Blog Archive

Friday, December 16, 2016

গা ধোৱাৰ চিনছিয়েৰিটী ৷

ইমানদিনে মই ঠাণ্ডা দিনত হোষ্টেলৰ ল’ৰাবোৰেহে গা ধুবলৈ বেয়া পায় বুলি ভাবি আছিলোঁ ৷ মানে হোষ্টেল জীৱনত দেখিলোঁ, ডিঅ’ড’ৰেণ্টৰ সাংঘাটিক উপকাৰিতা ৷ চাওক, এই ডিঅ’ বোলা বস্তুটোৱে গৰম দিনতেই দুদিনমানলৈ কাম দিয়ে, ঠাণ্ডা দিনত আৰু এমাহলৈ চিন্তাই নাই ৷ ৰাতিপুৱা উঠক, দাঁত মাজক, মুখখন এবাৰ ধোৱক, ফ্ৰেছ দেখিবলৈ চুলিকেইডালত অলপমান পানী সানক, ডিঅ’ কাপোৰৰ ওপৰে তলে ফিছ ফিছ মাৰক আৰু আৰামত ওলাই যাওক ৷ কোনেও পাত্তাই নাপাব গা ধুই গৈছেনে নাই ৷ কিন্তু যোৱা দেওবাৰে  গা ধুবলৈ সোমাইহে এটা কথা মনলৈ আহিল, মানে বৰ্তমান মই সেই হোষ্টেলৰ চেঙেলীয়া ল’ৰা নহয়, দুটা ল’ৰা ছোৱালী থকা এক বিবাহিত পুৰুষ ৷ ৰ’ব, কি কৈ আছিলোঁ? অ’, যোৱা দেওবাৰৰ কথা ৷ মানে দেওবাৰে দেওবাৰে মই ৰাতি শোৱাৰ আগতে ধুনীয়াকৈ গৰম পানী কৰি আধাঘণ্টামান মজা লৈ লৈ গা ধুওঁ ৷ কোনোদিনাই মিছ কৰাৰ কথাই নুঠে ৷ গৰম দিন হওক বা ঠাণ্ডা দিন হওক, কোনো কিন্তু নচলিব, মুঠতে মই গা ধুমেই ৷ কিন্তু সেইদিনা মোৰ টেমাত, মানে মোৰ মাথাত, মানে মোৰ মগজুত এটা কথা আহিল ৷ হাৰে, গৰম দিনত দেখোন ৰাতিৰ সেই সময়লৈ টেংকীৰ পানী প্ৰায় খতমেই হয়, পানী নোলাওঁ নোলাওঁকৈহে ওলায় ৷ কিন্তু এই ঠাণ্ডা দিনকেইটা আৰম্ভ হ’ল কি নহ’ল, পানীৰ স্পীড কি চাব? একদম হৰহৰাই পানী ওলাই তিলিকতে বাল্টি ভৰি গ’ল ৷ বুজিলোঁ, ইমান দিনে মোৰ এটা ভুল ধাৰণা আছিল ৷ কেৱল হোষ্টেলৰ ল’ৰাই নহয়, ফ্লেটৰ আবাসীবোৰেও ঠাণ্ডা দিনত কমকৈ গা ধোৱে বা গা একেবাৰেই নুধুৱে ৷ তাৰ পিছৰ দুটা দেওবাৰতো সেই একেই অৱস্থা ৷ ভালদৰেই বুজিলোঁ ৷ আমাৰ অসমীয়া মানুহবোৰৰ কাম কাজৰ ক্ষেত্ৰত অলপো নিযমানুবৰ্তিতা নাই, সেইকাৰণেই উন্নতিও নাই ৷ হেৰি, বেলেগ কাম কৰিব নোৱাৰে নাই, গা ধোৱা কামটোকে অন্ততঃ অলপ চিনছিয়েৰলী কৰকচোন ৷ গৰম দিন কেইটাতো যদি আপুনি গা ধোৱা নাছিল, তেন্তে মোৰ ক’বলগীয়া একো নাই ৷ কিন্তু যদিহে দিনে এবাৰকৈ হ’লেও গা ধুইছিল, তেন্তে ঠাণ্ডা দিনতো এবাৰকৈ ধোৱকচোন ৷ তেহে চিনছিয়েৰিটী মেইনটেইন হয় ৷ বুজা নাই? কেনেকৈ বুজিব? দোষ অৱশ্যে মোৰেই ৷ আপোনাক কৈ কি লাভ? গা ধোৱা কামটোও চিনছিয়েৰলী কৰিব নোৱাৰা মানুহে চিনছিয়েৰিটী শব্দটোৰ অৰ্থ কিমান চিনছিয়েৰলী বুজিব? বাৰু, বাদ দিয়ক সেইবোৰ কথা ৷ মোলৈ চাওক ৷ মোৰপৰা শিকক ৷ বুজক চিনছিয়েৰিটী মানে কি হয় ৷

ৰেডী? তেন্তে শুনক ৷

কোনো এটা কাম নিষ্ঠাৰে, সততাৰে, আন্তৰিকতাৰে কৰাটোকেই চিনছিয়েৰলী কৰা বুলি কোৱা হয় ৷ আৰু সেয়া কৰাৰ যি মনোভাৱ, সেয়াই চিনছিয়েৰিটী ৷ এতিয়া আপুনি হয়তো ভাবিছে, গা ধোৱাৰ ক্ষেত্ৰত আকৌ কিহৰ চিনছিয়েৰিটী? আছে, আকৌ মোৰ উদাহৰণকে লওক ৷ গা ধোৱাৰ ক্ষেত্ৰত মই একদম চিনছিয়েৰ ৷ গৰম দিন বা ঠাণ্ডা দিন বুলি কথা নাই, মই গা ধুমেই ধুম ৷ প্ৰত্যেক বাৰতেই আধাঘণ্টাকৈ ৷ প্ৰত্যেক সপ্তাহত এবাৰ ৷ প্ৰত্যেক দেওবাৰে ৰাতি শ্বাৰ্প নবজাত ৷

মোৰ ভাইটিয়েও এই কামটো বহুত চিনছিয়েৰলী কৰে ৷ হওতে যেনিবা মোতকৈ সি অলপ কমকৈ গা ধোৱে ৷ কিন্তু টাইম টেবুল পুৰা মেইনটেইন কৰে ৷ প্ৰত্যেক ইংৰাজী মাহৰ  পহিলা দিনটোৰ পুৱা সাত বজাত সি এঘণ্টাকৈ গা ধোৱে ৷  এতিয়া বুজিলেটো? ছিনছিয়েৰিটি মানে কি?

#অলপ_ধেমালি ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment