প্ৰিয়ংকৰৰ মনত বহুত ফূৰ্তি সেইদিনা ৷ শিকাৰু চিকিৎসক হিচাপে চিকিৎসক জীৱনৰ আৰম্ভণিৰ দুমাহৰ পিছত প্ৰথমটো ষ্টাইপেণ্ড পাইছিল সি ৷ জীৱনৰ সৰ্বপ্ৰথম উপাৰ্জন, ৰৈ থকাৰ সকাম নাই, লগত লগতেই দোকানলৈ গৈ মাকলৈ ধুনীয়া চাদৰ মেখেলা এযোৰ, দেউতাকলৈ চাৰ্ট এটা আৰু প্ৰিয়তমা পৰিণীতালৈ কাপোৰ এযোৰ কিনি আনিলে ৷ ভায়েক ভণীয়েকলৈকো কিবা কিনাৰ মন আছিল, পকেটলৈ চালে, মাত্ৰ এঘাৰশ টকাহে আছেগৈ হাতত ৷ মাহটো চলিব লাগিব, তাতে আকৌ পিছদিনাখন পৰিণীতাৰ লগত অলপ ওলাই যোৱাৰ পৰিকল্পনা ৷ হ'ব, পিছৰ মাহত দিব সি ভায়েক ভণীয়েকক কিবা কিনি ৷ ভণীয়েকলৈ মেডিকেল প্ৰৱেশ পৰীক্ষাৰ সহায়িকা পুথি এখন কিনাৰ কথাই মনস্থ কৰিলে সি ৷
সেইদিনাই ৰাতিলৈ জৰুৰীকালীন বিভাগত নাইট ডিউটি আছিল প্ৰিয়ংকৰৰ ৷ এজন ৰোগীক কিবা বেজী এটা দি থকা অৱস্থাতে সহপাঠী অনিৰ্বাণে তাক মাতিলেহি,
"অই প্ৰিয়ংকৰ, খৰখেদা কৰ ৷ এক্সিডেণ্ট কেছ আহিছে কেইবাজনো ৷ দুজনমানৰ অৱস্থা একেবাৰেই চিৰিয়াছ ৷ যিমান পাৰ সোনকালে আহ ৷"
আচলতে গুৱাহাটীৰপৰা চল্লিশ কিলোমিটাৰমান আঁতৰত ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু এখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল ৷ কেইবাজনো বাছ যাত্ৰী ঘটনাস্থলীতে ঢুকাইছিল ৷ গুৰুতৰ বুলি ভবা ৰোগী কেইজনক সিহঁতৰ হস্পিতেললৈ লৈ অনা হৈছিল ৷ ৰোগীসকলৰ ভিতৰত এটা সৰু ল'ৰাও আছিল ৷ আঠ বছৰমান বয়স হ'ব তাৰ ৷ কৰ্তব্যৰত চিকিৎসকসকলে যথাসাধ্য চেষ্টা অব্যাহত ৰাখিলে ৷ আটাইতকৈ সংকটজনক অৱস্থাৰ ৰোগী কেইজনৰ ভিতৰত সৰু ল'ৰাটোও এজন, গতিকেই ল'ৰাটোৰ প্ৰাৰম্ভিক চিকিৎসাৰ পিছৰ পৰ্য্যায়ৰ কাম কাজখিনি চলাই নিবলৈ প্ৰিয়ংকৰক ব্যক্তিগতভাৱে দ্বায়িত্ব অৰ্পন কৰা হ'ল ৷ দূৰ্ঘটনাজনিত ৰোগী হেতুকে চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰপৰা বিনামূলীয়াকৈ চিকিৎসাসেৱা অব্যাহত ৰখা হ'ল ৷ বাকী সকলো ঠিকেই আছিল, কিন্তু সেই ল'ৰাটোৰ দুটামান জৰুৰী পৰীক্ষা বাহিৰত কৰিবলগীয়া হ'ল, সিহঁতৰ হস্পিতেলত সেই পৰীক্ষাৰ সুবিধা নাছিল তেতিয়ালৈ ৷ ৰোগীৰ অভিভাৱকৰ খবৰ কৰাত তাৰ ওচৰতে থিয় হৈ থকা দহবছৰমান বয়সৰ ছোৱালী এজনী আগবাঢ়ি আহিল ৷ প্ৰিয়ংকৰে তাইক সুধিলে,
"ই তোমাৰ কোন হয় ভণ্টী?"
"মোৰ ভাইটি হয় ডাক্তৰ আংকল ৷"
"তোমালোকৰ লগত বেলেগ কোনোবা ডাঙৰ মানুহ আছেনে?"
"নাই, খুৰা আহিছিল আমাৰ লগত, কিন্তু খুৰাক এক্সিডেণ্ট হোৱা ঠাইতে ৰাখি থ'লে ৷ ইয়ালৈ আহি থাকোতে পুলিছ আংকল এজনেহে ক'লে, খুৰা ঢুকাইছে বোলে ৷"
ছোৱালীজনীৰ দুচকু সেমেকি উঠিল ৷ প্ৰিয়ংকৰৰৰ বুকুখনত কিহবাই যেন হেঁচা মাৰিহে ধৰিলে ৷ সঁচাকৈ, কাৰ ভাগ্যত কি লিখা আছে কোনেও ক'ব নোৱাৰে ৷ বিধিৰ বিধান বৰ বিচিত্ৰ ৷ গুৱাহাটী ফুৰাবলৈ বুলি ভতিজা ভতিজী দুটাক মনৰ ফূৰ্তিত লগত লৈ অনা খুৰাকজন আধা বাটতেই এনেদৰে নোহোৱা হৈ যাব বুলি কোনোবাই বাৰু ভুলটো ভাবিব পাৰিছিলনে? সি কওঁ নকওকৈ তাইক ক'লে,
"তোমাৰ ভাইটিৰ কেইটামান পৰীক্ষা বাহিৰত কৰিব লাগিব মাজনী ৷ কিন্তু তাৰ বাবে অলপ খৰচ হ'ব যে ৷"
"মোৰ লগত মায়ে ঘৰৰপৰা অহাৰ সময়ত দি পঠোৱা এশ টকা আছে ৷ মই আনি আছোঁ ৰ'ব ৷ ভাইটিক ৰাখিবলৈ দিছিলোঁ, তাৰ পেণ্টৰ পকেটতে আছে চাগৈ ৷"
সি কিবা কোৱাৰ আগতেই ছোৱালীজনীয়ে দৌৰ মাৰি ভায়েকৰ ওচৰ পালেগৈ ৷ প্ৰিয়ংকৰে চিনিয়ৰ এজনক কথাখিনিৰ সবিশেষ জনোৱাত তেওঁ তাক ক'লে,
"পৰীক্ষাকেইটা কৰালে ভাল হয় বুজিছ ৷ তাতে তাৰ অৱস্থাটো দেখিছই, ইমান ভাল নহয় দেখোন ৷ কিন্তু কোনো নায়েই যেতিয়া ল'ৰাটোৰ লগত, কি কৰিবি আৰু, হ'ব দে, ৰাতিপুৱালৈ চাই লওঁ কি কৰিব পৰা যায় ৷"
"পৰীক্ষাকেইটা কৰালে কিমান মান খৰছ পৰিব দাদা?"
"পোন্ধৰ ষোল্লশমান পৰিব ৷"
ঠিক তেনেতেই ছোৱালীজনী তাৰ ওচৰলৈ আহি তালৈ বুলি এশটকীয়া নোট এখন আগুৱাই দি ক'লে,
"এইখন লওঁক ডাক্তৰ আংকল ৷ হ'বনে পৰীক্ষা কেইটা ইয়াৰে?"
কণমানিজনীৰ কাৰ্য্যই তাইলৈ তাৰ মৰম আৰু অলপ বঢ়াই তুলিলে ৷ বাহ্যিকভাৱে প্ৰকাশ নকৰিলেও তাৰ মনটো সেমেকি উঠিল, ভগৱান কেতিয়াবা যেন জোখতকৈও বেছিকৈ নিষ্ঠুৰ হৈ পৰে ৷ সি ক'লে,
"ইয়াৰে নহ'ব অ' ৷ আৰু বহুত টকা লাগিব ৷ হ'ব দিয়াচোন, এইটো এতিয়া তোমাৰ লগতে ৰাখা ৷ আমি ৰাতিপুৱালৈকে চাই লওঁ ৷"
"তাৰমানে মোৰ ভাইটিও মৰি থাকিব নেকি আংকল?"
ছোৱালীজনীয়ে দুখতে কান্দি পেলালে ৷ প্ৰিয়ংকৰৰ হাতখনত সাৱটি ধৰি তাই ফেঁকুৰি ফেঁকুৰি ক'লে,
"প্লিজ আংকল, মোৰ ভাইটিক ভাল কৰি পেলাওক না ৷"
বৰ দোধোৰ মোধোৰ পৰিস্থিতি এটাৰ সন্মূখীন হ'ল প্ৰিয়ংকৰ ৷ সি তাইৰ চুলিখিনিত মোহাৰি মৰমেৰে ক'লে,
"নাকান্দিবা মাজনী ৷ মই কিবা এটা কৰিম ৷ তুমি ভাইটিৰ ওচৰতেই থাকিবা হা ৷"
অনিৰ্বাণ ইতিমধ্যেই তাৰ ওচৰ পাইছিলহি ৷ প্ৰিয়ংকৰে তাক ক'লে,
"পাঁচশ টকা হ'ব নেকি তোৰ লগত?"
"আছে, কিয়?"
"পোৱালিটোৰ পৰীক্ষাকেইটা কৰাই দিওঁ বুজিছ?"
"তাৰ পিছত কিবা পইছা থাকিবগৈনে তোৰ হাতত?"
"নাথাকে, একেবাৰে তলি উদং ৷"
"কালি দেখোন পৰিণীতাৰ লগত তোৰ ক'ৰবালৈ যোৱাৰ প্লেন?"
"পিছত যাম ৷"
"ঘৰৰপৰা আৰু পইছা নোখোজ বুলি কৈছিলি দেখোন? মাহটো কেনেকৈ চলিবি?"
"তই চলাবি ৷ পিছৰ মাহত মই তোক চলাম ৷"
"মই চলাম বাৰু, কিন্তু পৰীক্ষাকেইটা কৰাই আনিবলৈ বাহিৰলৈ কাক পঠাবি?"
"নীৰেন, মানে আমাৰ হোষ্টেলৰ যে ৰান্ধনি, তাক মাতি দিম ৷"
সকলো সুচাৰুৰূপে হৈ গ'ল ৷ ৰাতি পুৱাল ৷ প্ৰিয়ংকৰহঁতৰ ডিউটিৰ সময়ো উকলিল ৷ এটা কষ্টকৰ নিশাৰ অৱসান, তাতোকৈ ভাল খবৰ, ল'ৰাটো বাছিল ৷ তাক ইতিমধ্যে সংশ্লিষ্ট বিভাগৰ ৱাৰ্ডলৈ লৈ যোৱা হৈছিল ৷ অনিৰ্বাণ আৰু প্ৰিয়ংকৰে ডিউটি শেষ কৰি এবাৰ ল'ৰাটোৰ খবৰ কৰিবলৈ গ'ল ৷ তাৰ বিচনাৰ ওচৰ পাওতেই ছোৱালীজনীয়ে দৌৰি আহি প্ৰিয়ংকৰক সাৱটি ধৰিলেহি ৷ সেইখিনি সময়ত গোটেই হস্পিতেলখনত সেই কণমানিজনীৰ বাবে ভায়েক আৰু প্ৰিয়ংকৰতকৈ আপোন হয়তো আৰু কোনোৱেই নাছিল ৷ প্ৰিয়ংকৰে আঁঠু কঢ়াৰ দৰে বহি তাইৰ গাল দুখনত লাহেকৈ টিপি মিচিকিয়া হাঁহি এটিৰে ক'লে,
"দেখিলা, সকলো ঠিক হৈ গ'ল ৷ তুমি চিন্তা নকৰিবা, ভাইটি লাহে লাহে সম্পূৰ্ণ ভাল হৈ যাব ৷"
পকেটৰপৰা কাগজ এখন উলিয়াই তাৰ নাম আৰু ম'বাইল নম্বৰটো লিখি তাইৰ হাতত দি সি আকৌ ক'লে,
"ইয়াত ডাক্টৰ আংকল আণ্টিবোৰ যে দেখিছা, তোমালোকৰ কিবা অসুবিধা হ'লে তেওঁলোকৰ কোনোবা এগৰাকীক মোৰ এইটো নম্বৰত ফোন লগাই দিবলৈ ক'বা ৷ কাগজখন নেহেৰুৱাবা দেই ৷ এনেয়েও আমি তোমালোকৰ খবৰ কৰিয়েই থাকিম ৷"
ছোৱালীজনীয়ে হাঁহিবলৈ যত্ন কৰিলে ৷ তাইৰ চলচলীয়া দুচকুত তাৰ প্ৰতি কৃতজ্ঞতাৰ চিন পৰিস্ফূট হৈ উঠিল ৷ প্ৰিয়ংকৰে অনুভৱ কৰিলে, আন্তৰিক সম্পৰ্ক কিছুমান অকস্মাতে অজানিতেই গঢ় লৈ উঠে ৷
হোষ্টেললৈ আহি থকাৰ বাটত প্ৰিয়ংকৰে পকেটত হাত দি চালে ৷ হাঁহি উঠি গ'ল তাৰ, আগদিনাখন পইছা পোৱা স্বত্বেও পিছদিনাখনেই তাৰ পকেট সম্পূৰ্ন খালী ৷ অনিৰ্বাণে সহায় কৰিব ঠিকেই, কিন্তু গোটেই মাহটো তেনেদৰে চলিবলৈ তাৰ বাৰুকৈয়ে কষ্ট হ'ব ৷
পৰিণীতাৰ লগত তাৰ সেইদিনা চিনেমা চাবলৈ বুলি ওলাই যোৱাৰ পৰিকল্পনা বাতিল কৰিলে সি ৷ সি জানে, পৰিণীতা যথেষ্ট সংবেদনশীল ছোৱালী, তায়ো নিশ্চয়কৈ অনুধাৱন কৰিব, সেই কণমানি ল'ৰা ছোৱালী হালক সহায় কৰি পোৱা অন্তৰৰ শান্তিখিনি যে একেবাৰেই অমূল্য, যি অলেখ টকা পইছাৰেও কেতিয়াও কোনেও কিনিব নোৱাৰে ৷
সন্ধিয়া প্ৰিয়ংকৰ আৰু পৰিণীতা এবাৰ ল'ৰা ছোৱালীকেইটাৰ খবৰ কৰিবলৈ হস্পিতেললৈ গ'ল ৷ সিহঁতৰ মাক দেউতাক আহি পাইছিল ইতিমধ্যে ৷ আৰু সেই মাতৃগৰাকীৰ ধন্যবাদসূচক সজল দুনয়নে তাৰ হৃদয় যে গলাই পেলালে ৷
#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment