এইকেইদিন বহুত টেনচনত আছোঁ ৷ কিমান যে যত্ন কৰিছোঁ টেনচন কমাবলৈ, নাই, টেনচন কমক চাৰি বাঢ়িছেহে ৷ কমাৰ নামেই নলয় ৷ আৰু টেনছনৰ কাৰণো আকৌ সেই ভিডিঅ’ এটা ৷
সেয়া, ভিডিঅ’ বুলি কওতেই আপোনালোকৰ কেইজনমানে চাগে ভাবিলেই, মানে সেই লেটি পেটিৰ ভিডিঅ’ বুলি ৷ নহয়, ভুল ভাবিছে ৷ সেইবিধ ভিডিঅ’ নহয় ৷ মোৰ সততা বা নৈতিকতা বিষয়ক তথ্য তথা পত্নীৰ ক্ষেত্ৰত মই কিমান বিশ্বস্ত সেয়া সমজুৱাকৈ জনোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰোঁ, কিন্তু মই ইমান বুৰ্বকো নহয় যে য’তে ত’তে যেই সেই কাম কৰি কাৰোবাক মোৰ অশ্লীল ভিডিঅ’ বনোৱাৰ সুবিধাটো কৰি দিম ৷ বাৰু, বাদ দিয়ক সেইবোৰ কথা ৷ মূল কথালৈ আহোঁ ৷
কেইদিনমান আগৰ কথা ৷ লগৰ এজনে এটা ভিডিঅ’ মেছেজ পঠাইছিল ৷ টিভি কেমেৰাৰ সন্মুখত দুবছৰীয়া কণমানি এজনীক মাকে বিভিন্ন ৰাজ্যৰ ৰাজধানীৰ নাম সুধি গৈছে, আৰু তাই টপৰাই শুদ্ধ উত্তৰ দিছে ৷ এটা কথা মন কৰিবলগীয়া আছিল যে মাকে প্ৰশ্নবোৰ এখন বহীৰপৰা চাই চাই সুধিছিল ৷ অৰ্থাৎ, মাকে মনত ৰাখিব নোৱাৰা কথাবোৰো তাই মনত ৰাখিছিল ৷ এবাৰত মাকে ভুলকৈ সুধিলে প্ৰশ্নটো ৷ মাকে সোধা প্ৰশ্নটো আছিল এনেধৰণৰ, ধৰি লওক, “দিছপুৰৰ ৰাজধানী কি?” ভুল প্ৰশ্নটো শুনি তাই খিলখিলাই হাঁহিছিল ৷ অপ্ৰস্তুত মাকে লাজকুৰীয়া হাঁহি এটাৰে পুনৰ সুধিছিল, “অসমৰ ৰাজধানী কি?” তাই হাঁহি হাঁহিয়েই উত্তৰ দিছিল, “দিছপুৰ” ৷ ভাবকচোন, কিমান তীক্ষ্ণ তাইৰ স্মৃতিশক্তি, ‘আই কিউ’ কিমান বেছি ৷
কথা হ’ল, মোৰ জীয়ৰী প্ৰতিষ্ঠাৰ বয়স এতিয়া এবছৰ চাৰি মাহ ৷ এই মুহূৰ্তত তাই মা, পাপা, আইতা, ককা, মাইনা, টুটু, বেবী, বাই বাই, টা টা আদিবোৰ ধুনীয়াকৈ ক’ব পাৰে ৷ আমি সুখীয়েই আছিলোঁ, বয়স হিচাপে বিকাশ ভালেই হৈছে ৷ কিন্তু এই ভিডিঅ’টো দেখাৰ পিছৰেপৰা টেনচন আৰম্ভ হৈ গ'ল ৷
জীয়ৰীৰ লগত খুব কথা পাতোঁ ৷ তাইৰ ‘মুড’ ভালে থাকিলে তাইক সোধা প্ৰশ্নবোৰৰো তাই খুব সুন্দৰকৈ মানে দুই এটা শব্দত সলসলীয়াকৈ উত্তৰ দিয়ে ৷ যেনে ‘পু পু’ বুলি ক’লে বুজোঁ যে তাইক ফুৰাবলৈ নিব লাগে ৷ ‘পা’ মানে তাই পানী খাব ৷ ‘পাপা’ মানে তাই মোক মাতিছে ৷ ‘মেও’ মানে মেকুৰী ৷ ‘ভো’ মানে তাই ৰাস্তাৰ কুকুৰ চাবলৈ যাব ৷ কেতিয়াবা গাখীৰৰ বটলটো আনি আমাৰ হাতত দি কিবা কিবি কয়, অৰ্থাৎ তাইক গাখীৰ বনাই দিব লাগে ৷ তিনিচকীয়া চাইকেলখনৰ ওচৰলৈ আমাৰ এজনৰ কাপোৰ বা আঙুলিত ধৰি টানি নিব, অৰ্থাৎ তাইক সেইখনত উঠাব লাগে ইত্যাদি ইত্যাদি ৷
মই যদি সুধোঁ, “অ’ মাতু, মই তোমাৰ কোন হওঁ?”, তেতিয়া তাই মৰম লগা এটি হাঁহি মাৰি মৰমলগাকৈ উত্তৰ দিয়ে, “পাপা” ৷
কেতিয়াবা বহুত দীঘলকৈও উত্তৰ দিয়ে কিছুমান প্ৰশ্নৰ ৷ কিন্তু সমস্যাটো হ'ল, তাই ‘তাইৰ ভাষাত’ যি উত্তৰ দিয়ে, সেয়া মাথা মুণ্ড একো বুজি নাপাওঁ ৷ যেনে ধৰক আপুনি যদি সোধে, “দিনটো কি কৰিলা মাতু?”, তাইৰ উত্তৰটো হ’ব এনেধৰণৰ, “আবু তিনা চিকি লিকা ককা ভোঁ ৷” বুজক এতিয়া কি বুজে ৷ আমি সকলোৱেই তাইৰ এনেবোৰ কাণ্ড কাৰখানা দেখি সন্তুষ্টিৰ হাঁহি মাৰোঁ ৷ এনেদৰেই অত্যন্ত সুখী আছিলোঁ আমি ৷ কিন্তু সেই ভিডিঅ’টোৱে টেনচন আৰম্ভ কৰি দিলে ৷ নহ’ব কিয় কওক, কাৰণ আৰু আঠ মাহৰ ভিতৰত জীয়ৰীয়ে আমাৰ প্ৰশ্নবোৰ ভালদৰে বুজি পোৱা হৈ ৰাজধানীবোৰৰ নাম মুখস্থ কৰি তাইক সুধিলে তপৰাই উত্তৰ দিব পৰা হ’লেহে ভিডিঅ’টোৰ সেই ছোৱালীজনীৰ সমকক্ষ হ’ব ৷ নহ’লে আমাৰ নাক কাণ কটা যোৱা অৱস্থা হোৱাটো একেবাৰেই খাটাং ৷
মই কিবা ভুল কথা কৈছোঁ নেকি কওক ৷ নে এই কথাবোৰ আপোনাৰ কিবা অপ্ৰাসংগিক যেন লাগিছে? নে মনত খেলাইছে যে মোৰ কিবা মুৰৰ বিকৃতিয়েই ঘটিল? বেবেৰিবাং চিন্তা যেনো লাগিছে নেকি আকৌ?
এতিয়া সঁচা কথা কওঁ ৷ এইবোৰ কাম নাইকিয়া কিছুমান বেবেৰিবাং চিন্তাই ৷ সন্তানক শেষ কৰি পেলাবপৰা কিছুমান সৰ্বনাশী চিন্তা ৷ মোৰ একো টেনচন হোৱা নাই ৷ জীয়ৰীৰ তাইৰ বয়সৰ হিচাপত শাৰিৰীক তথা মানসিক বিকাশ হৈ আছে, মই তাতেই সুখী ৷ অদৰকাৰী চাপ দিয়াৰ পক্ষপাতিত্ব মই কেতিয়াও নকৰোঁ ৷ কিন্তু আমাৰ সমাজত তেনেকুৱা জধামূৰ্খ পিতৃ মাতৃৰ অভাৱ একেবাৰেই নাই যিয়ে দেখাক দেখি কাম কৰিব বিচাৰে ৷ দেখাক দেখি বেলেগৰ সন্তানে কৰিব পৰা একেখিনি কামত নিজ সন্তানত ‘পাৰ্গত’ কৰি তুলিবলৈ অপ্ৰয়োজনীয় অত্যধিক মানসিক চাপ প্ৰদান কৰে, সহজ অৰ্থত সন্তানক একপ্ৰকাৰে নিঃশেষ কৰি পেলায় ৷ অমুকৰ ছোৱালীয়ে ইমান ধুনীয়া গান গায়, আমাৰ এইয়ো গাব লাগিব ৷ অমুকৰ ল’ৰাটোৱে ইমান ধুনীয়া নাচে, আমাৰ ইয়ো নাচিব পাৰিব লাগিব ৷ বৰুৱাৰ ল’ৰাটো ডাক্তৰ হ’ল, আমাৰটোও হ’ব লাগিব ৷ পাঠকৰ ছোৱালীয়ে আই আই টিত ছিট পালে, আমাৰজনীয়েও পাব লাগিব ৷ আগৰৱালাৰ ল’ৰাটোৱে আই এ এছ ক্লিয়েৰ কৰিলে, গতিকে আমাৰটোৱেও কৰিব লাগিব ৷ হাজৰিকাৰ ছোৱালীয়ে নৱম মানতেই এখন বঢ়িয়া কিতাপ লিখি প্ৰকাশ কৰিলে, আমাৰ ইয়ো পাৰিব ৷ এই যে দেখাক দেখি আমি আমাৰ সন্তানেও একেবোৰ কামেই কৰিব পৰা হোৱাটো বিচাৰোঁ, আমাৰ প্ৰত্যেকৰে একোটা মগজু নাই জানো? নিজকে অনুধাৱন কৰাৰ ক্ষমতাকণ নাই জানো? সন্তানে কি কৰিব পৰাকৈ উপযুক্ত, কি কৰিলে ভাল হ’ব, সেইবোৰ কথাত আমি ভালদৰে পথ প্ৰদৰ্শন কিয় কৰিব নোৱাৰোঁ? জানেনে, এনে অত্যধিক মানসিক চাপৰ ফলত কিমান সন্তান বিদ্ৰোহী হৈ উঠিছে? কিমানে আত্মহননৰ পথ বাছি লৈছে? কিমান সন্তান বিপথগামী হৈছে? বুজিছে, আমি সঁচাকৈ একোজন জধামূৰ্খ ৷ কিয়? কাৰণ আমাৰ ‘দৃঢ় বিশ্বাস’ যে বেলেগৰ সন্তানে কৰা ভাল কামবোৰ আমাৰ সন্তানেও ‘নিশ্চিতভাৱে’ কৰিব পাৰিব ৷ কিন্তু বেয়া কামবোৰ? ধেৎ, আমাৰ সন্তানে তেনে বেয়া কাম কৰিবই নোৱাৰে, এই ক্ষেত্ৰত আমি ‘প্ৰচণ্ডভাৱে আত্মবিশ্বাসী’ ৷
আৰে ভাই, সন্তানক সময় দিয়ক ৷ সিহঁতক বুজক ৷ সিহঁতক পথ প্ৰদৰ্শন কৰক ৷ ভাল কৰিবলৈ উৎসাহ দিয়ক ৷ বেয়াবোৰ শুধৰাওক ৷ স্কুললৈ গৈ শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতক ৷ কোনোবাই আপোনাৰ সন্তানৰ কিবা বদগুণৰ কথা ক’লে সেই ব্যক্তিজনক বেয়া পোৱাৰ সলনি আত্মসমালোচনা কৰক ৷ সন্তানটিৰ লগত ভালদৰে বহি কথাখিনি পাতক ৷ মৰমেৰে সিহঁতৰ হৃদয় জিনক ৷ বুজক, সিহঁতৰ সমস্যা ক’ত ৷ আৰু, সেইখিনি কৰিবলৈ মোৰ ধাৰণাত আপোনাৰ একো সমস্যা হ’ব নালাগে ৷ তথাপিও বুজা নাই? সন্তানক লৈ সুখী নহয়? তেন্তে শুনক ৷ আপোনাৰ আড্ডা, পাৰ্টীৰ সময়খিনি লাহে লাহে কমাই আনি সন্তানৰ নামত উচৰ্গা কৰক সেই সময়খিনি ৷ কৰিব নোৱাৰে? তেন্তে সন্তানৰপৰাও একো আশা নকৰিব ৷
“ধন ঘটিছোঁ, সিহঁতক সকলোখিনি সা সুবিধা দিছোঁ, সিহঁতৰ লগত সময় কটাবলৈ মোৰ সময় নাই ৷ ইমানখিনি পোৱাৰ পিছত ৰিজাল্ট ভাল কৰিবই লাগিব ৷”
হেৰি, ‘ধনী ঘৰৰ নষ্ট পোৱালি’ কথাষাৰ শুনিছে নহয়, মনত ৰাখিব, জন্মতে কোনো বেয়া হৈ নাহে, জন্মতে কোনো আইনষ্টাইন হৈও জন্ম নলয় ৷
“মই ইমানখিনি কৰিব পাৰিলোঁ, সিহঁতে কিয় নোৱাৰিব?”
উত্তৰ দিয়কচোন, কিনো ইমানখিনি কৰিলে? ভাৰতৰ ৰাষ্ট্ৰপতি এজনেই ৷ সেইজন আপুনি নহয় ৷ প্ৰধানমন্ত্ৰীও এজনেই ৷ আপুনি তেখেতো নহয় ৷ বাদ দিয়ক সেইবোৰ কথা, আপোনাৰ নিজৰ কৰ্মস্থলৰ প্ৰকৃত মুৰব্বীজনো আচলতে আপুনি নহয় ৷ তেতিয়াহ’লে কিনো ইমানখিনি কৰিলে আপুনি? ৰ’ৱ, আপোনাক হীনমান্যতাত ভূগিবলৈ এইখিনি কথা কোৱা নাই, এই কাৰণেই কৈছোঁ, যে আমি নিজক লৈ সুখী হ’বলৈ যত্ন কৰাৰ দৰেই সন্তানক লৈও সুখী হ'বলৈ জানিব লাগিব ৷ সন্তানৰ উচিত পথ প্ৰদৰ্শক হ’ব পাৰিব লাগিব ৷
এই গোটেইখিনি কথাত মই ‘অত্যধিক’ ‘অপ্ৰয়োজনীয়’ মানসিক চাপৰ কথাহে বুজাইছোঁ ৷ ‘দৰকাৰী’ কিছু চাপ অত্যন্ত প্ৰয়োজনীয় ৷ সকলো কাম যদি সন্তানৰ কথামতে কৰিবলৈ যায়, তেতিয়াও হৈছে আৰু ! টিভি চোৱাৰ সলনি কোন শিশুৱে পঢ়া কামটোক প্ৰাধান্য দিব? শিশু এটিয়ে ফুৰিবলৈ যোৱা আৰু স্কুললৈ যোৱা, এই দুটা কামৰ ভিতৰত কোনটো বেছি পচন্দ কৰিব? উদাহৰণ বহুতেই ওলাব, নিজে চালি জাৰি চাব ৷
শেষত মোৰ নিজৰ কথাই কওঁ ৷ মই এনে মানুহ নহয় যে মোৰ জীয়ৰীয়ে পৰীক্ষাৰ আগৰ দিনকেইটা নপঢ়ি নুশুনি টলৌ টলৌকৈ ঘুৰি ফুৰাৰ পিছত পৰীক্ষাত ‘ফেইল’ কৰিলে “একো নাই মাতু, পৰীক্ষাত ‘পাছ’ কৰিনো কেইটা ডাঙৰ মানুহ হৈছে” বুলি মৰমেৰে আকোঁৱালি ধৰিম ৷ কিন্তু মই সেইচাম ‘জধামূৰ্খ’ৰ ভিতৰৰ এজন অভিভাৱকো নহওঁ যে ছোৱালীজনীক অপ্ৰয়োজনীয় অত্যধিক চাপ দি মানসিকভাৱে তাইক ভাৰাক্ৰান্ত কৰি তুলিম ৷ তাইৰ শৈশৱ কৈশোৰ নিঃশেষ কৰি তুলিম ৷
মোৰ আৰু একো ক’বলগীয়া নাই ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment