“উঠাচোন প্ৰিয়া, উঠানা প্লিজ ৷”
ইমানকৈ মাতি থকা স্বত্বেও তুমি সাৰ পোৱা নাই ৷ একাটি হৈ শুই থকা অৱস্থাত টোপনিতেই তুমি যেন কিবা ধ্যানত মগ্ন ৷
তোমাৰ চকুত পানী ৷ বৈ পৰা চকুলোৱে গাৰুটো ভিজাই পেলাইছে ৷ কিয় কান্দিছা প্ৰিয়া? নাকান্দিবা অ’ ৷ মানি লৈছোঁ, সেমেকা দুচকুৰে অভিমান প্ৰকাশ কৰি মোৰ বুকুৰ মাজত সোমাই পৰা তোমাৰ মুখখনিয়ে মোক আপোন পাহৰা কৰে ৷ কিন্তু তোমাৰ দুখৰ চকুলোৱে মোৰ বুকু কঁপাই তোলে অ’ ৷ চকুলোখিনি মোহাৰি পেলোৱা প্লিজ ৷
উদিত সূৰ্য্যৰ দৰেই উজ্জ্বল ৰঙা ৰঙেৰে তোমাৰ কপালত জিলিকি আছে সেয়া তোমাৰ শিৰৰ সেন্দুৰ ৷
“জানানে ৰূপায়ন, শিৰৰ সেন্দুৰকণ মোৰ বাবে কেৱল এক অলংকাৰ নহয় ৷”
তুমি কৈছিলা ৷ মোৰ হাঁহি উঠিছিল ৷ বিবাহিত জীৱনত এই সাধাৰণ ৰঙা পাউডাৰসদৃশ বস্তুবিধৰ মহত্বই বা কিমান ৷
“আমাৰ ভালপোৱা ইমান তৰল নহয় অ’ প্ৰিয়া, যে তোমাৰ সেন্দুৰকণেহে মোক দীৰ্ঘায়ু কৰিব ৷ তুমি মোক ভাল পোৱা, সেয়াই যথেষ্ট ৷ সেন্দুৰ লোৱা নোলোৱাটোৱে মোৰ বাবে একো মান্যতা নাৰাখে ৷”
মই কৈছিলোঁ ৷ অলপমান যেন তাচ্ছিল্যৰ পৰশ আছিল সেই কথাখিনিত ৷ তুমি এটি মিচিকিয়া হাঁহিৰেই আলোচনাটি সামৰিছিলা ৷ কিন্তু জানানে প্ৰিয়া, তোমাৰ শিৰৰ এই সেন্দুৰকণে বিবাহৰ পঞ্চাশ বছৰৰ পিছতো মোক আজিও বহু বেয়া কামৰপৰা আঁতৰাই ৰাখিছে ৷
“উঠানা প্ৰিয়া, প্লিজ উঠা ৷”
নাই, তুমি সাৰ পোৱা নাই এতিয়াও ৷ তোমাৰ চকুলোখিনি যত্ন কৰিও মই মোহাৰিব পৰা নাই ৷ তোমাক গাত হেঁচুকি হেঁচুকিও মই তোমাক জগাব পৰা নাই ৷ কি হৈছে প্ৰিয়া তোমাৰ? মোৰ চিন্তা বাঢ়ি আহিছে ৷ তোমাৰ বুকুত কাণখন ৰাখিছোঁ ৷ নাই, তোমাৰ হৃদপিণ্ড যেন স্তব্ধ ৷ তাৰমানে? তাৰমানে তুমি কি মোৰ বাবে এটি মাথো সুমধুৰ স্মৃতি হৈ পৰিছা? নাই প্ৰিয়া, তুমি মোক এনেদৰে এৰি যাব নোৱাৰা ৷ তুমি দেখোন জানাই, ইমান দুখৰ বোজা বহন কৰিব পৰাকৈ মোৰ কলিজাটো একেবাৰেই দুৰ্বল ৷
“উঠানা প্ৰিয়া, প্লিজ উঠা ৷ এবাৰ উঠি বহানা ৷ মোক আকৌ এবাৰ ৰূপায়ন বুলি মাতানা ৷”
নাই, তোমাৰ সঁহাৰি নাই ৷ মোক এনেদৰে তুমি নিঠৰুৱা কৰিব নোৱাৰা ৷ উস, মোৰ বুকুখনত দেখোন এক অসহ্য বিষ উঠিছে, মোৰ দুচকু জাপ খাই আহিছে ৷ বিচনাখনত মই ঢলি পৰিছোঁ ৷
কিমান সময় পাৰ হ’ল বাৰু প্ৰিয়া? সাৰ পাই দেখোঁ, তুমি একেদৰেই বাগৰি আছা ৷
“প্ৰিয়া ৷”
তুমি উঠি বহিছা ৷ বুকুখন এক মানসিক প্ৰশান্তিত শাঁত পৰিছে ৷ তুমি মোলৈ এপলক চাইছা, কিন্তু তোমাৰ দৃষ্টিত দেখোন কেৱলমাত্ৰ শূণ্যতা ৷ তুমি চকুলোখিনি মোহাৰিছা, কিন্তু ক্ষীপ্ৰতাৰে নতুন চকুলোৱে আগৰখিনিৰ স্থান লৈছে ৷
ই কি প্ৰিয়া? তোমাৰ কপালখন আজি দেখোন উকা? আজি পোনপ্ৰথমবাৰৰ বাবে তুমি হয়তোবা মোৰ নামত সেন্দুৰ ল’বলৈ পাহৰিছা ৷ তোমাৰ পোচাকো দেখোন উকা? উকা কপাল আৰু শুভ্ৰ কোমল চাদৰ মেখেলাযোৰেৰে তোমাক যে ইমান বয়সিয়াল যেন লাগিছে ৷ তুমি মজিয়াত কিয় শুইছা? তাকো সামান্য এখন পাটী পাৰি লৈ? এনেদৰে কষ্ট নকৰিবা প্ৰিয়া, ঠাণ্ডা পাবা ৷
বেজাৰ পাইছোঁ, মোৰ কথা বতৰাৰ প্ৰতি তোমাৰ দেখোন একো সঁহাৰিয়েই নাই ৷ তুমি আকৌ এবাৰ চকুলো মোহাৰিছা ৷ এইবাৰ তুমি আৱেগেৰে মূৰৰ শিতানত ৰখা ফটো এখনলৈ দৃষ্টি নিক্ষেপ কৰিছা ৷ সমুখত এগছি প্ৰজ্জ্বলিত বন্তিৰে ফুলৰ মালাৰ মাজত সেইখন দেখোন মোৰ নিজৰেই প্ৰতিচ্ছবি ৷ তাৰমানে, যোৱাকালি মই নিজেই অতীত হৈ গ’লোঁ? উস, বুকুখন আকৌ এবাৰ বিষাই উঠিছে প্ৰিয়া ৷ তোমাৰ অবিহনে মৃত্যুৰ পিছতো যে মই একেবাৰেই নিঃসংগ ৷ মই যেন নিজৰেই নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছোঁ ৷ তোমাৰপৰা বিচ্ছেদৰ আশংকাই মোক ক্ৰমান্বয়ে নিঃশেষ কৰি পেলাইছে ৷ মই কান্দিছোঁ প্ৰিয়া ৷ চিঞৰি চিঞৰি কান্দিছোঁ ৷ তুমি হয়তোবা শুনা নাই ৷ প্লিজ প্ৰিয়া, এনেদৰে এক দুখৰ জীৱন পাৰ নকৰিবা, মোৰ ভাল নালাগিব ৷ কাবৌ কৰিছোঁ, এই উকা কাপোৰসাজ আৰু কেতিয়াও নিপিন্ধিবা…
#কল্পনা,
#গল্প_বা_আন_কিবা,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷