"বৰ সাংঘাটিক এক্সিডেণ্ট অ' ৷ বেয়া লাগে দেই এইবোৰ দেখিলে ৷"
টিভিৰ স্ক্ৰীণত বাতৰি চলি আছিল ৷ বাইক দূৰ্ঘটনাৰ বাতৰিটো দেখি বৰা ডাঙৰীয়াই যেন স্বগতোক্তিহে কৰিছিল তেনেদৰে ৷ অৱশ্যে কথাষাৰ কৈয়েই খাই থকা ভাতৰ কাঁহীত পৰি থকা মাছৰ টুকুৰাটোৰপৰা কাইট বছাত ব্যস্ত হৈ পৰিল তেখেত ৷ তাৰোপৰি সেই বাতৰিটোৰ পিছতেই পৰিবেশন কৰা কোনোবা সাংস্কৃতিক অনুষ্ঠানৰ বাতৰিয়ে আগৰ বাতৰিটো একপ্ৰকাৰ পাহৰায়েই পেলালে ৷ পাকঘৰত কাম কৰি থকা ঘৈণীয়েকক ৰিঙিয়াই তেখেতে ক'লে,
"হেৰা, মাছৰ আঞ্জাখন তুমি বেছ ভাল বনাইছা দেই আজি ৷"
বৰা ডাঙৰীয়াক দোষ দিব বিচৰা নাই ৷ তেনে এটি বাতৰিত আমি প্ৰায়সংখ্যকেই আচলতে একেই প্ৰতিক্ৰিয়াই দেখুৱাও ৷ কিছুসময়ৰ বাবে দুখী কৰি তোলা বাতৰি একোটা পাহৰিবলৈ আমাৰ এক মুহূৰ্ত সময়ো নালাগে ৷ বেছিভাগ ক্ষেত্ৰতেই এনে একোটা বাতৰি শুনাৰ পিছতো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈয়েই আমি আমাৰ কৰ্মক্ষেত্ৰ তথা পৰিয়ালৰ কামত ব্যস্ত হৈ পৰোঁ ৷ কিন্তু তৎসত্বেও প্ৰত্যেক বছৰেই ৩০ অক্টোবৰৰ দিনটোত এক বিভীষিকাৰ স্মৃতিয়ে দোলা দি যায় আমাৰ সকলোৰে মনত ৷
পোহৰৰ উৎসৱ দীপাৱলী ৷ ফটকা, ফুলজাৰি, কলগছ, ৰকেট আদি বিভিন্ন আতচবাজিৰ লগতে প্ৰত্যেক ঘৰতে মাটিৰ চাকি তথা কৃত্ৰিম পোহৰৰ চমকনি, আকাশ উজলাই তোলা কাৰুকাৰ্য্যৰ পয়োভৰত অসুয়া অপায় অমংগল বিনাশৰ আহ্বানেৰে পৰিয়াল পৰিজনৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিবেশে সকলোৰে মনবোৰ পোহৰাই তোলে ৷ এখন্তেকৰ বাবে হ'লেও ব্যক্তিগত অভাৱ অভিযোগ, দুখ দুৰ্দশাবোৰো যেন পাহৰি পেলাও আমি সকলোৱে ৷ শিশুসকলেও এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে ৷ দীপান্বিতা এইবাৰো আহিল ৷ কিন্তু এইবাৰ দীপান্বিতা যে ৩০ অক্টোবৰত ৷
৩০ অক্টোবৰ, ২০০৮ ৷ সেই সময়ত মই আগৰতলাত কৰ্মৰত আছিলোঁ ৷ অসম কঁপাই তোলা গুৱাহাটী, বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাৱৰ ধাৰাবাহিক বোমাবিষ্ফোৰণৰ খবৰে হৃদয় কঁপাই তুলিছিল ৷ প্ৰায় পাঁচশজন হতাহত আৰু শতকৰ ওচৰা ওচৰি লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বাতৰিত হতচকিত হৈ পৰিছিলোঁ ৷
কি হৈ আছে এইবোৰ? আকৌ এবাৰ প্ৰচণ্ড ঘৃণা উপজিছিল সেইসকললৈ, যিসকলে নিজৰ বীৰত্ব দেখুৱাবলৈ নিৰীহ জনতাৰ জীৱন ল'বলৈও কুণ্ঠাবোধ নকৰে ৷ টিভিৰ পৰ্দাৰ সন্মূখত বহি খবৰ জানিবলৈ চেষ্টা কৰিছিলোঁ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত বন্ধু এজনলৈ ফোন কৰিছিলোঁ ৷
"বহুত বেয়া অৱস্থা পাৰ্থ ৷ তাৰোপৰি একেলগে অহা ইমানবোৰ ৰোগীৰ বাবে তেজৰ আকাল ৷ তই ইয়াত থকা হ'লে বুজিলিহেতেন ৷"
তাৰ কথাখিনি শুনাৰ পিছত অন্তৰেৰে এটাই কামনা কৰিছিলোঁ, সন্ত্ৰাসবাদ নিপাতে যাওক ৷ ধ্বংস হৈ যাওক সন্ত্ৰাসবাদীবোৰ ৷
বিদ্ৰোহৰ নামত একোটা হত্যাকাৰীৰ দলৰ সৃষ্টি কৰি জনমানসত এক অদ্ভুত ভয় সোমোৱাই দিয়াৰ পৰিকল্পনাৰে গঠিত হোৱা এনে একোটা সংগঠনৰ বিপক্ষে আমি সকলো মাৰ বান্ধি ঠিয় হোৱাৰ সময় হোৱা নাইনে? বিদ্ৰোহী শক্তি একোটা সৃষ্টিৰ নেপথ্যত বহুতো যুক্তিবাদী কাৰণ থাকিব পাৰে, কিন্তু কাৰণ যিয়েই নাথাকক কিয়, এনে ধৰণৰ নৰসংহাৰ কোনো ফালৰপৰাই গ্ৰহণযোগ্য নহয় ৷ আমি কাৰোবাক কিবা কাৰণত সমৰ্থন কৰিব পাৰোঁ, সেয়া আমাৰ ব্যক্তিগত স্বাধীনতা ৷ কিন্তু বেয়াটো বেয়া বুলি, ভুলটো ভুল বুলি, পাপটো পাপ বুলি, নাপায়টো নাপায় বুলি স্বীকাৰ কৰি ল'বলৈ আমি কিয় টান পাওঁ? জঘন্য কাম একোটা কৰাৰ পিছটো কেৱল যুক্তিৰ স্বাৰ্থত চকু মুদি কাৰোবাৰ অপকৰ্মৰ বৈধ যুক্তিযুক্ততা বিচাৰ কৰাটোৱে পৰোক্ষভাৱে এনে অপশক্তিবোৰক নিজৰ ধ্বংসযজ্ঞ চলাই যাবলৈয়েই প্ৰৰোচিত নকৰিবনে? প্ৰতিবাদ কৰিবলৈ নিষ্পেষিত জনতাৰ পূৰ্ণ অধিকাৰ আছে, কৰ্তৃপক্ষৰ অৱহেলা আৰু কোপদৃষ্টিৰ বিপক্ষে আন্দোলন কৰিবলৈ কেতিয়াবা আমিবোৰ বাধ্য হৈ পৰোঁ ৷ কিন্তু আন্দোলনৰ স্বাৰ্থত এনে পাশৱিকতাক কোনোপধ্যে স্বীকাৰ কৰিব নোৱাৰি ৷ বিদ্ৰোহ আৰু সন্ত্ৰাস সমাৰ্থক নহয় ৷ সন্ত্ৰাসৰ কোনো ধৰ্ম নাই ৷ সন্ত্ৰাসৰ ধৰ্ম এটাই, সেয়া হৈছে সন্ত্ৰাস ৷ কোনো ধৰ্মই সন্ত্ৰাসক প্ৰশ্ৰয় নিদিয়ে ৷ সন্ত্ৰাসৰ কোনো জাত নাই ৷ এনে কিবা একোটা ঘটনা সংঘটিত হ'লেই সচৰাচৰ দেখা যায় যে আমি নিজৰ মাজতেই ধৰ্ম, জাত পাতৰ ভিত্তিত এজনে আনজনক সমালোচনা কৰিবলৈ আৰম্ভ কৰোঁ ৷ প্ৰকৃত কাৰকৰ বিশ্লেষণ ক'ৰবাতে পৰি ৰয় ৷ ফলশ্ৰুতিত আচল হত্যাকাৰীহঁতে আঁতৰৰপৰা ৰং চাই মুখ টিপি হাঁহে ৷ আমাৰ এনে তুলুঙা কৰ্ম কাণ্ডৰে সিহঁতে সৃষ্টি কৰিবলৈ বিচৰা সামাজিক বিভেদৰ বিষবাষ্প সিচঁৰিত কৰি তোলাত আমিয়েই পৰোক্ষভাৱে সহায় কৰা নাইনে?
নৰসংহাৰ কৰিম বুলিয়েই ক'ৰবাৰপৰা সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আহি নিৰীহ জনতাৰ ওপৰত নিৰ্বিচাৰে গুলী চলাই বীৰত্বৰ পৰিচয় দিয়া বা নিঃসন্দেহ জনতাক আভুৱা ভৰি গোপনে ক'ৰবাত সংস্থাপন কৰি থোৱা বোমা এটা বিষ্ফোৰিত কৰাতকৈ আৰু কিবা সহজ কাম আছে বুলি মই নাভাবোঁ ৷ ধিক সন্ত্ৰাসবাদ ৷ এনেকৈয়ে কিমান জীৱন যে দুৰ্বিসহ কৰি তুলিছে এই অমানুহবোৰে ৷
৩০ অক্টোবৰৰ দিনটো অসমৰ ইতিহাসত এক ক'লা দিন হিচাপে চিহ্নিত হৈ ৰ'ব ৷ এই দিনটোতেই সন্ত্ৰাসবাদীৰ কাৰ্য্যকলাপে বহুজনৰ জীৱনৰ মৰ্মন্তুদ অৱসান ঘটালে ৷ প্ৰত্যেকটো জীৱনৰে কিমান সপোন, কিমান পৰিকল্পনা যে মুহুৰ্ততে চাৰখাৰ হৈ পৰিল ! নিষ্পাপ শিশুটিৰপৰা আৰম্ভ কৰি অশীতিপৰ বৃদ্ধ বৃদ্ধালৈকে কোনোৱেই সন্ত্ৰাসৰ মৃত্যুঘণ্টাৰপৰা হাত সাৰি নগ'ল ৷ কোনোৱে সন্তান, কোনোৱে জীৱনসংগী, কোনোৱে একান্ত আপোনজনক হেৰুৱালে ৷ কোনোটো সন্তান অনাথ হৈ পৰিল ৷ মা দেউতা শব্দদুটিৰ যেন অপমৃত্যু ঘটিল সেই কণমানিকেইটাৰ বাবে ৷ কোনোবাজন আকৌ চিৰজীৱনৰ বাবে ঘুণীয়া হৈ পৰিল ৷ কোনোবাজনে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি থাকিল ৷ প্ৰত্যেক বছৰ এই দিনটোত হতাহত হোৱাসকলক আমি শ্ৰদ্ধাৰে সুৱৰিছোঁ ৷ তেখেতসকলৰ আত্মাৰ সদগতি কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷ গণেশগুৰিকে আদি কৰি ঘটনাস্থলীসমূহত চাকি, মম আদি জ্বলাই শান্তিৰ আহ্বান কৰিছোঁ ৷ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ সপোন দেখিছোঁ ৷ আমাৰ অগণন পৰিয়াললৈ ঘোৰ অমানিশা কঢ়িয়াই অনা ৩০ অক্টোবৰৰ দিনটো আকৌ আহিল ৷ সেই পৰিয়ালবোৰে সেই দুখজনক স্মৃতিবোৰ পাহৰিব পৰা নাই এতিয়াও ৷ পাহৰিবই বা কেনেকৈ? অনাকাংক্ষিতভাৱে আপোনজনক হেৰুওৱাৰ বেদনা ভুক্তভোগীজনেহে অনুভৱ কৰিব পাৰে ৷ এনে দুখজনক স্মৃতি বিজড়িত দিনটোতেই এইবাৰ দীপান্বিতা ৷ কিন্তু এনে এটি দিনতেই যদি এই সকলোবোৰ পাহৰি আমি এইবাৰ উৎসৱমুখৰ পৰিবেশত দীপাৱলী উৎযাপন কৰোঁ, তেনেহ'লে এই দিনটোত আপোন কোনোবাজনক হেৰুৱাবলগীয়া হোৱা লোকসকল এইবোৰ দেখি শুনি ব্যথিত হৈ নপৰিবনে?
বহুতৰ মনত এটি প্ৰশ্নৰ উদয় হ'ব পাৰে ৷ এনে সন্ত্ৰাসৰ লগত জড়িত বহুতকে আমাৰ মাজৰে কিছুসংখ্যকে বৰপীৰা পাৰি বহুৱাইছে ৷ জাতীয় বীৰৰ মৰ্য্যদা দিছে ৷ চৰকাৰেও তেওঁলোকক মুক্ত বিচৰণৰ সুবিধা দিছে ৷ তেনেক্ষেত্ৰত তেওঁলোকৰ অপকৰ্মৰ বিৰূদ্ধে প্ৰতিবাদ কৰি দেখুওৱাটো এখন নাটক যেন নহ'বনে? মুঠেও নহয় ৷ আমি শান্তিপ্ৰিয় মানুহ ৷ বৰপীৰাত বহুওৱা বা জাতীয় বীৰৰ দৰে মৰ্য্যদা দিয়াটোৰ সন্দৰ্ভত আমাৰ দ্বিমত থকাটো একেবাৰেই স্বাভাৱিক ৷ কিন্তু ৰাইজ বা চৰকাৰৰ তৰফৰপৰা তেওঁলোকক মুক্ত বিচৰণৰ সুবিধা দি মুল সুঁতিলৈ ঘুৰি আহিবলৈ সুবিধা দিয়াটো আদৰণীয় ৷ আলোচনাৰ মাধ্যমেৰে অসমত শান্তি সম্প্ৰীতি ঘুৰাই অনাৰ ক্ষেত্ৰত ই এক উল্লেখনীয় পদক্ষেপ ৷
প্ৰত্যেকদিনেই বিভিন্ন দূৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ আমাৰ অসমতেই কুটাঘাটৰ পৰিণতিত অগণন নিৰীহে প্ৰাণ হেৰুৱাইছে ৷ হৃদয়বিদাৰক এনে প্ৰতিটো ঘটনাই আমাক ব্যথিত কৰে ৷ তৎস্বত্বেও আমি নিজ কৰ্মত আগুৱাই গৈ আছোঁ ৷ মৃতক এজনৰ ঘৰতো নিকটতম আত্মীয়জনক বাকী আত্মীয়সকলেই বুজাই বঢ়াই কিবা এটা খাবলৈ যাচে ৷ এয়েতো জীৱন ৷ আঁতৰি যোৱাজনৰ বিৰহে আতুৰ কৰিলেও জীয়াই থকাকেইজন সুস্থ হৈ থাকি কৰ্মত অগ্ৰসৰ হোৱাটোৱেই সকলোৰে কাম্য ৷ এঘৰত কাৰোবাক হেৰুওৱাৰ একেটা সময়তে হয়তো আন এঘৰত কোনোবা নৱজাতকৰ আগমনত হৰ্ষোল্লাস ৷ এঘৰত মৃতকৰ শ্ৰাদ্ধ সম্পন্ন হৈ থকাৰ সময়তে আন এঘৰত হয়তো বিয়া বাৰুৰ উৎসৱমুখৰ পৰিবেশ ৷ এনেদৰেই আমি জীৱনটো আগুৱাই নিব লাগিব ৷ তেন্তে ৩০ অক্টোবৰত জাকজমকতাৰে দীপাৱলী উৎযাপন কৰাত বাধা ক'ত? একো বাধা নাই ৷ কাৰো একো আপত্তি নাই ৷ আইনৰ গণ্ডীৰ ভিতৰত আমি সকলোৱে ইচ্ছা বা সাধ্যনুসৰি দীপান্বিতা পালন কৰিব পাৰোঁ ৷ তেনেহ'লে আমাৰ সচেতক মহলৰ একাংশই আমাক এইবাৰ জাকজমকতা পৰিহাৰ কৰিবলৈ আহ্বান জনোৱাৰ যুক্তিযুক্ততা ক'ত? যুক্তি এইটোৱেই যে আমি সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিওঁ বুলি সামুহিকভাৱে জনোৱাৰ ই এক আধাৰ হৈ পৰিব ৷ সন্ত্ৰাস সৃষ্টিকাৰীসকললৈ আমি এক স্পষ্ট সকীয়নী পঠাবলৈ সক্ষম হ'ম যে তেওঁলোকে যিদৰে আমাৰ জীৱনৰ লগত নিঃসংকোচে খেলা কৰিব পাৰে, তেনেদৰেই তেওঁলোকৰ পাশৱিকতাৰ প্ৰতিবাদস্বৰূপে আমিও দীপাৱলীৰ দৰে এক উৎসৱমুখৰ অনুষ্ঠানতো জাকজমকতা পৰিহাৰেৰে এক আশাৰ প্ৰদীপ জ্বলাব পাৰোঁ ৷
আমি সকলো একত্ৰিত হোৱাৰ সময় উকলি যোৱাৰ পথত ৷ জোৰ পুৰি হাত পালেহি ৷ এতিয়াও যদি আমি সচকিত নহওঁ, তেন্তে মনত ৰাখিব, এই অপশক্তিৰ বলি যিদৰে আজি বেলেগ কোনোবা হৈছে, কালিলৈ আপুনি বা মই বা আমাৰেই কোনো পৰম আত্মীয় হ'ব ৷ আহকচোন, আমি সকলো মিলি এইবাৰ দীপাৱলীত আমাৰ মাজৰপৰা হেৰাই যোৱাসকলৰ সোঁৱৰণত একোটিকৈ মাটিৰ চাকি জ্বলাওঁ আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত ব্যক্তিগত পৰ্য্যায়ত আমাৰ যৎকিঞ্চিত অৱদান আগবঢ়াও ৷ সেইদিনা এটা টিভি চেনেলৰ অনুষ্ঠানত এগৰাকী মাতৃক দেখা পালোঁ ৷ তেখেতৰ ল'ৰা এটা সেই বিষ্ফোৰণৰ ফলশ্ৰুতিত চিৰজীৱনৰ বাবে পঙ্গু হৈ পৰিছিল ৷ সেই মাতৃগৰাকীয়ে আবেগিক হৈ জনাইছিল, বেলেগটো বাদেই, এতিয়া এটি গাড়ীৰ চকা ফুটাৰ শব্দইয়ো তেখেতৰ হৃদয়ত তীব্ৰ বিষ্ফোৰণ ঘটায় ৷ আহকচোন, সেই মাতৃগৰাকীকে আদি কৰি সকলোকে আমি জনাওঁ যে তেখেতসকলৰ এই দুখদায়ক মানসিক সংগ্ৰামত আমি সকলো তেখেতসকলৰ লগত আছোঁ ৷ তেখেতসকল অকলশৰীয়া কোনোপধ্যে নহয় ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment