Saturday, October 01, 2016

কেৱল ময়েই ভাল ৷

-------------------------------
খণ্ডচিত্ৰ: ১: ৰসাতল:
-------------------------------

“কি যুগ আহিল হেৰৌ? কালি ছোৱালী এজনীয়ে মদ কিনা দেখিলোঁ ৷”

“মানে?”

“মানে আৰু কি বন্ধু? মোৰ ওচৰতে থিয় হৈ তাই বিনদাছ মদ কিনি আছিল সেই চাৰিআলিটোৰ মদৰ দোকানখনৰপৰা ৷ তাইৰ মুখখনলৈ চালে তই বুজিবই নোৱাৰিবি, যে তাই ইমান বেয়া কাম এটা কৰি আছে ৷ এনে লাগিছিল, যেন গেলামালৰ দোকানৰপৰা আলু হে কিনি আছিল তাই ! বুজিছ সমাজখন ৰসাতলে গ’ল আৰু ৷”

“বুজিলোঁ, সমাজখন সঁচাকৈয়ে ৰসাতলে গ’ল ৷ কিন্তু তই কি কৰিবলৈ গৈছিলি মদৰ দোকানখনলৈ? ঘোঁৰা ঘাঁহ কাটিবলৈ? নে সমাজখন উদ্ধাৰ কৰিবলৈ?”

#কেৱল_ময়েই_ভাল ৷

------------------------------
খণ্ডচিত্ৰ: ২: ব্যৱহাৰ:
------------------------------

“বুজিছে দাদা, মানুহবোৰৰ ব্যৱহাৰ বৰ বেয়া হ’ল আজিকালি ৷ ভালদৰে কথা পাতিবই নাজানে ৷ কিবা সুধিলেই ভালকৈ কোৱাৰ সলনি কিবা দেখোন গেঙেৰি মাৰিহে উঠে ৷”

“তোমাৰ কৈ শেষ হ’ল, নে আৰু কিবা ক’ব লগা আছে?”

“নাই, কিয়?”

“সেইখন হস্পিতেললৈ আজিৰ দিনটো ধৰি তুমি মুঠতে চাৰিবাৰ গ’লা ৷ প্ৰথমদিনা এজন ৱাৰ্ড বয়ৰ লগত তোমাৰ তৰ্কা তৰ্কি ৷ দ্বিতীয় দিনা এজন টেকনিচিয়ান ৷ তৃতীয় দিনা এজন ডাক্তৰৰ বদনাম গালাহি ৷ আৰু আজি এজনী ৰিচেপচনিষ্টে বাৰুকৈহে তোমাক নচৰিয়ালে ৷”

“কিয় শুনাই আছে এইবোৰ?”

“কাৰণ আছে, শুনা ৷ জানাই, পাঁচোটা আঙুলি কেতিয়াও সমান হ’ব নোৱাৰে ৷ সকলোৰে কথা বতৰা বা ব্যৱহাৰো বেলেগ বেলেগ ৷ কিন্তু এইটো কথা মই কেনেকৈ মানি ল’ম যে প্ৰত্যেকবাৰেই তুমি গৈ সেই গেলা কেইটাৰ পাল্লাতহে পৰা ! এবাৰ নিজকে চিকুটি চাবাচোন, কিজানি তোমাৰেই কিবা খুঁট বিচাৰি পোৱা ৷”

#কেৱল_ময়েই_ভাল ৷

-------------------------------
খণ্ডচিত্ৰ: ৩: আপোচ:
-------------------------------

“মাজনী ইয়ালৈ গুছি আহিল বোলে ডাঙৰ বা?”

“নক’বি আৰু সৰুবোপা ৷ গিৰিয়েকৰ ঘৰখনে তাইক নিজৰ বুলি ভাবিবই নোৱাৰিলে ৷”

“সঁচানে?”

“মিছা কিয় ক’ম?”

“সঁচা মিছা বাদ দিয়া ৷ মই অলপ বেলেগকৈ ভাবিছোঁ কথাখিনি ৷ চোৱা ডাঙৰ বা, মোৰ একমাত্ৰ ভাগিণী হিচাপে তাইক মই বহুত মৰম কৰোঁ ৷ কিন্তু তাই তোমালোকৰ ঘৰৰ বাহিৰে বেলেগ ক’ৰবাত এডজাষ্ট হ’ব পৰা দেখিছা জানো তুমি? তাই ক্লাছ টুৱেল্ভ পাছ কৰাৰ পিছৰ কথাখিনিলৈ মনত পেলোৱাচোন ৷ প্ৰথমে চৰকাৰী হোষ্টেল এৰিলে, চিনিয়ৰখিনি বোলে বহুতেই বেয়া ৷ দুমাহতেই প্ৰাইভেট হোষ্টেল তিনিটা সলালে, শেষত ভাৰাঘৰ লৈ ভিনদেউক ইয়াত অকলে ৰাখি তুমি তাইৰ লগত থাকি নিজে ৰান্ধি বাঢ়ি খুৱাইহে তাইৰ ক’ৰ্ছ তুমি কমপ্লিট কৰালা ৷ তাইৰ এজনীমান অন্তৰংগ বান্ধৱী আছেনে? গিৰিয়েকৰ ঘৰখন ভাল নে বেয়া সেয়া বাৰু আমি আকৌ এবাৰ অনুসন্ধান কৰিম, কিন্তু সমস্যাবোৰৰ প্ৰধান কাৰণ তাই নিজেই নহয়টো?”

#কেৱল_ময়েই_ভাল ৷

------------------------------
খণ্ডচিত্ৰ: ৪: মানৱতা:
------------------------------

“বুজিছ, আজিকালি মানুহবোৰৰ মানৱতা নাইকিয়া হ’ল একেবাৰে ৷ ৰাস্তাত ওলালেই দেখিবি, এম্বুলেন্স এখনক ৰাস্তা এৰি দিবলৈও টান পায় গাড়ীবোৰে ৷ আৰে ভাই, নিজৰ বেমাৰী এজন লৈ যাব লগা হ’লে এনেকুৱা পৰিস্থিতিত কেনেকুৱা লাগিব মানুহবোৰে এবাৰলৈও ভাবি নাচাই কিয়?”

নৱম মানত পঢ়ি থকা ল’ৰাটোক নীতি বচনৰ শিক্ষা দি দি দেউতাকজনে গাড়ী চলাই থাকিল ৷

“বুজিছ, মানুহক সহায় কৰিবি ৷ ভগৱান আছেনে নাই নাজানোঁ, কিন্তু এক শক্তি আছে, যি আমাক পৰিচালনা কৰি আছে ৷ সৰগ নৰক বুলি একো কথা নাই ৷ সকলোৰে বিচাৰ এইটো জনমতে হয় ৷”

অকস্মাতে কেকুঁৰিটো ঘুৰিয়েই মানুহৰ জুম এটা চকুত পৰিল ৷ এজন বয়সস্থ মানুহৰ মুৰৰপৰা তেজ বৈ আছিল ৷ বোধকৰোঁ কিহবাই খুন্দিয়াইছে ৷ জুমটোৰ মাজৰ এজন লোক গাড়ীখন ৰখাবলৈ ইঙ্গিত দি আগবাঢ়ি আহিল ৷ দেউতাকজনে গাড়ীখন নৰখালে ৷ বৰঞ্চ গতিবেগ আৰু অলপ বঢ়াই সেইখিনি পাৰ হৈ আহিল ৷ দেউতাকৰ গোৱালগালি পুতেকৰ কাণত পৰিল,

“বেলেগ কাম নাই আৰু, বাটৰ কচু গাত ঘঁহিবলৈ মোৰ কিবা গৰজহে পৰিছে ! তাৰোপৰি মানুহটোৰ তেজ ওলাই আছে ভাই ৷ চিটকেইটা লেতেৰা নহ’বনে? ইমানেই সহায় কৰিবলৈ মন, এম্বুলেন্স এখন মাতি  দে ৷ বেলেগৰ গাড়ী ৰাখি দিগদাৰ দিয়াৰ কি দৰকাৰ?”

#কেৱল_ময়েই_ভাল ৷

---------------------------------
খণ্ডচিত্ৰ: ৫: চৌৰ্য্যবৃত্তি:
---------------------------------

“আজিকালি চাৰিওফালে কেৱল চোৰেই চোৰ বুজিছা প্ৰিয়ংকৰ ৷ শিক্ষকে মধ্যাহ্ন ভোজনৰ চাউল চুৰ কৰে, চিকিৎসকে ৰোগীৰ বাবে অহা ঔষধেৰে প্ৰাইভেট প্ৰেকটিছ কৰে, অভিযন্তাই দলং বনাবলৈ অহা পইচাৰে নিজৰ বিল্ডিং বনায়, বাকী ঠিকাদাৰ, নেতা, পালিনেতাবোৰৰ কথা কি ক’ম আৰু তোমাক? দুই নম্বৰী কামেৰে কোনোবাই সুখী হ’ব পৰা দেখিছানে? বটিয়াব, বুজিছা ৷ ইহ জনমতে বটিয়াই থৈ যাব লাগিব ৷”

চৰকাৰী স্কুল এখনৰ শিক্ষক হিচাপে কৰ্মৰত সম্পৰ্কীয় খুৰাকৰ ঘৰলৈ প্ৰিয়ংকৰ ফুৰিবলৈ গৈছিল ৷ খুৰাকে কোৱা কথাবোৰ এশ শতাংশই সত্য ৷  এবাৰত খুৰাকে তাক ক’লে,

“তুমি ভাল ছবি আঁকা বুলি শুনিছোঁ ৷ আমাৰ ইয়াক কিবা এটা শিকাই থৈ যোৱা অ’ ৷”

“কি যে কয় খুৰা ৷ অলপ অচৰপ কিবা আকোঁ আৰু কেতিয়াবা সময় পালে ৷”

“হ’ব দিয়া ৷ ক্লাছ থ্ৰীৰ ল’ৰাটোকনো কিনো সাংঘাটিক কিবা শিকাব লাগে? ফুল বা প্ৰাকৃতিক দৃশ্য এটাকে আঁকিবলৈ শিকাই দিয়া আৰু ৷ অই বাবাটো, তোমাৰ বাহিৰা বহী এখন লৈ আনাচোন ৷ দাদাই তোমাক কিবা এটা শিকাই দিব ৷”

বাবাটোৱে তাৰ ‘বাহিৰা বহী’ এখন লৈ প্ৰিয়ংকৰৰ ওচৰত আগ্ৰহেৰে হাজিৰ হ’ল ৷ প্ৰিয়ংকৰে বহীখনলৈ মন কৰিলে ৷ খৰচী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া বাবাটোৰ হাতত সেয়া সৰ্বশিক্ষা মিছনৰ তৰফৰপৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা বিনামুলীয়া বহী এখন ৷ প্ৰিয়ংকৰে  ঠিকেই বুজিলে, চাৰিওফালে কেৱল চোৰেই চোৰ ৷

#কেৱল_ময়েই_ভাল ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment