মানুহজন বৰ ৰসাল ৷ চিনি নাপাওঁ তেখেতক ৷ আগতে লগো পোৱা নাই ৷ অকস্মাতে লগ পালোঁ সেইদিনা এ টি এম এটাত ৷
মানে ডিউটিৰপৰা ওলাই এ টি এম টোৰ সন্মুখত গাড়ী ৰাখিছিলোঁ ৷ লাইনত কেইজনমান মানুহ থিয় হৈ আছিল ইতিমধ্যেই ৷ গতিকে বুজিলোঁ যে এ টি এমটোত পইচা আছে ৷ ওপৰৱালাক ধিয়ালোঁ এবাৰ ৷ তাৰো দুটা কাৰণ ৷ প্ৰথম কাৰণ, যাতে মই পইচা উলিওৱাৰ আগতেই এ টি এমটোত পইচা শেষ নহয় ৷ দ্বিতীয়টো, যাতে দুহেজাৰটকীয়াতকৈ সৰু কিবা নোট পাওঁ ৷ ভগৱানক চিন্তি লাইনত থিয় হ’লোঁ ৷ মনতে হিচাপ এটা কৰিলোঁ, মোৰ সন্মুখত মুঠ আঠজন মানুহ ৷ বেছি নহয় বাৰু, গতিকে বেছি সময় নালাগিব ৷ মোৰ সন্মুখৰজনে তেখেতৰ সন্মুখৰজনৰ লগত কিবা কথা পাতি আছিল ৷ বেলেগ কথা নহয়, সেই ‘ডিমানিটাইজেছন’ৰ কথাই ৷ মনৰ খুদুৱনি মাৰিবলৈ তেখেতক সুধিলোঁ,
“পাঁচশ টকীয়া আছেনে নাই গম পাইছে নেকি বাৰু?”
তেখেতে ক’লে,
“আছে বুলি শুনিয়েই ময়ো লাইনত ৷ আগৰ দুই এজনে উলিয়াইছেও ৷ আমিহে পাওনে নাপাওঁ ঠিক নাই ৰ’ব ৷”
ইয়াৰ পিছতে সুধিম বুলি ভাবিছিলোঁ যে কেনেবাকৈ এশটকীয়া পোৱাৰো সম্ভাৱনা আছে নেকি, মানে সিমানখিনি সৌভাগ্যৱানো হ’ব পাৰোঁ নেকি, কিন্তু প্ৰশ্নটো আহিল মোৰ পিছপিনৰপৰা ৷ ল’ৰা এজনে মাত লগালে,
“হেৰি নহয় দাদা, এশটকীয়া আছে নেকি? এশটকীয়া?”
পিছলৈ ঘুৰি চালোঁ ৷ ইতিমধ্যেই আৰু চাৰিজন লাইনত যোগ হ’লেই ৷
মোৰ সন্মুখৰ মানুহজনে তামাম ৰস পালে ৷ হোঁ হোঁৱাই হাঁহি তেখেতে ক’লে,
“আপুনি বৰ বেছিয়েই উচ্চাকাংক্ষী বুজিছে ৷”
মানুহজনৰ হাঁহি যেন বন্ধই নহ’ব ৷ পিছৰজনৰ অলপ খঙেই উঠিল ৷
“ইমানকৈ হাঁহিবলৈ কি হ’ল? কিনো একেবাৰে নুসুধিবলগীয়া প্ৰশ্নটো সুধিলোঁ?”
সন্মূখৰজনে আৰু অলপমান হাঁহি তাৰ পিছতহে কথা ক’ব পৰা হ’ল ৷
“বুজিছে, ৰাতিপুৱা পাঁচশ টকীয়া বিচাৰি ইটোৰ পিছত সিটোকৈ কেইবাটাও এ টি এম ঘুৰিলোঁ ৷ লাইনত থিয় হৈ হৈ যেতিয়াই পাঁচশটকা লাগে বুলি টিপোঁ, তেতিয়াই কেৱল ‘কেছ কেন নট বি ডিছপেন্সড’ বুলিহে ওলায় ৷ তেনেদৰেই ৰাতিপুৱা এযোৰ চেন্দেল চিঙিলোঁ ৷ এতিয়া এইটোত পাঁচশটকীয়া আছে বুলি শুনি নতুন চেন্দেল এযোৰা পিন্ধি ইয়াত আহি লাইনত ৷ আৰু আপোনাক লাগে এশটকীয়া ৷ আগতেয়োনো এ টি এমত কেইদিন এশটকীয়া পাইছিল হে? নাহাঁহি কি কৰিম কওক ৷ বুজিছে, এই পাঁচশটকীয়াতে সন্তুষ্ট হওকচোন ৷”
কথাখিনি শেষ কৰি মানুহজনে আকৌ হোঁ হোঁৱাই হাঁহি দিলে ৷ মোৰ পিছৰজন বাদ দি লাইনত থকা বাকী সকলোৱে হাঁহিলে ৷ পিছৰজনলৈ চালোঁ, লাজত মুখখন কিবা সেই ক’লা পৰি গ’ল বেচেৰাৰ ৷ তেওঁৰ মুখখন দেখি ময়ো হোঁ হোঁৱাই হাঁহি দিলোঁ ৷ তেওঁ লাজ পোৱাৰ সুখত নহয়, কিন্তু মই সুধিম বুলি ভবা কথাষাৰ নিজে সুধি মোক যে তেওঁ এই দূৰ্দশাৰপৰা বচালে, তাৰ সুখত ৷ আকৌ এবাৰ হাঁহি দিও দিয়ক, নহ’লে এনেই কয়নে যে উপকাৰীক অজগৰে খায়? হোঁ হোঁ হা হা ৷
#বাস্তৱ ৷
#দুহেজাৰ_টকীয়া_আখ্যান_২
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment