ছোৱালীজনী মোতকৈ বহু বছৰৰ জুনিয়ৰ ৷ তাইৰ বিয়ালৈ মাতিছিল, কিন্তু কিবা অসুবিধাৰ বাবে যাব পৰা নাছিলোঁ ৷ সেইদিনা অত বছৰৰ মূৰত গিৰিয়েকৰ লগত মোৰ চেম্বাৰ ওলাইছিলহি, পুতেকৰ অন্নপ্ৰাসনৰ নিমন্ত্ৰণ দিবলৈ ৷ মনতে ঠিৰাং কৰিলোঁ, এইবাৰ মিচ নকৰোঁ, যাবই লাগিব ৷ জুনিয়ৰজনীলৈ মন কৰিলোঁ, আগৰ সেই ক্ষীণ মীন ছোৱালীজনী স্বাস্থ্যৱতী হ’ল, মিছা ক’লে কিডাল হ’ব, আচলতে একেবাৰে বেলুন ফুলাদি ফুলি গ’ল ৷ আৰু মোৰ এই ফটা মুখখনেদি একো নভবাকৈয়ে ওলাই গ’ল,
“তোমাৰ স্বাস্থ্য বহুখিনি ভাল হৈছে আগতকৈ ৷”
যিটোহে চাৱনি দিলে ঐ, আগৰ যুগৰ ঋষি মুনিৰ চাৱনি হোৱা হ’লে ভষ্মই হ’লোঁহেঁতেন ৷ ভাগ্যক্ৰমে মগজুটোৱে মাত দিলে,
“মানে আগতকৈ শ্লিম হ’লা তুমি ৷ বিদ্যা শপত ৷”
উস, এইবাৰৰ লাজুক লাজুক মোলায়েম হাঁহিটিত যেন পুষ্প বৰষিছিল ৷ বাচিলোঁ বুজিছে, ভগৱানেহে বচালে আৰু ৷
সেইদিনাৰপৰা মোৰ নতুন প্ৰতিজ্ঞা, মহিলাৰ বয়সৰ কথা সুধিবলৈ কোনোবা যুগতেই বাদ দিলোঁ, আজিৰপৰা মহিলাৰ স্বাস্থ্যৰ কথাও কেতিয়াও নকওঁ ৷ মানে বাদ দিয়ক হে, অকালতে মৰিবলৈ শাওপাতৰ কিবা আকাল লাগিছেনে !
#কিছু_ধেমালি ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment