Tuesday, February 07, 2017

চেলেঞ্জ

সৰগ বা নৰকৰ দুৱাৰদলিত দুটি আত্মাৰ কথোপকথন ৷

প্ৰথমটো আত্মাই ক’লে, “মদ খোৱাটো মই ফূৰ্তিৰ উৎসৱ হিচাপে গণ্য কৰিছিলোঁ ৷ টেঁটুৰ গুৰিলৈকে মদ খাই দোৰোল খোৱা জিভা আৰু আধামুদা চকুৰে নাকৰ পোনে পোনে গাড়ী চলাব পৰাটো মই চেলেঞ্জ হিচাপে লৈছিলোঁ ৷”

আনটি আত্মাৰ দুচকু সেমেকি উঠিল ৷

“আপোনাৰ চেলেঞ্জে মোৰ সুখী পৰিয়ালটো চাৰখাৰ কৰি পেলালে ৷”

#অণুগল্প_২,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

No comments:

Post a Comment