Friday, March 11, 2016

সফলতাৰ খতিয়ান ৷

ৰাতিপুৱা চাৰে পাঁচ বজাতে ম'বাইলটো বাজি উঠিল ৷ টোপনিৰপৰা সাৰ পাই খপজপকৈ ম'বাইলটো হাতত ল'লে প্ৰিয়ংকৰে ৷ ওচৰতে গভীৰ নিদ্ৰাত থকা পৰিণীতা আৰু নিয়ৰৰ টোপনিত ব্যাঘাত নহওক বুলি ততাতৈয়াকৈ ম'বাইলটো চাইলেণ্ট কৰি স্ক্ৰীণখনলৈ চালে সি ৷ অচিনাকি নম্বৰ ৷

"হেল্ল' !"

"ছাৰ, মোৰ ল'ৰাটোৱে কালি আবেলিৰপৰা দুবাৰমান বমি কৰিছে, কি ঔষধ খুৱাও বাৰু?"

কোনে কৰিছে, ক'ৰপৰা কৰিছে একো নজনোৱাকৈয়ে মহিলা গৰাকীয়ে নিজৰ সমস্যাৰ কথা আৰম্ভ কৰিলে ৷ আনকি ফোনটো সঠিক নম্বৰত লাগিছেনে নাই, সেয়া সোধাৰো প্ৰয়োজনীয়তা উপলব্ধি নকৰিলে তেখেতে ৷ বোধহয় প্ৰিয়ংকৰৰ কণ্ঠস্বৰ তেখেতৰ বাবে চিনাকি ৷

সাধাৰণ কথা এটাৰ কাৰণে ইমান ৰাতিপুৱাই ফোন কৰি কেঁচা টোপনি বিঘ্নিত কৰাৰ বাবে মনলৈ অহা তীব্ৰ অস্বস্তিখিনি লুকুৱাই ৰাখিবলৈ যত্ন কৰিলে সি ৷ কেতিয়াবা সাধাৰণ বুলি ভবা ৰোগ একোটাও পৰীক্ষা নিৰীক্ষাৰ অন্তত গুৰুতৰ হিচাপে আত্মপ্ৰকাশ কৰে ৷

"তাৰ কিমান বয়স বাৰু?"

"এঘাৰ বছৰ ৷"

"সৰু ল'ৰা ৷ তাক কোনোবা এজন  শিশুৰোগ  বিশেষজ্ঞক দেখুৱাই ল'লে ভাল হ'ব বুজিছে ৷ নোচোৱাকৈ ঔষধ দিয়াটো ইমান ঠিক কথা নহ'ব ৷"

মহিলাগৰাকীয়ে কওঁ নকওকৈ ক'লে,

"আচলতে ছাৰ, ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'লেই যে, সেয়ে ভাবিলোঁ আপুনি যদি কিবা ঔষধ কৈ দিয়ে, তেন্তে তাক ডাক্টৰৰ ওচৰলৈ নিয়াৰ সময়খিনি  মই ছোৱালীজনীৰ লগত থাকিব পাৰিলোহেঁতেন ৷ ল'ৰাটোৰ বেছি অসুবিধা হোৱা নাই কিন্তু ৷"

খঙৰ মাত্ৰাটো অলপ বাঢ়িয়েই গ'ল প্ৰিয়ংকৰৰ ৷ বেছি অসুবিধা নায়েই যদি ইমান ৰাতিপুৱাই ফোন কৰাৰ কি আৱশ্যকতা আছিল বাৰু? অলপ দেৰিকৈয়ো কৰিব পাৰিলে হয় ! মনৰ কথা সি অৱশ্যে মনতে ৰাখিলে, তেখেতক একো নক'লে ৷ বৰঞ্চ মহিলাগৰাকীয়ে জীয়েকৰ পৰীক্ষাৰ কথা কোৱাৰ লগে লগে তাৰ নিজে পাৰ কৰি অহা সেই দিনবোৰলৈ মনত পৰি গ'ল ৷ কিমান যে উদ্বিগ্নতাপূৰ্ণ দিন আছিল সেইবোৰ, ভাবিলে এতিয়াও ভয় লাগি যায়, লগতে অলপ হাঁহিও উঠে অৱশ্যে ৷ পৰীক্ষাহলত পৰীক্ষা দিবলৈ সি বহিছিল ঠিকেই, কিন্তু ঘৰত মাক, দেউতাক, ভায়েক, ভণীয়েক সকলো যেন একো একোটা নিজা নিজা উৎকণ্ঠাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মহিলাগৰাকীৰ  জীয়ৰীৰ প্ৰতি দ্বায়িত্ব পালনৰ হাবিয়াস দেখি তাৰ হৃদয়ত তেখেতৰ প্ৰতি অনুকম্পা জাগিল ৷  ল'ৰাটোৰ সমস্যাৰ সবিশেষ সুধি  তেখেতক ঔষধ দুটাৰ বানান সহকাৰে নাম কৈ সি ক'লে,

"এইকেইটা ঔষধ দুদিনমান ব্যৱহাৰ কৰিলেই সি আৰাম পাব লাগে, কিন্তু তাৰ পিছতো কিবা অসুবিধা থাকিলে কোনোবা এজনক দেখুৱাই ল'ব ৷ মই তাক নোচোৱাকৈয়ে দিছোঁ নহয় ঔষধ !"

"হ'ব ছাৰ ৷ ধন্যবাদ ৷ আৰু এটা কথা, ছোৱালীজনীক পৰীক্ষা ভালদৰে দিবৰ বাবে  অলপমান কওকচোন, তাই  মনত ভাল পাব আৰু ৷"

"তাইক ফোনটো দিয়কচোন ৷"

কণমানি এজনীৰ লেখীয়াকৈ ফোনৰ সিটো মূৰৰ পৰা ছোৱালী এজনীৰ আদৰ মিশ্ৰিত কণ্ঠস্বৰ ভাঁহি আহিল ৷

"ডাক্টৰ আংকল !"

"কেনে খবৰ তোমাৰ?"

"মোৰ ভালেই ৷ মোক চিনি পাইছেনে আংকল? মোক আপুনি যোৱা বছৰ চাইছিল  ৷"

"তোমাৰ নামটো কি আছিল?"

ছোৱালীজনীয়ে নিজৰ নামটো ক'লে  ৷ প্ৰিয়ংকৰে নামটোৰ সৈতে  তাইৰ মুখখন  অৱশ্যে মনত পেলাব নোৱাৰিলে ৷ কিন্তু ইমান আগ্ৰহত কথা পতা ছোৱালীজনীক সঁচা কথা কৈ মনত দুখ দিয়াটো উচিত কথা হ'ব জানোঁ? সি তাইক ক'লে,

"চিনি পাইছোঁ আকৌ ৷ তোমাৰ এতিয়া কেনে? কিবা অসুবিধা আছে নেকি?"

"নাই আংকল, এতিয়া মই সম্পূৰ্ণ সুস্থ ৷"

"পৰীক্ষাৰ বাবে পঢ়া শুনা কেনেকুৱা হৈছে? "

"কৰি আছোঁ আৰু ৷ হৈ যোৱা পৰীক্ষাকেইটা মোটামুটি ঠিকেই হৈছে ৷ বাকী থকা কেইটা ভাল হ'বৰ বাবে আপুনি  আশীৰ্বাদ কৰিব আৰু ৷"

এনেবোৰ কথাই দেখোন হৃদয় মন স্পৰ্শ কৰি যায় ! অলপ আগেয়ে অনুভৱ কৰা বিৰক্তি ক'ৰবালৈ উৰা মাৰিলে !

"তোমাৰ প্ৰতি আশীৰ্বাদ সদায় থাকিব মাজনী ৷  এইকেইদিন ভালদৰে পঢ়া ৷ পৰীক্ষাৰ পিছত আহিবা এবাৰ  মোৰ ওচৰলৈ ৷"

"হ'ব আংকল ৷ নিশ্চয় আহিম ৷"

ফোনটো ৰখাৰ পিছত প্ৰিয়ংকৰৰ মনটো বহুত  ভাল লাগি গ'ল ৷  চকুকেইটা জপাই পৰিস্থিতিটো আকৌ এবাৰ জুকিয়াই চালে সি ৷ অজানিতেই এটি আত্মসন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল তাৰ মুখমণ্ডলত ৷

প্ৰত্যেক বৃত্তিতে আমি কেৱল বৃত্তিগত কামবোৰ সমাপন  কৰিবলৈয়ে যত্ন নকৰোঁ, নিয়াৰিকৈ সংবেদনশীল  হৃদয়েৰে কৰা আমাৰ কামবোৰেৰে আমি প্ৰতিদিন প্ৰতিৰাতি অজানিতেই  নিত্য নতুন সম্পৰ্ক কিছুমানৰ  সৃষ্টি কৰোঁ ৷ কিছুমান সম্পৰ্ক হয়তো ক্ষণস্থায়ী, কিন্তু কিছুমান সম্পৰ্ক আকৌ যাউতিযুগীয়া হৈ পৰে ৷  আৰু জীৱনটোৰ শেষত  আপোনাৰ কৃতকাৰ্য্যতা অথবা আৰ্থিক স্বচ্ছলতা আদি কথাবোৰ নিতান্তই গৌণ হৈ পৰাৰ সময়তো কিন্তু এই মধুৰ  সম্পৰ্কবোৰেই  আমাৰ জীৱনজোৰা সাধনাৰ সফলতাৰ খতিয়ান দাঙি ধৰে ৷

বহুতৰ দৰে কেতিয়াবা প্ৰিয়ংকৰৰ নিজৰো এই চিকিৎসাবৃত্তিটোলৈ ভীষণ বিৰক্তি জন্মে ৷ কমকৈ হ'লেও কিছুসংখ্যক অস্বস্তিকৰ পৰিস্থিতিৰো সন্মূখীন হ'ব লগাত পৰিছে সি এতিয়ালৈ ৷  কিন্তু এইমাত্ৰ উল্লেখ কৰা ঘটনা পৰিঘটনাবোৰে নিজৰ বৃত্তিটোলৈ বিশ্বাস পুনৰ ঘূৰাই আনে, ভাল কাম কৰিবলৈ প্ৰেৰণা জগায় ৷

বিচনাৰপৰা উঠি টেবুলত থকা ডায়েৰীখন বিচাৰি হাতত ল'লে প্ৰিয়ংকৰে ৷ লিখি নাৰাখিলে পাহৰি যোৱা হয় ধুনীয়া কথাবোৰো ৷ নিয়ৰ মাজনীহঁতক ডাঙৰ হৈ ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাব পৰাকৈ কথা ক'বলৈ আৰু এটি নিপোটল কাহিনীৰ যে সমল পালে আজি সি ৷

কলমটো হাতত লৈ সেই দিনটোৰ প্ৰথম শব্দটো লিপিবদ্ধ কৰিলে সি ডায়েৰীখনত ৷

"হেল্ল'  !"

আৰু চাওতে চাওতে এখন সম্পূৰ্ণ অজান পৃথিৱীৰ গৰ্ভলৈ সোমাই গৈ থাকিল প্ৰিয়ংকৰ ৷ গন্তব্যস্থল যে এতিয়াও বহু নিলগত !

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Sunday, February 21, 2016

কিছু অনুভৱ… আন্তৰিকতাৰ !

    ছোৱালীজনী মোতকৈ বহু বছৰৰ জুনিয়ৰ ৷ আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৷ যোৱা চাৰি বছৰত এতিয়ালৈকে মই তাইক চাৰিবাৰমানহে লগ পাইছোঁ ৷ প্ৰথমবাৰ লগ পাওতে তাই মোক নিজৰ নামটো জনাইছিল ৷ পিছৰ কেইবাৰ লগ পোৱাৰ সময়ত তাইৰ নামটো মই মনত পেলাবলৈ অসমৰ্থ হৈছিলোঁ, কিন্তু তাই মোক নিজৰ চিনাকিটো বাৰম্বাৰ দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ৷ আচলতে মানুহৰ নাম মনত ৰখাৰ ক্ষেত্ৰত মই অলপমান কেঁচা ৷ বেলেগ কাৰোবাৰ হয়নে নহয় নাজানোঁ, কিন্তু সদায় লগ পাই থকা মানুহ এজনক মাত দিব বিছাৰিও অকস্মাত কেতিয়াবা বিবুধিত পৰোঁ দেখোন, এওৰ নামটো বা কি আছিল ! তেনেক্ষেত্ৰতটো বহুবাৰ হেই, হে'ৰি, অ'ৰা আদিৰেই কাম চলাই দিওঁ, কথা পতাজনে মোৰ সমস্যাটো বুজিব পৰাৰ আগতেই আমাৰ এৰা এৰি হয় ৷ কিন্তু এই ছোৱালীজনী অলপ সুকীয়া ৷ প্ৰত্যেকবাৰেই তাই মোক চিনি পাইছোনে নাই বুলি সোধে ৷

    শেষৰবাৰ তাইক লগ পাইছিলোঁ কেইদিনমান আগতে ৷ মোৰ শিক্ষক এজনৰ জীয়ৰীৰ বিয়াৰ নিমন্ত্ৰণ আছিল ৷ প্ৰণামী, মানে মোৰ শ্ৰীমতী কিবা কাৰণত যাব পৰা নাছিল ৷ ছমহীয়া কেচুৱাজনীক প্ৰথমবাৰৰ বাবে অকলে লগত লৈ বিয়া খাবলৈ গ'লোঁ ৷ বিবাহভৱনটো সেই সময়ত চিনাকি মানুহেৰে ভৰি আছিল ৷ আকৌ এবাৰ লগ পালোঁ সেই জুনিয়ৰ ছোৱালীজনীক ৷

    "পাৰ্থ দা, চিনি পাইছেনে? ছাৰ মোৰ মামাহে হয় ৷"

    তাইক চিনি পাইছিলোঁ ঠিকেই, কিন্তু নামটো আকৌ মনত নপৰা হ'ল ৷ তাই সংকোচবোধ নকৰাকৈ মই নুসোধাকৈয়ে আকৌ এবাৰ নিজৰ নামটো ক'লে ৷ শ্ৰীমতীৰ খবৰো ল'লে ৷ ভিতৰুৱাকৈ বহুত লাজ পালোঁ ৷ পিছমুহুৰ্ততে তাই মোৰ কোলাত থকা জীয়ৰীলৈ হাত আগবঢ়াই মিচিকিয়া হাঁহি এটিৰ সৈতে বেছ কিছু আন্তৰিকতাৰে ক'লে,

    "এয়াই মানে আমাৰ প্ৰতিষ্ঠা প্ৰতিম ৷"

    যিজনী ছোৱালীয়ে মোৰ এজনী জীয়ৰী আছে বুলি জানে বুলিও মই জনা নাছিলোঁ, যাৰ নামটো মনত পেলাবলৈ মই বাৰেপতি ব্যৰ্থ হৈছিলোঁ, সেই ছোৱালীজনীয়ে মনত অলপো বেয়া ভাৱ নৰখাকৈ অহশ্মমতাবিহীনভাৱে মোৰ ছমহীয়া জীয়ৰীৰ নামটো পৰ্য্যন্ত মনত ৰাখিছে ! হৃদয় আপ্লুত হৈ পৰিছিল ৷ এটা কথা হৃদয়ংগম কৰিলোঁ সেইদিনা, যে নিজ সন্তানক কোনোবাই আদৰ কৰা দেখিলে পিতৃ মাতৃৰ হৃদয় সঁচাকৈ উথলি উঠে ৷ লগতে অজানিতেই সেই সৰু ছোৱালীজনীয়ে মোক আৰু এটা ডাঙৰ কথা অনুভৱ কৰালে ৷ আন্তৰিকতা আনিবলৈ কাৰোবাৰ ঘনিষ্ঠ হোৱাৰ কোনো প্ৰয়োজন নাই ৷ অমায়িক ব্যৱহাৰেৰে সকলোৱে সকলোৰে অন্তৰ জয় কৰিব পাৰে ৷

    অস্বীকাৰ নকৰোঁ, কেতিয়াবা মই নিজেও সৰু কথা একোটাতে উগ্ৰ হৈ পৰোঁ ৷ ইগ', চুপাৰ ইগ'ৰ প্ৰকোপত সৰল পৰিস্থিতি একোটাও কেতিয়াবা জটিল কৰি তোলোঁ ৷ ছোৱালীজনীৰ স্থানত মই থকা হ'লে বাৰেপতি চিনাকি দিয়াৰ পিছতো নামটো মনত ৰাখিব নোৱাৰা বা নজনা বা মনত ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব নোৱাৰা এজন লোকক মই হয়তো গুৰুত্ব দিয়াটো বা মাতা বোলা কৰাটো বন্ধ কৰিলোঁহেতেন ৷ ছোৱালীজনীয়ে আকৌ এবাৰ যেন মোক সোঁৱৰাইহে দিলে, ইচ্ছা থাকিলে কণিষ্ঠ একোজনৰপৰাও বহু কথাই শিকিব পাৰি ৷

    সেই ছোৱালীজনীৰ নামটো মই আকৌ এবাৰ পাহৰাৰ কোনো প্ৰশ্নই নুঠে ৷

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

অভিনয়…সুখী জীৱনৰ ৷

"তেজ দিবলৈ মানুহ আছেনে নাই আপোনালোকৰ?"

"নায়েই নহয় ছাৰ ৷"

"ৰোগী আপোনাৰ কি হয়?"

"মোৰ পত্নী ৷"

"আপুনি দিয়ক তেন্তে এবটল তেজ ৷"

"নাই ছাৰ, মই দিব নোৱাৰিম ৷"

"কিয়? আপোনাৰ কিবা অসুবিধা বা বেমাৰ আজাৰ আছে নেকি?"

"নাই ছাৰ, বেলেগে দিব ৷ কালি পৰহি মানে আহি পাব মানুহ ৷"

"আপোনাৰ শ্ৰীমতীৰ বেমাৰটো কালি পৰহিলৈকে ৰখি নাথাকে নহয়, তাৰোপৰি তেখেতক তিনি বটলমান তেজ লাগিব পাৰে ৷ গতিকে আপুনি আজি এবটল তেজ ব্লাড বেংকত জমা কৰক, বাকী যি মানুহ আহিব, তেওঁলোকে পিছত আৰু তেজ জমা কৰি থাকিব ৷"

মানুহজন নিৰুত্তৰ ৷ প্ৰিয়ংকৰে বুজাবলৈ বহু যত্ন কৰিলে, কিন্তু মানুহজন নিজৰ সিদ্ধান্তত আকোঁৰগোজ ৷ ঘৈণীয়েক মৰি গ'লেও তেওঁ নিজৰ তেজ কাৰো বাবে দিব নোৱাৰে ৷ পুৱাই পুৱাই প্ৰিয়ংকৰৰ বৰ খং উঠিল ৷ সুস্থ সৱল মানুহটো হৈ বেমাৰত লেবেজান ঘৈণীয়েকজনীৰ কাৰণে তেজ এবটল দিয়াৰ মানসিকতাকণো নাই এই মানুহজনৰ ৷ সি অলপ খঙেৰেই ক'লে,

"আপোনাৰ নিচিনা মানুহৰ লগত কথা পতাটোও মহাপাপ ৷ বাৰু, যি কি নহওক, এই কাগজখন লৈ ব্লাড বেংকলৈ যাওক, মই ফোন কৰি দিম, এবটল তেজ ধাৰত লৈ আহিব পাৰিব ৷ মানুহ আহি পালেই ধাৰ মাৰি দিব ৷"

মানুহজনে কাগজখন হাত পাতি ল'লে ৷ প্ৰিয়ংকৰে পুনৰ ক'লে,

"বুজিছে দাদা, বেমাৰী ঘৈণীজনীৰ কথা অলপ মৰমেৰে ভাবিবলৈ  শিকক ৷ মুখতে মৰম দেখুৱাই একো লাভ নাই ৷"

চুপ চাপ মানুহজন বাহিৰ ওলাই গ'ল ৷ ওচৰতে কাম কৰি থকা প্ৰিয়ংকৰৰ সহপাঠী চিকিৎসক ডাঃ অনিন্দিতাই মাত দিলে,

"ইহঁতক কথা কৈ একো লাভ নাই প্ৰিয়ংকৰ ৷ নামত গিৰিয়েক এটা হৈ আছে, এইজনী ঘৈণীয়েক কেনেবাকৈ মৰি গ'লেও কোনো কথা নাই, কেইদিনমান পিচতে আন এজনী বিয়া পাতি আনিব !"

প্ৰিয়ংকৰে মিচিকিয়াই হাঁহিলে ৷

অনিন্দিতাই আকৌ ক'লে,

"কিন্তু কি জানানে? নিজে ছোৱালী হৈ ক'বলৈ বেয়াও লাগে, এই অপদাৰ্থ গিৰিয়েকটোৰ নিচিনা কিছুমান অপদাৰ্থ ঘৈণীয়েকো আছে, যি আচলতে এনে গিৰিয়েক পোৱাৰহে যোগ্য ৷"

অলপ সময়ৰ নীৰৱতাৰ অন্তত অনিন্দিতাই পুনৰ ক'লে,

"কিন্তু বিধিৰ বিধান বৰ বিচিত্ৰ অ' প্ৰিয়ংকৰ ৷ এনেকুৱাও হ'ব পাৰে যে আমি বাহিৰৰপৰা দেখি অনুধাৱন কৰিবলৈ ব্যৰ্থ হওঁ চাগৈ, কিন্তু বেপেৰুৱা, দ্বায়িত্বজ্ঞানহীন এনে মানুহবোৰে দেখোন ভাল ভাল গিৰিয়েক বা ঘৈণীয়েকেই পায় ৷ সকলোৰে ক্ষেত্ৰত একে হয় বুলি কোৱা নাই, কিন্তু ভাল মানুহ কিছুমানো দেখোন মৰি পচি থাকিবলগীয়া হয় এনে মানুহৰূপী পশুবোৰৰ লগত !"

প্ৰিয়ংকৰ নিমাতে ৰ'ল ৷ একপ্ৰকাৰে সঠিক কথাই কৈছে  অনিন্দিতাই ৷ একাষাৰে নুই কৰিব পাৰিব জানো সি তাইৰ কথাখিনি?

প্ৰিয়ংকৰে অনিন্দিতালৈ চালে ৷ কিবা গভীৰ ভাৱত ডুব গৈছিল তাই ৷ বেলেগে হয়তো নুবুজিব, সিয়ো জনা যেন দেখুওৱা বা তাইক কেতিয়াবা কিবা সোধা বা কোৱাৰ প্ৰশ্নই নুঠে, কিন্তু একে ঠাইৰে বাসিন্দা হোৱাৰ ফলশ্ৰুতিত অনিন্দিতাৰ মাক দেউতাকৰ অশান্তিৰে জৰ্জৰিত সংসাৰখনৰ দুই এটা কথা ঘুনুক ঘানাককৈ তাৰ কাণত বহু বছৰ আগতেই পৰিছিলহি ৷ আজিৰ মানুহজনক লগ পাই তাইক পুৰণি স্মৃতিয়ে বৰকৈ আমনি কৰিছিল বোধহয় ৷

কিছুসময় পিছত "মই বাথৰুমৰপৰা আহিছোঁ দেই" বুলি কৈ অনিন্দিতা তাৰপৰা আঁতৰি গ'ল ৷ পিছপিনৰপৰা তাই যোৱাৰ ফালে একেথৰে বহুপৰ চাই ৰ'ল প্ৰিয়ংকৰ ৷ সদায় হাঁহি স্ফুৰ্তি কৰি থকা ছোৱালীজনী কেতিয়াবা এনেদৰে অকস্মাতে আনমনা হৈ পৰে ৷ অনুভৱ কৰিলে সি, বহুতে জীৱনটোত যে কেৱল সুখী হোৱাৰ অভিনয়েই কৰি যাব লগাত পৰে !

পাঁচ মিনিটমান পিছত অনিন্দিতা উভটি আহিল ৷ পৰিস্থিতিটো লঘূ কৰাৰ স্বাৰ্থত কিবা খুহুতীয়া বা কৌতুকজাতীয় কথা কোৱা ভাল হ'ব বুলি প্ৰিয়ংকৰৰ মনলৈ আহিছিল ৷ কিন্তু অনিন্দিতাই বহু কষ্টেৰে লুকুৱাব বিচৰা চলচলীয়া দুচকুৱে তাক যে মিচিকিয়া হাঁহি এটা মৰাৰপৰাও বিৰত ৰাখিলে !

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Monday, January 18, 2016

মহিলা ড্ৰাইভাৰ ৷

প্ৰজ্ঞাপ্ৰাপ্তি গুৱাহাটীৰ বাসিন্দা ৷ কৰ্মস্থান মৰিগাঁও ৷ প্ৰত্যেকদিনা গুৱাহাটীৰপৰা মৰিগাঁৱলৈ অহা যোৱা কৰি অফিছ ডিউটি কৰাটো ইমান উজু কথা নহয় ৷ চাবলৈ গ'লে মাত্ৰ আশী কিলোমিটাৰহে বাট, কিন্তু দৈনিক অহা যোৱা কৰোতে বহু কষ্ট হয় ৷ তাৰোপৰি অহা যোৱাৰ নামতে এদিনত প্ৰায় পাঁচ ঘণ্টামান সময়ৰ অপচয় হয় ৷ মাজতে মৰিগাঁৱতে ভাৰাঘৰ লোৱাৰ কথা ভাবিছিল, কিন্তু মাক গুৱাহাটী এৰি যাবলৈ অসন্মত ৷ গতিকে ৰুগীয়া মাকৰ কথা ভাবি সেইটোও কৰা নহ'ল ৷ ঘৰৰ গাড়ীখন লৈ অহা যোৱা কৰাৰো প্ৰশ্ন নুঠে, পেট্ৰলৰ যিহে দাম, মাহেকত গাড়ীৰ তেলৰ খৰচ তাইৰ দৰমহাতকৈও বেছিহে হ'বগৈ ৷ কিন্তু আজি তাই গাড়ী চলায়েই অফিচলৈ যাব লগা হ'ল ৷ অফিচলৈ বাহিৰৰ কোনোবা অফিছাৰ ইন্সপেকচনত আহি মিটিং কৰাৰ কথা, ইপিনে আকৌ ভুতৰ ওপৰত দানৱৰ লেখীয়াকৈ কোনোবাই দিলে অসম বন্ধ ৷ মুঠতে নিৰুপায় অৱস্থা এটা ৷ মিটিং শেষ হওতে নিশা প্ৰায় আঠ বাজো বাজো হ'লগৈ ৷ ছোৱালী এজনীয়ে অকলে ৰাতিখন ইমান দূৰ গাড়ী চলাই অহাটো ইমান নিৰাপদো নহয় ৷ ভিতৰি ভিতৰি অলপ শংকিত হৈ পৰিছিল তাই ৷ লগৰ অৰ্চনাহঁতৰ ঘৰত ৰাতিটো কটোৱাই ভাল হ'ব বুলি ভাবোতেই সিহঁতৰ লগত একেলগে কাম কৰা দিব্যই তাইৰ ওচৰলৈ আহি সুধিলে,

"আজি তুমি গাড়ী লৈ আহিছা বোলে প্ৰজ্ঞা? এতিয়া যাবাগৈ নে ক'ৰবাত থকাৰ কথা ভাবিছা?"

"যাব পৰা হ'লে ভাল আছিল, মাৰ গাটো ইমান ভাল নহয় এইকেইদিন ৷ কিন্তু ৰাতিখন অকলে,অকলে......."

"তুমি যদি বেয়া নোপোৱা, মই যাব পাৰিম নেকি তোমাৰ লগত ? তুমি বা জানানে নাই, মোৰ ঘৰো গুৱাহাটীতহে  !"

প্ৰজ্ঞাপ্ৰাপ্তিৰ এটা ডাঙৰ দুশ্চিন্তা দূৰ হ'ল ৷ লগত চিনাকি ল'ৰা এজন গ'লে ৰাতি হ'লেও চিন্তা কৰিবলগীয়া একো নাথাকিব ৷ এনেই দিব্যৰ লগত সিহঁতৰ অফিছৰ ছোৱালী কেইজনীৰ সিমান মাতা বোলা নাই ৷ নাৰী সম্বন্ধীয় তাৰ পুৰণিকলীয়া মনোভাৱবোৰ সুবিধা পালেই সি  সাৰ্বজনীনভাৱে ব্যক্ত কৰিবলৈ যত্ন কৰে ৷ "লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল" জাতীয় তাৰ বিকৃত মানসিকতাৰ বাবেই ছোৱালীকেইজনী ভিতৰি ভিতৰি তাৰ ওপৰত ক্ষুন্ন হৈ আছে ৷ কিন্তু আজি এই সময়ত তাক লগ পাই প্ৰজ্ঞাপ্ৰাপ্তিৰ কোনোবা ঘনিষ্ঠ বন্ধুক লগ পোৱাতকৈও বেছিকৈহে ভাল লাগিল ৷ কথাতে কয় নহয়, অভাৱে স্বভাৱ নষ্ট কৰে বুলি ৷

বিভিন্ন কথা বতৰাৰ মাজেৰে দহ বাজিবলৈ অলপ সময় থাকোতেই সিহঁত গুৱাহাটী আহি পালেহি ৷ আধা বাটৰপৰাই দিব্যই ভায়েকক ফোন কৰি কৈ থৈছে, সি আহি দিব্যক প্ৰজ্ঞাহঁতৰ ঘৰৰপৰা লৈ যাবহি ৷ গাড়ীৰপৰা নমাৰ আগমুহুৰ্তত তাই তাক সুধিলে,

"মোৰ ড্ৰাইভিং কেনে পালা দিব্য?"

"ধুনীয়া, বহুত ভাল চলোৱা তুমি ৷ ছোৱালী মানুহে চলোৱা যেন একেবাৰে নালাগিল ৷"

প্ৰজ্ঞাপ্ৰাপ্তিৰ গাটো যেন কিহবাই ৰুকিহে দিলে ৷ বেজবেজাই গ'ল তাইৰ গোটেই দেহাটো ৷ কেতিয়াও নকৰা কাম এটা কৰিলে তাই ৷ মিচিকিয়া হাঁহি এটিৰে দিব্যৰ গাল এখনত মৃদু টিপা এটা মাৰি তাই উত্তৰ দিলে,

"অশেষ ধন্যবাদ ৷ কিন্তু এটা কথা জানানে দিব্য? মৰিগাঁৱৰপৰা গুৱাহাটীলৈ মই ছোৱালীজনীয়ে যে তোমাক মোৰ গাড়ীত উঠাই লৈ আনিলোঁ, মোৰো এজন ল'ৰাক উঠাই অনা যেন অলপোৱেই নালাগিল !"

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Thursday, January 14, 2016

আপোন পৰ ৷

ভূমিকম্পটো বহুত ডাঙৰেই আছিল ৷ জখলা এডালত উঠি ইলেক্ট্ৰিকেল প'ষ্ট এটাত কিছু সময় আগেয়ে জ্বলি যোৱা তাঁৰ অলপ মেৰামতিৰ কামত লাগি আছিল নাইট ডিউটিত থকা বিপ্লৱ ৷ তলৰপৰা টৰ্ছ মাৰি পোহৰ দেখুৱাই জখলাপাত ধৰি থকা সহকাৰীজনে ভয় খাই জখলা এৰি দৌৰিবলৈ আৰম্ভ কৰিছিল ৷ বিপ্লৱেও বহুত ভয় খাইছিল ৷ এই শেষ হ'ব, এই শেষ হ'ব বুলি ভাৱ হোৱা ভূমিকম্পটোৱে পৃথিৱীখন প্ৰায় আধা মিনিটমান  জোকাৰি আছিল ৷ জীৱনত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ ভূমিকম্পৰ সন্মূখীন হৈছিল সি ৷  পৰি নোযোৱাকৈ থাকিবলৈ জখলাপাতত ভৰি ৰাখি ইলেক্ট্ৰিকেল প'ষ্টটোতে জোৰেৰে সাৱতি ধৰিছিল বিপ্লৱে ৷ ভাগ্যক্ৰমে কাৰেণ্টৰ কানেকচনটো কাটি থোৱা আছিল ৷ তললৈ নামিবলৈও সাহ কৰিব পৰা নাছিল সি, কিজানিবা জখলাডাল পৰিয়েই যায় ৷ অলপ পিছত সহকাৰীজন আহি জখলাডাল ধৰি দিয়াত ভগৱানৰ নাম লৈ বিপ্লৱ তললৈ নামি আহিল ৷

ইমানপৰে ভূমিকম্পৰ লগতে ওপৰৰপৰা পৰি যোৱাৰ ভয়ত, মানে নিজৰ প্ৰাণ বচোৱাৰ স্বাৰ্থত তাৰ চিন্তা ভাৱনা শক্তি যেন বিলুপ্ত হৈ গৈছিল ৷ তললৈ আহিয়েই তাৰ মাক দেউতাকৰ লগত ঘৰত এৰি থৈ অহা ঘৈণীয়েক আৰু কণমানিটোলৈ মনত পৰিল ৷ বুকুখন একমুহুৰ্তৰ বাবে কঁপি উঠিল ৷ একো অসুবিধা হোৱা নাইটো সিহঁতৰ? তৎক্ষণাত মবাইলটো উলিয়াই ঘৈণীয়েকৰ নম্বৰটো ডায়েল কৰিলে ৷ নাই, বিজী হৈ আছে নম্বৰটো ৷ একেৰাহে কেইবাবাৰো যত্ন কৰাৰ অন্তত পাঁচ মিনিটমানৰ মূৰত ঘৈণীয়েকৰ নম্বৰটো বাজি উঠিল ৷

"সকলো ঠিকে আছেনে মানসী?"

"নক'বা আৰু, অলপ ভয় খালোঁ ঠিকেই, কিন্তু ভগৱানৰ কৃপাত একো অসুবিধা হোৱা নাই ৷ তোমাৰ?"

"ময়ো ঠিকে আছোঁ দিয়া ৷ মাহঁতৰ কিবা অসুবিধা হৈছিল নেকি?"

"নাই, মায়ে ভূমিকম্প অহাৰ লগে লগে মোক জগাইছেহি ৷ এতিয়াও ওচৰতে আছে ৷"

ঘৈণীয়েকক বিপ্লৱে হও হওকৈ নোহোৱা দূৰ্ঘটনাটোৰ কথা ঘূূণাক্ষৰেও নজনালে ৷ বেছিকৈ টেনচন ল'ব মানুহজনীয়ে ৷ সুখত আছে, সুখতে থাকক ৷ টেনচন দি ৰাতি টোপনি ক্ষতি কৰোৱাৰ কোনো প্ৰয়োজন নাই ৷ বিপ্লৱে এইবাৰ শহুৰেকৰ নম্বৰত ডায়েল কৰিলে ৷ এনেয়েও তেখেতসকলৰ তীব্ৰ আপত্তিক নসাৎ কৰি মানসীৰ লগত প্ৰেমবিবাহত আৱদ্ধ হোৱাৰ দিন ধৰি শাহুৱেকহঁতে বিপ্লৱক কিবা যেন প্ৰতিদন্দ্বী হিচাপেহে গণ্য কৰে ৷ আন্তৰিকতা অলপোৱেই আনিব পৰা নাই তেখেতসকলে ৷ বিপ্লৱে অৱশ্যে সম্পৰ্কটো বচাই ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই ৷ শহুৰেকে ফোনটো ধৰি ক'লে,

"হেল্ল'  !"

"মই বিপ্লৱে কৈছোঁ দেউতা ৷"

"গম পাইছো, কোৱা ৷"

"সকলো ঠিকে আছেনে দেউতা ? আপোনালোকৰটো একো অসুবিধা হোৱা নাই?"

"নাই নাই, একো অসুবিধা হোৱা নাই ৷ ৰ'বা, এওঁ কথা পাতে বোলে তোমাৰ লগত ৷"

শাহুৱেকে ফোনটো ধৰিলে ৷

"কওক মা ৷"

"মই অলপ আগতে মানসীলৈ ফোন কৰিছিলোঁ বিপ্লৱ ৷ তাইক কৈছোঁ, গতিকে তোমাকো কওঁ, তোমাৰ নাইট ডিউটি থকা কেইদিন 'আমাৰ' মানসীক তুমি আমাৰ ঘৰত থৈ যাবা ৷ ছোৱালীজনী ৰাতিখন অকলে অকলে তাত থাকিলে বৰ ভয় লাগে ৷ তাতে আকৌ এই ভূমিকম্পবোৰটো আছেই ৷"

"বাৰু ভাবি চাম মা ৷"

বিপ্লৱৰ বহুত দুখ লাগি গ'ল ৷ এনেয়েও সি অলপমান বেছিকৈয়ে অনুভূতিশীল ৷ আত্মীয়ৰ মৰম আকলুৱা ৷ সি যেনে তেনে মৰাৰপৰা বাচিছে, তাৰ খবৰ ল'বলৈ শাহুৱেকৰ মনলৈয়ে নাহিল, কিন্ত ভূমিকম্প অহাৰ লগে লগে ইমান ৰাতিখনো ফোনত 'নিজৰ' জীয়ৰীক তাৰ নাইট ডিউটিৰ কেইদিন তেখেতসকলৰ ঘৰত থ'বলৈ ক'বলৈ হ'লে নাপাহৰিলে ৷ বেলেগ এদিন হোৱা হ'লে বিপ্লৱে বিশেষ একোৱেই নাভাবিলেহেঁতেন, কিন্তু আজিৰ এই বিপৰ্য্যয়ৰ দিনটোত বিপ্লৱ শোকাহত হৈ পৰিল ৷ ভূমিকম্প কেৱল ৰাতিয়েই আহিব বুলিটো কোনো কথা নাই ৷ জখলাৰ ওপৰৰপৰা কেনেবাকৈ পৰি যোৱা হ'লে হয়টোবা তাক বচোৱাটোৱেই মুস্কিল হ'লহয় ৷ তাৰ লগৰ এজন ঢুকাইছেই তেনেদৰে কেইমাহমান আগতে ৷ তাৰোপৰি নিজৰ বিবাহিতা স্ত্ৰীক কেনেদৰে ৰক্ষণাবেক্ষণ দিব লাগে সেয়া অন্ততঃ তাক শাহুৱেকে শিকোৱাৰ প্ৰয়োজন নাই৷ মনৰ দুখতে সি শাহুৱেকক ক'লে,

"আপুনি এতিয়ালৈ মোৰ খবৰ এবাৰো নল'লে মা ৷"

"এহ, তুমি ল'ৰা মানুহটোৰনো কি হ'ব?"

"ল'ৰা মানুহ বুলি কোনো কথা নাই মা ৷ সকলোখিনি আন্তৰিকতাৰহে কথা ৷ দূৰত্ববোৰ আমিহে সৃষ্টি কৰোঁ, অঘটনে ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাৰাখে মা !"

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম