Blog Archive

Monday, December 19, 2016

মাহীমাক ৷

[ধেই, মাহীমাক এগৰাকী সদায় মাহীমাক হৈয়েই থাকিব ৷ মাহীমাক এগৰাকীৰ কেতিয়াও প্ৰকৃত মাতৃৰ স্তৰলৈ উত্তৰণ ঘটিব নোৱাৰে ৷]

(পটভূমি বাস্তৱ যদিও গোপনীয়তা ৰক্ষাৰ খাতিৰত কল্পনাৰ ৰহনেৰে স্থান, কাল, পাত্ৰৰ সম্পূৰ্ণ পৰিবৰ্তন কৰা হৈছে ৷)

মানুহগৰাকীক আমি পেহী বুলি মাতোঁ ৷ নগাঁৱত থাকে ৷ দেউতাৰ দূৰসম্পৰ্কীয় ভণীয়েক ৷ কেতিয়াও নেদেখা পেহীজনীক লগ পাইছিলোঁ কেইবছৰমান আগতে আমাৰ মৰিগাঁৱৰ ঘৰত ৷ তিনি সন্তান আৰু পেহাৰ লগত আমাৰ তালৈ ফুৰিবলৈ আহিছিল ৷ আমাৰ ঘৰৰপৰা যোৱাৰ সময়ত তিনিওটা ল’ৰাকে মা আৰু দেউতাক আঁঠু কাঢ়ি ভৰি চুই সভক্তিৰে সেৱা কৰোৱাই গৈছিল ৷ দেউতাই পিছত গৰ্বেৰে কৈছিল,

“দেখিছা, কিমান সংস্কৃতিৱান লালন পালন ৷”

সঁচাকৈয়ে, এনে দৃশ্য আজিৰ যুগত দেখোন একেবাৰেই বিৰল ৷

পঢ়াৰ তাগিদাত ঘৰৰপৰা নিলগত আছিলোঁ ৷ সেই দিনটোৰ পিছত মাৰ মুখেৰে মাজে মাজে শুনি থাকিলেও পেহীৰ লগত মোৰ কোনো দেখা সাক্ষাৎ হোৱা নাছিল ৷ কিন্তু এইবাৰ বাছা, মানে পেহীৰ ডাঙৰ ল’ৰাটোৱে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিলে ৷ সি সৰুৰেপৰাই পঢ়াই শুনাই ভাল বুলি মাৰপৰা আগৰেপৰাই শুনি আহিছিলোঁ ৷ কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ বাবে তাৰ নামভৰ্তিৰ পিছত মোকেই তাৰ ‘লোকেল গাৰ্জেন’ কৰি থৈ গ’ল পেহীয়ে ৷ আমাৰ ঘৰলৈ পেহীহঁতৰ সঘন আহ যাহো আৰম্ভ হ’ল ৷ শ্ৰীমতী পৰিণীতাৰ লগত দুবাৰমান তাৰ হোষ্টেললৈও খবৰ কৰিবলৈ গ’লোঁ ৷ সিয়ো সময় সুবিধা মিলাই আমাৰ তাত মাজে মাজে শণিবাৰে ৰাতি থকাকৈ আহে ৷ বৰ ভাল ল’ৰাটো ৷ অত্যন্ত অমায়িক, পেহীৰ যেন আলাসৰ লাৰু ৷ জীয়ৰী প্ৰতীতি আৰু নিয়ৰ মাজনীয়েও সি আহিলে বৰ ভাল পায়, তাৰ লগ এৰিবই নিবিচাৰে ৷ বাছা গুৱাহাটীলৈ অহাৰ পিছৰেপৰা সপ্তাহত তিনি চাৰিবাৰমানকৈ পেহীয়ে আমালৈ ফোন কৰাটো একপ্ৰকাৰ যেন অভ্যাসতে পৰিণত হ’ল ৷ ফোনতো সেই একেই কথা, যাতে ল’ৰাটোৰ খবৰ লৈ থাকোঁ আমি দুয়োজনে ৷

এদিন সন্ধিয়া পেহীয়ে বৰ উৎকণ্ঠাৰে মোৰ ম’বাইলত ফোন কৰিলে,

“বাবা, ক’ত আছা তুমি?”

“চেম্বাৰত আছোঁ পেহী, কওকচোন ৷”

“শুনাচোন, বাছাৰ জ্বৰ বোলে ৷ খবৰ এটা কৰিবা না ৷”

তালৈ ফোন কৰিলোঁ ৷

“নাই দাদা, অলপমান জ্বৰ ৷ মায়ে এনেই চিন্তা কৰি আছে ৷ আমাৰ কলেজৰ ডাক্তৰগৰাকীয়ে ভাইৰেল ফিভাৰ বুলিয়েই কৈছে ৷ একো পৰীক্ষা কৰাৰো দৰকাৰ নাই বোলে ৷”

তাক অসুখটোৰ বিষয়ে বিতংভাৱে সুধিলোঁ ৷ মোৰো ভাইৰেল ফিভাৰ যেনেই অনুভৱ হ’ল ৷ তথাপিও অলপ বেয়াই লাগিল তালৈ, সৰু ল’ৰা দিয়কচোন, আমি অসুবিধা পাওঁ বুলি ভাবি সকলো কথা নকবও পাৰে, তাৰোপৰি ঘৰৰপৰা আঁতৰত থাকি পঢ়া শুনা কৰি আছেহি, গতিকেই তাক সুধিলোঁ,

“আমি যাম নেকি বাছা তোমাৰ ওচৰলৈ?”

“নালাগে দাদা ৷ কিবা দৰকাৰ হ’লে জনামেই নহয় তোমালোকক ৷ এতিয়া আহিব নালাগে দিয়া ৷”

ফোনটো ৰখাৰ পিছত আকৌ ৰোগীৰ লগত ব্যস্ত হৈ পৰিলোঁ ৷ এঘণ্টামান পিছত পুনৰ পেহীয়ে ফোন কৰিলে ৷ পেটে পেটে অলপ লাজেই পালোঁ, পেহীলৈ ফোন কৰিবলৈ এনেদৰে পাহৰি যাব লাগেনে বাৰু?

“তুমি ইয়াৰ লগত কথা পাতিছিলা বোলে বাবা?”

“পাতিলোঁ পেহী ৷ চিন্তা কৰিবলগীয়া একোৱেই নাই ৷ আপুনি মিছামিছি টেনচন লৈ নাথাকিব ৷”

অলপ সময়ৰ পিছত পেহীয়ে আকৌ ফোন কৰিলে,

“অ’ বাবা, ডেংগু চেংগু নহয়তো?”

“নহয় পেহী ৷ আৰু, হ’লেও আমি আছোঁ নহয় ৷ একো অসুবিধা নহয় তাৰ ৷”

“এটা কাম কৰানা, তোমালোকে এবাৰ তাক চাই আহানা প্লিজ ৷ নহ’লে মোৰ বৰ টেনচন হৈ আছে ৷ তোমালোক তাৰ ওচৰৰপৰা আহিলেহে টেনচন নাইকিয়া হ’ব ৷”

চেম্বাৰ সামৰি ঘৰ আহি পাওতে নিশা ন বাজি গৈছিল ৷ আহিয়েই পৰিণীতাক পেহীৰ কথাখিনি জনালোঁ ৷

“এটা কাম কৰোঁ দিয়া প্ৰিয়ংকৰ ৷ মই কাপোৰসাজ পটকৰে সলাই লওঁ ৷ তাক এবাৰ চাই অহাই ভাল হ’ব ৷ পেহীয়ে মোলৈও দুবাৰ ফোন কৰিছে ৷ যাওতে আৰু দেৰি কৰিলে ঘৰ আহি পোৱালৈ বহু ৰাতি হৈ যাব ৷ আজি নগ’লেও হয় দিয়াচোন,  কিন্তু বৰ টেনচন খাই আছে অ’ মানুহজনীয়ে ৷”

বাছাৰ হোষ্টেল গৈ পোৱালৈ চাৰে দহমান বাজিছিল ৷ বেলেগ একো নাই, সামান্য জ্বৰ মাত্ৰ ৷ এঘণ্টামান সময় তাৰ লগত ইটো সিটো কথা পাতি প্ৰয়োজনত যিকোনো সময়তে ফোন কৰিবলৈ কৈ ঘৰলৈ বুলি উভটিলোঁ ৷ নিশাৰ সেই সময়ত সাধাৰণতে ৰাস্তা খালীয়েই থাকে ৷ কিন্তু দুদিনমান আগৰপৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ বাবে উভটি আহোতে প্ৰচণ্ড যান যঁটৰ সন্মুখীন হ’লোঁ ৷ অৱশেষত গৈ এনে অৱস্থা হ’লগৈ যে জালুকবাৰীৰপৰা ঘৰলৈ সেই দহ কিলোমিটাৰ বাট অতিক্ৰম কৰিবলৈ আমাক প্ৰায় দুঘণ্টা সময়ৰ প্ৰয়োজন হ’ল ৷ ভাগৰতকৈয়ো বেছিকৈ ‘হেভী ট্ৰেফিকত’ গাড়ী চলোৱাৰ অস্বস্তিৰে দুইমান বজাত ঘৰ সোমালোঁ ৷ ‘ফ্ৰেছ’ হৈ ভাত পানী খাই বিচনাত উঠোঁ মানে তিনি বাজোঁ বাজোঁ ৷ ইপিনে আকৌ পুৱা চাৰে ছয় বজাতে অপাৰেছনৰ বাবে ৰোগী মাতি থোৱা আছে ৷ পেহীৰ ওপৰত উঠা খঙটো লাহে লাহে বাঢ়ি আহিল ৷

“এই পেহীজনী মস্ত ব’ৰ মানুহ দেই ৷ বেলেগৰ সুবিধা অসুবিধাৰ কথা একোৱেই নাভাবে ৷ ইমান অকণমান কথাটোতে ইমান উত্ৰাৱল হোৱাৰ কি প্ৰয়োজন? এতিয়া গৈ থৈ মোৰ  টোপনিটোহে খালে মানুহজনীয়ে ৷”

পৰিণীতাই একো নকৈ কেৱল মিচিকিয়াই হাঁহিলে ৷ মোৰ খং আৰু দুগুণে চৰিল ৷

“তুমিটো চাপ’ৰ্ট কৰিবাই ৷ একেইহে ৷ একেসোপা কাম নাইকিয়া টেনচন ৷”

মোৰ গাল এখনত মৃদুভাৱে টিপা এটা মাৰি পৰিণীতাই ক’লে,

“বহু দেৰি হ’ল, ৰাতিপুৱা ইহঁত দুয়োজনীৰে স্কুল আছে ৷ কথা নাপাতোঁ, শুই যোৱা এতিয়া ৷”

“ৰ'বাহে টোপনি যাম, উঠিবৰ হ’বই দেখোন এতিয়া ৷ তুমিয়েই কোৱাচোন, তাৰ এই বয়সত মৰমবোৰ মাত্ৰাধিক হোৱা নাইনে? আৰু ই বাছাওনো কি ইমান মাকৰ আঁচলৰ তলত সোমাই থাকে? এনেদৰে পেহীয়ে তাক ডাঙৰ হ’বলৈ নিদিবই দেখোন?”

কিবা এটা ভাবি পৰিণীতাই ক’লে,

“নহয় বুলি নকওঁ, কিন্তু এটা কথা জানানে প্ৰিয়ংকৰ?”

“কি কথা?”

“পেহীৰ মৰমখিনি অকৃত্ৰিম ৷ সি ডাঙৰ হ’ব দিয়া লাহে লাহে, ঘৰৰপৰা এই ওলাই আহিছেহে ৷ তাৰোপৰি কি জানা?”

“কি?”

“পেহী বাছাৰ জন্মদাত্ৰী মাক নহয়, মাহীমাকহে ৷ মই মাৰপৰা সকলো কথা জানিছোঁ ৷ কিন্তু আমাৰ সমাজত সতীয়া মাকৰ প্ৰতি থকা কিছুমান বদ্ধপৰিকৰ ভুল ধাৰণাৰ বাবে পেহীয়ে হয়তোবা মাহীমা শব্দটোৱেই ঘৃণা কৰে ৷ তাৰোপৰি কিছুমান মাহীমাকে সঁচাকৈ কিছুমান ঘৃণীত ৰূপ প্ৰকট কৰি আহিছে ৷ কিন্তু মাহীমা মানে কি? মা যে মায়েই ৷ মৰম, আদৰবোৰহে আচল কথা ৷ তুমি এই কথাটো নাজানা বুলি জানোঁ ৷ বাছাৰ মুখতো মা মানে সদায় পেহীৰ কথাই শুনি আহিছোঁ ৷ তাৰ হৃদয়ৰ দাপোনতো বোধকৰোঁ পেহী তাৰ মাতৃহে, মাহীমা নহয় ৷ পেহী মোৰ বাবে এক আদৰ্শ অ’ ৷ সেয়ে ৰাতি হ’লেও পেহীৰ মৰমতে তোমাক তাৰ ওচৰলৈ যাবলৈ লগ ধৰিছিলোঁ ৷”

মই নিৰুত্তৰ হৈ পৰিছিলোঁ ৷ বুকুখনত কিবা এটাই যেন হেঁচা মাৰিহে ধৰিছিল ৷ পৰিণীতাই পুনৰ কৈছিল,

“লাইটটো নুমুৱাই দিওঁ দেই প্ৰিয়ংকৰ ৷ শুই দিয়া ৷ উঠিবৰ হ’বই অলপ পিছতে ৷”

মই মনে মনে ৰৈছিলোঁ ৷ দুচকুৰ সমুখৰ আন্ধাৰৰ মাজত ছয়াময়া পোহৰত এখন ঘুৰণীয়া টেবুলৰ দুকাষে সমুখা সমুখিকৈ দুগৰাকী মহিলাৰ প্ৰতিচ্ছবি জিলিকি উঠিছিল ৷ তাৰে এগৰাকী পেহী, আৰু আনগৰাকী? এয়া যে তেজীমলাৰ মাহীমাক ৷ টেবুলখনৰ মধ্যাংশক কেন্দ্ৰবিন্দু হিচাপে লৈ সমগ্ৰ মজিয়াখন বৃত্তাকাৰে ঘুৰিবলৈ আৰম্ভ কৰিছিল ৷ লাহে লাহে গতিবেগ বাঢ়ি আহিছিল ৷ দুই মহিলাৰ কথোপকথন ৰিণিকি ৰিণিকি শুনিবলৈ পাইছিলোঁ ৷ পেহীয়ে যেন কৈছিল তেজীমলাৰ মাহীমাকক, “মাহীমা শব্দটোৰ সন্দৰ্ভত তই আমাৰ সমাজত ৰোপন কৰি যোৱা বদ্ধমুল ধাৰণাৰ মই পৰিবৰ্তন কৰিম ৷ তই আকৌ এবাৰ জিকিব নোৱাৰ ৷”

হৃদয়ৰ নিভৃত কোণত অনুভৱ কৰিছিলোঁ, হয়, পেহী এগৰাকী মাতৃ ৷ মোৰ ভাইটি বাছাৰ সতীয়া মাতৃ ৷ তেজীমলাৰ মাহীমাকক পৰাভূত কৰাৰ ক্ষমতা ৰখা এগৰাকী প্ৰকৃত মাতৃ ৷

#হয়_তেখেত_এগৰাকী_মাতৃ ৷
#খণ্ডচিত্ৰ_৭
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment