মানে, কথা এটা সুধোঁ, মানে সুধিছোহে দেই, মোৰ মনত একো বেয়া ভাব নাই, মানে আপোনালোকে জানেই, মই মানুহটো বেয়া নহয়, ভালেই ৷ মানে কথাৰ কথাটোহে সুধিছোঁ, দায়দোষ নধৰিব আৰু ৷ মানে, এই যে ফে’চবুকৰ মেচেজ, ক’মেণ্টকে আদি কৰি বিভিন্ন লিখা মেলা ক্ষেত্ৰত মন গ’লেই আমি কাৰোবাক চকু টিপিয়াই দিওঁ, কাৰোবাক ঢেক ঢেকাই হাঁহোঁ বা বেলেগ কিবা কিবি স্মাইলী দি থাকোঁ, ল’ৰা, ছোৱালী, পুৰুষ, মহিলা নিৰ্বিশেষে সকলোৰে ক্ষেত্ৰত একেই, নহয় জানো? কোনেও একো নাভাবে, নহয়নে? ভাবকচোন, অলপ ভালদৰে ভাবক ৷ বাস্তৱ ক্ষেত্ৰতো যদি সেইটো কৰিব পাৰিলোঁহেঁতেন ! যেনে ধৰক, ৰাস্তাইদি বৰ ধুনীয়া, মানে একেবাৰে ধৰক ঐশ্বৰ্য ৰায়ৰ দৰে ছোৱালী এজনী গৈ আছে, আপুনি তাইলৈ চাই চকু টিপিয়াই দিলে, তায়ো প্ৰত্যুত্তৰত আপোনালৈ চাই ভূবন ভোলোৱা হাঁহি এটি মাৰি চকু টিপিয়াই থৈ গ’ল ৷ উস, মানে ভাবিয়েই কিবা এটা ভাল লাগি যায় বুইছেনে? মানে কিবা সেই ৰিমঝিম ৰিমঝিম আৰু ৷ কেতিয়াবা কেতিয়াবা দুখেই লাগি যায়, বোলো সেই বয়স কেতিয়াবাই পাৰ হৈ গ’ল, একো কৰাহে নহ’ল ৷ মানে আকৌ কৈছোঁ দেই, মানে কথাৰ কথাটোহে কৈছোঁ, মানে তেনেকুৱা সুবিধা পালে চকু টিপ এটা মাৰিবলৈ বেয়া নাপাম, বেয়া পাম বুলি কৈ ব্ৰহ্ম ফাঁকি এটা নিদিওঁ বাৰু, কিন্তু বুজিছেই নহয়, এতিয়া বয়স হ’ল, ছোৱালী এজনীৰ বাপেক হ’লোঁ, এই বয়সত শ্ৰীমতীৰ বেলনা বাৰীৰ কোব খাবলৈ মন নাই আৰু ৷ মানে সুধিছোহে দেই, মানে যদিও পেটে পেটে মন নথকা নহয়, মানে আপোনালোকে দেখোন জানেই, মই মানুহটো বেয়া নহয়, ভালেই ৷ মানে…… :-)
#মানে_অলপ_ধেমালি,
#মানে_সঁচাও_হ’ব_পাৰে,
#মানে_আৰু_একো_নকওঁ,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
No comments:
Post a Comment