কেতিয়াবা একেবাৰে অপ্ৰত্যাশিতভাৱে একোটা স্মৰণীয় অভিজ্ঞতাৰ সন্মূখীন হোৱা যায়, যিটোৱে আপোনাৰ মন মস্তিষ্ক জোকাৰি কিছুমান কথা হৃদয়েৰে ভাবিবলৈ বাধ্য কৰিব পাৰে ৷
চাৰি বছৰমান বয়সৰ ল’ৰা এটা লৈ মাক এগৰাকী মোৰ চেম্বাৰলৈ আহিছিল ৷ জটিলতা থকা ৰোগ নাছিল, গতিকেই ল’ৰাটোক পৰীক্ষা নিৰীক্ষা কৰোতে বেছি সময় নালাগিল ৷ মই প্ৰেছক্ৰিপচনখন লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু তেতিয়াই সেই অনাকাংক্ষিত ঘটনাটো ঘটিল ৷ ল’ৰাটো মাকৰ ওচৰৰপৰা উঠি আহি মোৰ সোঁহাতখন তাৰ অকণমানি হাতদুখনৰ মাজত লৈ মৰমেৰে চুমা এটা যাচিলে ৷ কণমানি এটাৰ মৰমৰ এনে বিৰল বহিঃপ্ৰকাশত মোৰ হৃদয় উথলি উঠিছিল ৷ মোৰ চকুত চকু থৈ অলপ হঁহাৰ দৰে কৰি ভঙা ভঙা মাতেৰে সি কৈছিল,
“ডাক্তৰ আংকল, তুমি ভাল ৷”
মই কিবা কোৱাৰ আগতেই মাকগৰাকী উদ্বিগ্ন হৈ পৰিছিল ৷
“ইয়ালৈ আহা বাবা ৷ আংকলে অসুবিধা পাব ৷”
মাকে তাক আঁতৰাই নিব বিচাৰিলে, কিন্তু সি মোৰ আঙুলি এটাত জোৰেৰে খামুচ মাৰি ধৰিছিল ৷ মই মাকলৈ চাই হাঁহিলোঁ,
“চিন্তা নকৰিব বাইদেউ ৷ ইয়াৰ নিচিনা মিলা মিছা কৰা শিশুৰোগী পোৱাটো মোৰেই ভাগ্য ৷ ই মোৰ কাম উজুহে কৰিছে ৷ নহ’লেটো কিছুমান ল’ৰা ছোৱালীয়ে মোৰ বাৰ বজাই তেৰত ঘটমটাই দিয়ে ৷”
মাকগৰাকী কিছু সহজ হৈছিল ৷ ল’ৰাটোৱে মোৰ আঙুলিটো তেতিয়াও ধৰিয়েই আছিল ৷
“বাবাটো, আঙুলিটো এৰি দিয়া আকৌ, মই তোমাৰ ঔষধ লিখিব লাগিব নহয় ৷”
সি আঙুলিটো এৰি দিলে ঠিকেই, কিন্তু দুখ কৰা যেন দেখুৱাই মোৰ কোলালৈ আহিবলৈ বুলি হাত দুখন মেলি ধৰিলে ৷ দৃশ্যটো কল্পনা কৰকচোন, কণমানি এটাই মৰম দেখুৱাই নিজ ইচ্ছাৰে মোৰ কোলালৈ আহিবলৈ বুলি আগ্ৰহেৰে হাত মেলি ধৰিছে, মোৰ সলনি আপুনি হোৱাহ’লে কি কৰিলেহেঁতেন? আপোনাৰ যি মনোভাৱ, মোৰো সেই একেই ৷ কণমানিটোক দাঙি ধৰিলোঁ ৷ মোক আকোৱালি ধৰি মোৰ বাহুত মুৰটো পেলাই ভঙা ভঙা মাতেৰে সি বাৰেপতি কৈ থাকিল,
“ডাক্তৰ আংকল, তুমি বহুত ভাল ৷ ডাক্তৰ আংকল, তুমি বহুত ভাল ৷ “
জীৱনৰ এইবোৰ একো একোটা এনে মুহূৰ্ত, মনলৈ আহে, যেন শেষেই নহওক ৷ কিন্তু উপায় নাই ৷ দৃশ্যপটযে আগুৱাই নিব লাগিব ৷ কণমানিটোক মাকৰ কোলাত বহাই দিলোঁ ৷ মাকে হাঁহিছিল, কিন্তু তেখেতৰ দুচকুত যে আহিছিল বাৰিষাৰ ঢল ৷
“কি হ’ল বাইদেউ?”
“নাই ছাৰ, একো নাই ৷ কিন্তু পোনাটোৰ মানসিক আলোড়নক বুজিব পৰা খুব কম সংখ্যক মানুহৰ ভিতৰত আপুনিও এজন ৷”
তেখেতৰ উত্তৰে মোৰ বুকুত এপাত শেলে বিন্ধাদি বিন্ধিছিল ৷
অ’হ, মই ক’ব পাহৰিছোৱেই, ল’ৰাটো মানসিকভাৱে বাধাগ্ৰস্ত ৷ আৰু সেই মাতৃগৰাকীৰ অন্তৰ নিগৰি ওলোৱা প্ৰত্যেকটো শব্দই তেখেতৰ অন্তৰৰ বেদনা তথা মোৰ প্ৰতি ‘অপ্ৰয়োজনীয় কৃতজ্ঞতা’ বহন কৰিছিল ৷
যেতিয়া আমি কণমানি এটা লগ পাওঁ, এখন্তেকৰ বাবে হ’লেও আমি তাৰ লগত অলপ খেলি বা দুই এটা শিশুসুলভ কথোপকথনেৰে মনটো ভাল লগাব বিচাৰোঁ ৷ সকলোৱেই কৰে, সেইটো মানৱ ধৰ্ম, মানৱৰ সহজাত প্ৰবৃত্তি ৷ কিন্তু মানসিকভাৱে বাধাগ্ৰস্ত শিশু এটিৰপৰা আমি যেন অলপ আঁতৰি চলোঁ, আওকাণ কৰোঁ ৷ যিমানেই অস্বীকাৰ কৰিবলৈ যত্ন নকৰোঁ কিয়, এইটো চিৰন্তন সত্য ৷ আৰু সেই মাতৃগৰাকীৰ মুখমণ্ডলত পৰিস্ফূত হৈ উঠা তেনে এক দুখজনক অভিব্যক্তিয়েও যেন একে অৰ্থই কঢ়িয়াই লৈ ফুৰিছিল ৷
তেখেত এগৰাকী মাতৃ ৷ সন্তানটি লালন পালন কৰোতে তেখেতে যিমানেই কষ্ট স্বীকাৰ নকৰক কিয়, সেয়া কেতিয়াও বাহ্যিকভাৱে প্ৰকাশ নকৰে ৷ বেছিখিনি সময়ত তেখেতে হয়তো এই কষ্টখিনি অনুভৱেই নকৰে ৷ কিন্তু আমাৰ ধনাত্মক দৃষ্টিভঙ্গীয়ে তেখেতক যিকোনো বাধা বিঘিনি পাৰ কৰিবলৈ মানসিক শক্তি প্ৰদান কৰিব ৷
আজিৰ এই লিখনিটোত এনে শিশুবোৰৰ প্ৰতি মাক দেউতাককে ধৰি আমি তথা সমাজখনৰ দায়িত্ব বা দায়বদ্ধতাৰ কথা আলোচনা নকৰোঁ ৷ সেয়া বহুত দীঘল হ’ব ৷ মই মাথোঁ ইয়াকে কওঁ যে মই নিজৰ মানসিক প্ৰশান্তি তথা হৃদয়ৰ তৃপ্তিৰ বাবেহে শিশুটিক কোলাত লৈছিলোঁ ৷ বেলেগ কাৰোবাৰ মানসিক অৱস্থাৰ একো কথাই মনলৈ অহা নাছিল ৷ কিন্তু মোৰ সেই কাৰ্য্যৰে মই অজানিতেই এগৰাকী মাতৃৰ হৃদয় শাঁত পেলালোঁ ৷ আৰু তেখেতৰ সেই সজল হাঁহিটি, যিটো মোৰ চকুৰ আগত এতিয়াও জীৱন্ত হৈ উঠিছে, সেই হাঁহিটিয়ে মোক বহুদিনলৈ আমনি কৰিব ৷
কবিয়ে কৈছে, সেইটো কেনেধৰণৰ হাঁহি, যি হাঁহিত দুচকু সেমেকি নুঠে ৷ মোৰ বা ভাইটি ভণ্টীৰ সফলতা কিছুমানত মায়ে চকুত চকুলো লৈ সুখৰ হাঁহি মৰা মন কৰিছোঁ ৷ মনটো সুখী হৈ পৰিছে ৷ জীয়ৰী প্ৰতিষ্ঠাৰ জন্মৰ পিছত পত্নীৰ দুচকু আনন্দত সেমেকি উঠা দেখিছোঁ ৷ হিয়া শাঁত পৰিছে ৷ আপোনাৰ সাফল্যত আপোন কোনোবাজনৰ সজল দুচকু আপুনিও হয়তো প্ৰত্যক্ষ কৰিছে ৷ আপোনাৰ কলিজাটো এক অবুজন সুখী কম্পনে জোকাৰি গৈছে ৷ কিন্তু সেই মহিলাগৰাকীৰ দৰে কাৰোবাৰ তেনে সজল হাঁহি একোটাৰ গধুৰ বোজা বহন কৰিবলৈ কলিজাটোৱে দেখোন বৰ কষ্ট পায় অ’ !
#বাস্তৱ ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment