কথানদী চালোঁ ৷ পৰিয়ালৰ সকলোৰে উপভোগ্য এখন সৰ্বাঙ্গ সুন্দৰ চলচিত্ৰ ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ চাৰিটা কাহিনীক একেলগে বুদ্ধিদীপ্ততাৰে সাৱলীলভাৱে আগবঢ়াই লৈ যোৱা হৈছে ছবিখনত ৷ গোটেই কাহিনীকেইটাৰ আদ্যোপান্ত অৱগত হোৱা স্বত্বেও চিনেমাখনৰ প্ৰতিটো মুহুৰ্তই উদ্দীপনা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ৷
জেৰিফা ৱাহিদ, আদিল হুছেইন, সীমা বিশ্বাস, কপিল বৰা, আশা বৰদলৈ, উৰ্মিলা মহন্ত, ডাঃ জয়ন্ত দাস আদিকে ধৰি সকলোৰে অভিনয়েই অতুলনীয় ৷ হ’লেও এই ক্ষেত্ৰত পোনপ্ৰথমেই নাম ল’ব লাগিব জেৰিফা ৱাহিদৰ ৷ মানসিকভাৱে অস্থিৰ মাহীমাক এগৰাকীৰ চৰিত্ৰক সম্পূৰ্ণভাৱে জীৱন্ত ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷ চলচিত্ৰখন উপভোগ কৰি থকাৰ মুহুৰ্তত প্ৰকৃতাৰ্থতেই জেৰিফা ৱাহিদৰ প্ৰতি আপোনাৰ ঘৃণা উপজিব পাৰে ৷ ৰোমাণ্টিক নায়িকা এগৰাকীৰ ব্যতিক্ৰমী এনে বলিষ্ঠ প্ৰকাশভঙ্গীয়ে তেখেতৰ প্ৰতি থকা সন্মান আৰু বঢ়াই তুলিলে ৷
তেজীমলাৰ চৰিত্ৰ ৰূপায়ন কৰা মৰমলগা কিশোৰীজনীৰ অভিনয়ে হৃদয়ত সাঁচ বহুৱাই গ’ল ৷ সহজ সৰল, মৰম আকলুৱা আৰু আমি সকলোৱে জনা তেজীমলাৰ দৰে কাহিনী এটাৰ চিৰপৰিচিত তেজীমলাজনীয়ে যেতিয়া চলচিত্ৰখনত কান্দিছিল, মোৰ দুচকু সেমেকি উঠিছিল ৷ মৰ্মে মৰ্মে উপলব্ধি কৰা তেজীমলাৰ বেদনাই অন্তৰ কঁপাই তুলিছিল ৷
বন্ধুবৰ কপিল বৰাক চলচিত্ৰ ক্ষেত্ৰখনত মই এজন ৰমন্যাসিক অভিনেতাৰূপেই জানিছিলোঁ ৷ কিন্তু এই ছবিখনত প্ৰকাশ পোৱা তেওঁৰ পৰিপক্ক অভিনয়ে আদিল হুছেইনৰ দৰে জ্যেষ্ঠ শিল্পীকো প্ৰতিদ্বন্দিতা দিবলৈ সক্ষম হৈছে ৷
দৃশ্যৰ পট পৰিবৰ্তনৰ কৌশল, অগতানুগতিক সংগীত, পুৰণি অসমীয়া গাৱলীয়া পৰিবেশৰ মনোমোহা চিত্ৰায়ন, মৰম, চেনেহ, ভালপোৱা আদি আন্তৰিক সম্পৰ্কবোৰৰ লগতে অৰ্থলিপ্সা, ঘৃণা, কুটবুদ্ধি, বৰ্বৰতা, জিঘাংসা,পৰকীয়া প্ৰেম আদিৰ শালীনতাৰে কৰা উপস্থাপনে চলচিত্ৰখন উপভোগ্য কৰি তুলিছে ৷ অৱশ্যে এজন সাধাৰণ দৰ্শক হিচাপে মোৰ ব্যক্তিগত অনুভৱ, চিনেমাখনত অংকিত মৰ্মন্তুদ যাতনাৰ দৃশ্যসমুহৰ বাবে চেন্সৰ ব’ৰ্ডে ‘U’ ৰ পৰিবৰ্তে যেন অতি কমেও ‘U/A’ চাৰ্টিফিকেট দিব লাগিছিল ৷
সঁচা কথা ক’বলৈ হ’লে কথানদীয়ে মোক মোৰ শৈশৱলৈ আকৌ এবাৰ ঘুৰাই লৈ গ’ল ৷ সুদক্ষ পৰিচালনা, অভিনয় তথা সম্পাদনাৰ চমৎকাৰিতাৰ ফলশ্ৰুতিত সেই তাহানিতে পঢ়া ‘বুঢ়ী আইৰ সাধু’ কিতাপখনৰ গোটেইকেইটা নহ’লেও অন্ততঃ চলচিত্ৰখনত অৱলোকন কৰা সাধুকেইটা আকৌ এবাৰ পঢ়ি চাবলৈ ইচ্ছা জাগিছে ৷ আমাৰ অসমীয়াই নিজৰ থলুৱা কাহিনীৰে ভাল ছবি নিৰ্মাণ কৰিব নোৱাৰে বুলি জনমানসত বদ্ধপৰিকৰ এটি “সঁচা” ধাৰণাক এই চলচিত্ৰই ভুল প্ৰমাণিত কৰিছে ৷
মুঠতে মই আশাবাদী ৷ আশা কৰোঁ আপোনালোকেও মোৰদৰেই কথাছবিখন উপভোগ কৰিব, নিজৰ শৈশৱক বিচাৰি পাব, ‘আপোন’ সম্পৰ্কবোৰৰ প্ৰয়োজনীয়তাৰ কথা পুনৰাই উপলব্ধি কৰিব আৰু চলচিত্ৰখনৰ সমুহ কলাকুশলীকে অন্তৰেৰে ধন্যবাদ জনাব ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
www.bit.ly/pratimz
No comments:
Post a Comment