গ্ৰীণ ভেলী ৰিজৰ্টত সেইদিনা উখল মাখল পৰিবেশ ৷ প্ৰিয়ংকৰহঁতৰ প্ৰায়খিনি সহপাঠীয়েই সপৰিয়ালে একগোট হৈছিল সেইদিনা তাত ৷ চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰম শেষ কৰাৰ সুদীৰ্ঘ দহ বছৰৰ মুৰত এনেদৰে লগা লগি হৈ অতীত ৰোমন্থন কৰি সহধ্যায়ী সকলোবোৰ আবেগিক হৈ পৰিছিল ৷ দুজনমানক বাদ দি বাকীকেইজনৰ প্ৰত্যেকৰে লগতেই এটি বা দুটিকৈ সন্তান ৷ সহপাঠী ছোৱালীকেইজনীৰ সন্তানবোৰ যদি মাকৰ আঙুলিত ধৰি খোজকাঢ়ি আহিছিল, ল'ৰাকেইটাৰ বেছিভাগ সন্তানেই মাক দেউতাকৰ কোলাত আহিছিল ৷ নৃত্য, গীত, সৌহাদ্যপূৰ্ণ খেলা ধুলা, স্থানীয় শিল্পী এজনৰ সংগীতানুষ্ঠান আদিৰে পৰিবেশটো বেছ জমি উঠিছিল ৷ এই সকলোবোৰ শেষ হোৱাত আৰম্ভ হ'ল নিশাৰ আহাৰ আৰু আড্ডা পৰ্ব ৷ ছোৱালীখিনিৰপৰা অলপমান আঁতৰি বেলেগ এটা কোঠাত ল'ৰাবোৰৰ আড্ডা চলিল ৷ বিভিন্ন কথা বতৰাৰ শেষত এটা সময়ত নিজ নিজ সন্তান সুখৰ অভিজ্ঞতাৰ চৰ্চা গুঞ্জৰিত হ'বলৈ ধৰিলে কোঠাটোত ৷
সমৰে ক'লে,
"আচলতে জাননে আমাক কিয় সন্তান লাগে? যাতে আমি চেৰেলেককে আদি কৰি শিশু খাদ্যবোৰৰ সোৱাদ কেতিয়াও পাহৰিব লগা নহয় ৷ তহঁতৰ বাকীবোৰৰ কথা নাজানোঁ, কিন্তু মইতো ভাই পোৱালিয়ে এৰা চেৰেলেকখিনি জিভাৰে চেলেকি খতম কৰি থওঁ ৷"
আড্ডাস্থলী হাঁহিৰে মুখৰিত হৈ পৰিল ৷ ভাস্কৰে ক'লে,
"মোৰ ডিউটি শেষ হোৱাৰ লগে লগেই ঘৰলৈ উৰি যাবৰ মন হয় ৷ যিমান সোনকালে পাৰোঁ ঘৰ গৈ পাই ছোৱালীজনীক একোলা ল'বলৈ মনটো ব্যাকুল হৈ পৰে ৷ ঘৈণীক নক'বি, ক'লে জগৰ লাগিব, কিন্তু কিয় নাজানোঁ, ঘৈণীতকৈয়ো ছোৱালীজনীলৈ মোৰ বেছি মৰম ৷ মানে ঘৈণীকো মই বহুতেই ভাল পাওঁ, কিন্তু…"
ভাস্কৰৰ কথা শেষ নৌহওঁতেই প্ৰদীপ্তই মাত দিলে,
"বুজিছোঁ দে, ইমান বুজাব নালাগে ৷ আমাৰ সকলোৰে একেই মনোভাৱ ৷ মোৰ আকৌ ল'ৰাটোৱে মই আহিলেই মোৰ লগত লুডু খেলিবলৈ সাজু হৈ থাকে ৷ লুডুও লুডু, সদায় সেই একেই সাপৰ খেলখন, তাৰোপৰি জোৰ জবৰদস্তি মই মুঠতে হাৰিবই লাগিব ৷ কিন্তু জাননে? এনেদৰে নিজ সন্তানৰ লগত হাৰি যোৱাৰ খেল খেলাৰ মজাই সুকীয়া ৷"
সকলো একমুহুৰ্তৰ বাবে আবেগিক হৈ পৰিল ৷ কিছু সময়ৰ পিছত প্ৰিয়ংকৰে ক'লে,
"মই চেম্বাৰৰপৰা আহি পোৱালৈ সাধাৰণতে পৰিণীতা ঘৰ আহি পায়েই ৷ ৰাতিৰ সেই সময়ত এক চেকেণ্ডমানৰ ব্যৱধানত মই তিনিবাৰকৈ বজোৱা কলিং বেলৰ মাতটো শুনাৰ লগে লগে প্ৰতীতি দৰ্জাৰ ওচৰত আহি হাজিৰ হয় ৷ পৰীয়ে নিয়ৰ মাজনী, মানে নমহীয়া আমাৰ সৰুজনীক কোলাত ল'বলৈ পোৱাৰ আগতেই তায়ো চুচৰি চুচৰি আহি বায়েকৰ ওচৰ পায়হি ৷ জাননে, মোক জোতাযোৰ খুলিবলৈও সময় নিদিয়ে তাই, মাকে দৰ্জাখন খোলাৰ লগে লগেই মোৰ ভৰি দুখনত ধৰি থিয় হৈ ওপৰলৈ মোৰ মুখলৈ চাই তাই মিচিকিয়াই হাঁহে, মুঠতে কোলাত ল'ব লাগে তাইক ৷ দুয়োজনীকে ফ্লেটৰ ওচৰৰ ৰাস্তাটোৰে এপাক ফুৰাই ডাঙৰজনীৰ লগত তাইৰ বয়সৰ হিচাপত দিনটোৰ "ইমপৰৰ্টেণ্ট" কথাখিনি পতাৰ লগতে মোৰ মতামত দি শেষ কৰাৰ পিছতহে মোৰ দিনটোৰ কাম সমাপ্ত হয় ৷ বুজিছ, এই সন্তান সুখ বোলা বস্তুটো বৰ অমূল্য ৷ ইহঁত দুজনীক আকোৱালি ধৰি যি মানসিক প্ৰশান্তি অনুভৱ কৰা হয়, তাৰ তুলনা কাৰোৰেই লগত কৰিব নোৱাৰি ৷"
বিভিন্নজনে বিভিন্ন কথা ক'লে ৷ নিজ নিজ সন্তানক লৈ সকলোৱেই অতীৱ সুখী ৷ হিমাংশুৱে ৰূপমক সুধিলে,
"অই বেটা, তহঁত দুটাই পিছে সন্তানৰ কথা কেতিয়াবালৈ চিন্তা কৰিবিনে?"
ছিগাৰেট এটাত পৰম সুখত দীঘলীয়াকৈ টান এটা মাৰি ৰূপমে উত্তৰ দিলে,
"ভাবিম ৰহ, আগতে শ্ৰীমতীৰ লগত জীৱনটোৰ সোৱাদ আৰু অলপ উপভোগ কৰি ল'বলৈ দে ৷ নহ'লে কৌপিন পিন্ধা কণমানিবোৰৰ উপদ্ৰৱত তঁহতবোৰৰ দৰেই আমি দুটাইয়ো এটাই আনটোক পাহৰিবলৈ আৰম্ভ কৰিম ৷"
এখন্তেকৰ বাবে সকলো নিশ্চুপ হৈ ৰ'ল ৷ পৰিবেশটো বদলাবলৈ শান্তনুৱে বিপ্লৱক সুধিলে,
"পিছে বন্ধু, তই কেতিয়া বিয়া পাতিবি? বয়স ৰখি নাথাকে নহয় !"
সকলোৰে লক্ষ্য এইবাৰ বিপ্লৱ হৈ পৰিল ৷ ছোৱালী বিচাৰি দিয়াৰপৰা আৰম্ভ কৰি বিবাহৰ মণ্ডপ আৰু বৰমালা সাজু কৰি দিয়া পৰ্য্যন্ত একো একোজনে দ্বায়িত্ববোৰ নিজে মুৰ পাতি ল'লে ৷ উজ্বল খোলা হাঁহি এটিৰে বিপ্লৱে উত্তৰ দিলে,
"বাৰু হ'ব দে, ৰাইজৰ বিপুল দাবীত অহা এবছৰ দুবছৰৰ ভিতৰতে মোৰ বিয়াখনো পাতিম ৷ তাত কোনো সমস্যা নাই ৷ পৰিবাৰ আৰু সন্তানৰ সুখৰপৰা বিনা কাৰণত মইনো কিয় বঞ্চিত হৈ থাকোঁ? নে কি কয়?"
সকলোৱে সমস্বৰে চিঞৰিলে,
"হয়, হয় ৷"
বিপ্লৱে আকৌ সুধিলে,
"বিয়া পাতি তহঁত আটায়ে তাৰমানে অত্যন্ত সুখী?"
আগৰবাৰতকৈ অলপ কমকৈ হ'লেও প্ৰায়ভাগেই চিঞৰিলে,
"বোলো হয় হয় ৷"
"নিজৰ সন্তানক লৈ তহঁত সকলোবোৰ অতিশয় গৌৰৱান্বিত?"
দুগুণ উৎসাহেৰে সকলোৱে একেলগে উত্তৰ দিলে,
"বোলো হয়, হয় ৷"
"তহঁতৰ সকলোৱে তাৰমানে তহঁতৰ মাৰ দেউতাৰকো একেদৰে সুখী কৰিব পাৰিছ? সন্তান সুখেৰে গৌৰৱান্বিত কৰিছ?"
কাঁহ পৰি জীণ যোৱা অৱস্থা এটা বিৰাজ কৰিলে কোঠাটোত কিছুসময় ৷ বিপ্লৱে পুনৰ সুধিলে,
"কি হ'ল? কোনেও একো নক'লি যে?"
কোনেও একো উত্তৰ নিদিলে ৷ এটা দীঘল হুমুনিয়াহ এৰি বিপ্লৱে ক'লে,
"বুজিছ, এটা সময়ত আমাৰ মা দেউতাহঁতেও আমাক লৈ এতিয়া তহঁতবোৰে কৰাৰ দৰেই গৌৰৱ কৰিছিল ৷ সকলোকে একাকাৰ কৰি ক'ব বিচৰা নাই, কিছুসংখ্যকে নিজৰ দ্বায়িত্ব সুচাৰুৰূপেই পালন কৰিবলৈ সমৰ্থ হৈছ, কিন্তু বাকীখিনিৰ ক্ষেত্ৰত এনে কি ঘটনা ঘটিল যে পিতৃ মাতৃও আমাৰ বহুতৰ বাবে এতিয়া এলাগী হৈ পৰিল? ভুল ক'ত? আমাৰ লালন পালন? নে অতি বস্তুবাদী সংসাৰত আমাৰ হৃদয়হীন যান্ত্ৰিকতা? নে নৈতিক শিক্ষাৰ অভাৱগ্ৰস্ততা? দোষ কাৰ? আমাৰ নিজৰ ? নে মা দেউতাৰ? দকৈ ভাবিবলগীয়া কথা নহয়নে বাৰু এইবোৰ? এটা সময়ত আমিও একেবোৰ পৰিস্থিতিৰেই সন্মূখীন হ'বলগীয়া নহ'বনে বাৰু?"
বিপ্লৱে আকৌ ক'লে,
"চা, সকলোৰে সমস্যাবোৰ বেলেগ বেলেগ ৷ কিছুমানে হাজাৰ চেষ্টা কৰিও পিতৃ মাতৃৰ বাঞ্চিত আকাংক্ষা পুৰণ কৰাত অপাৰগ হৈছে ৷ কিন্তু প্ৰশ্ন হৈছে আমাৰ কিমানজনে এনেকুৱা কৰিবলৈ যত্ন কৰিছোঁ? এটা কথা ক'চোন! কৰ্মস্থান নিজৰ উপজা ঘৰখনৰ তেনেই ওচৰত হোৱা স্বত্বেও আমাৰ মাজৰে কিমানজনে একমাত্ৰ মাক দেউতাকৰপৰা আঁতৰত থকাৰ স্বাৰ্থতে বেলেগত ভাড়াঘৰ লৈছোঁ বা নিজৰ সৰু সুখী পৰিয়ালটোৰ বাবে ফ্লেট কিনিছোঁ বা বেলেগকৈ ঘৰ বনোৱা আৰম্ভ কৰিছোঁ? মা দেউতাৰ সেই "বেলেগ" সংসাৰখনৰ কথা ভাবিবলৈ আমাৰ ইমানেই সময়ৰ অভাৱ নে?"
এইবাৰো কোনেও একো নামাতিলে ৷ বিপ্লৱে এইবাৰ প্ৰিয়ংকৰক সুধিলে,
"তই মোক এটা কথা ক' প্ৰিয়ংকৰ ৷ তোৰ দুজনী ছোৱালী ৷ এটা সময়ত দুয়োজনীকে বেলেগৰ ঘৰৰ বোৱাৰী হিচাপে বিয়া দি পঠাবি ৷ মই তোক ভালদৰেই জানোঁ, বুজি পাওঁ ৷ বেলেগ কিছুমানে কৰাৰ দৰে বিয়া দিয়াৰ পিছতো তোৰ বা পৰিণীতাৰ সকলো কথাতে জড়িত কৰাই সিহঁত দুজনীৰ সংসাৰত আউল লগাবলৈ অজানিতে যত্ন কৰাৰ ভুলটো অন্ততঃ তই নকৰ, কিন্তু এটা কথা তই মোক ডাঠি ক'ব পাৰিবিনে যে তহঁত দুটাৰ বিপদৰ সময়ত সিহঁত দুজনী তহঁতৰ দুখৰ সমভাগী হ'বই?"
বিপুলক সুধিলে এইবাৰ বিপ্লৱে,
"বাৰু বিপুল, তোৰ ল'ৰা দুটাই ডাঙৰ হৈ বিয়া বাৰু কৰোৱাৰ পিছতো তহঁত দুটাক চাবই বুলি তই নিশ্চিতনে?"
মৰিশালীৰ নিস্তব্ধতা বিৰাজ কৰিলে কোঠাটোত ৷
"চা, আমাৰ কথা বেলেগ ৷ আমাৰ বাৰ্ধক্যৰ সময়চোৱাত আমি চাগৈ খৰচ পাতিৰ বাবে সন্তানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহ'ব ৷ কিন্তু এনেকুৱা পিতৃ মাতৃও আছে যিয়ে অশেষ কষ্ট স্বীকাৰ কৰি তুলি তালি ডাঙৰ দীঘল কৰা সুযোগ্য সন্তান থকাৰ পিছতো সাধাৰণ কাঁহ চৰ্দিৰ ঔষধ অকণমান কিনিবলৈও টকা পইছাৰ আকালত হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সাধাৰণ জনতাই আমাকটো বেছ শিক্ষিত বুলিয়েই গণ্য কৰে? তেন্তে আমিয়েই আমাৰ সন্তানৰ আগত উদাহৰণ হ'ব পাৰিছোনে?"
কোনেও একো নক'লে ৷ কি বুলি উত্তৰ দিব তেওঁলোকে? কোঠাটোত সেইসময়ত উপস্থিত থকা প্ৰায় পইত্ৰিশজন চিকিৎসকৰ কেইজনমানে দেখোন বছেৰেকীয়া বিহুটিত গামোচা একোখন যাচিয়েই মাক দেউতাকৰ প্ৰতি দ্বায়িত্ব সামৰিছে ৷ কেইজনমানৰ আকৌ সেইখিনি কৰিবলৈও সময়ৰ 'অভাৱ' ৷ কেইজনমানে আজিলৈকে নবুজিলেই মাক দেউতাকৰ প্ৰতি দ্বায়িত্ব কি 'বস্তু' হয় !
বেছিভাগৰেই চকুৰ সন্মূখত মাক দেউতাকৰ মুখবোৰ উজলি উঠিল ৷ হিমাংশু পিচে অতিষ্ঠ হৈ পৰিল ৷ মদ ভৰ্তি গিলাচ এটা একে ঢোকতে গলাধকৰণ কৰি সি ক'লে,
"কিনো (অশ্লীল) ভাষণ দিয়াত লাগিলি অ' বিপ্লৱ? আজিৰ এই ফুৰ্তিৰ দিনটোত তোৰ এই গেলা ভাষণবোৰ বন্ধ কৰ আৰু ৷"
প্ৰিয়ংকৰে ধমকি মাৰি ক'লে,
"চুপ থাক হিমাংশু ৷ অৱশ্যে তোৰ গাত লগা কথাই, তোৰ মাৰ বাপেৰক তই কি কৰিছ সেয়া দেখোন ইতিমধ্যে টিভি পেপাৰত সকলোৱে দেখিছে ৷ আজিয়েই এটা কথা কৈ থওঁ তোক, মোৰ ভবিষ্যতবাণী শুন ৷ ভগৱানে যদি আমাক জীয়াই ৰাখে আৰু আজিৰপৰা ত্ৰিশ চল্লিশ বছৰৰ পিছত যদি আমি এনেদৰে আকৌ লগা লগি হওঁ, তেন্তে অজস্ৰ টকা সম্পত্তিৰ অধিকাৰী হোৱাৰ পিছতো তেতিয়ালৈ আমাৰ লগত এনেদৰে একেলগে বহি ফুৰ্তি কৰাৰ মানসিক শক্তি তোৰ একেবাৰেই নাথাকিব ৷ সকলোৱে ভালদৰে শুনি ল' আৰু চাই থাকিবি, মোৰ কথা আখৰে আখৰে ফলিয়াব ৷"
নিশান্ত ৰুমটোৰপৰা ওলাই আহিল ৷ মাকৰ সকৰুণ মুখখনিৰ স্মৃতিয়ে তাক বৰকৈ আমনি কৰিলে ৷ সামান্য কথা এটিতে ওফোন্দ পাতি যোৱা এবছৰমানৰপৰা সি মাক দেউতাকৰ লগত কোনো সম্পৰ্কই ৰখা নাই ৷ দেউতাকৰ নম্বৰত ফোন লগালে সি ৷ মাকেই ধৰিলে ফোনটো ৷
"মই সৰুবোপাই কৈছোঁ মা ৷"
"সৰু বোপা !"
আবেগৰ হেঁচাত মাকে কিছুসময় একোৱেই ক'ব নোৱাৰিলে ৷
"মা ৷"
"মই জানিছিলোঁৱেই সৰুবোপা, তোৰ ঠেঁহ বেছিদিন নাথাকে ৷ শুনিছে, উঠকচোন, সৰুবোপাই ফোন কৰিছে ৷ বুজিছ সৰুবোপা, দেউতাৰৰ অসুখ অ', পাৰ যদি এবাৰ আহিবিচোন ৷"
ফোনৰ সিটো মুৰৰপৰা মাকৰ উচুপনিৰ শব্দ ভাঁহি আহিল ৷ অজানিতেই নিঃশব্দে উলাই অহা উষ্ম দুটোপাল চকুলোৱে নিশান্তৰ দুগাল যে তিয়াই পেলালে ৷
#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment