Thursday, January 14, 2016

আপোন পৰ ৷

ভূমিকম্পটো বহুত ডাঙৰেই আছিল ৷ জখলা এডালত উঠি ইলেক্ট্ৰিকেল প'ষ্ট এটাত কিছু সময় আগেয়ে জ্বলি যোৱা তাঁৰ অলপ মেৰামতিৰ কামত লাগি আছিল নাইট ডিউটিত থকা বিপ্লৱ ৷ তলৰপৰা টৰ্ছ মাৰি পোহৰ দেখুৱাই জখলাপাত ধৰি থকা সহকাৰীজনে ভয় খাই জখলা এৰি দৌৰিবলৈ আৰম্ভ কৰিছিল ৷ বিপ্লৱেও বহুত ভয় খাইছিল ৷ এই শেষ হ'ব, এই শেষ হ'ব বুলি ভাৱ হোৱা ভূমিকম্পটোৱে পৃথিৱীখন প্ৰায় আধা মিনিটমান  জোকাৰি আছিল ৷ জীৱনত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ ভূমিকম্পৰ সন্মূখীন হৈছিল সি ৷  পৰি নোযোৱাকৈ থাকিবলৈ জখলাপাতত ভৰি ৰাখি ইলেক্ট্ৰিকেল প'ষ্টটোতে জোৰেৰে সাৱতি ধৰিছিল বিপ্লৱে ৷ ভাগ্যক্ৰমে কাৰেণ্টৰ কানেকচনটো কাটি থোৱা আছিল ৷ তললৈ নামিবলৈও সাহ কৰিব পৰা নাছিল সি, কিজানিবা জখলাডাল পৰিয়েই যায় ৷ অলপ পিছত সহকাৰীজন আহি জখলাডাল ধৰি দিয়াত ভগৱানৰ নাম লৈ বিপ্লৱ তললৈ নামি আহিল ৷

ইমানপৰে ভূমিকম্পৰ লগতে ওপৰৰপৰা পৰি যোৱাৰ ভয়ত, মানে নিজৰ প্ৰাণ বচোৱাৰ স্বাৰ্থত তাৰ চিন্তা ভাৱনা শক্তি যেন বিলুপ্ত হৈ গৈছিল ৷ তললৈ আহিয়েই তাৰ মাক দেউতাকৰ লগত ঘৰত এৰি থৈ অহা ঘৈণীয়েক আৰু কণমানিটোলৈ মনত পৰিল ৷ বুকুখন একমুহুৰ্তৰ বাবে কঁপি উঠিল ৷ একো অসুবিধা হোৱা নাইটো সিহঁতৰ? তৎক্ষণাত মবাইলটো উলিয়াই ঘৈণীয়েকৰ নম্বৰটো ডায়েল কৰিলে ৷ নাই, বিজী হৈ আছে নম্বৰটো ৷ একেৰাহে কেইবাবাৰো যত্ন কৰাৰ অন্তত পাঁচ মিনিটমানৰ মূৰত ঘৈণীয়েকৰ নম্বৰটো বাজি উঠিল ৷

"সকলো ঠিকে আছেনে মানসী?"

"নক'বা আৰু, অলপ ভয় খালোঁ ঠিকেই, কিন্তু ভগৱানৰ কৃপাত একো অসুবিধা হোৱা নাই ৷ তোমাৰ?"

"ময়ো ঠিকে আছোঁ দিয়া ৷ মাহঁতৰ কিবা অসুবিধা হৈছিল নেকি?"

"নাই, মায়ে ভূমিকম্প অহাৰ লগে লগে মোক জগাইছেহি ৷ এতিয়াও ওচৰতে আছে ৷"

ঘৈণীয়েকক বিপ্লৱে হও হওকৈ নোহোৱা দূৰ্ঘটনাটোৰ কথা ঘূূণাক্ষৰেও নজনালে ৷ বেছিকৈ টেনচন ল'ব মানুহজনীয়ে ৷ সুখত আছে, সুখতে থাকক ৷ টেনচন দি ৰাতি টোপনি ক্ষতি কৰোৱাৰ কোনো প্ৰয়োজন নাই ৷ বিপ্লৱে এইবাৰ শহুৰেকৰ নম্বৰত ডায়েল কৰিলে ৷ এনেয়েও তেখেতসকলৰ তীব্ৰ আপত্তিক নসাৎ কৰি মানসীৰ লগত প্ৰেমবিবাহত আৱদ্ধ হোৱাৰ দিন ধৰি শাহুৱেকহঁতে বিপ্লৱক কিবা যেন প্ৰতিদন্দ্বী হিচাপেহে গণ্য কৰে ৷ আন্তৰিকতা অলপোৱেই আনিব পৰা নাই তেখেতসকলে ৷ বিপ্লৱে অৱশ্যে সম্পৰ্কটো বচাই ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই ৷ শহুৰেকে ফোনটো ধৰি ক'লে,

"হেল্ল'  !"

"মই বিপ্লৱে কৈছোঁ দেউতা ৷"

"গম পাইছো, কোৱা ৷"

"সকলো ঠিকে আছেনে দেউতা ? আপোনালোকৰটো একো অসুবিধা হোৱা নাই?"

"নাই নাই, একো অসুবিধা হোৱা নাই ৷ ৰ'বা, এওঁ কথা পাতে বোলে তোমাৰ লগত ৷"

শাহুৱেকে ফোনটো ধৰিলে ৷

"কওক মা ৷"

"মই অলপ আগতে মানসীলৈ ফোন কৰিছিলোঁ বিপ্লৱ ৷ তাইক কৈছোঁ, গতিকে তোমাকো কওঁ, তোমাৰ নাইট ডিউটি থকা কেইদিন 'আমাৰ' মানসীক তুমি আমাৰ ঘৰত থৈ যাবা ৷ ছোৱালীজনী ৰাতিখন অকলে অকলে তাত থাকিলে বৰ ভয় লাগে ৷ তাতে আকৌ এই ভূমিকম্পবোৰটো আছেই ৷"

"বাৰু ভাবি চাম মা ৷"

বিপ্লৱৰ বহুত দুখ লাগি গ'ল ৷ এনেয়েও সি অলপমান বেছিকৈয়ে অনুভূতিশীল ৷ আত্মীয়ৰ মৰম আকলুৱা ৷ সি যেনে তেনে মৰাৰপৰা বাচিছে, তাৰ খবৰ ল'বলৈ শাহুৱেকৰ মনলৈয়ে নাহিল, কিন্ত ভূমিকম্প অহাৰ লগে লগে ইমান ৰাতিখনো ফোনত 'নিজৰ' জীয়ৰীক তাৰ নাইট ডিউটিৰ কেইদিন তেখেতসকলৰ ঘৰত থ'বলৈ ক'বলৈ হ'লে নাপাহৰিলে ৷ বেলেগ এদিন হোৱা হ'লে বিপ্লৱে বিশেষ একোৱেই নাভাবিলেহেঁতেন, কিন্তু আজিৰ এই বিপৰ্য্যয়ৰ দিনটোত বিপ্লৱ শোকাহত হৈ পৰিল ৷ ভূমিকম্প কেৱল ৰাতিয়েই আহিব বুলিটো কোনো কথা নাই ৷ জখলাৰ ওপৰৰপৰা কেনেবাকৈ পৰি যোৱা হ'লে হয়টোবা তাক বচোৱাটোৱেই মুস্কিল হ'লহয় ৷ তাৰ লগৰ এজন ঢুকাইছেই তেনেদৰে কেইমাহমান আগতে ৷ তাৰোপৰি নিজৰ বিবাহিতা স্ত্ৰীক কেনেদৰে ৰক্ষণাবেক্ষণ দিব লাগে সেয়া অন্ততঃ তাক শাহুৱেকে শিকোৱাৰ প্ৰয়োজন নাই৷ মনৰ দুখতে সি শাহুৱেকক ক'লে,

"আপুনি এতিয়ালৈ মোৰ খবৰ এবাৰো নল'লে মা ৷"

"এহ, তুমি ল'ৰা মানুহটোৰনো কি হ'ব?"

"ল'ৰা মানুহ বুলি কোনো কথা নাই মা ৷ সকলোখিনি আন্তৰিকতাৰহে কথা ৷ দূৰত্ববোৰ আমিহে সৃষ্টি কৰোঁ, অঘটনে ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাৰাখে মা !"

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Wednesday, January 06, 2016

একেবাৰেই সৰু কথা এটা ৷

বাছখনত খুব হেঁচা ঠেলা ৷ পান জপাদি মানুহ উঠাই আনিছে ৷ কেইজনমান চেমনীয়া দৰ্জাত ওলমিয়েই আহিছে ৷ একেবাৰে শেষৰ দীঘলীয়া চিটটোৰ সন্মূখত ঠিয় হৈ অহা কলেজীয়া ছোৱালীজনীয়ে বহু অস্বস্তি পাইছে ৷ আগ, পিছ, মুঠতে চাৰিওকাষে মানুহে আগুৰি ধৰা অৱস্থা এটা ৷ লৰচৰ কৰিবলৈও উপায় নাই ৷ অকস্মাতে তাইৰ ভাৱ হ'ল, তাইৰ নিতম্বত যেন কোনোবাই স্পৰ্শ কৰিছে ৷ চাৰিওপিনে চালে তাই ৷ নাই, সকলো দেখোন নিজক লৈয়ে ব্যস্ত ৷ তাই ভুলকৈয়ে  ভাবিছিল, কাৰোবাৰ হাত বা অন্য অংশ অসাৱধানবশতঃহে তাইৰ পিছফালে লাগিছিল ৷ এনেয়ো ইমান ভীৰত এনেকুৱা হোৱাটো একেবাৰেই স্বাভাবিক ৷ অলপ সময় সুকলমে পাৰ হ'ল ৷ তাৰ পিছতে তাই অনুভৱ কৰিলে, তাইৰ ধাৰণা ভুল নাছিল, সঁচাকৈয়ে কোনোবাই তাইৰ তপিনাত হাতেৰে মোহাৰিব ধৰিছে ৷ গাতে গা লাগি থকা মানুহৰ ভীৰত তলৰফালে দেখা পোৱাৰো একো অৱকাশেই নাই ৷ কাৰ হাত হ'ব পাৰে সেইখন? কিংকৰ্তব্যবিমুঢ় হ'ল ছোৱালীজনী ৷ কি কৰা উচিত হ'ব তাই? প্ৰতিবাদ নেদেখি তাইৰ দেহৰ ওপৰত হাতখনৰ অনধিকাৰ আগ্ৰাসনৰ মাত্ৰা আৰু অধিক চৰিল ৷ অৱশেষত উপায়ন্তৰ হৈ তাই চিঞৰি উঠিল ৷ বাছখন ৰখাই দিলে ড্ৰাইভাৰে ৷ সকলোৱে তাইৰ পিনে চালে ৷ তাই নিজেও যেন হতবাক হ'ল ৷ কোনে কৰিব পাৰে এনে অভদ্ৰামি? সকলোবোৰেই দেখোন দেখাত একো একোজন ভদ্ৰলোক ৷ বয়সস্থ মহিলা এগৰাকীয়ে সোধাত তাই ঘটনাটো বিৱৰি ক'লে ৷ যাত্ৰীসকলৰ এজনে আনজনলৈ চালে ৷ কোনোবাই ভিতৰি ভিতৰি আসুৰিক ৰসপান কৰিলে ৷ আগৰ চিটত বহি অহা ভদ্ৰলোক এজন অতিশয় বিতুষ্ট হৈ পৰিল ৷

তেওঁ চিঞৰিলে,

"অই ড্ৰাইভাৰ, গাড়ী চলা ৷ ইমান সৰু কথা এটাৰ বাবে ইমান হুলস্থুল কৰিব লাগেনে?"

বয়সস্থ মহিলাগৰাকীয়ে ভদ্ৰলোকজনৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিলে ৷ ভদ্ৰলোকজনক উদ্দেশ্যি তেখেতে ক'লে,

"ইমানবোৰ মানুহেৰে গিজগিজাই থকা অৱস্থাত ছোৱালী এজনীৰ লগত এনে জঘন্য কাম কৰা হৈছে, আপোনাৰ তেনেদৰে ক'বলৈ বেয়া লগা নাইনে?"

অন্য এজন যাত্ৰীয়ে চিঞৰি উঠিল,

"গাড়ী চলা ড্ৰাইভাৰ ৷ দেৰি হৈছে ৷"

ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলে ৷ গাড়ীৰ ইঞ্জিন আৰু পুৰণি মিউজিক চিষ্টেমৰ কোলাহলত মহিলাগৰাকীৰ প্ৰতিবাদৰ ভাষা ধুসৰ হৈ পৰিল ৷ বাকী ভাল যাত্ৰীসকলৰ কোনেও টু শব্দ এটাও উচ্চাৰণ নকৰিলে ৷ সঁচা কথা, আমাৰ দৰে ভদ্ৰ মানুহেৰে ভৰপূৰ সভ্য সমাজ এখনত ছোৱালী বা মহিলা এগৰাকীৰ সন্মানত আঘাত হনাটো যে একেবাৰেই সৰু কথা ৷

ছোৱালীজনীয়ে ড্ৰাইভাৰক গাড়ী ৰাখিবলৈ কৈ মাজ ৰাস্তাতে নামি পৰিল গাড়ীৰপৰা ৷ গন্তব্যস্থান যে এতিয়াও বহু দূৰ ৷ দুনয়ন চকুলোৰে উপচি পৰিল তাইৰ ৷ শোক, ক্ষোভ আৰু হতাশাৰ বোজাই তাইৰ বুকুখনত হেঁচা মাৰি ধৰিলে ৷ তাই যে কান্দিবও নোৱাৰিলে ৷ কাৰ আগত কান্দিব তাই? কিয়ই বা কান্দিব? তাইৰ চকুপানীৰ মূল্য দিব জনা মানুহ কেইজন আছিল সেই সময়ত গাড়ীখনত? অবলা নাৰী বুলি গণ্য কৰি নিজকে কিয় তাই দোষাৰূপ কৰিব? নিষ্ঠুৰ বাস্তৱৰ সাহসেৰে সন্মূখীন হ'বলৈ তাইটো শিকিবই লাগিব  !

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Saturday, January 02, 2016

আলহী ৷

কেবামাহৰ ব্যৱধানত পুতেকৰ মাক দেউতাকলৈ মনত পৰিল ৷ বিলাসী গাড়ীখন ড্ৰাইভাৰক ধুই চিকচিকীয়া কৰিবলৈ নিৰ্দেশ দিলে, ষ্টেটাছৰ কথা আছে ৷ পত্নী পুত্ৰসহিতে তেখেতসকলৰ লগত এসাঁজ খাবলৈ বুলি গাঁৱৰ ঘৰলৈ গাড়ী ষ্টাৰ্ট দিয়া হ'ল ৷ দিনতিয়াকৈয়ে ঘূৰি আহিব লাগিব ৷ মাক দেউতাকৰ ঘৰত গীজাৰ, এ,চি, আদি আধুনিক সা সুবিধাবোৰ বাদেই দিয়ক, ভাত খাবলৈ বুলি সাধাৰণ ডাইনিং টেবুল এখনো নাই ৷ তেনে এখন ঘৰত ৰাতি থকাৰ প্ৰশ্নই নুঠে ৷ নাতিক পাই আইতাকৰ উচাহে ভৰা মন ৷ মাটিত থ'লে পোকে খাব, মুৰত ল'লে উকনিয়ে পাব ৷ হাজাৰ হওক, ইমান ব্যস্ততাৰ মাজতো পুতেকে বোৱাৰী আৰু নাতিয়েকক তেখেতসকলৰ ওচৰলৈ এখন্তেক নিবৰ বাবে সময় উলিয়াব পৰাটোৱেই বেছ কিছু ডাঙৰ কথা ৷ যিমানেই আলাই আথানি নকৰক কিয়, মাতৃ এগৰাকীয়ে সকলো দেখোন নিজৰ মনতেই থাপি থুপি থয় ৷

দুপৰীয়া ভাত খোৱাৰ সময়ত দেউতাকৰ ম'বাইলটো বাজি উঠিল ৷ নাতিয়েকে চিঞৰি উঠিল,

"ছিঃ, ইমান পুৰণা ম'বাইল  !"

পুতেকে সুধিলে,

"ম'বাইল কেতিয়া কিনিলা দেউতা?"

"নাই অ' বোপাই, মই কিনা নাই ৷ মই যে হাজিৰা কৰোঁ সেই বিজু দদাইটি, তেওঁ দিছে ৷ ছমাহমানেই হ'ল ৷ মোক কাম থাকিলে ফোন কৰি মাতিবলৈ ভাল হয় বোলে ৷"

কথা বতৰাৰ কোবত ৰিছিভ কৰাৰ আগতেই ম'বাইলৰ ৰিং কৰি কৰিয়েই কলটো শেষ হ'ল ৷ অলপ সময়ৰ পিছত আকৌ বাজি উঠিল ফোনটো ৷ দেউতাকে ফোনত ক'লে,

"নহয় অ' দদাইটি, আলহী আহিছে ৷ সেয়ে অলপ আগতীয়াকৈ ভাত খাব লগা হ'ল আজি ৷ আলহীৰ লগত একেলগে নাখালে বেয়া দেখি যে  ! মই অলপ পিছত যাম দিয়ক আপোনাৰ তালৈ ৷"

ভাৱলেশহীনভাৱে দেউতাকে পুনৰ আহাৰ গ্ৰহণ কৰাত মনোনিবেশ কৰিলে ৷ ওচৰতে বহু 'কষ্টেৰে' পীৰাত বহি একেগলে ভাত খাই থকা পুতেকে হয়তো অনুভৱেই কৰিব নোৱাৰিলে যে কিমান মানসিক অৱসাদৰ অন্ততহে এজন পুতেক বা জীয়েক নিজৰ মাক দেউতাকৰ বাবে আলহী হৈ পৰিব পাৰে  !

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Thursday, December 31, 2015

অবিশ্বাস ৷

দশমমানত পঢ়া ছোৱালীজনী মাকৰ লগত মোৰ ওচৰলৈ চকুৰ কিবা অসুবিধাৰ বাবে আহিছিল ৷ আৰ্থিকভাৱে একেবাৰেই দূৰ্বল পৰিয়াল এটাৰ জীয়ৰী তাই ৷ অপুষ্টি আৰু ৰক্তহীনতাই তাইৰ দেহাটোক যেন কাবু কৰি পেলাইছিল ৷

দৰকাৰী পৰীক্ষা নিৰীক্ষাৰ অন্তত মই মাকক ক'লোঁ,

"তাইৰ চকুৰ বিশেষ অসুবিধা নাই বাইদেউ ৷ কিন্তু ছোৱালীজনী একেবাৰেই দুৰ্বল ৷ তেজ একদমেই কম ৷ আপুনি সোনকালেই মেডিচিন বিশেষজ্ঞ এজনক দেখুৱাওকচোন তাইক ৷"

ছোৱালীজনী শোকত ভাগি পৰিছিল ৷ উচুপি উচুপি তাই কৈছিল,

"দুমাহমানৰপৰা মোৰ মাহেকীয়া একেবাৰে অনিয়মীয়া ছাৰ ৷ নামতহে হৈছে বুলিব পাৰি ৷ মায়ে বেলেগ কিবা সন্দেহ কৰি আছে ৷ সেইদিনা প্ৰস্ৰাৱৰ পৰীক্ষা এটাও কৰাইছে ফাৰ্মাছী এখনৰপৰা কিবা এটা কিনি আনি ৷ সেইটোত নিগেটিভ পোৱাৰ পিছতো মায়ে মোক সন্দেহ কৰিবলৈ এৰা নাই ৷ আপুনিয়েই মাক বুজাওক না ছাৰ, মাহেকীয়া স্ৰাৱ হ'বলৈও দেহত অলপমান তেজ লাগিবটো  !"

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য, #ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Wednesday, October 07, 2015

গল্প: এচিকুট দুষ্টামি ৷ ডাঃ কুমাৰ পাৰ্থ প্ৰতিম ৷

★★""এচিকুট দুষ্টামি ৷""★★

চিনেমা এখন চাই আছিলোঁ ৷ ৰাতিৰ ভাতসাঁজ খাই উঠাৰ পিছত হেলান পাৰি বিচনাত বাগৰি চিনেমা চোৱাৰ মজাই সুকীয়া ৷ চিনেমাখনৰ নায়িকাগৰাকী ধৰি লওঁক সুকুমাৰ বুলি ল'ৰা এজনৰ বাকদত্তা ৷ মাজতে নায়কৰ আবিৰ্ভাৱ ৷ নায়ক একপক্ষীয়ভাবে নায়িকাৰ প্ৰেমত পৰিল ৷ ঘটনাক্ৰমে নায়িকাৰ লগত একেলগে ঘূৰা ফিৰা কৰাৰ সুবিধাও পালে নায়কে ৷ কিছুদিনৰ পিছত যেতিয়া নায়কে নায়িকাক ঘৰমুৱা ৰেল এখনত উঠাই থৈ আহিবলৈ ৰেল ষ্টেচনলৈ গ'ল, সুকুমাৰ নায়িকাৰ অপেক্ষাত আগৰে পৰাই ৰৈ আছিল ৷ কিছু 'চিনেমেটিক' আবেগিক মুহুৰ্তত তেতিয়াহে নায়িকাই নায়কৰ তেওঁৰ প্ৰতি উদ্ভৱ হোৱা উমাল প্ৰেমৰ আভাস পালে ৷ নায়িকাৰো হৃদয়ত প্ৰেমৰ ৰক্তজৱা প্ৰস্ফুটিত হ'ল ৷ সুকুমাৰে পানীৰ বটল এটা আনিবলৈ যোৱাৰ সুবিধাতে দুয়োজনে সাৱটা সাৱটি কৰি অনুভৱৰ চুমা দুটামানো খালে য'তে ত'তে ৷ এটা সময়ত সুকুমাৰে নায়িকাক লৈ ৰেলত উঠি গুছি গ'ল ৷ নায়ক আৰু নায়িকাৰ বিচ্ছেদৰ মুহুৰ্তখিনি বেছ কিছু আবেগিক কৰি উপস্থাপন কৰা হ'ল ৷ বিৰহ বেদনা সন্নিবিষ্ট সংগীত এটিৰ সুৰ ভাঁহি আহিল টেলিভিছনৰ পৰ্দাৰ পৰা ৷ মোৰ ওচৰতে বহি একেলগে চিনেমাখন উপভোগ কৰি থকা মোৰ শ্ৰীমতীয়ে মোক কিবা এটা ক'ব বিচাৰিলে ৷ মই তেওলৈ চালোঁ ৷ তেওঁৰ চকুত পানী ৷ কি যে ক'ম আৰু, জানেই নহয়, ছোৱালীবোৰ (মহিলাবোৰ বুলি ক'বলৈ ভয় লাগে, কিজানিবা শ্ৰীমতীয়ে বেয়াই পায়! ) অলপ বেছিকৈয়ে চেণ্টিমেণ্টেল ৷ তাতে আকৌ টিভিত চলিছে বিৰহ বেদনা ! ডিভিডিটোৰ 'পজ' বটনটো টিপি ধৰিলোঁ ৷

"কিবা ক'বা পৰী?"

"নায়কজনলৈ বেয়াই লাগে নহয়নে প্ৰিয়ম? পায়ো হেৰুৱালে নায়িকাজনীক! "

"দুখ নকৰিবা ৷ চিনেমাখনৰ আধাতকৈও বেছি আছে এতিয়াও ৷ নায়ক নায়িকাৰ মিলন হ'ব অৱশেষত ৷"

"সেইটোও হয় অৱশ্যে !"

"কিন্তু কি জানানে পৰী? মোৰ সুকুমাৰৰ কথা ভাবিহে বেয়া লাগিছে ৷"

"কিয়?"

"প্ৰেক্টিকেল উদাহৰণ এটা দিওঁ ৰ'বা তোমাক ৷ আমাৰ এংগেজমেণ্টৰ পিছত আৰু বিয়াৰ আগত তোমাক যদি বেলেগ ল'ৰা এটাই ভাল পোৱা আৰম্ভ কৰিলেহেঁতেন? "

"মই তাক নাপাত্তা কৰি দিলোঁ হয় ৷"

"কিন্তু কেনেবাকৈ শুদ্ধ বা ভুলবশতঃ 'বাই চান্স' তুমিও যদি তাৰ প্ৰেমত পৰি গ'লাহেঁতেন, তেতিয়া মোৰ কেনে লাগিলহয়? মোৰ কোমল কলিজাটো ভঙি চিঙি টুকুৰা টুকুৰ নহ'লহেতেন জানোঁ?"

"ধেৎ, কিযে কোৱা প্ৰিয়ম ! "

"এইবোৰ প্ৰেক্টিকেল কথা পৰী ৷ আৰু চোৱা, কিছুমান চিনেমাতটো পৰকীয়া প্ৰেমকো বহু মহান কৰি উপস্থাপন কৰা হয় ৷ সেয়া দেখিও আমি আবেগিক হৈ পৰোঁ ৷ নহয় জানোঁ? "

"ঠিকেই কৈছা ৷"

"কিন্তু বাস্তৱত সেয়া কিমানদূৰ গ্ৰহণযোগ্য ? আমাৰ ক্ষেত্ৰতে চোৱা, দিনটোৰ ভিতৰত মই নিজে কিমান গৰাকী ছোৱালীক বা মহিলাক লগ পাওঁ বাৰু? বা তুমিওটো দৈনন্দিন বিভিন্ন ল'ৰা বা পুৰুষৰ  সান্নিধ্যত আহা ! তাৰে মাজৰ কাৰোবাৰ ব্যক্তিত্বৰ প্ৰতি খন্তেকৰ বাবে আকৰ্ষিত হোৱাটো একো অস্বাভাৱিক নহয় ৷ কিন্তু যদি সেই বিশেষজনৰ প্ৰেমত পৰি আমাৰ এজনে আনজনক অৱহেলা কৰিবলৈ আৰম্ভ কৰোঁ, তেন্তে আমি এজনে আনজনৰ লগতে আমাৰ সন্তানটিৰ প্ৰতি অন্যায় কৰা নহ'বনে?"

পৰীয়ে কৈ উঠিল,

"ঠিকেই কৈছা প্ৰিয়ম, কিছুমান কথা চিনেমাতহে ভাল লাগে ৷ বাস্তৱ সম্পূৰ্ণ বিপৰীত ৷ নিজৰ আবেগ অনুভূটিবোৰ সংযত কৰিব পাৰিলেহে সংসাৰ এখন টিকি থাকে ৷"

পৰী ইমান অনুভূতিপ্ৰবণ হৈ পৰিব বুলি আশা কৰা নাছিলোঁ ৷ গতিকে পৰিস্থিতিটো কিছু লঘু কৰিবলৈ মই তেওঁক ক'লোঁ,

"মই কথাৰ কথাটোহে ক'লোঁ ৷ হ'ল বুলিয়ে তুমি ইমান চিন্তাশীল হৈ উঠাৰ কোনো প্ৰয়োজন নাই ৷ আৰু বিশেষকৈ চিনেমা চাই থকাৰ সময়তটো আৰু নহয় ৷ তোমাৰ চকুপানীখিনি দেখোন শুকাই গ'ল ৷ এটা কাম কৰা, চিনেমাখন চলাই দিওঁ, তুমি এসোতামান কান্দা ৷ চকুপানী মচিবলৈ ময়ো ৰোমাণ্টিক হিৰ' টাইপত তোমাক শুধ বগা তাৱেল এখনেই আনি দিও বাথৰুমৰপৰা ৷ পকেটত ৰুমাল নাই যে! "

এটি উজ্জল হাঁহিৰে "দুষ্টটো ক'ৰবাৰ" বুলি কৈ পৰীয়ে মোৰ বাহুটোত লাহেকৈ ঠেলা মাৰি  দিলে ৷ অকস্মাতে পৰীৰ প্ৰতি মই সেই 'বিশেষভাৱে' আকৃষ্ট হৈ পৰিলোঁ ৷ অলপ আগতে দেখা নায়ক নায়িকাৰ আলিংগনৰ মুহুৰ্তখিনি মোৰ চকুৰ আগত ভাঁহি উঠিল ৷ ঘৰৰ বাকী সদস্যসকল ইতিমধ্যে শুলেই চাগৈ ৷ গতিকে অলপ দুষ্টামিয়েই কৰা যাওক বুলি মনতে পাং পাতি ৰুমৰ দৰ্জাখন বন্ধ কৰিবলৈ বুলি বিচনাৰ ওপৰত উঠি বহিলোঁ ৷

#এক_মিনিটৰ_গল্প, #এচিকুট_দুষ্টামি, #ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম