“পাৰ্থ আংকল, মা ঠিকে আছেনে?”
তাইৰ দুচকু সিক্ত ৷ আৰু তাইৰ চকুলোৱে মোৰ হৃদয় কঁপাই তুলিছিল ৷
২০১৩ চনৰ ২৭ এপ্ৰিলৰ পুৱা ছয় বাজিছিল তেতিয়া ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনলৈ গৈছিলোঁ ৷ মোৰ সম্পৰ্কীয় বৌ এগৰাকী ভৰ্তি আছিল তাত ৷ আচলতে পিছদিনা বৌৰ এটা অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল, কিন্তু কিবা জটিলতা অহাত চিকিৎসকসকলে ততাতৈয়াকৈ অপাৰেচনটো কৰি পেলোৱাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল ৷ মই গৈ পোৱালৈ অপাৰেচন প্ৰক্ৰিয়াটো প্ৰায় শেষ হ’বৰে হৈছিল ৷ অস্ত্ৰোপচাৰ কক্ষৰ বাহিৰত ৰৈ আছিল দাদা আৰু তেওৰ ছবছৰীয়া জীয়ৰীজনী ৷ বাকী আত্মীয়সকল আহি পোৱা নাছিল তেতিয়াও ৷ ৰোগীৰ পৰিচাৰকৰ বাবে ৰখা চকীত বহি আমি চিকিৎসকৰ পৰবৰ্তী বতৰালৈ অপেক্ষা কৰিলোঁ ৷ এখন চকীত মই, ওচৰৰ চকীখনত ভতিজীজনীক কোলাত লৈ দাদা ৷ ভগৱানৰ কৃপাত সকলো ঠিকে ঠিকেই হৈ গ’ল ৷ অপাৰেচনৰ শেষত বিভাগীয় আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰাৰ বাবে দাদাক চিকিৎসকে ভিতৰলৈ মাতিলে ৷
“পাৰ্থ, এইক চাবা ৷”
দাদা ভিতৰলৈ গ’ল ৷ ভতিজীজনীলৈ মন কৰিলোঁ ৷ মোৰ সম্মূখত থিয় হৈ ক’ৰবালৈ লক্ষ্য কৰি তাই যেন কিবা ভাৱত বিভোৰ ৷ মোৰ এই ভতিজীজনী বাকীবোৰতকৈ অলপ বেলেগ ৷ তাইৰ অলপমান সান্নিধ্যৰ বাবে তাইক চকলেট আদি ‘ঘোচ’ দিবলগা হয় ৷ নহ’লে সতকাই ওচৰ নাচাপেই, কোলাত লোৱাটোতো দূৰৰেই কথা ৷ মোৰ ওচৰৰ চকীখন দেখুৱাই তাইক ক’লোঁ,
“অ’ মাইনা, আহা, ইয়াতে বহি লোৱা ৷”
কিন্তু তাই চকীখনলৈ নগ’ল ৷ মোক আচৰিত কৰি তাই মোৰ কোলাত বহি মোৰ বুকুত মুৰটো পেলাই মোৰ হাত দুখন তাই নিজেই তাইৰ পেটৰ ওপৰত ৰাখিলে আৰু তাইৰ অকণমানি আঙুলি কেইটাৰে মোৰ হাতদুখন আকোৱালি ধৰিলে ৷ কিছুসময়ৰ পিছত মোৰ আঙুলি এটাত ক’ৰবাৰপৰা পানী পৰা যেন অনুভৱ হ’ল ৷ আৰু ভতিজীজনীৰ সেমেকা দুচকুৱে মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে ৷ তাইৰ মুৰত মৰমেৰে হাত ফুৰাই সুধিলোঁ,
“কি হ’ল মাইনা?”
“পাৰ্থ আংকল, মা ঠিকে আছেনে?”
আৰু তাইৰ চকুলোৱে মোৰ হৃদয় কঁপাই তুলিলে ৷
“মা একদম ঠিকে আছে মাইনা ৷ অলপ পিছতে বাহিৰলৈ আনিবই ৷ তুমি দেখিবাই নহয় ৷”
তাই একো উত্তৰ দিয়া নাছিল ৷ তাইৰ পেটৰ ওপৰত ৰখা মোৰ বাওঁহাতখন তাইৰ দুহাতৰ মাজত সুমুৱাই আৰু অধিক জোৰেৰে সাৱটি ধৰিছিল ৷
যেতিয়া এটি শিশুৱে কান্দে, স্থান কাল পাত্ৰ বিশেষে আমাৰ প্ৰতিক্ৰিয়াও বিভিন্ন হয় ৷ কোনোবাসময়ত আমাৰ হাঁহি উঠে, কোনোবাসময়ত দুখ লাগে ৷ কোনোবাসময়ত সহানুভূতি জাগে ৷ কোনোবাসময়ত বিৰক্তও হওঁ ৷ কিন্তু এই ফুলকুমলীয়া নিস্পাপ শিশু একোটি, যি বেছিভাগ আবেগ অনুভূতি অনুভৱ কৰিবলৈ অপাৰগ বুলিয়েই আমাৰ সাধাৰণ ধাৰণা, তেনে এটি শিশুৱে যেতিয়া নিঃশব্দে চকুলো টোকে, তাকো মাকৰ সুস্বাস্থ্য কামনাৰে, প্ৰচণ্ড আবেগে দেখোন হৃদয় জোকাৰি যায় ৷ হিয়াখন কিহবাই যেন মোচৰিহে পেলায় ৷
ইমান কণমানি শিশু এটিৰ ইমান পূৰঠ অভিব্যক্তি ! কোনো শব্দ নাছিল ৷ নাছিল কোনো উচুপনি ৷ মোৰ আঙুলি ভিজাই টোপাটোপে তাইৰ চকুলো সৰিছিল ৷ আৰু সেই চকুলোৱে যেন মোৰ কলিজাটো তিয়াই পেলাইছিল ৷
#বাস্তৱ ৷
#শ্লীলতা, অশ্লীলতা, প্ৰিয় আৰু অপ্ৰিয় সত্য ৷
#ডাঃ কুমাৰ পাৰ্থ প্ৰতিম ৷
No comments:
Post a Comment