Saturday, April 16, 2016

পুতৌ ৷

ছোৱালীজনীয়ে ভালদৰে কথা ক'ব নোৱাৰে ৷ ১৪ বছৰ বয়স, নৱমমানত পঢ়ে ৷ জন্মগত কিবা সমস্যাৰ বাবে তাইৰ মাত ভালদৰে নুফুটিলেই কেতিয়াও ৷ লগতে বেলেগ কিবা স্নায়ুজনিত ৰোগো আছে, কথা ক'ব খুজিলে মুখখনৰ ভঙ্গিমা বদলি যায়, তাৰোপৰি নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে মুৰটো এফাললৈ ঠেলি থাকে তাই ৷ সৰুৰেপৰাই অসমৰ আৰু বাহিৰৰো বহু ঠাইত বহু চিকিৎসকক দেখুৱালে, বিভিন্ন ধৰণৰ চিকিৎসা কৰালে, ফলাফল পিছে বিশেষ সুখপ্ৰদ নহ'ল ৷ কিন্তু ছোৱালীজনী বুদ্ধিদীপ্ত ৷ এতিয়ালৈকে পঢ়া শুনাত লগ সমনীয়াৰ সমানেই আগবাঢ়ি আছে ৷

প্ৰিয়ংকৰৰ ওচৰলৈ কিবা বেলেগ ৰোগ সংক্ৰান্তত প্ৰথমবাৰ তাই খুৰীয়েকৰ লগত আহিছিল ৷ এইবাৰ তাইৰ লগতে খুৰীয়েকৰ লগত দ্বাদশমানত পঢ়ি থকা বায়েকো আহিছে ৷ বায়েক ভণীয়েক দুয়োজনীৰে বেমাৰ ৷ প্ৰিয়ংকৰে পৰীক্ষা কৰি চালে ৷ চিন্তনীয় কিবা অসুবিধা থকা যেন নালাগিল তাৰ ৷ কাম শেষ হোৱাত যোৱাৰ আগমুহুৰ্তত খুৰীয়েকে প্ৰিয়ংকৰক ক'লে,

"আমাৰ এই আপোনাক বৰ ভাল পায় ছাৰ ৷ বায়েকৰ বাৰু কালিৰেপৰাহে গা বেয়া, এইৰ পিছে সোমবাৰৰপৰাই অসুখ ৷ আপুনিটো শণিবাৰেহে আহে ইয়ালৈ, গতিকে মই বেলেগ কাৰোবাকে দেখুওৱাৰ কথা ভাবিছিলোঁ ৷ কিন্তু তাই নামানিলে ৷ আগৰবাৰ দেখুওৱা ডাক্তৰ আংকলকহে দেখুৱাব বোলে ৷ আৰু চাওকচোন, পাঁচদিন ধৰি আপোনালৈ ৰখি আছে ৷"

ইমান বিশ্বাস, মৰম আৰু আন্তৰিকতা দেখিলে হৃদয় উঠলি উঠে দেখোন ৷ প্ৰিয়ংকৰে হাঁহি হাঁহি ছোৱালীজনীলৈ চালে ৷ মুৰটো লৰাই লৰাই লাজকুৰীয়া হাঁহি এটি মাৰিলে তাই ৷ প্ৰিয়ংকৰৰ নিজৰ ডাঙৰ জীয়ৰী প্ৰতীতিলৈ মনত পৰি গ'ল ৷ সমবয়সৰে হ'ব এই ছোৱালীজনী ৷ সি তাইক মৰমেৰে সুধিলে,

"তুমি ইমানদিন কাকো নেদেখুৱাকৈ ৰখি থকাটো ভাল হোৱা নাই নহয় মাজনী ৷ অসুখ বেছি হৈ যোৱাহ'লে কি কৰিলাহেতেন?"

ছোৱালীজনীয়ে এইবাৰো একো নক'লে ৷ কেৱল মিচিকিয়াই হাঁহিলে ৷ তাইলৈ অলপ বেছিকৈয়ে মৰম লাগি গ'ল তাৰ ৷ ৰিছেপছনৰ ল'ৰাজনক কলিং বেলটো টিপি মাতি আনি তাইৰ ফীজ ৰাখিবলৈ মানা কৰিলে ৷ ছোৱালীজনীয়ে আপত্তি কৰিলে,

"ফীজ ল'ব লাগিব আংকল ৷ কিয় নলয়?"

"মৰমতে নলওঁ মাজনী ৷"

"আপোনাক ভাল পোৱা বা আপুনি মৰম কৰা আৰু বহুতো মানুহ আছে আংকল ৷ তেওঁলোকৰপৰাটো আপুনি ফীজ ৰাখে? তেন্তে মোৰপৰা কিয় নলয়?"

কিবা ক'ব খুজিও ৰখি গ'ল প্ৰিয়ংকৰ ৷ কি বুলি ক'ব সি? তাইলৈ চাই পঠিয়ালে, নিমিষতে ছোৱালীজনী কান্দোনত ভাঙি পৰিল ৷ ভালদৰে নুফুটা মাতেৰে কান্দি কান্দি তাই যিখিনি কথা ক'লে, তাৰ সাৰমৰ্ম হ'ল,

"মোৰ লগৰ ল'ৰা ছোৱালী, আমাৰ ঘৰৰ ওচৰ পাজৰৰ সকলোৱে, আনকি আমাৰ পৰিয়ালৰ মানুহখিনিয়েও মোক পুতৌ কৰে আংকল ৷ আপুনি অনুগ্ৰহ কৰি মোক পুতৌ নকৰিব ৷ আপোনাক মই খুব ভাল পাওঁ, আপুনিও মোক একে চকুৰে নাচাব, কৰিব পাৰে যদি প্লিজ মোক মৰমহে কৰক আংকল, পুতৌ নহয় ৷"

প্ৰিয়ংকৰৰ দুচকু সেমেকি উঠিল ৷ সেইকাৰণেই সি এনেকুৱা কামবোৰ বহু ভাবি চিন্তিহে কৰে, কিন্তু আজি যেন ক'ৰবাত তাৰ ভুল হৈ গ'ল ৷ ৰিছেপচনৰ ল'ৰাজনক সি ক'লে,

"তাই মনত ইমান দুখ পাইছে, ফীজটো ৰাখিবি দে ৷ কিন্তু অহাবাৰ তাই মোৰ ওচৰলৈ আহিলে তাইক ৰখাই নথবি, সকলো ৰোগীৰ আগতেই তাইক মোৰ ওচৰলৈ পঠাই দিবি ৷ হ'বনে মাজনী?"

ছোৱালীজনীয়ে সজল দুচকুৰে হাঁহিবলৈ চেষ্টা কৰি সন্মতিসূচক ভাৱত মুৰ দুপিয়ালে ৷ সি তাইৰ চুলিখিনিত সাদৰেৰে হাত ফুৰাই ক'লে,

"আৰু এনেকৈ ইমান সৰু কথা এটাতে ইমান বেছিকৈ কান্দে নেকি? মোৰেই মনটো বেয়া লাগি গ'ল ৷ চাওঁ, চকুপানীখিনি মছি লোৱাচোন ৷ ৰুমাল আছেনে?"

"আছে ৷"

খুৰীয়েকে ক'লে,

"এই বহুত মৰম আকলুৱা ছাৰ ৷ আপুনি বেয়া নাপাব ৷"

প্ৰিয়ংকৰে উত্তৰ দিলে,

"বেয়া পোৱাৰ কথাই নাহে বাইদেউ, তাই সঠিক কথাই কৈছে ৷ বেলেগৰ অনুভূতিবোৰ বুজাত কেতিয়াবা আমি ভুল কৰি পেলাওঁ ৷"

চকুলোখিনি টুকি অকস্মাতে ছোৱালীজনীয়ে তাৰ ভৰিত চুই সেৱা জনালে ৷ অতিশয় আবেগিক হৈ পৰিল প্ৰিয়ংকৰ ৷ সি যে নিৰুপায়, চিকিৎসক হ'লেও সিও আৰু মানুহহে ৷ মৰম, ভালপোৱা, শ্ৰদ্ধা, ভক্তি আদিবোৰে দেখোন প্ৰত্যক্ষভাৱে হৃদয় স্পৰ্শ কৰে ৷ কিছুসময়ৰ পিছত ছোৱালীজনী গ'লগৈ ৷ প্ৰিয়ংকৰ নিজৰ চকীখনত বহিল ৷ তাইৰ পিছৰ ৰোগীজনক চোৱা শেষ কৰাৰ পিছতে তাৰ ছোৱালীজনীলৈ আকৌ এবাৰ মনত পৰিল ৷ তাইৰ সজল চাৱনিয়ে তাৰ অন্তৰখন পুনৰাই দহি লৈ গ'ল ৷ সি বাৰুকৈয়ে অনুভৱ কৰিলে, মৰম আৰু পুতৌৰ মাজৰ ৰেখাডাল সঁচাকৈয়ে বহুত পাতল ৷

ৰিছেপচনৰ ল'ৰাটোক মাতি আনি সি ক'লে,

"মানুহখিনিক অকণমান বহিবলৈ ক'চোন ৷ আৰু তই মোলৈ চাহ একাপ আন, মই অলপমান সময় ৰখি ল'ব লাগিব ৷"

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

No comments:

Post a Comment