতা নাই যে এতিয়ালৈ ৷"
দেউতাই হাঁহি মাৰি ক'লে,
"নাই নাই, একো নাই, এনেকুৱা হয়েই কেতিয়াবা ৷"
কিছু সময় পিছত পৰীক্ষা নিৰীক্ষাৰ অন্তত দেউতা বাহিৰলৈ আহিল ৷ বন্ধুজনে মোক জনালে যে চিন্তা কৰিবলগীয়া একো নাই ৷ উভটি আহি থাকোতে শহুৰ দেউতাই মোক কাহিনীটো শুনাই এজোলোকা হাঁহিৰে ৰসিকতা কৰি ক'লে,
"বুজিছা পাৰ্থ, এতিয়া তোমালৈ ছোৱালী এজনী বিচৰাটোহে প্ৰধান কথা ৷"
ময়ো হাঁহিলোঁ ৷ কিন্তু আকৌ এবাৰ বিয়া কৰোৱাৰ কথা ভাবি মনটো কিবাচোন ৰিমঝিম ৰিমঝিম কৰিলে ৷ মিছা নকওঁ দিয়ক, পেটে পেটে একদম বিৰাট ফুৰ্তি লাগি গ'ল ৷ মানে কি ক'ম আৰু, আপোনালোকক বুজাবলৈকে অসুবিধাত পৰিছোঁ ৷ কিন্তু পিছমুহুৰ্ততে ভাৱ হ'ল, বিয়া? আকৌ এবাৰ? হ'ব আৰু, এবাৰেই আটিছে ৷
#বাস্তৱ,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম
No comments:
Post a Comment