Thursday, June 23, 2016

★★““সেই পুৰুষজনৰ উচুপনি !””★★

"ছাৰ, মোৰ শ্ৰীমতীৰ বাবে চাৰিবটল তেজ লাগে ৷ আপুনি অনুগ্ৰহ কৰি অলপ সোনকালে কৰি দিব পাৰিব নেকি?"

কেইবছৰমান আগৰ কথা ৷ ব্লাড বেংকৰ চিকিৎসা বিষয়া হিচাপে ৰক্তদাতাসকলৰ স্বাস্থ্য পৰীক্ষা কৰি আছিলোঁ ৷ তেনে সময়তে মানুহ এজনে আহি মোক লগ কৰিছিলহি ৷ আৰু সেই ক্ষণিক কথা বতৰাৰ প্ৰভাৱ এনে আছিল যে তেখেতৰ কথা মোৰ বহুদিনলৈ মনত থাকিব, হয়তোবা মোৰ সৰ্বস্ব জীৱন ৷

এজন ৰক্তদাতাৰ পৰীক্ষা চলি থকা অৱস্থাতে মোৰ অনুমতি নোলোৱাকৈ বন্ধ দৰ্জা খুলি মোৰ ৰূমত প্ৰৱেশ কৰি কোনো পাতনি নেমেলাকৈ স্পষ্ট ভাষাত নিজৰ মনোভাৱ ব্যক্ত কৰা মানুহজনলৈ মুৰ তুলি চাইছিলোঁ ৷ তেখেতৰ কথাখিনিত মিশ্ৰিত হৈ থকা তেখেতৰ হৃদয়ৰ আবেগে মোৰ বুকু কঁপাই তুলিছিল ৷ মানুহজনলৈ মন কৰিছিলোঁ, সেমেকা চকুযোৰেৰে নিজৰ আবেগ দমন কৰি ৰাখিবলৈ তেখেতৰ অশেষ কষ্ট হৈছিল ৷ চকু মুখত চিন্তাৰ লগতে বিষাদৰ তাড়না স্পষ্ট ৰূপত ফুটি উঠিছিল ৷ ৱাৰ্ডৰপৰা চিকিৎসকে তেজ বিচাৰি লিখি দিয়া কাগজখন মানুহজনে মোলৈ বুলি আগুৱাই দিলে ৷ বেলেগ আনুসংগিক ৰোগৰ লগতে বৰ বৰ হৰফেৰে লিখা আছিল, "এক্টিভ ব্লীডীং, পেচেন্ট ইজ ইন শ্বক ৷" মোৰ সেইসকল বন্ধু, যিয়ে কথাখিনি অনুধাৱন কৰিবলৈ অলপ অসুবিধা পাইছে, তেখেতসকলৰ জ্ঞাতাৰ্থে জনাও যে মহিলাগৰাকীৰ একেৰাহে ৰক্তক্ষৰণ হৈ আছিল, যাৰ ফলশ্ৰুতিত চিকিৎসকসকলে তেখেতৰ ৰক্তচাপৰ লগতে শৰীৰৰ আন জৰুৰী ক্ৰিয়া প্ৰক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ অসুবিধাৰ সন্মূখীন হৈছিল ৷ অৰ্থাৎ অতিশয় গুৰুতৰ অৱস্থাত আছিল সেই মহিলাগৰাকী ৷ মই পৰীক্ষা কৰি থকা ৰক্তদাতাজনক অলপপৰ অপেক্ষা কৰিবলৈ কৈ মানুহজনৰ লগত ব্লাড বেংকৰ নিৰ্দিষ্ট বিভাগলৈ গৈ তাত কৰ্মৰত লেবৰেটৰীৰ সহায়কজনক খৰতকীয়াকৈ কামখিনি আগুৱাই দিবলৈ নিৰ্দেশনা দিলোঁ ৷ মানুহজনে ইমানপৰে এষাৰ কথাও কোৱা নাছিল ৷ তেখেতক কি ক'ম একো ভাবিও পোৱা নাছিলোঁ ৷ এনেয়েও এনেকুৱা অৱস্থাত কথা ক'বলৈ বৰ অসুবিধা পাওঁ ৷ তথাপিও সান্তনা দিয়াৰ অৰ্থে তেখেতৰ এটা বাহুত মোৰ সোঁহাতখন ৰাখি ক'লোঁ,

"চিন্তা নকৰিব, সকলো ঠিক হৈ যাব ৷ আমাৰ ফালৰপৰা আমি যিমান পাৰোঁ সিমান সোনকালেই তেজখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম ৷"

জীৱনটোত এতিয়ালৈকে বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰৈছোঁ ৷ বহুতো মৰ্মান্তিক অভিজ্ঞতাৰো সন্মূখীন হৈছোঁ ৷ পত্নী এগৰাকীৰ বাবে অলপো আন্তৰিকতা নথকা কেৱল নামটোৰ স্বাৰ্থত 'পতি' হৈ থকা মানুহ বহুতো দেখিছোঁ ৷ নকৰিলে নহয় বাবেই মৰম চেনেহ নোহোৱাকৈ যান্ত্ৰিকভাৱে কাম কৰি যোৱা গিৰিয়েকো লগ পাইছোঁ ৷ আৰু ঘৈণীয়েকৰ ৰোগৰ বাবে ৰাতি দিন একাকাৰ কৰি খোৱা শোৱাৰ খেয়াল নৰখাকৈ একেৰাহে ঘৈণীয়েকৰ লগতে লাগি থকা গিৰিয়েকো বহুত দেখিছোঁ ৷ শুনিবলৈ বেয়া লাগিলেও পত্নী একোগৰাকী ঢুকাই থাকিলেও একো কথা নাই বুলি ভাবিব পৰা স্বামীদেৱতাও কেইবাজনো লগ পাইছোঁ ৷ এনেবোৰ উদাহৰণেৰে কেৱল পুৰুষসকলক দোষাৰূপ কৰিব বিচৰা নাই, নকৰোও, এইবোৰ হ'ল মানুহৰ একো একোটা প্ৰবৃত্তি ৷ ঠিক সেই একেই 'প্ৰজাতি'ৰ মহিলাৰো সন্মূখীন হৈছোঁ অলেখবাৰ ৷

মানুহজনে তেতিয়াও তলমুৱা হৈ কিবা ভাবি আছিল ৷ মোৰ সান্তনাই তেখেতক বিচলিত কৰি পেলালে বোধকৰোঁ ৷ এনেয়েও দুখৰ মুহুৰ্ত একোটিত মিছাকৈ হ'লেও সমবেদনা জনোৱা কাৰোবাক লগ পালে অন্তৰ ভৰি উঠে দেখোন ৷ মানুহজনে নিজকে আৰু নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে, হুক হুকাই কান্দি পেলালে ৷ তেখেতৰ কাৰুণ্যতাই মোক অপ্ৰস্তুত কৰি তুলিলে ৷ কিছু সময়ৰ পিছত তেখেতৰ কান্দোন উচুপনিলৈ পৰিবৰ্তন হ'ল ৷ বাহ্যিকভাৱে একো প্ৰকাশ নকৰিলোঁ, কিন্তু তেখেতৰ উচুপনিয়ে মোৰ বুকুখন আৰু অধিক গধুৰ কৰি তুলিলে ৷ ল'ৰাই বোলে নাকান্দে, ধুৰ ৷

যথাসম্ভৱ সোনকালেই ব্লাড বেংকৰ কামখিনি আগুৱাই দিয়া হ'ল ৷ কেইঘণ্টামানৰ পিছত মানুহজনে মোক লগ কৰিলেহি ৷ মোৰ ডিউটি শেষ কৰি ঘৰমুৱা হ'বলৈ সাজু হৈছিলোঁ সেই সময়ত ৷

"ছাৰ, শ্ৰীমতীৰ অৱস্থা আগতকৈ বহু উন্নত হৈছে ৷ চিকিৎসকে বিপদৰ বাহিৰত বুলি কৈছে ৷ আপোনাক ধন্যবাদ জনাবলৈ আহিলোঁ ৷"

মানুহজনে কথাখিনি কোৱাৰ আগতেই অৱশ্যে তেখেতৰ মুখমণ্ডলত পৰিস্ফুত হোৱা উজ্জ্বল এমোকোৰা হাঁহিয়ে মোক বহু কথাই কৈ পেলাইছিল ৷

মানুহজনৰ ঘৰৰ ঠিকনা মই সুধা নাছিলোঁ ৷ তেখেতৰ নামটোও নুসুধিলোঁ ৷ কেতিয়াবা লগ পালে কিন্তু মই নিঃসন্দেহে তেখেতক চিনি পাম, পাহৰি পেলোৱাৰ কোনো প্ৰশ্নই নুঠে ৷ পৰিচয়বিহীন সেই মানুহ গৰাকী মোৰ বাবে এক আদৰ্শ হৈ ৰ'ৱ ৷ তেখেতৰ শ্ৰীমতীৰ সৈতে তেখেত সুখত থাকক, তাকেই কামনা কৰিলোঁ ৷  

তেখেতৰ অজানিতেই তেখেতে মোক সম্পৰ্ক একোটাত নিঃস্বাৰ্থ আন্তৰিকতাৰ প্ৰয়োজনীয়তাৰ কথা অন্তঃকৰণেৰে বুজাই দিলে ৷ জীৱনটো যে নহয় দিবা নৈশৰ সমষ্টি মাথো, ই যে আৰু বহু কিবা ৷

মানুহজন ভাটিবয়সীয়া ৷ আৰু তেনে বয়সৰ এজন মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি যেতিয়া নিজৰ ঘৈণীয়েকৰ প্ৰতি আবেগত কান্দি উঠে, সেই ঘটনাৰ সাক্ষী হোৱাৰ অভিজ্ঞতাটো অত্যুৎকৃষ্ট ৷ এনে বিৰল প্ৰেমৰ নিদৰ্শন যে সঁচাকৈ অতুলনীয় ৷ ভাষাহীন ৷ অপূৰ্ব ৷ অনন্য ৷


#বাস্তৱ,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment