Wednesday, May 25, 2016

চকুলোৰ লিখনি ৷

অনিৰ্বাণে সেইদিনা ৰসিকতা কৰি প্ৰিয়ংকৰক সুধিছিল,

"তই লিখা বাকীবোৰ লিখনিৰ কথা নকওঁ, কিন্তু কিছু লিখনি পঢ়ি সাংঘাটিক দুখ লাগে ৷ সেই কাহিনীবোৰ কেতিয়া লিখ বে? বেজাৰ লাগি থকা সময়ত লিখ নেকি? ইমান দুখ নে তোৰ সংসাৰত? মই দেখাতটো নহয়  ! নে আমি কোনেও নজনাকৈ পৰিণীতাৰ লগত দুৰ্বাদল কাজিয়া কৰি মনৰ দুখতে দেৱদাস হৈ দুখৰ কাহিনীবোৰ লিখ?"

অনিৰ্বাণৰ প্ৰশ্ন শুনি প্ৰিয়ংকৰৰ হাঁহি উঠি গ'ল ৷ উত্তৰ দিব লওতেই কেইমাহমান আগৰ ঘটনা এটিলৈ অকস্মাতে মনত পৰি গ'ল তাৰ ৷

আচলতে মহিলা এগৰাকী সেইদিনা কিবা ৰোগ সংক্ৰান্তত প্ৰিয়ংকৰৰ চেম্বাৰলৈ আহিছিল ৷ তেখেতক চোৱা মেলা শেষ হোৱাৰ পিছত ঔষধৰ নিদান পত্ৰ লিখি থকা সময়তে কিছু কথাৰে মহিলাগৰাকীয়ে তাক একপ্ৰকাৰ অপ্ৰস্তুত কৰি তুলিছিল ৷ সেই মুহুৰ্তৰ আগলৈকে সেই মহিলাগৰাকীয়ে তাক চিকিৎসকৰ বাহিৰতো এজন লিখকৰ চিনাকিৰে জানে বুলি সি কল্পনাও কৰা নাছিল ৷ মহিলাগৰাকীয়ে তাক কৈছিল,

"আপোনাৰ লিখনিবোৰ পঢ়ি বৰ ভাল লাগে ছাৰ ৷ অন্তৰ চুই যায় ৷ কেতিয়াবা কোনোবাটো লিখনিৰ মাজত মই নিজকে আবিষ্কাৰ কৰোঁ ৷ স্তব্ধ হৈ পৰোঁ, ভাৱ হয় যেন আপুনি মোৰ কথাই লিখিছে ৷ বুজি পাওঁ, এইবোৰ আপোনাৰ কল্পনা, লিখনিবোৰো চুটিয়েই, কিন্তু আপোনাৰ লিখনিয়ে মোক প্ৰায়েই কন্দুৱায় ৷ ইমান কৰুণ লিখনি আপুনি কিয় লিখে ছাৰ? বাহ্যিক দৃষ্টিত সুখী দেখিলেও আপোনাৰ জীৱনটোও মোৰ দৰেই কেৱল দুখেৰে পৰিপূৰ্ণ নেকি?"

মহিলাগৰাকীয়ে উচুপি উঠিছিল ৷ প্ৰেছক্ৰিপছন লিখি থকাৰপৰা প্ৰিয়ংকৰে মুৰ তুলি চাইছিল ৷ একমুহুৰ্তৰ বাবে কিংকৰ্তব্যবিমুঢ় হৈ পৰিছিল সি ৷ ওচৰতে বহি থকা মহিলাগৰাকীৰ তেৰ চৈধ্য বছৰীয়া জীয়ৰীজনীয়ে উঠি আহি মাকক আকোৱালি ধৰিছিল ৷ প্ৰিযংকৰে মন কৰিলে, মাকৰ উচুপনিয়ে ছোৱালীজনীৰো দুচকু সেমেকাই তুলিছিল ৷ তাই কৈছিল,

"মায়ে আপোনাৰ লিখাবোৰ বৰ ভাল পায় ডাক্তৰ আংকল ৷ আমাকো পঢ়ি শুনায় ৷"

এক অবুজ শিঁহৰণে কঁপাই তুলিছিল প্ৰিয়ংকৰৰ অন্তৰ ৷ চিকিৎসাবৃত্তিৰপৰা আহৰি উলিয়াই চেগে চোৰোকাকৈ কিবা কিবি দুই এক লিখাৰ প্ৰয়াস কৰে সি ৷ কিন্তু তাৰ লিখনিয়ে কাৰোবাক এনেধৰণে আবেগিক কৰি তুলিব পাৰে বুলি তাৰ ঘুণাক্ষৰেও কেতিয়াও মনলৈ অহা নাছিল ৷ তাৰ লিখনি ভাল পোৱা বুলি শুনি মনটো ভাল লাগিব লাগিছিল যদিও মহিলাগৰাকীৰ অশ্ৰুভৰা দুনয়নে বৰঞ্চ তাক আবেগিকহে কৰি তুলিলে ৷

মহিলাগৰাকীয়ে পুনৰ ক'লে,

"আচলতে মোৰ জীৱনটোত এতিয়ালৈ বহু বেছি দুখৰেই সন্মূখীন হৈছোঁ ৷ সেই কাৰণেই নেকি, দুখৰ কাহিনী একোটা মই বৰ আগ্ৰহেৰে পঢ়ো, ব্যথিত হৈ পৰিলেও তেনে কাহিনী একোটাই মোক অনুভৱ কৰিবলৈ শিকায় যে দুখৰ পৃথিৱীখনত মই  কোনোপধ্যে অকলশৰীয়া নহওঁ  ৷ ক'বলৈ গ'লে বহুত কথাই ক'বলগীয়া আছে ছাৰ, সকলোবোৰ শুনিবলৈ আপোনাৰ সময়ো নহ'ব, ময়ো হয়তোবা ক'বলৈ নোৱাৰিম ৷"

মহিলাগৰাকী একমুহুৰ্ত থমকি ৰ'ল ৷ তাৰ পিছত প্ৰিয়ংকৰলৈ চাই পুনৰ ক'লে,

"মই আপোনাক ডিষ্টাৰ্ব কৰিছোঁ নেকি বাৰু?"

"নাই, নাই, আপুনি কৈ যাওক, মই শুনি আছোঁ ৷ বাৰু, এক মিনিট ৰ'ৱচোন ৷"

প্ৰিয়ংকৰে কলিং বেলটো টিপিলে ৷ ৰিচেপচনৰ ল'ৰাটো সোমাই আহিল ৷

"পেচেণ্ট আৰু কিমান আছে অ'?"

"কেইবাজনো আছে ছাৰ ৷"

"একো কথা নাই, এটা কাম কৰিবি, এখেতক চাওতে অলপমান বেছি সময়েই  লাগিব ৷ মানুহখিনিক জনাই থবি ৷ নহ'লে কোনোবাই চিঞৰ বাখৰ কৰি পৰিস্থিতি বেয়া কৰিব ৷"

ল'ৰাজন ওলাই গ'ল ৷ মহিলাগৰাকীয়ে ক'লে,

"আজিলৈ যাওঁ দিয়ক ছাৰ ৷ পেচেণ্টো বহুত আছে ৷"

"একো নাই ৷ মই জনাই দিছোঁ নহয় ৷ তাৰোপৰি কিছুমান ৰোগীক পৰীক্ষা কৰোতে বেছি সময় লাগেই, নহয় জানোঁ? তাতোকৈয়ো দৰকাৰী কথাটো হ'ল যে আপুনি এনেদৰে কান্দি কাটি চেম্বাৰৰপৰা ওলাই গ'লে মোৰো ভাল নালাগিব ৷"

মহিলাগৰাকীয়ে মিচিকিয়াই হাঁহিলে ৷

"তাৰ পিছৰ কথাখিনি কওকচোন বাইদেউ ৷"

"মই তেনেই সৰু কালতেই বিয়াত বহিবলৈ বাধ্য হ'লোঁ ছাৰ ৷ স্বামীৰ ঘৰখনৰ সকলোৱে মোক সম্পূৰ্ণ আপোন কৰি লৈছিল ৷ মোৰ দুখৰ দিনবোৰৰ অন্ত হোৱা বুলি মনলৈ আহিছিল ৷ ওচৰৰ কলেজ এখনত নাম লগাই দিছিল মোক মোৰ শাহু আয়ে ৷ তাৰপৰাই তেখেতৰ উৎসাহতে বি, এ, পাছ কৰিছিলোঁ ৷ তাৰ পিছত ঘৰৰ ওচৰৰে প্ৰাইভেট স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে সোমাইছিলোঁ ৷ দৰমহা কম আছিল যদিও মোৰ লাগতিয়াল বস্তুখিনি যোগাৰ কৰাৰ উপৰিও মানুহজনক ঘৰ চলোৱাত কিঞ্চিতমানকৈ হ'লেও সহায় কৰিব পাৰিছিলোঁ ৷ দুবছৰ পিছত আমাৰ মাজলৈ বোপাটোৰ আগমন ঘটিল ৷ নৰ্মেল ডেলিভাৰীয়েই হৈছিল, কিন্তু জন্মৰ পিছত কিছুসময় সি উশাহ নিশাহ ল'বপৰা নাছিল ৷ চিকিৎসকসকলে যথাসাধ্য চেষ্টা কৰি তাক বচালে যদিও মানসিক অসুস্থতাৰ চিকাৰ হৈছিল মোৰ বোপাটো ৷ এতিয়া এই ওঠৰ বছৰ বয়সতো বাথৰুমলৈ যোৱাৰপৰা আৰম্ভ কৰি তাৰ সকলো কাম মই নিজেই তদাৰক কৰিবলগীয়া হয় ৷ শাহুৰো দেহ পৰি আহিছিল লাহে লাহে  ৷ বোপাটোৰ জন্মৰ ডেৰ বছৰ পিছত তাক চোৱা চিতা কৰাৰ স্বাৰ্থত মই চাকৰিটোও বাদ দিব লগাত পৰিলোঁ ৷"

কান্দোনত ভাঙি পৰিছিল মানুহগৰাকী ৷ মাকৰ দুখত ছোৱালীজনীও ব্যথিত হৈ পৰিছিল ৷ প্ৰিয়ংকৰে কি বুলি ক'ব ভাবি থাকোতেই তেখেতে নিজকে কোনোমতে চম্ভালি পুনৰ কৈছিল,

"ল'ৰাটোৰ বাবে মোৰ কষ্ট হৈছে বুলি মই দুখ কৰা নাই ছাৰ ৷ মাক হিচাপে মই তাৰ বাবে সকলো বা যিকোনো কষ্ট স্বীকাৰ কৰিবলৈ সাজু ৷ কিন্তু আমি মাক দেউতাকহালৰ অবিহনে তাৰ কি দশা হ'ব সেয়া ভাবি অন্তৰখনে হাহাকাৰ কৰি উঠে ৷ কোনে তাৰ দ্বায়িত্ব ল'ব বাৰু?"

কিছুসময়ৰ নীৰৱতাৰ অন্তত তেখেতে ক'লে,

"ভগৱানৰ বিচাৰৰ তুলাচনীখন মোৰ আজিলৈকে বোধগম্য নহ'ল ছাৰ ৷ কোনোবাই কেতিয়াবা যে কয়, ভগৱানৰ কণা চকু এটা থকা বুলি, সঁচাকৈয়ে মোৰ ক্ষেত্ৰত তেখেতৰ কণা চকুটোৱেই দি থ'লে কিজানি ৷ সৰুতেই মা দেউতাক হেৰুওৱাৰ পিছত মামায়ে মোৰ দ্বায়িত্ব লৈছিল, কিন্তু অৱশেষত মামীৰ অত্যাচাৰৰপৰা ৰক্ষা কৰিবলৈ মোক মামাই কম বয়সতে বিয়া দিবলৈ বাধ্য হ'ল ৷ মোৰ দুখ যেন কেতিয়াও নাতৰিবই ৷"

প্ৰিয়ংকৰে ক'লে,

"দুখ কাৰ জীৱনত নাই বাইদেউ? কাৰোবাৰ অলপ কম, কাৰোবাৰ হয়তোবা অলপমান বেছি ৷ মোৰ জীৱনতো দুখৰ উপস্থিতিৰ বাবেই বোধকৰোঁ বেলেগৰ দুখ ময়ো অনুধাৱন কৰিব পাৰিছোঁ ৷ তাকেই মোৰ লিখনি কিছুমানত বাস্তৱৰ লগতে কিছু কল্পনাৰ ৰহন সানি চৰিত্ৰবোৰৰ পৰিচয় লুকুৱাই ৰাখি প্ৰকাশ কৰিবলৈ যত্নও কৰিছোঁ ৷ সুখ বোলা বস্তুটো আমাৰ জীৱন নাট্যমঞ্চৰ একেবাৰেই সৰু সৰু, তেনেই চুটি চুটি মুহুৰ্ত কিছুমানহে ৷ সেই সত্যটো যিয়ে অনুধাৱন কৰিব পাৰে, তেৱেই সুখী হয় ৷ ভগৱানে বিচাৰ কৰোতে ভুল নকৰে, সাতে পাঁচে মিলাই তেখেতৰ অংক ঠিকেই মিলাই ৰাখে ৷ আপোনাৰো ভাল দিন আহিব ৷ আপুনি ইমান ভাঙি নপৰিবচোন ৷"

"ভাঙি পৰা নাই ছাৰ ৷ ৰূঢ় বাস্তৱৰ সন্মূখীন হ'বলৈ মই নিজকে পুৰাদমেই সাজু কৰি পেলাইছোঁ ৷ আপোনাৰ লিখনিবোৰ পঢ়ি মই অনুভৱ কৰোঁ, মানুহৰ অন্তৰৰ  বুজ ল'বলৈ আপুনি সক্ষম ৷ মনৰ দুখ পাতলাবৰ বাবেহে আপোনাৰ আগত কথাখিনি ক'লোঁ ৷ আৰু এটা অনুৰোধ আছে আপোনালৈ, ৰাখিব পাৰিবনে বাৰু?"

"কওকচোন ৷"

"মোৰ জীৱনৰ ঘটনাবোৰ পিছত সময় লৈ আপোনাক জনাম ৷ পাৰিলে মোৰ জীৱনটোৰ ওপৰতো আপুনি লিখিবলৈ যত্ন কৰিবচোন ৷ ময়ো আগতে অলপ অচৰপ লিখা মেলা কৰিছিলোঁ ৷ কিন্তু এতিয়া লিখিবলৈ ল'লে কিছু সময়ৰ পিছতে লিখনিবোৰ মোৰ কান্দোনলৈ ৰূপান্তৰ হয় ৷ কলম থমকি ৰয় ৷ চকুপানীৰ উপদ্ৰৱত লিখনিৰ সমলবোৰ অন্তৰৰ চুকতে বিলীন হয় ৷ আপুনি লিখিবনে ছাৰ মোৰ চকুলোৰ লিখনিবোৰ?"

"চেষ্টা কৰিম বাৰু ৷"

মহিলাগৰাকী গৈছিলগৈ ৷

'অই বেটা, কি ভাৱত বিভোৰ হ'লি?"

অনিৰ্বাণৰ মাতত বাস্তৱলৈ ঘুৰি আহিল প্ৰিয়ংকৰ ৷ সি ক'লে,

"হেৰৌ, পতি পত্নীৰ মাজত কাজিয়া নালাগি কাৰ মাজত লাগিব? তোৰ আৰু অনিন্দিতাৰ নালাগে? অৱশ্যে পৰিণীতাৰ লগত বাক বিতণ্ডা প্ৰায়েই হয় যদিও দেৱদাস হ'বলগীয়া পৰিস্থিতি এটা বিয়া হোৱাৰ পিছত এতিয়ালৈকে হোৱাগৈ নাই ৷ পিছৰ কথা নাজানোঁ দেচোন ৷"

দুয়োটাই হাঁহিলে ৷ প্ৰিয়ংকৰৰ সম্মূখত সেই মহিলাগৰাকীৰ আশাহত সজল দুচকু জিলিকি উঠিল ৷ মনত প্ৰশ্নৰ উদয় হ'ল, ভগৱানৰ বিচাৰ সদায় নিৰ্ভুল হয়নে?

এজন দাৰ্শনিকৰ দৰে প্ৰিয়ংকৰে অনিৰ্বাণক ক'লে,

"কিন্তু কি জান? তই ঠিকেই সুধিছ ৷ হৃদয়স্পৰ্শী কাহিনী একোটা লিখিবলৈ হ'লে তোৰ অন্তৰত বেলেগৰ প্ৰতি দস্তুৰমত আদৰ, দয়া, মমতা আদিবোৰ থাকিবই লাগিব ৷ শোকজনক লিখনি একোটাৰ বাবে তোৰো নিজৰ কিছু হ'লেও দুখৰ দাস্তান থাকিব লাগিব নতুবা বেলেগৰ দুখ বুজিব পৰাকৈ তই সক্ষম হ'ব লাগিব ৷ কিন্তু এটা কথা জানি ল' বন্ধু, চকুত চকুলো লৈ কোনেও চকুলোৰ লিখনি লিখিব নোৱাৰে ৷"

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment