Wednesday, March 16, 2016

কুমলীয়া কইনা ৷

দাদাজনৰ মনত বৰ দুখ ৷ ৰ'ব, দুখৰ কাৰণ বুজাবলৈ অলপ পাতনিৰ প্ৰয়োজন আছে ৷

মানে তেখেতৰ এটা ফেচবুক একাউণ্ট আছে ৷ মাজে মাজে সময় উলিয়াই ফেছবুক কৰে ৷ লগৰ ল'ৰাবোৰে (মানুহবোৰে!!) নিজৰ শ্ৰীমতীৰ লগত ফটো দি থকা দেখি দাদাৰো গা উঠিল ৷ দাদাই মন কৰিছে, শ্ৰীমতীৰ লগত ফটো দিলে এসোপা 'লাইক' পোৱা যায় ৷ লগৰ কোনোবা কোনোবাইটো চাৰি পাঁচশ মান 'লাইক' পোৱাও দেখিছে ৷ মনটো আবেগিক হৈ উঠে ৷ লগতে ক'মেণ্টবোৰ পঢ়িয়েই দেখোন কিবা ভাল লাগি যায় ৷ 'পাভযোৰা', 'মেড ফৰ ইচ্ছ আডাৰ', 'ভগৱানে বনোৱা যোৰা','সংসাৰ সুখৰ হৈ থাকক' ইত্যাদি কতযে ধুনীয়া ধুনীয়া মন ভৰাই তোলা মন্তব্য বা আশীৰ্বাদ ৷ আচলতে বহু অনুষ্টুপীয়াকৈ পতা হ'ল দাদাৰ বিয়াখন ৷ দাদাৰ পৰিয়াল, অফিচৰ মানুহবোৰ বাদ দি বেলেগ মানুহখিনিক খবৰেই দিয়া নহ'ল ৷ অৱশ্যে সৰুকৈ বিয়া পাতি ৰাহি কৰা টকাখিনি দাদাই বেছ বুধিয়কৰ দৰে খৰচ কৰিলে, মানে জুৰুণত বৌক কাপোৰ কানি আৰু অলংকাৰেৰে আৱৰি পেলালে ৷ ফলস্বৰূপে বৌও খুছ, দাদাও খুছ ৷ গতিকে দাদাই সিদ্ধান্ত ল'লে যে তেখেতৰো বৌৰ লগত এখন যুগ্ম ফটো ফেচবুকত দিব ৷ মানুহবোৰে গম পাব লাগে, তেখেতৰ শ্ৰীমতী যে ইমান ধুনীয়া বা তেখেতসকলৰ সংসাৰ যে ইমান সুখৰ ৷ লগতে দাদাক বেয়া পোৱা পানীৰ তলৰ কাইট কেইটা যে সেইখন ফটো দেখি জ্বলি পুৰি মৰিব সেইটো খাটাং ৷ বঢ়িয়া, এই পেট কপটীয়া ঈৰ্ষাকাতৰ কেইটাক জ্বলাব লাগে মাজে মাজে ৷ প্লেন ফাইনেল কৰি পেলালে দাদাই, এইবাৰ আৰু কোনো কিন্তু নাই, ফটো এখন দিবই ৷ এতিয়া ধুনীয়া ফটো এখন বিচাৰি পোৱাহে কথা ৷

বছ, দাদাৰ কাম আৰম্ভ হৈ গ'ল ৷ অফিছৰপৰা আহি পায়েই আলমাৰি খুলি এলবামকেইটা নমাই আনিলে ৷ দুখনমান ফটো বাছি উলিয়াই ম'বাইল কেমেৰাটোৰে ফটো তুলি চালে, নাই, ভাল নহয় ৷ স্কেন কৰি চালে, নাই, সেইটোৱেও ইমান কাম দিয়া নাই ৷ ৰিজলুশ্বন কমি গৈ কিবা সেই সত্তৰ দশকৰ ফটো যেন লাগে ৷ দাদাৰ মনত খেলালে, চেলফি ফটো এখন তুলিয়েই দিব পাৰি দেখোন ! আজিকালি যিকোনো পৰিস্থিতিতে চেলফি দিয়াটো যেন এটা ট্ৰেণ্ডত পৰিণত হৈছে ৷ বৰ ধুনীয়া ধুনীয়া চেলফি তোলে মানুহবিলাকে ৷ বৌক মাতি আনি কেইবাখনো ছেলফি তুলিলে, নাই, কোনোখনেই দাদাৰ পচন্দ নহ'ল ৷ কোনোবাখন অলপ আন্ধাৰ হ'ল, কোনোবাখনত আকৌ দাদাৰ হাঁহিটোৱেই ফেচেকা ৷ বৌক অৱশ্যে গোটেইকেইখন ফটোতে ধুনীয়া লাগিছিল, কিন্তু দাদাকহে কিবা মানে কি ক'ম আৰু !  নিজৰ মনৰ কথাখিনি বৌক কোৱাত বৌয়ে ফটোখনি ভালদৰে চাই ক'লে,

"মই দেখোন ঠিকেই দেখিছোঁ ফটোকেইখন ৷ আপুনি দেখিবলৈ যেনেকুৱা, তেনেকুৱাই ওলাইছে ফটোখনত ৷ একোটো বেয়া হোৱা নাই ৷ বাহ্যিক সৌন্দৰ্য্যৰ পিছত আপুনি কেতিয়াৰপৰা দৌৰিবলৈ আৰম্ভ কৰিলে? মোৰ মতে ভাল হৈছে ৷ ইয়াতকৈ ভাল কৰিবলৈ হ'লে ফটোশ্বপ কৰিব লাগিব ৷"

বৌয়ে সঁচা কথা ক'লে যদিও দাদাৰ মনটো সেমেকি উঠিল ৷ অপ্ৰিয় সত্য একোটা হজম কৰিবলৈ যে বৰ কষ্ট হয় ৷

"ৰ'বাচোন ৰ'বা, আৰু দুখনমান ফটো তুলি চাওঁ ৷"

"এহ, হৈছে আৰু ৷ পৰীক্ষাৰ টেনচনৰ মাজত ফটো উঠাৰ নামত জোৰ কৰি হাঁহোতে হাঁহোতে মুখ বিষাই গৈছে ৷ আৰু নহ'ব দেই, তাৰোপৰি ভাত বনাবলৈ আছেই ৷ মই পঢ়োগৈ এতিয়া ৷ ফটো ছেছন পৰীক্ষাৰ পাছত ৷"

দাদাইও আপত্তি নকৰিলে ৷ কিছুদিন সময় পাইছে যেতিয়া ভালদৰে ভাবিবপৰা যাব, কেনে ফটো দিলে বেছি 'লাইক' পাব ৷ প্ৰথমতে বিয়াৰ পোছাকত ফটো উঠাৰ কথা ভাবিলে ৷ নাই কিবা আউটডেটেদ যেন লাগিব পাৰে ৷ তাৰোপৰি বিয়া হোৱা দুবছৰ হ'লেই ৷ মানুহে এইমাত্ৰ বিয়া হোৱা বুলি ভুল ভাবিব পাৰে ৷ অলপ আধুনিক পোচাকত ফটো উঠিব লাগিব ৷ ভবা মতেই কাম ৷ দাদাৰ বাবে ব্লেকবেৰীৰ ছুট এযোৰ আৰু বৌৰ বাবে আঠুৰ অলপ ওপৰত শেষ হোৱা স্কাৰ্ট এটা আৰু টপ এটা কিনি দাদাৰ মন প্ৰসন্ন ৷ বৌক একো নজনোৱাকৈ আগ্ৰহেৰে অপেক্ষা কৰিলে বৌৰ পৰীক্ষা শেষ হোৱা দিনটোলৈ ৷

ৰ'ৱ, আপোনালোকক কোৱাই হোৱা নাই ৷ বৌৱে বি,এ, ফাইনেল পৰীক্ষা দি আছে ৷ বয়স একৈশ বছৰ ৷ মোতকৈ প্ৰায় তেৰ বছৰ সৰু এই বৌজনী ৷ দেখাত পিছে বৌক ওঠৰ বছৰীয়া যেনহে লাগে ৷ দাদাৰ বয়স চৌৰাল্লিশ ৷ মানে দাদাতকৈ বৌ তেইশ বছৰ সৰু ৷ দাদাক পিছে প্ৰকাণ্ড পেটটোৰে সৈতে দেখাত পঞ্চাছ বছৰীয়া যেন লাগে ৷ নাজানোঁ কি ভাবি বৌ দাদাৰ লগত বিয়াত বহিল ৷ কয় নহয়, প্ৰেম অন্ধ, বোধহয় একেবাৰে সত্য ৷ বিয়াৰ খবৰ আমি জনাই নাছিলোঁ, পিছত এদিন যেতিয়া তেওঁলোক দুয়োজন আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল, তেতিয়াহে গম পাইছিলোঁ ৷ তেওঁলোক দুজনৰ প্ৰেমে অৱশ্যে লাইলা মজনুকো লাজ পোৱাই দিব ৷

বৌৰ পৰীক্ষা শেষ হোৱাৰ দিনা আগতেই বন্দবস্ত কৰি থোৱা প্ৰফেছনেল ফটোগ্ৰাফাৰ এজন দাদাই ঘৰলৈ যোৱাৰ বাটতে গাড়ীত বহাই ল'লে ৷ নিজে ফটো তুলি ঠগন খোৱাৰ অভিজ্ঞতাটো পাই থৈছেই নহয় আগতে ৷ ঘৰ পাই নতুন কাপোৰ পিন্ধি তিনিওজন ব্যস্ত হৈ পৰিল ৷ বাহ, ফটোগ্ৰাফাৰজন কিন্তু মানিব লাগিব ৷ বহুত ভাল ফটো তুলে ৷ নিৰ্দিষ্ট সময়ত দাদাৰ লেপটপলৈ ফটোখিনি ট্ৰেন্সফাৰ কৰি ফটোগ্ৰাফাৰজন গ'লগৈ ৷ দাদা আৰু বৌয়ে ফটোখিনিৰপৰা বাছি বাছি তিনিখন ফটো উলিয়ালে ৷ দাদাই ভাবিলে, তিনিওখনেই দি দিয়া যাওক ৷ বৌৱে মানা কৰিলে, একে ঠাইতে তোলা একে কাপোৰৰ এখন ফটোৱেই যথেষ্ট ৷ মানুহবোৰ নহ'লে ব'ৰ হৈ যাব ৷ কোনখন ফটো দিয়া যায় ভাবোতে ভাবোতেই নিশা দহ বাজিলগৈ ৷ দাদাই ক'লে,

"হেৰা, এতিয়াই দিম জানোঁ? কোনেনো চাব এই সময়ত?"

"এ, আপুনি সঁচাকৈ একেবাৰে বুৰ্বক হয় ৷ বহুত মানুহে শোৱাৰ সময়ত ফেছবুক খুলি চায়, দিনটো সময় নাপায় যে ৷ বাকীখিনিয়ে কালি দেখা পাব ৷"

বৌৰ কথা শিৰোধাৰ্য্য কৰি দাদাই ফটোখন ম'বাইলটোত ভৰাই ফেছবুকত আপলোড কৰিলে ৷ নেট শ্ল' ৷ ফটো নাযায়হে নাযায় ৷ বৌৱে ক'লে,

"শুই থাকক এতিয়া, নেটৰ স্পীড ভাল হ'লে নিজে নিজে গুছি যাব ৷ দিনটো তিনিঘণ্টা তিনিঘণ্টাৰ দুটা পৰীক্ষা দি আহি তাৰপিছত আপোনাৰ ফটোছেছন কৰি বৰ ভাগৰ লাগিছে ৷ কৈছিল চিনেমা দেখুৱাবলৈ নিব, কৰালে ফটোগ্ৰাফী  !"

"শোৱাইনে? ইমানদিন তোমাৰ পৰীক্ষা বুলিয়েই গ'ল ৷ আজি অলপ স্ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ ৷"

"আজি নহ'ব দেই, পিছত ৷ শুই থাকক ৷"

দাদাৰ পিনে পিঠি দি বৌৱে বেড চুইছটো অফ কৰি দিলে ৷ অগত্যা দাদাও শোবলৈ বাধ্য হৈ পৰিল ৷ ৰাতিপুৱা শুই উঠিয়েই দাদাৰ ফটোখনলৈ মনত পৰিল ৷ ফেছবুক খুলিলে ৷ নটিফিকেছন দেখি দাদাৰ আনন্দৰ সীমা নাই ৷ বৌক জগালে,

"হেৰা, উঠাচোন উঠা, আমাৰ ফটোখন ১৩২ জনে 'লাইক' কৰিলেই ইতিমধ্যে ৷"

বৌৱে চকু মোহাৰি মোহাৰি ম'বাইলটোলৈ চাই মিচিকিয়াই হাঁহি ক'লে,

"মই কোৱা নাছিলোনে আপোনাক? এতিয়া ক'মেণ্টবোৰ পঢ়ি চাওক, মন ভাল লাগি যাব ৷ মই আৰু অলপ শুই লওঁ ৷ পিছত নিজে পঢ়িম ৷"

দাদাই এফালৰপৰা মন্তব্যবোৰ পঢ়ি গ'ল ৷

'মজ্জা', 'বঢ়িয়া', 'ধুনীয়া ফটো' আদি মন্তব্যবোৰ পঢ়ি দাদাৰ বুকুখন ফুলি উঠিল ৷ হওক তেও, অৱশেষত মিছন ছাক্সেছফুল ৷

তাৰ পিছৰ ক'মেণ্টটো পঢ়িলে দাদাই ৷ স্কুলীয়া সহপাঠী এজনে পঠাইছে,

"আৰে, তই বিয়া কেতিয়া পাতিলি ৰে, গমেই পোৱা নাছিলোঁ ৷"

এইজনে আগতে দাদাক কম হাৰাশাস্তি কৰিছিলনে? দাদাই মনে মনে ভাবিলে, "বেটা, দেৰি হ'ব পাৰে, কিন্তু বহুত ভাল ঘৈণী এজনী পাইছোঁ ৷"

তাৰ পিছত আন এজনৰ মন্তব্য,

"বাপৰে বাপ, তই বিয়া পতাৰ কথাই নাজানিলোঁ, তই দেখোন ছোৱালীৰ বাপেক হৈ গ'লি ৷"

ছোৱালীৰ বাপেক? তাক চাগে কোনোবাই ভুলকৈ খবৰ দিলে, "আৰে ভাই, মোৰ ল'ৰা ছোৱালী হোৱাই নাই এতিয়ালৈ ৷ কিন্তু হ'ব ৰ'হ ৷" আকৌ ভাবিলে, "যি ভাব ভাবি থাক, ফটোখন দেখিলিটো?"

আন এজনৰ মন্তব্য,

"বাপ বেটী বৰ ধুনীয়া দেখিছ ৷"

মানে? তাৰ পিছৰ মন্তব্যবোৰ কেৱল দাদা আৰু দাদাৰ জীয়ৰীক লৈ কৰা ৷ দাদাৰ মুৰত যেন সৰগ ভাঙি পৰিল ৷ আকাশ পাতাল ভাবি ড্ৰয়িং ৰুমত বহি থাকোতেই মই গৈ পালোগৈ দাদাৰ ঘৰ ৷ বৌ তেতিয়া পাকঘৰত ব্ৰেকফাষ্ট বনোৱাত ব্যস্ত ৷ দাদাই দুখমনেৰে মোলৈ বুলি ম'বাইলটো আগবঢ়াই দিলে ৷ মই ক'লোঁ,

"একো নাই দাদা, তেওঁলোকে নাজানে যে ৷ আচলতে আপুনি ফটোখনত 'ৱিথ মাই লাভলী ৱাইফ' বুলি লিখি দিব লাগিছিল ৷ আপুনি একো চিন্তা নকৰিব ৷ বয়সটো এটা সংখ্যাহে মাত্ৰ ৷ আপোনালোক দুয়োজনৰ মাজৰ মৰম, ভালপোৱা আৰু বুজাবুজিহে আচল কথা ৷"

দাদাই বৰ দুখ কৰি ক'লে,

"পিছে এটা কথা অ' প্ৰিয়ংকৰ ৷ ভুলটো মোৰেই ৷ মোকনো কি খেতৰে পাইছিল, বুঢ়া বয়সত কুমলীয়া বয়সৰ কইনা এজনী বিয়া পাতি আনিবলৈ ৷ এতিয়া ফটো এখনো দিব নোৱাৰা হ'লোঁ ৷"

বৌ আহি পালে ৷

"চাওঁ, ম'বাইলটো মোক দিয়কচোন, ময়ো পঢ়ি চাওঁ, কোনে কি লিখিছে ৷"

দাদাই ক'লে,

"নক'বা বুজিছা, জানাই নহয় টাছ্স্ক্ৰীণ ম'বাইল ৷ কিবা টিপোটে দেখোন ফটোখনেই ডিলিট হৈ থাকিল ৷"

"আপোনাৰো যে কাম আৰু  !"

দাদাহঁতৰ ঘৰৰপৰা উভটি আহিলোঁ ৷ দাদাৰ দুখৰ সময়তো কিন্তু "কুমলীয়া বয়সৰ কইনা" কথাষাৰিয়ে কিবা এক সাংঘাটিক আমেজ দিলে ৷ বেয়া নাপাব দাদা, আপুনি হয়তো ঠিক কথাই কৈছে ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Saturday, March 12, 2016

মুখা ৷

এক অজান শংকাই বাহ ল'বলৈ আৰম্ভ কৰিছে সমৰৰ মনত ৷ চাওতে চাওতে কাইলৈৰপৰা ফাইনেল পৰীক্ষা আহি পালেহিয়েই ৷ দিনৰ ভাতসাজ খোৱাৰ পিছতে এঘণ্টাৰ বাবে শুই ল'লে সমৰে ৷ এলাৰ্ম ঘড়ীটোৰ টি টি টিট, টি টি টিট শব্দটোত একেজাপে উঠি বহিল সি ৷ পঢ়া মোটামুটি হৈছেই, পৰীক্ষা ভাল কৰিবই লাগিব ৷ দুখীয়া মাক বাপেক হালে তাক পঢ়োৱাৰ স্বাৰ্থত অশেষ কষ্ট স্বীকাৰ কৰিব লগাত পৰিছে ৷ বাথৰুমলৈ যাবলৈ বুলি ওলাই ৰুমত থকা হিটাৰটোৰ চুইছ অন কৰি দিলে সি, চচপেন এটাত পানী বঢ়াই হিটাৰটোৰ ওপৰত শোৱাৰ আগতেই সাজু কৰি ৰাখিছিল ৷ ফিকা চাহ একাপ খাই ল'লে টোপনিৰ ভাৱটো নাইকিয়া হ'ব অন্ততঃ ৷

পঢ়িবলৈ বুলি বহোতেই সমৰৰ মনত পৰিল যে তাৰ লগৰ পৰিমলে কালিয়েই লৈ যোৱা তাৰ টোকাবহীখন এতিয়ালৈকে ওভোতাই দিয়া নাই ৷ সি আছেনে নাই বা ৰুমত!  কাইলৈ পৰীক্ষা, গতিকে ৰুমত নাথাকিলেও হোষ্টেলত বেলেগ কাৰোবাৰ ৰুমত পঢ়ি থকাৰ সম্ভাৱনাই বেছি, কিন্তু ইমান ডাঙৰ হোষ্টেলটোত তাক বিচাৰি উলিওৱা ইমান সহজ কথা নহ'ব ৷ পৰিমলৰ ম'বাইলত ফোন মাৰিলে সি, নাই ৰিং কৰি কৰি শেষ হৈ গ'ল ৷ ফোনটো চাইলেণ্ট কৰি ৰাখিছে চাগৈ ৷  টিঙিছকৈ খং এটা উঠি আহিল সমৰৰ ৷ ই পৰিমল ল'ৰাটো এনেই বেয়া নহয়, মানে ভালেই, মানে বহুতেই ভাল, কিন্তু এনেবোৰ ক্ষেত্ৰত তাৰ স্বভাৱ একেবাৰেই বেপেৰুৱা ৷ বস্তু এটা খোজাৰ সময়ত তাৰ কত যে বাহানা, সদায় অলপ সময় পিছতে ওভতাই দিম বুলি কয়, কিন্তু বস্তুটো আনিবলৈ তাৰ ৰুমলৈ বাৰেপতি তাত বাতি কাঢ়িবলগা হয় ৷ বহুত হৈছে, আৰু নোৱাৰি ৷ পৰিমলৰ ৰুমলৈ বুলি আগবাঢ়িল সমৰ ৷ বাহিৰৰপৰা এবাৰ মাত লগাই একো নভবাকৈয়ে জোৰেৰে ঠেলা মাৰি দিলে পৰিমলৰ ৰুমৰ দৰ্জাখন ৷ ধমকৈ শব্দ এটা কৰি দৰ্জাখন খোল খাই গ'ল ৷ এনেয়েয়ো সিহঁতৰ হোষ্টেলৰ বহুত ৰুমৰ দৰ্জাৰ শলখাৰ অৱস্থা তথৈবছ ৷ নামতহে লাগি থাকে, তাৰোপৰি খঙত অলপ জোৰকৈয়ে ঠেলিলে চাগে সি !

"অই, মোৰ বহীখন দিব লাগে বুলি তই জাননে নাই অ' পৰিমল? কালিলৈ পৰীক্ষা নাইনে?"

ৰুমৰ ভিতৰ সোমাই এক অতি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মূখীন হ'ব লগাত পৰিল সমৰ ৷ সিহঁততকৈ এবছৰৰ জুনিয়ৰ মধুস্মিতাই ততাতৈয়াকৈ পৰিমলৰ বিচনাত বাগৰি থকা অৱস্থাতে বিচনা চাদৰখনকেই গাত মেৰিয়াই ল'লে ৷ পৰিমল বিচনাৰপৰা জাপ মাৰি উঠি নিজৰ নিৰাবৰণ দেহাটো ঢাকিবলৈ তেতিয়াও কিবা বিচৰাতেই ব্যস্ত ৷

সমৰ তৎক্ষণাৎ বাহিৰ ওলাই আহিল ৷ নিজৰ চকুকেই যেন বিশ্বাস কৰিবলৈ টান পালে সি ৷ পৰিমলে এনেকুৱা কৰাটো যে সপোনৰো অগোচৰ ৷ সমাজখনত নৈতিকতা বাহাল ৰখাৰ স্বাৰ্থত নিয়মৰ বাহিৰৰ কোনো কথাতে আপোচ কৰিবলৈ মান্তি নোহোৱাকৈ পৰিমলে আজিৰ যুৱচামক দেখোন নেতৃত্ব প্ৰদান কৰি আহিছে ৷ তাৰ উদ্দীপ্ত ভাষণ শুনিবলৈ বহু বয়সস্থ ব্যক্তিও আশাৰে বাট চাই ৰয় ৷

তাৰোপৰি অকস্মাতে আৰু এটা কথা মনত পৰিল সমৰৰ, মধুস্মিতাক চোন পৰিমলে সকলোৰে আগত ৰাখী ভগ্নীৰূপে চিনাকি কৰাই দিয়ে ! হাৰে, তহঁত প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীহালৰ কিবা কৰিবৰ মন আছে, কৰ, কোনেও তাত মাথা ঘমাবলগীয়া নাই ৷ সেয়া তহঁতৰ ব্যক্তি স্বাধীনতা ভাই!  কিন্তু পবিত্ৰ সম্পৰ্ক এটাৰ আঁৰ লৈ এনেকুৱা লজ্জাজনক কামবোৰ কিয় কৰ হেৰৌ? ছিহ, ঘৃণাত মুখখন কোঁচ খাই গ'ল সমৰৰ ৷ সঁচাকৈ, এনেকুৱা অপকৰ্মবোৰৰ বাবেই ৰাখী একোডালৰ সন্মান লাঘৱ হৈছে ৷ ৰাখী ভাতৃ ভগ্নীৰ দৰে পবিত্ৰ সম্পৰ্ক একোটাকো সমাজখনে সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈ পৰিছে ৷

হোষ্টেলৰ ৰুমত নিষিদ্ধ অভিসাৰ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ৷ তাৰোপৰি ৰাখী ভণ্টীৰ লগত? ভাবিবলৈও লাজ লগা কথা ! পিছৰ কথা পিছত দেখা যাব, সেইখিনি মুহুৰ্তত নিজৰ সন্মানটো বচাবলৈকে  সমৰে বাহিৰৰপৰা ক'লে,

"ছৰী ভাই, তই বিজী থকা বুলি মই জনা নাছিলোঁ ৷ বহীখন পিছত মোৰ ৰুমত দি থৈ আহিবি, কালিলৈ পৰীক্ষা আছেটো  ! আৰু নেক্সট টাইম দৰ্জাখন ভালদৰে লক কৰি লবি ৷ নহ'লে বিপদত পৰিবি বন্ধু ৷ মুখা খুলি যাব পাৰে তোৰ ৷"

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Friday, March 11, 2016

সফলতাৰ খতিয়ান ৷

ৰাতিপুৱা চাৰে পাঁচ বজাতে ম'বাইলটো বাজি উঠিল ৷ টোপনিৰপৰা সাৰ পাই খপজপকৈ ম'বাইলটো হাতত ল'লে প্ৰিয়ংকৰে ৷ ওচৰতে গভীৰ নিদ্ৰাত থকা পৰিণীতা আৰু নিয়ৰৰ টোপনিত ব্যাঘাত নহওক বুলি ততাতৈয়াকৈ ম'বাইলটো চাইলেণ্ট কৰি স্ক্ৰীণখনলৈ চালে সি ৷ অচিনাকি নম্বৰ ৷

"হেল্ল' !"

"ছাৰ, মোৰ ল'ৰাটোৱে কালি আবেলিৰপৰা দুবাৰমান বমি কৰিছে, কি ঔষধ খুৱাও বাৰু?"

কোনে কৰিছে, ক'ৰপৰা কৰিছে একো নজনোৱাকৈয়ে মহিলা গৰাকীয়ে নিজৰ সমস্যাৰ কথা আৰম্ভ কৰিলে ৷ আনকি ফোনটো সঠিক নম্বৰত লাগিছেনে নাই, সেয়া সোধাৰো প্ৰয়োজনীয়তা উপলব্ধি নকৰিলে তেখেতে ৷ বোধহয় প্ৰিয়ংকৰৰ কণ্ঠস্বৰ তেখেতৰ বাবে চিনাকি ৷

সাধাৰণ কথা এটাৰ কাৰণে ইমান ৰাতিপুৱাই ফোন কৰি কেঁচা টোপনি বিঘ্নিত কৰাৰ বাবে মনলৈ অহা তীব্ৰ অস্বস্তিখিনি লুকুৱাই ৰাখিবলৈ যত্ন কৰিলে সি ৷ কেতিয়াবা সাধাৰণ বুলি ভবা ৰোগ একোটাও পৰীক্ষা নিৰীক্ষাৰ অন্তত গুৰুতৰ হিচাপে আত্মপ্ৰকাশ কৰে ৷

"তাৰ কিমান বয়স বাৰু?"

"এঘাৰ বছৰ ৷"

"সৰু ল'ৰা ৷ তাক কোনোবা এজন  শিশুৰোগ  বিশেষজ্ঞক দেখুৱাই ল'লে ভাল হ'ব বুজিছে ৷ নোচোৱাকৈ ঔষধ দিয়াটো ইমান ঠিক কথা নহ'ব ৷"

মহিলাগৰাকীয়ে কওঁ নকওকৈ ক'লে,

"আচলতে ছাৰ, ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'লেই যে, সেয়ে ভাবিলোঁ আপুনি যদি কিবা ঔষধ কৈ দিয়ে, তেন্তে তাক ডাক্টৰৰ ওচৰলৈ নিয়াৰ সময়খিনি  মই ছোৱালীজনীৰ লগত থাকিব পাৰিলোহেঁতেন ৷ ল'ৰাটোৰ বেছি অসুবিধা হোৱা নাই কিন্তু ৷"

খঙৰ মাত্ৰাটো অলপ বাঢ়িয়েই গ'ল প্ৰিয়ংকৰৰ ৷ বেছি অসুবিধা নায়েই যদি ইমান ৰাতিপুৱাই ফোন কৰাৰ কি আৱশ্যকতা আছিল বাৰু? অলপ দেৰিকৈয়ো কৰিব পাৰিলে হয় ! মনৰ কথা সি অৱশ্যে মনতে ৰাখিলে, তেখেতক একো নক'লে ৷ বৰঞ্চ মহিলাগৰাকীয়ে জীয়েকৰ পৰীক্ষাৰ কথা কোৱাৰ লগে লগে তাৰ নিজে পাৰ কৰি অহা সেই দিনবোৰলৈ মনত পৰি গ'ল ৷ কিমান যে উদ্বিগ্নতাপূৰ্ণ দিন আছিল সেইবোৰ, ভাবিলে এতিয়াও ভয় লাগি যায়, লগতে অলপ হাঁহিও উঠে অৱশ্যে ৷ পৰীক্ষাহলত পৰীক্ষা দিবলৈ সি বহিছিল ঠিকেই, কিন্তু ঘৰত মাক, দেউতাক, ভায়েক, ভণীয়েক সকলো যেন একো একোটা নিজা নিজা উৎকণ্ঠাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মহিলাগৰাকীৰ  জীয়ৰীৰ প্ৰতি দ্বায়িত্ব পালনৰ হাবিয়াস দেখি তাৰ হৃদয়ত তেখেতৰ প্ৰতি অনুকম্পা জাগিল ৷  ল'ৰাটোৰ সমস্যাৰ সবিশেষ সুধি  তেখেতক ঔষধ দুটাৰ বানান সহকাৰে নাম কৈ সি ক'লে,

"এইকেইটা ঔষধ দুদিনমান ব্যৱহাৰ কৰিলেই সি আৰাম পাব লাগে, কিন্তু তাৰ পিছতো কিবা অসুবিধা থাকিলে কোনোবা এজনক দেখুৱাই ল'ব ৷ মই তাক নোচোৱাকৈয়ে দিছোঁ নহয় ঔষধ !"

"হ'ব ছাৰ ৷ ধন্যবাদ ৷ আৰু এটা কথা, ছোৱালীজনীক পৰীক্ষা ভালদৰে দিবৰ বাবে  অলপমান কওকচোন, তাই  মনত ভাল পাব আৰু ৷"

"তাইক ফোনটো দিয়কচোন ৷"

কণমানি এজনীৰ লেখীয়াকৈ ফোনৰ সিটো মূৰৰ পৰা ছোৱালী এজনীৰ আদৰ মিশ্ৰিত কণ্ঠস্বৰ ভাঁহি আহিল ৷

"ডাক্টৰ আংকল !"

"কেনে খবৰ তোমাৰ?"

"মোৰ ভালেই ৷ মোক চিনি পাইছেনে আংকল? মোক আপুনি যোৱা বছৰ চাইছিল  ৷"

"তোমাৰ নামটো কি আছিল?"

ছোৱালীজনীয়ে নিজৰ নামটো ক'লে  ৷ প্ৰিয়ংকৰে নামটোৰ সৈতে  তাইৰ মুখখন  অৱশ্যে মনত পেলাব নোৱাৰিলে ৷ কিন্তু ইমান আগ্ৰহত কথা পতা ছোৱালীজনীক সঁচা কথা কৈ মনত দুখ দিয়াটো উচিত কথা হ'ব জানোঁ? সি তাইক ক'লে,

"চিনি পাইছোঁ আকৌ ৷ তোমাৰ এতিয়া কেনে? কিবা অসুবিধা আছে নেকি?"

"নাই আংকল, এতিয়া মই সম্পূৰ্ণ সুস্থ ৷"

"পৰীক্ষাৰ বাবে পঢ়া শুনা কেনেকুৱা হৈছে? "

"কৰি আছোঁ আৰু ৷ হৈ যোৱা পৰীক্ষাকেইটা মোটামুটি ঠিকেই হৈছে ৷ বাকী থকা কেইটা ভাল হ'বৰ বাবে আপুনি  আশীৰ্বাদ কৰিব আৰু ৷"

এনেবোৰ কথাই দেখোন হৃদয় মন স্পৰ্শ কৰি যায় ! অলপ আগেয়ে অনুভৱ কৰা বিৰক্তি ক'ৰবালৈ উৰা মাৰিলে !

"তোমাৰ প্ৰতি আশীৰ্বাদ সদায় থাকিব মাজনী ৷  এইকেইদিন ভালদৰে পঢ়া ৷ পৰীক্ষাৰ পিছত আহিবা এবাৰ  মোৰ ওচৰলৈ ৷"

"হ'ব আংকল ৷ নিশ্চয় আহিম ৷"

ফোনটো ৰখাৰ পিছত প্ৰিয়ংকৰৰ মনটো বহুত  ভাল লাগি গ'ল ৷  চকুকেইটা জপাই পৰিস্থিতিটো আকৌ এবাৰ জুকিয়াই চালে সি ৷ অজানিতেই এটি আত্মসন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল তাৰ মুখমণ্ডলত ৷

প্ৰত্যেক বৃত্তিতে আমি কেৱল বৃত্তিগত কামবোৰ সমাপন  কৰিবলৈয়ে যত্ন নকৰোঁ, নিয়াৰিকৈ সংবেদনশীল  হৃদয়েৰে কৰা আমাৰ কামবোৰেৰে আমি প্ৰতিদিন প্ৰতিৰাতি অজানিতেই  নিত্য নতুন সম্পৰ্ক কিছুমানৰ  সৃষ্টি কৰোঁ ৷ কিছুমান সম্পৰ্ক হয়তো ক্ষণস্থায়ী, কিন্তু কিছুমান সম্পৰ্ক আকৌ যাউতিযুগীয়া হৈ পৰে ৷  আৰু জীৱনটোৰ শেষত  আপোনাৰ কৃতকাৰ্য্যতা অথবা আৰ্থিক স্বচ্ছলতা আদি কথাবোৰ নিতান্তই গৌণ হৈ পৰাৰ সময়তো কিন্তু এই মধুৰ  সম্পৰ্কবোৰেই  আমাৰ জীৱনজোৰা সাধনাৰ সফলতাৰ খতিয়ান দাঙি ধৰে ৷

বহুতৰ দৰে কেতিয়াবা প্ৰিয়ংকৰৰ নিজৰো এই চিকিৎসাবৃত্তিটোলৈ ভীষণ বিৰক্তি জন্মে ৷ কমকৈ হ'লেও কিছুসংখ্যক অস্বস্তিকৰ পৰিস্থিতিৰো সন্মূখীন হ'ব লগাত পৰিছে সি এতিয়ালৈ ৷  কিন্তু এইমাত্ৰ উল্লেখ কৰা ঘটনা পৰিঘটনাবোৰে নিজৰ বৃত্তিটোলৈ বিশ্বাস পুনৰ ঘূৰাই আনে, ভাল কাম কৰিবলৈ প্ৰেৰণা জগায় ৷

বিচনাৰপৰা উঠি টেবুলত থকা ডায়েৰীখন বিচাৰি হাতত ল'লে প্ৰিয়ংকৰে ৷ লিখি নাৰাখিলে পাহৰি যোৱা হয় ধুনীয়া কথাবোৰো ৷ নিয়ৰ মাজনীহঁতক ডাঙৰ হৈ ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাব পৰাকৈ কথা ক'বলৈ আৰু এটি নিপোটল কাহিনীৰ যে সমল পালে আজি সি ৷

কলমটো হাতত লৈ সেই দিনটোৰ প্ৰথম শব্দটো লিপিবদ্ধ কৰিলে সি ডায়েৰীখনত ৷

"হেল্ল'  !"

আৰু চাওতে চাওতে এখন সম্পূৰ্ণ অজান পৃথিৱীৰ গৰ্ভলৈ সোমাই গৈ থাকিল প্ৰিয়ংকৰ ৷ গন্তব্যস্থল যে এতিয়াও বহু নিলগত !

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Sunday, February 21, 2016

কিছু অনুভৱ… আন্তৰিকতাৰ !

    ছোৱালীজনী মোতকৈ বহু বছৰৰ জুনিয়ৰ ৷ আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী ৷ যোৱা চাৰি বছৰত এতিয়ালৈকে মই তাইক চাৰিবাৰমানহে লগ পাইছোঁ ৷ প্ৰথমবাৰ লগ পাওতে তাই মোক নিজৰ নামটো জনাইছিল ৷ পিছৰ কেইবাৰ লগ পোৱাৰ সময়ত তাইৰ নামটো মই মনত পেলাবলৈ অসমৰ্থ হৈছিলোঁ, কিন্তু তাই মোক নিজৰ চিনাকিটো বাৰম্বাৰ দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ৷ আচলতে মানুহৰ নাম মনত ৰখাৰ ক্ষেত্ৰত মই অলপমান কেঁচা ৷ বেলেগ কাৰোবাৰ হয়নে নহয় নাজানোঁ, কিন্তু সদায় লগ পাই থকা মানুহ এজনক মাত দিব বিছাৰিও অকস্মাত কেতিয়াবা বিবুধিত পৰোঁ দেখোন, এওৰ নামটো বা কি আছিল ! তেনেক্ষেত্ৰতটো বহুবাৰ হেই, হে'ৰি, অ'ৰা আদিৰেই কাম চলাই দিওঁ, কথা পতাজনে মোৰ সমস্যাটো বুজিব পৰাৰ আগতেই আমাৰ এৰা এৰি হয় ৷ কিন্তু এই ছোৱালীজনী অলপ সুকীয়া ৷ প্ৰত্যেকবাৰেই তাই মোক চিনি পাইছোনে নাই বুলি সোধে ৷

    শেষৰবাৰ তাইক লগ পাইছিলোঁ কেইদিনমান আগতে ৷ মোৰ শিক্ষক এজনৰ জীয়ৰীৰ বিয়াৰ নিমন্ত্ৰণ আছিল ৷ প্ৰণামী, মানে মোৰ শ্ৰীমতী কিবা কাৰণত যাব পৰা নাছিল ৷ ছমহীয়া কেচুৱাজনীক প্ৰথমবাৰৰ বাবে অকলে লগত লৈ বিয়া খাবলৈ গ'লোঁ ৷ বিবাহভৱনটো সেই সময়ত চিনাকি মানুহেৰে ভৰি আছিল ৷ আকৌ এবাৰ লগ পালোঁ সেই জুনিয়ৰ ছোৱালীজনীক ৷

    "পাৰ্থ দা, চিনি পাইছেনে? ছাৰ মোৰ মামাহে হয় ৷"

    তাইক চিনি পাইছিলোঁ ঠিকেই, কিন্তু নামটো আকৌ মনত নপৰা হ'ল ৷ তাই সংকোচবোধ নকৰাকৈ মই নুসোধাকৈয়ে আকৌ এবাৰ নিজৰ নামটো ক'লে ৷ শ্ৰীমতীৰ খবৰো ল'লে ৷ ভিতৰুৱাকৈ বহুত লাজ পালোঁ ৷ পিছমুহুৰ্ততে তাই মোৰ কোলাত থকা জীয়ৰীলৈ হাত আগবঢ়াই মিচিকিয়া হাঁহি এটিৰ সৈতে বেছ কিছু আন্তৰিকতাৰে ক'লে,

    "এয়াই মানে আমাৰ প্ৰতিষ্ঠা প্ৰতিম ৷"

    যিজনী ছোৱালীয়ে মোৰ এজনী জীয়ৰী আছে বুলি জানে বুলিও মই জনা নাছিলোঁ, যাৰ নামটো মনত পেলাবলৈ মই বাৰেপতি ব্যৰ্থ হৈছিলোঁ, সেই ছোৱালীজনীয়ে মনত অলপো বেয়া ভাৱ নৰখাকৈ অহশ্মমতাবিহীনভাৱে মোৰ ছমহীয়া জীয়ৰীৰ নামটো পৰ্য্যন্ত মনত ৰাখিছে ! হৃদয় আপ্লুত হৈ পৰিছিল ৷ এটা কথা হৃদয়ংগম কৰিলোঁ সেইদিনা, যে নিজ সন্তানক কোনোবাই আদৰ কৰা দেখিলে পিতৃ মাতৃৰ হৃদয় সঁচাকৈ উথলি উঠে ৷ লগতে অজানিতেই সেই সৰু ছোৱালীজনীয়ে মোক আৰু এটা ডাঙৰ কথা অনুভৱ কৰালে ৷ আন্তৰিকতা আনিবলৈ কাৰোবাৰ ঘনিষ্ঠ হোৱাৰ কোনো প্ৰয়োজন নাই ৷ অমায়িক ব্যৱহাৰেৰে সকলোৱে সকলোৰে অন্তৰ জয় কৰিব পাৰে ৷

    অস্বীকাৰ নকৰোঁ, কেতিয়াবা মই নিজেও সৰু কথা একোটাতে উগ্ৰ হৈ পৰোঁ ৷ ইগ', চুপাৰ ইগ'ৰ প্ৰকোপত সৰল পৰিস্থিতি একোটাও কেতিয়াবা জটিল কৰি তোলোঁ ৷ ছোৱালীজনীৰ স্থানত মই থকা হ'লে বাৰেপতি চিনাকি দিয়াৰ পিছতো নামটো মনত ৰাখিব নোৱাৰা বা নজনা বা মনত ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব নোৱাৰা এজন লোকক মই হয়তো গুৰুত্ব দিয়াটো বা মাতা বোলা কৰাটো বন্ধ কৰিলোঁহেতেন ৷ ছোৱালীজনীয়ে আকৌ এবাৰ যেন মোক সোঁৱৰাইহে দিলে, ইচ্ছা থাকিলে কণিষ্ঠ একোজনৰপৰাও বহু কথাই শিকিব পাৰি ৷

    সেই ছোৱালীজনীৰ নামটো মই আকৌ এবাৰ পাহৰাৰ কোনো প্ৰশ্নই নুঠে ৷

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

অভিনয়…সুখী জীৱনৰ ৷

"তেজ দিবলৈ মানুহ আছেনে নাই আপোনালোকৰ?"

"নায়েই নহয় ছাৰ ৷"

"ৰোগী আপোনাৰ কি হয়?"

"মোৰ পত্নী ৷"

"আপুনি দিয়ক তেন্তে এবটল তেজ ৷"

"নাই ছাৰ, মই দিব নোৱাৰিম ৷"

"কিয়? আপোনাৰ কিবা অসুবিধা বা বেমাৰ আজাৰ আছে নেকি?"

"নাই ছাৰ, বেলেগে দিব ৷ কালি পৰহি মানে আহি পাব মানুহ ৷"

"আপোনাৰ শ্ৰীমতীৰ বেমাৰটো কালি পৰহিলৈকে ৰখি নাথাকে নহয়, তাৰোপৰি তেখেতক তিনি বটলমান তেজ লাগিব পাৰে ৷ গতিকে আপুনি আজি এবটল তেজ ব্লাড বেংকত জমা কৰক, বাকী যি মানুহ আহিব, তেওঁলোকে পিছত আৰু তেজ জমা কৰি থাকিব ৷"

মানুহজন নিৰুত্তৰ ৷ প্ৰিয়ংকৰে বুজাবলৈ বহু যত্ন কৰিলে, কিন্তু মানুহজন নিজৰ সিদ্ধান্তত আকোঁৰগোজ ৷ ঘৈণীয়েক মৰি গ'লেও তেওঁ নিজৰ তেজ কাৰো বাবে দিব নোৱাৰে ৷ পুৱাই পুৱাই প্ৰিয়ংকৰৰ বৰ খং উঠিল ৷ সুস্থ সৱল মানুহটো হৈ বেমাৰত লেবেজান ঘৈণীয়েকজনীৰ কাৰণে তেজ এবটল দিয়াৰ মানসিকতাকণো নাই এই মানুহজনৰ ৷ সি অলপ খঙেৰেই ক'লে,

"আপোনাৰ নিচিনা মানুহৰ লগত কথা পতাটোও মহাপাপ ৷ বাৰু, যি কি নহওক, এই কাগজখন লৈ ব্লাড বেংকলৈ যাওক, মই ফোন কৰি দিম, এবটল তেজ ধাৰত লৈ আহিব পাৰিব ৷ মানুহ আহি পালেই ধাৰ মাৰি দিব ৷"

মানুহজনে কাগজখন হাত পাতি ল'লে ৷ প্ৰিয়ংকৰে পুনৰ ক'লে,

"বুজিছে দাদা, বেমাৰী ঘৈণীজনীৰ কথা অলপ মৰমেৰে ভাবিবলৈ  শিকক ৷ মুখতে মৰম দেখুৱাই একো লাভ নাই ৷"

চুপ চাপ মানুহজন বাহিৰ ওলাই গ'ল ৷ ওচৰতে কাম কৰি থকা প্ৰিয়ংকৰৰ সহপাঠী চিকিৎসক ডাঃ অনিন্দিতাই মাত দিলে,

"ইহঁতক কথা কৈ একো লাভ নাই প্ৰিয়ংকৰ ৷ নামত গিৰিয়েক এটা হৈ আছে, এইজনী ঘৈণীয়েক কেনেবাকৈ মৰি গ'লেও কোনো কথা নাই, কেইদিনমান পিচতে আন এজনী বিয়া পাতি আনিব !"

প্ৰিয়ংকৰে মিচিকিয়াই হাঁহিলে ৷

অনিন্দিতাই আকৌ ক'লে,

"কিন্তু কি জানানে? নিজে ছোৱালী হৈ ক'বলৈ বেয়াও লাগে, এই অপদাৰ্থ গিৰিয়েকটোৰ নিচিনা কিছুমান অপদাৰ্থ ঘৈণীয়েকো আছে, যি আচলতে এনে গিৰিয়েক পোৱাৰহে যোগ্য ৷"

অলপ সময়ৰ নীৰৱতাৰ অন্তত অনিন্দিতাই পুনৰ ক'লে,

"কিন্তু বিধিৰ বিধান বৰ বিচিত্ৰ অ' প্ৰিয়ংকৰ ৷ এনেকুৱাও হ'ব পাৰে যে আমি বাহিৰৰপৰা দেখি অনুধাৱন কৰিবলৈ ব্যৰ্থ হওঁ চাগৈ, কিন্তু বেপেৰুৱা, দ্বায়িত্বজ্ঞানহীন এনে মানুহবোৰে দেখোন ভাল ভাল গিৰিয়েক বা ঘৈণীয়েকেই পায় ৷ সকলোৰে ক্ষেত্ৰত একে হয় বুলি কোৱা নাই, কিন্তু ভাল মানুহ কিছুমানো দেখোন মৰি পচি থাকিবলগীয়া হয় এনে মানুহৰূপী পশুবোৰৰ লগত !"

প্ৰিয়ংকৰ নিমাতে ৰ'ল ৷ একপ্ৰকাৰে সঠিক কথাই কৈছে  অনিন্দিতাই ৷ একাষাৰে নুই কৰিব পাৰিব জানো সি তাইৰ কথাখিনি?

প্ৰিয়ংকৰে অনিন্দিতালৈ চালে ৷ কিবা গভীৰ ভাৱত ডুব গৈছিল তাই ৷ বেলেগে হয়তো নুবুজিব, সিয়ো জনা যেন দেখুওৱা বা তাইক কেতিয়াবা কিবা সোধা বা কোৱাৰ প্ৰশ্নই নুঠে, কিন্তু একে ঠাইৰে বাসিন্দা হোৱাৰ ফলশ্ৰুতিত অনিন্দিতাৰ মাক দেউতাকৰ অশান্তিৰে জৰ্জৰিত সংসাৰখনৰ দুই এটা কথা ঘুনুক ঘানাককৈ তাৰ কাণত বহু বছৰ আগতেই পৰিছিলহি ৷ আজিৰ মানুহজনক লগ পাই তাইক পুৰণি স্মৃতিয়ে বৰকৈ আমনি কৰিছিল বোধহয় ৷

কিছুসময় পিছত "মই বাথৰুমৰপৰা আহিছোঁ দেই" বুলি কৈ অনিন্দিতা তাৰপৰা আঁতৰি গ'ল ৷ পিছপিনৰপৰা তাই যোৱাৰ ফালে একেথৰে বহুপৰ চাই ৰ'ল প্ৰিয়ংকৰ ৷ সদায় হাঁহি স্ফুৰ্তি কৰি থকা ছোৱালীজনী কেতিয়াবা এনেদৰে অকস্মাতে আনমনা হৈ পৰে ৷ অনুভৱ কৰিলে সি, বহুতে জীৱনটোত যে কেৱল সুখী হোৱাৰ অভিনয়েই কৰি যাব লগাত পৰে !

পাঁচ মিনিটমান পিছত অনিন্দিতা উভটি আহিল ৷ পৰিস্থিতিটো লঘূ কৰাৰ স্বাৰ্থত কিবা খুহুতীয়া বা কৌতুকজাতীয় কথা কোৱা ভাল হ'ব বুলি প্ৰিয়ংকৰৰ মনলৈ আহিছিল ৷ কিন্তু অনিন্দিতাই বহু কষ্টেৰে লুকুৱাব বিচৰা চলচলীয়া দুচকুৱে তাক যে মিচিকিয়া হাঁহি এটা মৰাৰপৰাও বিৰত ৰাখিলে !

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷