Blog Archive

Friday, December 16, 2016

কাৰণ তাই মোৰ জীয়ৰী নহয় ৷

১০ ফেব্ৰুৱাৰী, ২০১৪:
--------------------------

“এজন ডাক্তৰ হিচাপে আপুনি মোৰ লগত এনেদৰে কথা পাতিব নোৱাৰে ৷”

“ভুল ভাবিছে, এজন ডাক্তৰ হিচাপে নহয়, এজন মানুহ হিচাপেহে মই আপোনাকো এজন মানুহৰ দৰে কাম কৰিবলৈ কৈছোঁ ৷”

সুন্দৰ ৰুচিৱান পোছাক পৰিহিত পঞ্চাছোৰ্ধৰ ব্যক্তিজন মোৰ কেবিনলৈ সোমাই আহিছিল ৷ লগত তেখেতৰ সোতৰ বছৰীয়া জীয়েক ৷ আচলতে তাইক ৰাস্তাৰ কুকুৰ এটাই কেইদিনমান আগতে কামুৰিছিল আৰু সেইদিনা এণ্টি ৰেবিজ টীকাকৰণ (সৰ্বসাধাৰণৰ ভাষাত ‘কুকুৰে কামোৰা বেজী’) ৰ দ্বিতীয় দিন আছিল ৷ মানুহজনে মোক সুধিছিল,

“ছাৰ, গোটেইকেইটা ড’জেই জৰুৰীনে?”

“একদম জৰুৰী ৷ এই কাগজখনত লিখি দিয়া তাৰিখকেইটাত তাইক ইয়ালৈ আনি বেজীকেইটা দিয়াব লাগিব ৷ এটা তাৰিখো মিছ নকৰিব ৷ আমাৰ ইয়াত ফ্ৰি চাপ্লাই থাকে ৷ যদি কিবা কাৰণে যদি নিৰ্দিষ্ট তাৰিখত তাইক ইয়ালৈ আনিবলৈ নোৱাৰে, তেনেহ’লে কোনোবা ফাৰ্মাচীৰপৰা কিনি হ'লেও বেজীটো দিয়াব ৷”

মানুহজন অলপ বিৰক্ত হ’ল ৷ তেখেতে ক’লে,

“আচলতে ইয়াৰপৰা দূৰ হয় যে, সেয়ে অসুবিধা হৈছে ৷”

“ক’ত থাকে আপোনালোক?”

“চান্দমাৰী ৷”

অলপ হাঁহিয়েই উঠিল ৷ মই হাঁহি হাঁহিয়েই তেখেতক ক’লোঁ,

“কিনো দূৰৰ কথা ক’লে হে? ইয়াৰপৰা খুব বেছি চাৰি পাঁচ কিলোমিটাৰ ৷ কিমান দূৰৰপৰা আহি মানুহে বেজী দিয়াইহি ইয়াত ! বেজীটো দিয়াৰ উদ্দেশ্য এটাই, যাতে তাইৰ বেমাৰটো নহয় ৷ জানেনে, ৰেবিজ (জলাতংক) বেমাৰটো হ’লে কিমান মানুহ জীয়াই থাকে?”

“জানোঁ ৷”

“কিমান?”

“এজনো বাচি নাথাকে ৷”

“সেয়া, আপুনি জানেই দেখোন ৷ বেজীকেইটা ঠিকমতে দিয়ালে তাইৰ বেমাৰটো যে নহয়, সেয়া খাটাং ৷ তেনেক্ষেত্ৰত এই চাৰি কিলোমিটাৰ অহা যোৱা কৰাত আপোনাৰ অসুবিধা ক’ত?”

মানুহজনৰ এইবাৰ বাৰুকৈয়ে খং উঠিল ৷

“একছুৱেলী এনেদৰে সময় উলিয়াবৰ বাবে মোৰ কিমান অসুবিধা হৈছে সেয়া মইহে বুজিছোঁ ৷ আপোনালেকে বেজীটো দিব লাগে বুলি কৈ দিব, বছ, আপোনালোকৰ কাম খতম ৷ আজি দুই নম্বৰ দিনৰ বাবে আনিছোঁ, আৰু তিনিদিন আনোঁ ৷ কাম নাই আৰু ৷ ফচি থাকোঁ এনেদৰেই ৷ মোৰ সমস্যা আপুনি কিডাল বুজি পাব?”

মোৰ মুৰত কিবা এটা কথাই ক্লিক কৰিলে ৷

“এই আপোনাৰ নিজৰ ছোৱালীনে?”

“নহয়, আমাৰ সহায়কাৰী ৷ আমাৰ লগতে থাকে ৷”

ভুল নুবুজিব, কথা নাই, মোক আপোনালোকে ভুল বুজিলেও বুজক, বেয়া পালেও পাওক, কিন্তু একদম খোলাখুলিকৈ কৈছোঁ, সেই মুহূৰ্তত সেই মানুহজনৰ প্ৰতি মোৰ প্ৰচণ্ড ঘৃণা উপজিছিল ৷ মনৰ উষ্মা প্ৰকাশ কৰিয়েই তীব্ৰ ভাষাৰে তেখেতক ক’লোঁ,

“বুজিছে, আপোনাৰ কথাৰ ধৰণ দেখি মোৰ মনলৈ এই কথাটো আহিছিলেই যে এই আপোনাৰ নিজৰ জীয়ৰী হ’বই নোৱাৰে ৷ যদিহে এই ছোৱালীজনী আপোনাৰ নিজৰ জীয়ৰী হ’লহয়, তেন্তে সকলোখিনি জনা বুজা ব্যক্তি হিচাপে এইবোৰ অসুবিধাৰ কথা আপোনাৰ মনলৈ নাহিলেইহেঁতেন ৷ বৰঞ্চ খোৱা শোৱাৰপৰা আৰম্ভ কৰি তাইক আৰু বেলেগ কিবা ঔষধ লাগিব নেকি বুলি সেইবোৰ কথাহে মোক খুঁটিনাটি মাৰি সুধিলেহেঁতেন ৷ হয়তোবা বাৰেপতি সুধি থকা একেবোৰ প্ৰশ্নত মইহে ওলোটাই বিৰক্ত হ’লোহয় ৷ মন কৰিব এইটো কথা, তাই এজনী সৰু ছোৱালী, পইচা পাতিৰ ফালৰপৰা দুখীয়া হ’ব পাৰে, কিন্তু কাৰোবাৰ জীয়ৰী তাই ৷ অহা যোৱাৰ খৰচটো বাদ দি আপোনাৰ একো খৰচো নাই ৷ চৰকাৰে বিনামূলীয়াকৈ দিছে বেজীকেইটা ৷ তথাপিতো আপোনাৰ ইমান আপত্তি ৷ বয়সটো বাঢ়ি গ’লেই নহ’ব, মনটোও অলপ ডাঙৰ কৰক ৷ অলপমান মানুহ হওক ৷”

“এজন ডাক্তৰ হিচাপে আপুনি মোৰ লগত এনেদৰে কথা পাতিব নোৱাৰে ৷”

“ভুল ভাবিছে, এজন ডাক্তৰ হিচাপে নহয়, এজন মানুহ হিচাপেহে মই আপোনাকো এজন মানুহৰ দৰে কাম কৰিবলৈ কৈছোঁ ৷ আপোনাৰ লগত কথা পাতি লাভ নাই ৷ বৰঞ্চ এইৰ লগতে কথা পাতোঁ মই ৷”

ছোৱালীজনীক বেজীকেইটাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আকৌ এবাৰ বিতংভাৱে বুজাই দিলোঁ ৷ জুনিয়ৰ এজনক মতাই আনি তাইক লগত লৈ গৈ আকৌ এবাৰ তাইক গোটেই কথাখিনি বুজাই দিবলৈ নিৰ্দেশ দিলোঁ ৷ তাইক এটা কথা বাৰেপতি ক’লোঁ, যাতে যিকোনো উপায়ে তাই বেজীকেইটা নিৰ্দিষ্ট তাৰিখত লয় ৷ তায়ো বুজি পোৱা যেনেই লাগিল ৷ মানুহজন সেই সময়খিনি যেনিবা নিমাতে ৰ’ল ৷

আৰু একো নকওঁ ৷ বুজিবলগীয়াখিনিয়ে ইতিমধ্যে বুজিছেই ৷ কিন্তু দুখৰ বিষয় এয়াই যে এনে অমানুহবোৰ আপোনাৰ মোৰ নিচিনা মানুহবোৰৰ মাজতেই আছে ৷ মুখাৰ তলৰ প্ৰকৃত মুখখন আমি চিনিবহে নোৱাৰোঁ ৷ কি ঠিক, কোনো সময়ত আমাৰ ভিতৰৰ বেয়াখিনি প্ৰকট হৈ কাৰোবাৰ চকুত আমিও হয়তো অমানুহ হিচাপে থিয় দিছোঁ ৷ জীৱনটোত বহু কিবা কিবি সফলতা পাব পাৰোঁ, কিন্তু যদি মানুহ হ’ব নোৱাৰোঁ, তেন্তে সেই সকলো অসাৰ ৷ ভুল সকলোৱেই কৰে, সেই ভুল শুধৰাই মানুহ হিচাপে থিয় দিব পৰাটোহে মুখ্য কথা ৷ আহকচোন, অলপমান ‘মানুহ’ হওঁ আমি সকলো ৷ সমাজখন তেতিয়া হয়তো সুন্দৰ হৈ পৰিব ৷

#বাস্তৱ,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment