--------------------------------------
খণ্ডচিত্ৰ ১: বিশেষাধিকাৰ:
--------------------------------------
ক্লিনিকত সন্ধিয়াৰ শেষ ৰোগীজন চাই ঘৰলৈ বুলি সাজু হওঁতেই অকস্মাতে কোনোবাই মোৰ চেম্বাৰৰ দৰ্জাখন জোৰেৰে ধামকৈ খুলি দিলে ৷ দৰ্জাৰ সন্মূখত সেয়া উজ্জল মৰমলগা মিচিকিয়া হাঁহিটিৰে আমাৰ এগৰাকী কৰ্মচাৰীৰ তিনিবছৰীয়া জীয়ৰীজনী ৷ বোধকৰোঁ দেউতাকৰ লগত কিবা কামত ক্লিনিকলৈ আহিছিল ৷ তাই মোলৈ চাই প্ৰথমে কিবা অঙ্গী ভঙ্গী কৰিলে, তাৰ পিছত আন এটি হাঁহিৰে মুখখন জিলিকাই তাই মোক ক'লে,
"ডাক্তৰ আংকল, তোমাক মই মনত নাৰাখিলোঁ ৷"
নেতিবাচক উক্তি হ'লেও তাৰদ্বাৰা তাই বুজাইছিল যে তাই মোক মনত ৰাখিছে আৰু সেয়ে মোৰ ওচৰলৈ আহিছে ৷ হয়তোবা স্বভাৱজাত শিশুসুলভ সৰলতাৰে তাই মোৰ ওচৰত তাইৰ 'দাম' বঢ়াইছে ৷ মই তাইক হাঁহি মাৰি ক'লোঁ,
"কিন্তু মই তোমাক মনত ৰাখিলোঁ ৷"
'হি হি' কৈ হাঁহি মাৰি একে দৌৰে আহি তাই মোৰ কোলাত উঠিলহি ৷
শিশুসকলেও বুজি পায়, সিহঁতে দিয়া গুৰুত্বই আমাক বিশেষাধিকাৰভোগী যেন অনুভৱ কৰায় ৷ আমাৰ মনবোৰ উজলাই তোলে ৷
---------------------------
খণ্ডচিত্ৰ ২: শিক্ষা:
---------------------------
ডিউটিৰপৰা ওলাই হস্পিতেল চৌহদৰ ভিতৰৰে হোটেল এখনত চাহ একাপ খাও বুলি সোমাইছিলোঁ ৷ ম'বাইলটো বাজি উঠিল ৷ দাদা এজনে ফোন কৰিছিল ৷
"পাৰ্থ, ক'ত আছা?"
"এই ডেকা হোটেলত চাহ একাপ খাওঁ বুলি সোমাইছোঁ ৷"
"বঢ়িয়া, মই পাঁচ মিনিটত গৈ পাই আছোঁ ৷ ল'ৰাটোৰ চকুটো অলপ ৰঙা পৰিছে ৷ তুমি এবাৰ চাই দিয়াচোন ৷"
"হোটেলত কি চাম?"
"যি দেখা তাকে চাবা ৷ তাৰ পিছত যদি তুমি কোৱা বোলে কাৰোবাক দেখুৱাই লোৱা ভাল, তেন্তে দেখুৱাম পিছত কাৰোবাক ৷"
"হ'ব দিয়ক ৷ টৰ্চ এটা লৈ আনিব তেন্তে লগত ৷ যি দেখোঁ, তাকে ক'ম আৰু ৷"
দাদাৰ পাঁচবছৰীয়া ল'ৰাটোৰ চকুদুটা টৰ্চৰ পোহৰত চাই বিশেষ অসুবিধা থকা যেন নালাগিল ৷
"একো নাই ৷ গা ধুওতে চাবোন পানী সোমাইছিল চাগে ৷ এই ড্ৰপটো লগাওক ৷ নকমিলে কালিলৈ সন্ধিয়া ফোন কৰিব, কোনোবা এজনক দেখুৱাই ল'বলৈ ক'ম তেতিয়া ৷"
কণমানিটোৱে মাত লগালে,
"এটা কথা কওনে পাৰ্থ আংকল?"
"কোৱা বাবাটো ৷"
"কি জানা আংকল, আচলতে বেলেগৰ চকুত টৰ্চ মাৰিব নাপায় ৷"
তাৰ কথা কোৱাৰ ধৰণটোৱে তালৈ বৰকৈ মৰম লগাইছিল ৷ তাৰোপৰি এইটো দেখিও ভাল লাগিছিল যে কোনোবা ডাঙৰে শিকোৱা ভাল কথা এটা মনত ৰাখি আন এজন ডাঙৰে সেই ভুলটো কৰোতে সি নম্ৰতাৰে উনুকিয়াই দিবলৈও জানিছিল ৷ সেই সময়ত মই টৰ্চ ব্যৱহাৰ কৰাৰ উদ্দেশ্যটো বেলেগ আছিল ৷ কিন্তু সেই মুহুৰ্তত কণমানিটোক বিভ্ৰান্ত কৰিবলৈ মন নগ'ল ৷ সময় আছে, লাহে লাহে শিকি থাকিব ৷ তাৰ চুলিখিনিত মৰমেৰে হাত ফুৰাই কেৱল ক'লোঁ,
"থেংক ইউ বাবাটো ৷"
আৰু তাৰ সুকোমল হাঁহিটিয়ে মোৰ অন্তৰ আলোকিত কৰি তুলিলে ৷
----------------------------------
খণ্ডচিত্ৰ ৩: কৃতকাৰ্যতা:
----------------------------------
২০১৩ চনৰ কোনোবা এটা সন্ধিয়াৰ কথা ৷ মোৰ চাৰিবছৰীয়া ভতিজী ৰিয়ামানুৱে পৰম উৎসাহেৰে মোক এটা কথা জনালে,
"ডাক্তৰ দাদা জানানে? মই আজিকালি নিজে নিজে বাথৰুম যাব পৰা হ'লোঁ ৷"
তাইৰ গাল এখনত লাহেকৈ টিপা এটা মাৰি একেই উৎসাহেৰে মই উত্তৰ দিলোঁ,
"হয় নেকি? বহুত ভাল কথা ৷"
প্ৰত্যেকবাৰেই নহ'লেও কোনোবা সময়ত তাই হয়তো অকলেই বাথৰুমলৈ গৈছিল ৷ আৰু সেই মুহুৰ্তত তাইৰ মুখমণ্ডলত প্ৰকাশ পোৱা কৃতিত্বৰ অভিব্যক্তিয়ে তাইৰ আন্তৰিক সুখৰ কথা স্পষ্ট ৰূপত ব্যক্ত কৰিছিল ৷ চাবলৈ গ'লে একো ডাঙৰ কথা নহয়, কিন্তু তাইৰ বয়সৰ হিচাপত সেইটোও এটা উল্লেখযোগ্য সফলতাই ৷
আমাৰ প্ৰায়সংখ্যকেই আমাৰ বাথৰুম ব্যৱহাৰ কৰাৰ প্ৰশিক্ষণ কেতিয়াৰপৰা বা কোন বয়সৰপৰা আৰম্ভ হৈছিল সেয়া পাহৰি পেলাইছো, সেইটো একেবাৰেই স্বাভাৱিক ৷ কিন্তু এইটো এটা ৰূপক উদাহৰণহে মাত্ৰ ৷ বহল অৰ্থত ক'বলৈ হ'লে কৃতকাৰ্য্যতাৰ পিছত দৌৰি দৌৰি ভাগৰি পৰা আমিবোৰে যদি এই শিশুবোৰৰ দৰেই জীৱনৰ সুক্ষ্ম সুখী মুহুৰ্তবোৰ অনুধাৱন কৰিবলৈ যত্ন কৰোঁ, তেনেহ'লে বোধকৰোঁ আমি বুজি পাবলৈ সক্ষম হ'ম যে আমি ভবাতকৈ আমি আচলতে আৰু বেছিয়েই কৃতকাৰ্য্য ৷
সকলোলৈকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ আলফুল শিশুবোৰৰ দৰেই সকলো সুখী হওক ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment