২০১২ বৰ্ষৰ কথা ৷ ব্লাড বেংকত কৰ্তব্যৰত অৱস্থাত আছিলোঁ সেইদিনা ৷ এজন মানুহে তেখেতৰ পত্নীৰ বাবে দুই ইউনিট তেজ বিচাৰি আহিছিল ৷ কাগজখন হাত পাতি লৈছিলোঁ ৷ মহিলাগৰাকীৰ অৱস্থা অলপ গুৰুতৰেই, লিখা আছিল জি৯, পি৬+২, লগতে অসম্পূৰ্ণ ক্ৰিমিনেল এবৰ্ছন ৷ মহিলাগৰাকী নৱমবাৰৰ বাবে গৰ্ভৱতী হৈছিল, তেখেতসকলৰ ইতিমধ্যেই ছয়টি সন্তান আছিল আৰু আগতে দুবাৰ গৰ্ভপাত হৈছিল ৷ দুই এটা কথা পতাৰ পিছত গম পালোঁ যে সেইদিনা তেখেতসকল চিকিৎসকৰ ওচৰলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছিল, তাকো ঘৰতে গৰ্ভপাত কৰিবলৈ চলোৱা অপৈণত প্ৰচেষ্টাৰ পিছত ৷
মানুহজনৰ যুক্তি আছিল, “মোৰ মা দেউতাই মোৰ মিছেছ ডাক্তৰৰ ওচৰলৈ অহাটো বেয়া পায় ৷ মিছেছেও এইবোৰ কাম ঘৰতে হোৱাটোহে বিচাৰে ৷”
মানুহজন মানসিকভাৱে দুৰ্বল হৈ আছিল, গতিকে বেছি কথা নাপাতি যাৱতীয় কাম কাজখিনি আগবঢ়াই দিলোঁ ৷ কিন্তু পৰিস্থিতিটো অনুধাৱন কৰকচোন ৷ পৰিয়াল পৰিকল্পনাৰ ওপৰত ইমান গুৰুত্ব প্ৰদান কৰাৰ পিছতো কিছুমান মানুহ স্বইচ্ছাৰে আধুনিক চিকিৎসাসেৱাৰপৰা আঁতৰি থাকি নিজৰ লগতে পৰিয়ালৰ কাৰোবাৰ জীৱনলৈ হাহাকাৰ নমাই আনে ৷
পত্নী সন্তান জন্ম দিয়া এক যন্ত্ৰ নহয় ৷ পত্নীৰ বিয়োগৰ পিছত মৰম দেখুৱাবলৈ পত্নীৰ স্মৃতিত তাজমহল বনায়ো কোনো লাভ নাই ৷ পত্নীক ভাল পায়? তেন্তে তেখেত জীৱিত থকা অৱস্থাতে তেখেতক সুখী কৰিবলৈ যত্ন কৰক ৷
#বাস্তৱ ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment