আপুনি এজন কলেজীয়া ছাত্ৰ ৷ সহপাঠী বাসৱীক আপুনি একপক্ষীয়ভাৱে প্ৰাণভৰি ভাল পায় ৷ কিন্তু আপোনাৰ মনৰ অৱস্থাৰ বিষয়ে বাসৱী যে একেবাৰেই অজ্ঞ ৷
ক্লাছৰ শেষত ঘৰলৈ বুলি বাছখনত উঠিয়েই আপুনি বাসৱীক দেখিলে ৷ বাছখনৰ পিছৰপিনৰ খিৰিকীৰ কাষৰ চিট এটাত বহি বাহিৰলৈ চাই তাই যেন কিবা ভাবত মগ্ন ৷ তাইৰ কাষৰ চিটটো খালী ৷ তাইৰ ওচৰলৈ বুলি আপুনি এখোজ আগবঢ়াইছে ৷
“ধপ ধপ, ধপ ধপ, ধপ ধপ, ধপ ধপ ৷”
আপোনাৰ বুকুৰ কঁপনি বাঢ়ি আহিছে ৷ নাই, আপুনি নোৱাৰিলে ৷ সমুখৰ চিট এটাতে বেগটো ৰাখি আপুনি বাছখনৰপৰা নামি পৰিল ৷ নাই, আপুনি বাহিৰতো শান্তি পোৱা নাই ৷ পাঁচমিনিটমানৰ পিছতে আপুনি পুনৰ বাছখনৰ ভিতৰলৈ উঠি আহিল ৷ অজানিতেই এইবাৰ চাৰি চকুৰ মিলন ঘটিল ৷
“আৰে অংশুমান, আগত বহিবা নেকি? আহা, ইয়াতে বহিবা আকৌ ৷”
একো নভবাকৈয়ে তাইৰ কাষৰ চিটটোলৈ দেখুৱাই বাসৱীয়ে আপোনাক ক’লে ৷ আপুনি সমুখৰ চিটটোৰপৰা বেগটো উঠাই বাসৱীৰ ওচৰলৈ বুলি আগবাঢ়িলে ৷ ওঁঠত আপোনাৰ বিশ্ববিজয়ী হাঁহিৰ পৰশ, মনত আপোনাৰ ৰক্ত জৱা, হৃদয়ত এটি ৰঙা গোলাপ ৷
পোনপ্ৰথমবাৰৰ বাবে আপুনি আজি বাসৱীৰ লগত একেলগে বহিব ৷ পূৰা এঘণ্টা সময় মনৰ নহ’লেও ইটো সিটো কথা পাতিব ৷ আৰু, সেই অনুভূটিখিনি যে একেবাৰেই অতুলনীয় ৷ অমূল্য ৷ অপূৰ্ব ৷ অনন্য ৷
#সেই_অতুলনীয়_অনুভূতিবোৰ,
#খণ্ডচিত্ৰ_২,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment