Blog Archive

Monday, November 21, 2016

মাতৃৰ বাবে এটোপাল চকুলো ৷

“পাৰ্থ আংকল, মা ঠিকে আছেনে?”

তাইৰ দুচকু সিক্ত ৷ আৰু তাইৰ চকুলোৱে মোৰ হৃদয় কঁপাই তুলিছিল ৷

২০১৩ চনৰ ২৭ এপ্ৰিলৰ পুৱা ছয় বাজিছিল তেতিয়া ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনলৈ গৈছিলোঁ ৷ মোৰ সম্পৰ্কীয় বৌ এগৰাকী ভৰ্তি আছিল তাত ৷ আচলতে পিছদিনা বৌৰ এটা অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল, কিন্তু কিবা জটিলতা অহাত চিকিৎসকসকলে ততাতৈয়াকৈ  অপাৰেচনটো কৰি পেলোৱাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল ৷ মই গৈ পোৱালৈ অপাৰেচন প্ৰক্ৰিয়াটো প্ৰায় শেষ হ’বৰে হৈছিল ৷ অস্ত্ৰোপচাৰ কক্ষৰ বাহিৰত ৰৈ আছিল দাদা আৰু তেওৰ ছবছৰীয়া জীয়ৰীজনী ৷ বাকী আত্মীয়সকল আহি পোৱা নাছিল তেতিয়াও ৷ ৰোগীৰ পৰিচাৰকৰ বাবে ৰখা চকীত বহি আমি চিকিৎসকৰ পৰবৰ্তী বতৰালৈ অপেক্ষা কৰিলোঁ ৷ এখন চকীত মই, ওচৰৰ চকীখনত ভতিজীজনীক কোলাত লৈ দাদা ৷ ভগৱানৰ কৃপাত সকলো ঠিকে ঠিকেই হৈ গ’ল ৷ অপাৰেচনৰ শেষত বিভাগীয় আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰাৰ বাবে দাদাক চিকিৎসকে ভিতৰলৈ মাতিলে ৷

“পাৰ্থ, এইক চাবা ৷”

দাদা ভিতৰলৈ গ’ল ৷ ভতিজীজনীলৈ মন কৰিলোঁ ৷ মোৰ সম্মূখত থিয় হৈ ক’ৰবালৈ লক্ষ্য কৰি তাই যেন কিবা ভাৱত বিভোৰ ৷ মোৰ এই ভতিজীজনী বাকীবোৰতকৈ অলপ বেলেগ ৷ তাইৰ অলপমান সান্নিধ্যৰ বাবে তাইক চকলেট আদি ‘ঘোচ’ দিবলগা হয় ৷ নহ’লে সতকাই ওচৰ নাচাপেই, কোলাত লোৱাটোতো দূৰৰেই কথা ৷ মোৰ ওচৰৰ চকীখন দেখুৱাই তাইক ক’লোঁ,

“অ’ মাইনা, আহা, ইয়াতে বহি লোৱা ৷”

কিন্তু তাই চকীখনলৈ নগ’ল ৷ মোক আচৰিত কৰি তাই মোৰ কোলাত বহি মোৰ বুকুত মুৰটো পেলাই মোৰ হাত দুখন তাই নিজেই তাইৰ পেটৰ ওপৰত ৰাখিলে আৰু তাইৰ অকণমানি আঙুলি কেইটাৰে মোৰ হাতদুখন আকোৱালি ধৰিলে ৷ কিছুসময়ৰ পিছত মোৰ আঙুলি এটাত ক’ৰবাৰপৰা পানী পৰা যেন অনুভৱ হ’ল ৷ আৰু ভতিজীজনীৰ সেমেকা দুচকুৱে মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে ৷ তাইৰ মুৰত মৰমেৰে হাত ফুৰাই সুধিলোঁ,

“কি হ’ল মাইনা?”

“পাৰ্থ আংকল, মা ঠিকে আছেনে?”

আৰু তাইৰ চকুলোৱে মোৰ হৃদয় কঁপাই তুলিলে ৷

“মা একদম ঠিকে আছে মাইনা ৷ অলপ পিছতে বাহিৰলৈ আনিবই ৷ তুমি দেখিবাই নহয় ৷”

তাই একো উত্তৰ দিয়া নাছিল ৷ তাইৰ পেটৰ ওপৰত ৰখা মোৰ বাওঁহাতখন তাইৰ দুহাতৰ মাজত সুমুৱাই আৰু অধিক জোৰেৰে সাৱটি ধৰিছিল ৷

যেতিয়া এটি শিশুৱে কান্দে, স্থান কাল পাত্ৰ বিশেষে আমাৰ প্ৰতিক্ৰিয়াও বিভিন্ন হয় ৷ কোনোবাসময়ত আমাৰ হাঁহি উঠে, কোনোবাসময়ত দুখ লাগে ৷ কোনোবাসময়ত সহানুভূতি জাগে ৷ কোনোবাসময়ত বিৰক্তও হওঁ ৷ কিন্তু এই ফুলকুমলীয়া নিস্পাপ শিশু একোটি, যি বেছিভাগ আবেগ অনুভূতি অনুভৱ কৰিবলৈ অপাৰগ বুলিয়েই আমাৰ সাধাৰণ ধাৰণা, তেনে এটি শিশুৱে যেতিয়া নিঃশব্দে চকুলো টোকে, তাকো মাকৰ সুস্বাস্থ্য কামনাৰে, প্ৰচণ্ড আবেগে দেখোন হৃদয় জোকাৰি যায় ৷ হিয়াখন কিহবাই যেন মোচৰিহে পেলায় ৷

ইমান কণমানি শিশু এটিৰ ইমান পূৰঠ অভিব্যক্তি ! কোনো শব্দ নাছিল ৷ নাছিল কোনো উচুপনি ৷ মোৰ আঙুলি ভিজাই টোপাটোপে তাইৰ চকুলো সৰিছিল ৷ আৰু সেই চকুলোৱে যেন মোৰ কলিজাটো তিয়াই পেলাইছিল ৷

#বাস্তৱ ৷
#শ্লীলতা, অশ্লীলতা, প্ৰিয় আৰু অপ্ৰিয় সত্য ৷
#ডাঃ কুমাৰ পাৰ্থ প্ৰতিম ৷

Sunday, November 20, 2016

একান্তই ব্যক্তিগত, তথাপিও…

১৮ নৱেম্বৰ, ২০১৬: বিয়লি চাৰি বজা:

এ,টি,এম এটাত লাইনত থিয় দি আছিলোঁ ৷ ম’বাইলটো বাজি উঠিল ৷ প্ৰণামীয়ে ফোন কৰিছিল ৷

“কোৱা প্ৰণামী ৷”

“মা এইমাত্ৰ ভাইটিৰ তালৈ গ’ল পাৰ্থ ৷”

মা কেইদিনমানৰপৰা আমাৰ তাত আছিল ৷ আজি ভাইটিৰ তালৈ গ’ল ৷ কোনো অভিযোগ অবিহনেই আমাক ডাঙৰ দীঘল কৰিলে, এতিয়া নাতি নাতিনীবোৰৰ দায়িত্বত ব্যস্ত মা ৷

“জানানে পাৰ্থ, মায়ে এনেদৰে অহা যোৱা কৰিয়েই থাকে দিয়াচোন ৷ কিন্তু আজি মা গুছি যোৱা বাবে মোৰ মনটো কিয় নাজানো, কিন্তু অসম্ভৱ বেয়া লাগিছে ৷”

মা আৰু প্ৰণামী ৷ সম্পৰ্কত শাহু বোৱাৰী ৷ হৃদয়ত মাক আৰু জীয়ৰী ৷

Saturday, November 19, 2016

সেই অশ্ৰুস্নাত হাঁহিটি !

কেতিয়াবা একেবাৰে অপ্ৰত্যাশিতভাৱে একোটা স্মৰণীয় অভিজ্ঞতাৰ সন্মূখীন হোৱা যায়, যিটোৱে আপোনাৰ মন মস্তিষ্ক জোকাৰি কিছুমান কথা হৃদয়েৰে ভাবিবলৈ বাধ্য কৰিব পাৰে ৷

চাৰি বছৰমান বয়সৰ ল’ৰা এটা লৈ মাক এগৰাকী মোৰ চেম্বাৰলৈ আহিছিল ৷  জটিলতা থকা ৰোগ নাছিল, গতিকেই ল’ৰাটোক পৰীক্ষা নিৰীক্ষা কৰোতে বেছি সময় নালাগিল ৷ মই প্ৰেছক্ৰিপচনখন লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু তেতিয়াই সেই অনাকাংক্ষিত ঘটনাটো ঘটিল ৷ ল’ৰাটো মাকৰ ওচৰৰপৰা উঠি আহি মোৰ সোঁহাতখন তাৰ অকণমানি হাতদুখনৰ মাজত লৈ মৰমেৰে চুমা এটা যাচিলে ৷ কণমানি এটাৰ মৰমৰ এনে বিৰল বহিঃপ্ৰকাশত  মোৰ হৃদয় উথলি উঠিছিল ৷ মোৰ চকুত চকু থৈ অলপ হঁহাৰ দৰে কৰি ভঙা ভঙা মাতেৰে সি কৈছিল,

“ডাক্তৰ আংকল, তুমি ভাল ৷”

মই কিবা কোৱাৰ আগতেই মাকগৰাকী উদ্বিগ্ন হৈ পৰিছিল ৷

“ইয়ালৈ আহা বাবা ৷ আংকলে অসুবিধা পাব ৷”

মাকে তাক আঁতৰাই নিব বিচাৰিলে, কিন্তু সি মোৰ আঙুলি এটাত জোৰেৰে খামুচ মাৰি ধৰিছিল ৷ মই মাকলৈ চাই হাঁহিলোঁ,

“চিন্তা নকৰিব বাইদেউ ৷ ইয়াৰ নিচিনা মিলা মিছা কৰা শিশুৰোগী পোৱাটো মোৰেই ভাগ্য ৷ ই মোৰ কাম উজুহে কৰিছে ৷ নহ’লেটো কিছুমান ল’ৰা ছোৱালীয়ে মোৰ বাৰ বজাই তেৰত ঘটমটাই দিয়ে ৷”

মাকগৰাকী কিছু সহজ হৈছিল ৷ ল’ৰাটোৱে মোৰ আঙুলিটো তেতিয়াও ধৰিয়েই আছিল ৷

“বাবাটো, আঙুলিটো এৰি দিয়া আকৌ, মই তোমাৰ ঔষধ লিখিব লাগিব নহয় ৷”

সি আঙুলিটো এৰি দিলে ঠিকেই, কিন্তু দুখ কৰা যেন দেখুৱাই মোৰ কোলালৈ আহিবলৈ বুলি হাত দুখন মেলি ধৰিলে ৷ দৃশ্যটো কল্পনা কৰকচোন, কণমানি এটাই মৰম দেখুৱাই নিজ ইচ্ছাৰে মোৰ কোলালৈ আহিবলৈ বুলি আগ্ৰহেৰে হাত মেলি ধৰিছে, মোৰ সলনি আপুনি হোৱাহ’লে কি কৰিলেহেঁতেন? আপোনাৰ যি মনোভাৱ, মোৰো সেই একেই ৷ কণমানিটোক দাঙি ধৰিলোঁ ৷ মোক আকোৱালি ধৰি মোৰ বাহুত মুৰটো পেলাই ভঙা ভঙা মাতেৰে সি বাৰেপতি কৈ থাকিল,

“ডাক্তৰ আংকল, তুমি বহুত ভাল ৷ ডাক্তৰ আংকল, তুমি বহুত ভাল ৷ “

জীৱনৰ এইবোৰ একো একোটা এনে মুহূৰ্ত, মনলৈ আহে, যেন শেষেই নহওক ৷ কিন্তু উপায় নাই ৷ দৃশ্যপটযে আগুৱাই নিব লাগিব ৷ কণমানিটোক মাকৰ কোলাত বহাই দিলোঁ ৷ মাকে হাঁহিছিল, কিন্তু তেখেতৰ দুচকুত যে আহিছিল বাৰিষাৰ ঢল ৷

“কি হ’ল বাইদেউ?”

“নাই ছাৰ, একো নাই ৷ কিন্তু পোনাটোৰ মানসিক আলোড়নক বুজিব পৰা খুব কম সংখ্যক মানুহৰ ভিতৰত আপুনিও এজন ৷”

তেখেতৰ উত্তৰে মোৰ বুকুত এপাত শেলে বিন্ধাদি বিন্ধিছিল ৷

অ’হ, মই ক’ব পাহৰিছোৱেই, ল’ৰাটো মানসিকভাৱে বাধাগ্ৰস্ত ৷ আৰু সেই মাতৃগৰাকীৰ অন্তৰ নিগৰি ওলোৱা প্ৰত্যেকটো শব্দই তেখেতৰ অন্তৰৰ বেদনা তথা মোৰ প্ৰতি ‘অপ্ৰয়োজনীয় কৃতজ্ঞতা’ বহন কৰিছিল ৷

যেতিয়া আমি কণমানি এটা লগ পাওঁ, এখন্তেকৰ বাবে হ’লেও আমি তাৰ লগত অলপ খেলি বা দুই এটা শিশুসুলভ কথোপকথনেৰে মনটো ভাল লগাব বিচাৰোঁ ৷ সকলোৱেই কৰে, সেইটো মানৱ ধৰ্ম, মানৱৰ সহজাত প্ৰবৃত্তি ৷ কিন্তু মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটিৰপৰা আমি যেন অলপ আঁতৰি চলোঁ, আওকাণ কৰোঁ ৷ যিমানেই অস্বীকাৰ কৰিবলৈ যত্ন নকৰোঁ কিয়, এইটো চিৰন্তন সত্য ৷ আৰু সেই মাতৃগৰাকীৰ মুখমণ্ডলত পৰিস্ফূত হৈ উঠা তেনে এক দুখজনক অভিব্যক্তিয়েও যেন একে অৰ্থই কঢ়িয়াই লৈ ফুৰিছিল ৷

তেখেত এগৰাকী মাতৃ ৷ সন্তানটি লালন পালন কৰোতে তেখেতে যিমানেই কষ্ট স্বীকাৰ নকৰক কিয়, সেয়া কেতিয়াও বাহ্যিকভাৱে প্ৰকাশ নকৰে ৷ বেছিখিনি সময়ত তেখেতে হয়তো এই কষ্টখিনি অনুভৱেই নকৰে ৷ কিন্তু আমাৰ ধনাত্মক দৃষ্টিভঙ্গীয়ে তেখেতক যিকোনো বাধা বিঘিনি পাৰ কৰিবলৈ মানসিক শক্তি প্ৰদান কৰিব ৷

আজিৰ এই লিখনিটোত এনে শিশুবোৰৰ প্ৰতি মাক দেউতাককে ধৰি আমি তথা সমাজখনৰ দায়িত্ব বা দায়বদ্ধতাৰ কথা আলোচনা নকৰোঁ ৷ সেয়া বহুত দীঘল হ’ব ৷ মই মাথোঁ ইয়াকে কওঁ যে মই নিজৰ মানসিক প্ৰশান্তি তথা হৃদয়ৰ তৃপ্তিৰ বাবেহে শিশুটিক কোলাত লৈছিলোঁ ৷ বেলেগ কাৰোবাৰ মানসিক অৱস্থাৰ একো কথাই মনলৈ অহা নাছিল ৷ কিন্তু মোৰ সেই কাৰ্য্যৰে মই অজানিতেই এগৰাকী মাতৃৰ হৃদয় শাঁত পেলালোঁ ৷ আৰু তেখেতৰ সেই সজল হাঁহিটি, যিটো মোৰ চকুৰ আগত এতিয়াও জীৱন্ত হৈ উঠিছে, সেই হাঁহিটিয়ে মোক বহুদিনলৈ আমনি কৰিব ৷

কবিয়ে কৈছে, সেইটো কেনেধৰণৰ হাঁহি, যি হাঁহিত দুচকু সেমেকি নুঠে ৷ মোৰ বা ভাইটি ভণ্টীৰ সফলতা কিছুমানত মায়ে চকুত চকুলো লৈ সুখৰ হাঁহি মৰা মন কৰিছোঁ ৷ মনটো সুখী হৈ পৰিছে ৷ জীয়ৰী প্ৰতিষ্ঠাৰ জন্মৰ পিছত পত্নীৰ দুচকু আনন্দত সেমেকি উঠা দেখিছোঁ ৷ হিয়া শাঁত পৰিছে ৷ আপোনাৰ সাফল্যত আপোন কোনোবাজনৰ সজল দুচকু আপুনিও হয়তো প্ৰত্যক্ষ কৰিছে ৷ আপোনাৰ কলিজাটো এক অবুজন সুখী কম্পনে জোকাৰি গৈছে ৷ কিন্তু সেই মহিলাগৰাকীৰ দৰে কাৰোবাৰ তেনে সজল হাঁহি একোটাৰ গধুৰ বোজা বহন কৰিবলৈ কলিজাটোৱে দেখোন বৰ কষ্ট পায় অ’ !

#বাস্তৱ ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

দুহেজাৰ টকীয়া আখ্যান ৷ (১)

শ্ৰীমতী, মানে  প্ৰণামীয়ে চেম্বাৰৰপৰা ওলাই গেলামালৰ দোকান এখনত সোমাই নিত্য ব্যৱহাৰ্য্য দুটা বস্তু কিনিলে ৷ বিল হ’ল ষাঠী টকা ৷ পাৰ্ছৰপৰা সগৌৰৱে খমখমীয়া নোট এখন উলিয়াই দোকানীলৈ বুলি আগবঢ়াই দিলে ৷ দোকানী উচপ খাই উঠিল ৷ প্ৰণামীৰ হাতত সেইখন দুহেজাৰ টকীয়া নোট নহৈ যেনিবা গুলীভৰ্তি ৰাইফলহে !

“হেই হেই বাইদেউ, কি কৰে, কি কৰে ৷”

পাৰ্ছৰপৰা চুপ চাপ ২০ টকীয়া নোট তিনিখন উলিয়াই দোকানীক দি প্ৰণামী দোকানখনৰপৰা বাহিৰ ওলাই আহিল ৷ তেওৰ কাণে কাণে ক’লোঁ,

“হেৰা, মই ঠিক কৰি দিয়া বাকী দোকানখনৰপৰা নিকিনি এই নতুন দোকানখনত সোমাই দোকানীজনক ভয় খুওৱাৰ কি প্ৰয়োজন আছিল বাৰু ! ভাগ্য ভাল যে বেচেৰাই হাৰ্ট ফেইল নকৰিলে ৷” :-) ;-)

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Monday, November 14, 2016

#শিশু_দিৱসৰ_চিন্তা ৷ তিনিটা মৰমলগা ভাৱ বিনিময় ৷

--------------------------------------
খণ্ডচিত্ৰ ১: বিশেষাধিকাৰ:
--------------------------------------

ক্লিনিকত সন্ধিয়াৰ শেষ ৰোগীজন চাই ঘৰলৈ বুলি সাজু হওঁতেই অকস্মাতে কোনোবাই মোৰ চেম্বাৰৰ দৰ্জাখন জোৰেৰে ধামকৈ খুলি দিলে ৷ দৰ্জাৰ সন্মূখত সেয়া উজ্জল মৰমলগা মিচিকিয়া হাঁহিটিৰে আমাৰ এগৰাকী কৰ্মচাৰীৰ তিনিবছৰীয়া জীয়ৰীজনী ৷ বোধকৰোঁ দেউতাকৰ লগত কিবা কামত ক্লিনিকলৈ আহিছিল ৷ তাই মোলৈ চাই প্ৰথমে কিবা অঙ্গী ভঙ্গী কৰিলে, তাৰ পিছত আন এটি হাঁহিৰে মুখখন জিলিকাই তাই মোক ক'লে,

"ডাক্তৰ আংকল, তোমাক মই মনত নাৰাখিলোঁ ৷"

নেতিবাচক উক্তি হ'লেও তাৰদ্বাৰা তাই বুজাইছিল যে তাই মোক মনত ৰাখিছে আৰু সেয়ে মোৰ ওচৰলৈ আহিছে ৷ হয়তোবা স্বভাৱজাত শিশুসুলভ সৰলতাৰে তাই মোৰ ওচৰত তাইৰ 'দাম' বঢ়াইছে ৷ মই তাইক হাঁহি মাৰি ক'লোঁ,

"কিন্তু মই তোমাক মনত ৰাখিলোঁ ৷"

'হি হি' কৈ হাঁহি মাৰি একে দৌৰে আহি তাই মোৰ কোলাত উঠিলহি ৷

শিশুসকলেও বুজি পায়, সিহঁতে দিয়া গুৰুত্বই আমাক বিশেষাধিকাৰভোগী যেন অনুভৱ কৰায় ৷ আমাৰ মনবোৰ উজলাই তোলে ৷

---------------------------
খণ্ডচিত্ৰ ২: শিক্ষা:
---------------------------

ডিউটিৰপৰা ওলাই হস্পিতেল চৌহদৰ ভিতৰৰে হোটেল এখনত চাহ একাপ খাও বুলি সোমাইছিলোঁ ৷ ম'বাইলটো বাজি উঠিল ৷ দাদা এজনে ফোন কৰিছিল ৷

"পাৰ্থ, ক'ত আছা?"

"এই ডেকা হোটেলত চাহ একাপ খাওঁ বুলি সোমাইছোঁ ৷"

"বঢ়িয়া, মই পাঁচ মিনিটত গৈ পাই আছোঁ ৷ ল'ৰাটোৰ চকুটো অলপ ৰঙা পৰিছে ৷ তুমি এবাৰ চাই দিয়াচোন ৷"

"হোটেলত কি চাম?"

"যি দেখা তাকে চাবা ৷ তাৰ পিছত যদি তুমি কোৱা বোলে কাৰোবাক দেখুৱাই লোৱা ভাল, তেন্তে দেখুৱাম পিছত কাৰোবাক ৷"

"হ'ব দিয়ক ৷ টৰ্চ এটা লৈ আনিব তেন্তে লগত ৷ যি দেখোঁ, তাকে ক'ম আৰু ৷"

দাদাৰ পাঁচবছৰীয়া ল'ৰাটোৰ চকুদুটা টৰ্চৰ পোহৰত চাই বিশেষ অসুবিধা থকা যেন নালাগিল ৷

"একো নাই ৷ গা ধুওতে চাবোন পানী সোমাইছিল চাগে ৷ এই ড্ৰপটো লগাওক ৷ নকমিলে কালিলৈ সন্ধিয়া ফোন কৰিব, কোনোবা এজনক দেখুৱাই ল'বলৈ ক'ম তেতিয়া ৷"

কণমানিটোৱে মাত লগালে,

"এটা কথা কওনে পাৰ্থ আংকল?"

"কোৱা বাবাটো ৷"

"কি জানা আংকল, আচলতে বেলেগৰ চকুত টৰ্চ মাৰিব নাপায় ৷"

তাৰ কথা কোৱাৰ ধৰণটোৱে তালৈ বৰকৈ মৰম লগাইছিল ৷ তাৰোপৰি এইটো দেখিও ভাল লাগিছিল যে কোনোবা ডাঙৰে শিকোৱা ভাল কথা এটা মনত ৰাখি আন এজন ডাঙৰে সেই ভুলটো কৰোতে সি নম্ৰতাৰে উনুকিয়াই দিবলৈও জানিছিল ৷ সেই সময়ত মই টৰ্চ ব্যৱহাৰ কৰাৰ উদ্দেশ্যটো বেলেগ আছিল ৷ কিন্তু সেই মুহুৰ্তত কণমানিটোক বিভ্ৰান্ত কৰিবলৈ মন নগ'ল ৷ সময় আছে, লাহে লাহে শিকি থাকিব ৷ তাৰ চুলিখিনিত মৰমেৰে হাত ফুৰাই কেৱল ক'লোঁ,

"থেংক ইউ বাবাটো ৷"

আৰু তাৰ সুকোমল হাঁহিটিয়ে মোৰ অন্তৰ আলোকিত কৰি তুলিলে ৷

----------------------------------
খণ্ডচিত্ৰ ৩: কৃতকাৰ্যতা:
----------------------------------

২০১৩ চনৰ কোনোবা এটা সন্ধিয়াৰ কথা ৷ মোৰ চাৰিবছৰীয়া ভতিজী ৰিয়ামানুৱে পৰম উৎসাহেৰে মোক এটা কথা জনালে,

"ডাক্তৰ দাদা জানানে? মই আজিকালি নিজে নিজে বাথৰুম যাব পৰা হ'লোঁ ৷"

তাইৰ গাল এখনত লাহেকৈ টিপা এটা মাৰি একেই উৎসাহেৰে মই উত্তৰ দিলোঁ,

"হয় নেকি? বহুত ভাল কথা ৷"

প্ৰত্যেকবাৰেই নহ'লেও কোনোবা সময়ত তাই হয়তো অকলেই বাথৰুমলৈ গৈছিল ৷ আৰু সেই মুহুৰ্তত তাইৰ মুখমণ্ডলত প্ৰকাশ পোৱা কৃতিত্বৰ অভিব্যক্তিয়ে তাইৰ আন্তৰিক সুখৰ কথা স্পষ্ট ৰূপত ব্যক্ত কৰিছিল ৷ চাবলৈ গ'লে একো ডাঙৰ কথা নহয়, কিন্তু তাইৰ বয়সৰ হিচাপত সেইটোও এটা উল্লেখযোগ্য সফলতাই ৷

আমাৰ প্ৰায়সংখ্যকেই আমাৰ বাথৰুম ব্যৱহাৰ কৰাৰ প্ৰশিক্ষণ কেতিয়াৰপৰা বা কোন বয়সৰপৰা আৰম্ভ হৈছিল সেয়া পাহৰি পেলাইছো, সেইটো একেবাৰেই স্বাভাৱিক ৷ কিন্তু এইটো এটা ৰূপক উদাহৰণহে মাত্ৰ ৷ বহল অৰ্থত ক'বলৈ হ'লে কৃতকাৰ্য্যতাৰ পিছত দৌৰি দৌৰি ভাগৰি পৰা আমিবোৰে যদি এই শিশুবোৰৰ দৰেই জীৱনৰ সুক্ষ্ম সুখী মুহুৰ্তবোৰ অনুধাৱন কৰিবলৈ যত্ন কৰোঁ, তেনেহ'লে বোধকৰোঁ আমি বুজি পাবলৈ সক্ষম হ'ম যে আমি ভবাতকৈ আমি আচলতে আৰু বেছিয়েই কৃতকাৰ্য্য ৷

সকলোলৈকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ আলফুল শিশুবোৰৰ দৰেই সকলো সুখী হওক ৷

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Tuesday, November 01, 2016

মৃত্যু এতিয়া ওচৰ ৷

২৯ অক্টোবৰ, পুৱা ৩ বজা:
----------------------------

হাতত কাগজ এখন লৈ আৰক্ষী বিষয়াজন মোৰ ৰুমলৈ হুৰমুৰকৈ সোমাই আহিল ৷

"কি কেছ?"

"এক্সিডেণ্ট কেছ ছাৰ ৷ মাৰা গৈছে ৷"

"কিমান বয়স?"

"বিশ একৈশ বছৰমান হ'ব ৷ বাইক এক্সিডেণ্ট ৷ ইমান ধুনীয়া ল'ৰা, দেখি বেয়াই লাগি গৈছে ৷ কিন্তু কি কৰিব ছাৰ, ইমান ৰাতিখন বহুত বেছি মদ খাই বাইক চলাইছিল ৷ ওচৰলৈ গ'লেই মদৰ গোন্ধ পায় ৷ হেলমেটো পিন্ধা নাছিল ৷ পেট্ৰলিং ডিউটিত আছিলোঁ সেইসময়ত, মোৰ চকুৰ সন্মূখতে হোৱা ঘটনা ৷ ফুল স্পীডত থকা বাইকখনে ডিভাইডাৰত খুন্দা মাৰি ৰাস্তাৰ ইটো কাষলৈ উফৰি পৰিছিল ৷ ভাগ্যে সেই সময়ত ৰাস্তাত কোনো নাছিল বুলিহে, নহ'লে নিজৰ লগতে বেলেগ কাৰোবাকো মহতিয়াই নিলেহেঁতেন ৷ আই কাৰ্ডখন পাইছোঁ তাৰ পকেটত ৷ বি,এ, ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট ৷"

তেখেতক একো নক'লোঁ ৷ কাগজখনত চহী কৰাৰ লগতে বিভাগীয় কামখিনি সম্পন্ন কৰি প'ষ্ট মৰ্টেম কৰা ঠাইত ল'ৰাটোৰ 'বডীটো' ৰখাৰ ব্যৱস্থা কৰিলোঁ ৷ এনে উচ্ছৃংখলতা দেখি বেয়া লাগে ৷ দূৰ্ঘটনাগ্ৰস্ত হ'লে দুখ লাগে ৷ মদ্যপান কৰি বাইক বা গাড়ী চলাই পথচাৰীক মহতিয়াই নিজৰ লগতে বেলেগৰ জীৱন সংকটাপূৰ্ণ কৰি তুলিলে দুখ লগাৰ লগতে খঙ উঠে ৷ হেৰৌ, নিজে মৰিব খুজিছ মৰ ! বেলেগক কিয় মাৰ? দোষ কাৰ? ইমান সৰু ল'ৰাটোৱে কাৰ পইছাৰে মদ খাইছিল? কাৰ বাইক চলাইছিল? ৰাতিখন ল'ৰাটোৱে ক'ত কি কৰি আছিল, সেয়া মাক দেউতাকে খবৰ ৰাখিছিলনে? অভিভাৱক তথা নৱপ্ৰজন্ম সচেতন হ'বৰ সময় হোৱা নাইনে? হ'বগৈনে কেতিয়াবা?

#বাস্তৱ ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷