আপুনি এগৰাকী মহিলা ৷ জীৱনত পোনপ্ৰথমবাৰৰ বাবে আপুনি সন্তানসম্ভৱা ৷ বিবাহিত জীৱনটোত আপুনি বহু উত্থান পতনৰ সন্মুখীন হৈছে ৷ কোনো সময়ত আপোনাৰ মনলৈ হয়তোবা এনে ভাবো আহিছে, এই মানুহজনৰ লগত বিয়াত বহাটোৱেই যেন আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল ৷ হতাশাগ্ৰস্ত হৈ হয়তোবা কেতিয়াবা কোনোসময়ত কিবা চৰম সিদ্ধান্ত লোৱাৰ কথাও আপোনাৰ মনলৈ আহিছে ৷ কোনোসময়ত আকৌ ভাব হৈছে, আপোনালোক দুয়োজনেই দুয়োজনকেই হয়তোবা গভীৰভাৱে ভাল পায়, কিন্তু দুয়োজনেই ক’ৰবাত যেন কিবা প্ৰকাৰে বিভ্ৰান্ত ৷
এতিয়া আপুনি এখন চিকিৎসালয়ৰ কোঠা এটাৰ বিচনা এখনত বাগৰি আছে ৷ আপোনাৰ প্ৰসৱ বেদনা আৰম্ভ হৈছে ৷ এইটো এক এনেধৰণৰ বেদনা, যিটো এগৰাকী মাতৃয়েহে অনুভৱ কৰিব পাৰে ৷ আপোনাক যিকোনো মুহূৰ্ততে প্ৰসূতিকক্ষলৈ স্থানান্তৰিত কৰিব পাৰে ৷ বিষতকৈও আপোনাৰ ভয়টোহে যেন লাহে লাহে বাঢ়ি আহিছে ৷ আপুনি আপোনাৰ পুৰুষজনৰ পিনে দৃষ্টি নিক্ষেপ কৰিছে, যি সেই মুহূৰ্তত আপোনাৰ লগত থাকি আপোনাক শুশ্ৰুষা কৰি থকা একমাত্ৰ পৰিচাৰকজন ৷ বন্ধ দুচকুৰে তেখেত সম্ভৱতঃ নেদেখাজনক নীৰৱে প্ৰাৰ্থনা কৰিছে ৷ চকু খুলিয়েই আপোনাক দেখি উৎকণ্ঠাৰ ৰেশযুক্ত মিচিকিয়া হাঁহি এটিৰে তেখেত আগুৱাই আহি আপোনাৰ দুহাত আঁকোৱালি ধৰি আপোনাৰ কপালত তেখেতে আবেগেৰে চুমা এটি যাচিছে ৷
“চিন্তা নকৰিবা ৷ সকলো ঠিক হৈ যাব ৷ মই আছোঁ নহয় ৷”
তেখেতে আপোনাক কৈছে ৷ আপুনি অনুভৱ কৰিছে, যদিও শাৰীৰিকভাৱে আপুনিহে এই সমস্ত বেদনা ভূগিবলগীয়া হৈছে, মানসিকভাৱে তেখেতেও যেন একেখিনি কষ্টৰ মুখামুখি হৈছে ৷ আপুনি বুজিব পাৰিছে, তেখেত আপোনাৰ বাবে চিন্তিত ৷ অকস্মাতে আপুনি অনুভৱ কৰিছে, হয়, তেখেতে আপোনাক সঁচাকৈয়ে ভাল পায় ৷ আৰু, সেই অনুভূতিখিনি যে একেবাৰেই অমূল্য ৷ অপূৰ্ব ৷ অনন্য ৷
#সেই_অতুলনীয়_অনুভূতিবোৰ,
#খণ্ডচিত্ৰ_১,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment