পাৰ্কৰ এচুকত বহি ‘তুমিও এবাৰ হুপি চোৱানা’ বুলি কৈ চিগাৰেট এটা হাতত লৈ প্ৰেয়সীৰ লগত প্ৰেমালাপত মগন হোৱা প্ৰেমিক যুগল হয়তোবা বেছ ৰোমাণ্টিক ৷
‘মাত্ৰ এটাহে খাম’ বুলি মৰমেৰে শ্ৰীমতীক মিথ্যা প্ৰতিশ্ৰুতিৰে পতিয়ন নিয়াই চিগাৰেট হোঁপা কথাটোতো হয়তোবা অপ্লাবিত মৰম সোমাই থাকে ৷
টেবুল লেম্পৰ পোহৰত গভীৰ নিশা চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাই কবিতা লিখিবলৈ বহা ভাবুক কবিজনৰ আধা পোহৰ আধা আন্ধাৰ সেই ছয়াময়া পৰিবেশো হয়তোবা বেছ কাব্যিক ৷
কিন্তু সন্তানক কোলাত লৈ চিগাৰেট হুপি হাঁহি হাঁহি কাৰোবাৰ লগত কথা পাতি থকা দেউতাকজনক দেখিলে এইবোৰ একো ‘ফিলিংছ’ নাহে ৷ বৰঞ্চ, বেয়া নাপাব, সেই দেউতাকজনৰ কাণৰ তলত ‘জাপকে’ এটা ব্ৰহ্মচৰ শোধাবলৈহে মন যায় ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment