শ্ৰীমতী, মানে প্ৰণামীয়ে চেম্বাৰৰপৰা ওলাই গেলামালৰ দোকান এখনত সোমাই নিত্য ব্যৱহাৰ্য্য দুটা বস্তু কিনিলে ৷ বিল হ’ল ষাঠী টকা ৷ পাৰ্ছৰপৰা সগৌৰৱে খমখমীয়া নোট এখন উলিয়াই দোকানীলৈ বুলি আগবঢ়াই দিলে ৷ দোকানী উচপ খাই উঠিল ৷ প্ৰণামীৰ হাতত সেইখন দুহেজাৰ টকীয়া নোট নহৈ যেনিবা গুলীভৰ্তি ৰাইফলহে !
“হেই হেই বাইদেউ, কি কৰে, কি কৰে ৷”
পাৰ্ছৰপৰা চুপ চাপ ২০ টকীয়া নোট তিনিখন উলিয়াই দোকানীক দি প্ৰণামী দোকানখনৰপৰা বাহিৰ ওলাই আহিল ৷ তেওৰ কাণে কাণে ক’লোঁ,
“হেৰা, মই ঠিক কৰি দিয়া বাকী দোকানখনৰপৰা নিকিনি এই নতুন দোকানখনত সোমাই দোকানীজনক ভয় খুওৱাৰ কি প্ৰয়োজন আছিল বাৰু ! ভাগ্য ভাল যে বেচেৰাই হাৰ্ট ফেইল নকৰিলে ৷” :-) ;-)
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment