নেত্ৰদাৰ ভোক নাছিল সিমান ৷ আচলতে সন্ধিয়া আলহী আহিছিল আৰু আলহীৰ লগত বহুত খোৱা বোৱা হ'ল ৷ ৰাতিৰ আহাৰৰ সময়ত বৌক সেয়ে ক'লে,
"শুনিছা, মই এতিয়া একো নাখাওঁ আৰু ৷ আগৰ খোৱাখিনিৰেই পেট ভৰি আছে ৷"
বৌৰ ওন্দোলা মুখ ৷ মানে উফন্দি দুচকুৰপৰা ধাৰাসাৰ বৰষুণ হোৱাৰ পথত ৷
"ইমান কষ্ট কৰি পনীৰৰ তৰকাৰিখন তেনেহ'লে মই কাৰ বাবে বনালোঁ? নাখালে আগতীয়াকৈ কোৱা হ'লেই ভাল আছিল ৷"
নেত্ৰ দাই দেখিলে যে কথা সৰ্বনাশ ৷ বৌৱে বনোৱা বুলি ক'লে কিছুমান বস্তুৰ সোৱাদৰ কথা ভাবি নেত্ৰ দাৰ বুকু কপি উঠে ৷ যত সৱ দোষ এই নতুন মাইক্ৰ'ৱেভ অভেনটোৰ ৷ কি খেতৰে পাইছিল বাৰু কিনিবলৈ? তাৰোপৰি আজিকালি মোবাইল টিপি ইণ্টাৰনেটতে নতুন নতুন খাদ্য প্ৰণালী শিকিব পাৰি নহয় ৷ গিৰিয়েকবোৰৰহে বাৰ বজা যেন হৈছে ৷ আজি বা কি নতুন ৰেছিপী ট্ৰাই কৰি তেওঁক খাব দিয়ে? পেটে পেটে ভগৱানৰ নাম ল'লে নেত্ৰ দাই ৷
"হ'ব দিয়া ৷ পনীৰ বনাইছা বুলি মোক কোৱাই নাই দেখোন? আৰে, তুমি বনোৱা পনীৰ নোখোৱাকৈ থাকিব পাৰি নেকি? ভাত নাখাওঁ বাৰু, পনীৰৰ তৰকাৰি অলপকে দিয়া ৷"
মোলায়েম হাঁহি এটি জিলিকি উঠিল বৌৰ ওঁঠত ৷ নেত্ৰদাই টিভিটো চলালে ৷ নেত্ৰ দাৰ অতিকৈ প্ৰিয় হাস্যমধুৰ চিৰিয়েল এখন দি আছিল সেই সময়ত ৷ বৌয়ে এটি মধুৰ চাৱনিৰে আবেগিক ভাৱে পনীৰৰ তৰকাৰি অলপ বাতি এটাত দি আকৌ পাকঘৰলৈ সোমাই গ'ল ৷ পনীৰৰ তৰকাৰি খাই খাই নেত্ৰ দা চিৰিয়েলৰ সোৱাদ লোৱাত নিমজ্জ হ'ল ৷
পাকঘৰৰপৰা বৌৱে সুধিলে,
"কেনে হৈছে তৰকাৰিখন?"
"এহ, বঢ়িয়া ৷ তুমি বনোৱা খানা বেয়া হোৱা মই পোৱাই নাই আজিলৈকে ৷"
ভুলক্ৰমে হ'লেও তৰকাৰিখন সঁচাই বহুত ভাল হৈছিল সেইদিনা ৷ বৌৰ অন্তৰখন গৌৰৱত ফুলি গ'ল ৷ কথাখিনি কৈ শেষ হওঁ নহওঁতেই চিৰিয়েলখনৰ এটা দৃশ্যত নেত্ৰদাৰ বহুত হাঁহি উঠি গ'ল ৷ হো হোৱাই হাঁহি দিলে আমাৰ নেত্ৰদাই ৷ নাই, বৰ বেয়া সময়ত মাৰিলে নেত্ৰ দাই হাঁহিটো ৷
বৌ পাকঘৰৰপৰা ওলাই আহিল দৌৰ মাৰি ৷
"মই বনোৱা তৰকাৰিখনৰ সোৱাদ ইমানেই বেয়ানে যে চিঞৰি চিঞৰি হাঁহিব লাগে? নামাতিবা মোক আজিৰপৰা ৷"
আৰু যোৱা তিনিদিনৰপৰা নেত্ৰদা আৰু বৌৰ মাতাবোলা বন্ধ ৷ :-)
#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম
No comments:
Post a Comment