জুলাই ২, ২০১৫:
সময় পুৱা ১০-৩০ বাজিছিল তেতিয়া ৷
১১ বছৰীয়া মৰম লগা ল'ৰা এটা দেউতাকৰ লগত তাৰ কিছুমান কাগজত চহী কৰাবলৈ মোৰ ওচৰলৈ আহিছিল ৷ প্ৰথম পৃষ্ঠাটোত মোৰ চহীটো কৰি তাৰিখটো লিখাৰ ঠিক আগমুহুৰ্তত তাক মই সুধিলোঁ,
"আজি জুলাই মাহৰ দুই তাৰিখ, নহয় জানোঁ?"
সি উত্তৰ দিলে,
"হয় ৷"
মই আকৌ সুধিলোঁ,
"আজি সঁচাকৈ জুলাই মাহৰ ২ তাৰিখ হয়নে?"
মৰমলগা হাঁহি এটিৰে সি উত্তৰ দিলে,
"হয় ৷ আজি সঁচাকৈ জুলাই মাহৰ ২ তাৰিখ ৷"
"তুমি নিশ্চিত?"
"নিশ্চিত ৷"
"খাটাং?"
"একদম খাটাং ৷"
কণমানিটোৰ হাঁহিটো আৰু অলপ বাঢ়ি গৈছিল ৷ মোৰ অভিপ্ৰায় সি হয়তো হৃদয়ঙ্গম কৰিবলৈ সক্ষম হৈছিল ৷ মোৰ চকুত চকু থৈ মৰা তাৰ দুষ্টামিভৰা হাঁহিটিয়ে মোৰ হৃদয় পুলকিত কৰি তুলিছিল ৷ তাৰ দেউতাকৰ মুখখনো উজলি উঠিছিল ৷
মই মিচিকিয়াই হাঁহিলোঁ, তাৰ পিছত কপালখন অলপ কোঁচ খোৱাই চিন্তা কৰা যেন দেখুৱাই তাক পুনৰ সুধিলোঁ,
"তেনেহ'লে মই লিখি দিওঁ আৰু ২ জুলাই বুলি?"
সি আৰু হাঁহি সামৰি ৰাখিব নোৱাৰিলে ৷ জোৰেৰে শব্দ কৰি হাঁহি তাৰ চকু, নাক আৰু কপাল কোঁচ খুৱাই নাটকীয় ভঙ্গীত সি কৈ উঠিল,
"লিখি দিয়ক ছাৰ লিখি দিয়ক ৷ লক কৰি দিয়ক ২ জুলাই বুলি ৷"
আৰু আমি তিনিওজনে প্ৰাণখুলি হাঁহিলোঁ ৷
চাবলৈ গ'লে মোৰ দৈনন্দিন জীৱনৰ এইটো একেবাৰেই সাধাৰণ মুহুৰ্ত এটি, আপোনালোকক ক'বলগীয়াকৈ তেনে কোনো বিশেষত্ব নাই ৷
কিন্তু দৰাচলতে এনে সাধাৰণ, ভাল লগা মুহুৰ্তবোৰেইটো আমাৰ জীৱনৰ নৌকাখন আগুৱাই লৈ যায় ৷
#বাস্তৱ,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment