Monday, September 19, 2016

বোলছবি ‘কথানদী’: এজন সাধাৰণ দৰ্শকৰ অনুভূতি ৷

কথানদী চালোঁ ৷ পৰিয়ালৰ সকলোৰে উপভোগ্য এখন সৰ্বাঙ্গ সুন্দৰ চলচিত্ৰ ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ চাৰিটা কাহিনীক একেলগে বুদ্ধিদীপ্ততাৰে সাৱলীলভাৱে আগবঢ়াই লৈ যোৱা হৈছে ছবিখনত ৷ গোটেই কাহিনীকেইটাৰ আদ্যোপান্ত অৱগত হোৱা স্বত্বেও চিনেমাখনৰ প্ৰতিটো মুহুৰ্তই উদ্দীপনা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে ৷

জেৰিফা ৱাহিদ, আদিল হুছেইন, সীমা বিশ্বাস, কপিল বৰা, আশা বৰদলৈ, উৰ্মিলা মহন্ত, ডাঃ জয়ন্ত দাস আদিকে ধৰি সকলোৰে অভিনয়েই অতুলনীয় ৷ হ’লেও এই ক্ষেত্ৰত পোনপ্ৰথমেই নাম ল’ব লাগিব জেৰিফা ৱাহিদৰ ৷ মানসিকভাৱে অস্থিৰ মাহীমাক এগৰাকীৰ চৰিত্ৰক সম্পূৰ্ণভাৱে জীৱন্ত ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷ চলচিত্ৰখন উপভোগ কৰি থকাৰ মুহুৰ্তত প্ৰকৃতাৰ্থতেই জেৰিফা ৱাহিদৰ প্ৰতি আপোনাৰ ঘৃণা উপজিব পাৰে ৷ ৰোমাণ্টিক নায়িকা এগৰাকীৰ ব্যতিক্ৰমী এনে বলিষ্ঠ প্ৰকাশভঙ্গীয়ে তেখেতৰ প্ৰতি থকা সন্মান আৰু বঢ়াই তুলিলে ৷

তেজীমলাৰ চৰিত্ৰ ৰূপায়ন কৰা মৰমলগা কিশোৰীজনীৰ অভিনয়ে হৃদয়ত সাঁচ বহুৱাই গ’ল ৷ সহজ সৰল, মৰম আকলুৱা আৰু আমি সকলোৱে জনা তেজীমলাৰ দৰে কাহিনী এটাৰ চিৰপৰিচিত তেজীমলাজনীয়ে যেতিয়া চলচিত্ৰখনত কান্দিছিল, মোৰ দুচকু সেমেকি উঠিছিল ৷ মৰ্মে মৰ্মে উপলব্ধি কৰা তেজীমলাৰ বেদনাই অন্তৰ কঁপাই তুলিছিল ৷

বন্ধুবৰ কপিল বৰাক চলচিত্ৰ ক্ষেত্ৰখনত মই এজন ৰমন্যাসিক অভিনেতাৰূপেই জানিছিলোঁ ৷ কিন্তু এই ছবিখনত প্ৰকাশ পোৱা তেওঁৰ পৰিপক্ক অভিনয়ে আদিল হুছেইনৰ দৰে জ্যেষ্ঠ শিল্পীকো প্ৰতিদ্বন্দিতা দিবলৈ সক্ষম হৈছে ৷

দৃশ্যৰ পট পৰিবৰ্তনৰ কৌশল, অগতানুগতিক সংগীত, পুৰণি অসমীয়া গাৱলীয়া পৰিবেশৰ মনোমোহা চিত্ৰায়ন, মৰম, চেনেহ, ভালপোৱা আদি আন্তৰিক সম্পৰ্কবোৰৰ লগতে অৰ্থলিপ্সা, ঘৃণা, কুটবুদ্ধি, বৰ্বৰতা, জিঘাংসা,পৰকীয়া প্ৰেম আদিৰ শালীনতাৰে কৰা উপস্থাপনে চলচিত্ৰখন উপভোগ্য কৰি তুলিছে ৷ অৱশ্যে এজন সাধাৰণ দৰ্শক হিচাপে মোৰ ব্যক্তিগত অনুভৱ, চিনেমাখনত অংকিত মৰ্মন্তুদ যাতনাৰ দৃশ্যসমুহৰ বাবে চেন্সৰ ব’ৰ্ডে ‘U’ ৰ পৰিবৰ্তে যেন অতি কমেও ‘U/A’ চাৰ্টিফিকেট দিব লাগিছিল ৷

সঁচা কথা ক’বলৈ হ’লে কথানদীয়ে মোক মোৰ শৈশৱলৈ আকৌ এবাৰ ঘুৰাই লৈ গ’ল ৷ সুদক্ষ পৰিচালনা, অভিনয়  তথা সম্পাদনাৰ চমৎকাৰিতাৰ ফলশ্ৰুতিত সেই তাহানিতে পঢ়া ‘বুঢ়ী আইৰ সাধু’ কিতাপখনৰ গোটেইকেইটা নহ’লেও অন্ততঃ চলচিত্ৰখনত অৱলোকন কৰা সাধুকেইটা আকৌ এবাৰ পঢ়ি চাবলৈ ইচ্ছা জাগিছে ৷ আমাৰ অসমীয়াই নিজৰ থলুৱা কাহিনীৰে ভাল ছবি নিৰ্মাণ কৰিব নোৱাৰে বুলি জনমানসত বদ্ধপৰিকৰ এটি “সঁচা” ধাৰণাক এই চলচিত্ৰই ভুল প্ৰমাণিত কৰিছে ৷

মুঠতে মই আশাবাদী ৷ আশা কৰোঁ আপোনালোকেও মোৰদৰেই কথাছবিখন উপভোগ কৰিব, নিজৰ শৈশৱক বিচাৰি পাব, ‘আপোন’ সম্পৰ্কবোৰৰ প্ৰয়োজনীয়তাৰ কথা পুনৰাই উপলব্ধি কৰিব আৰু চলচিত্ৰখনৰ সমুহ কলাকুশলীকে অন্তৰেৰে ধন্যবাদ জনাব ৷

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷
www.bit.ly/pratimz

Tuesday, August 23, 2016

মানে, আকৌ লাজ পালোঁ ৷

মানে বুজিছেনে? মোৰ এই নতুনকৈ ওফন্দি আহিবলৈ ধৰা পেটটোৱে মোৰ মান সন্মান সকলো পানী কৰিহে এৰিব আৰু ৷

আজি ৰাতিপুৱাৰ কথা ৷ অফিচলৈ বুলি ওলাই বাৰান্দা পাওতেই দেখিলোঁ যে দেউতাই আৰামী চকীখনত হাত ভৰি মেলি বহি খবৰ কাগজ পঢ়াত ব্যস্ত ৷ জোণ্টি আৰু আইমনিয়ে গা ধুই আহি মেলা চুলিৰেই তিতা কাপোৰবোৰ চোতালৰ ৰছীডালত শুকাবলৈ বুলি মেলি আছে ৷ ৰান্ধনিঘৰৰপৰা বাচন বৰ্তনৰ খুটুং খাটাং শব্দ, অৰ্থাৎ মা পাকঘৰত আছে ৷ মস্তি ৷ মনটো অলপমান ৰোমাণ্টিক হৈ পৰিল ৷ আজিয়েই অলপ সুযোগ পাইছোঁ ৷ পটকৰে আকৌ এবাৰ আমাৰ কোঠাত উপস্থিত হ'লোঁ ৷ মানসীয়ে নিচুকাই নিচুকাই সোণৰ টোপনি অনাই বিচনাখনত শুৱাই দি থিয় দিছিলেহে মাথোন, মোক দেখি তেওঁ অলপ আচৰিতেই হৈ পৰিল ৷

"উভটি আহিলা যে চন্দন? কিবা পাহৰিলা নেকি?"

"একো পাহৰা নাই ৷ আমি দুটাই খুল্লম খুল্লা প্ৰেম কৰিম আজি ৷"

"কিনো কোৱা অ'? ৰাতিপুৱাই কিবা খালা নেকি?"

"নাই খোৱা ৷"

মোলৈ অবাক হৈ চাই থাকোতেই মই তেওঁক আকোৱালি ধৰিলোঁ ৷ তেওঁৰ কপালখনত এটি চুমা যাচিবলৈ বুলি আগবাঢ়োতে তেওঁ শংকিত হৈ মৃদুভাৱে চিঞৰি উঠিল ৷

"হেই, হেই, কি কৰা? দৰ্জা খুলা আছে ৷ কোনোবাই দেখিলে কি হ'ব বাৰু এইখন?"

নাটকীয় ভঙ্গীত মই উত্তৰ দিলোঁ,

"একো নহয় ৷ তুমি টেনচন নল'বা ৷ মই সকলোৰে কাম কাজবোৰ পৰ্য্যবেক্ষণ কৰি আহিছোঁ ৷ অন্ততঃ পাঁচ মিনিটমানলৈ ইয়ালৈ কোনো অহাৰ চান্স নাই ৷"

"দুষ্টটো ক'ৰবাৰ ৷"

মিচিকিয়া হাঁহি এটিৰে মানসীয়ে মোক আবেগেৰে সাৱটি ধৰিলে ৷ বুজিছে, বিয়াৰ আগতেটো কোনেও গম নোপোৱাকৈ লুকাই চুৰকৈ প্ৰেম কৰোতেই গ'ল ৷ তেতিয়া বহুত খং উঠিছিল, সকলো কাম চোৰৰ দৰে লুকাই মেলি কৰিব লাগে বুলি ৷ কিন্তু এতিয়া লুকাই চুৰকৈ এনেদৰে অকণমান প্ৰেম কৰাৰ সুযোগ পালেও মনটো কিবা দেখোন শিহঁৰিত হৈ উঠে ৷ মানে হৃদয় একেবাৰে থৌকি বাথৌ, মানে সেই "আনন্দে নধৰে হিয়া" ধৰণৰ আকৌ ৷ সুকোমল লাজে গোলাপী কৰি তোলা মানসীৰ গালখনত আবেগৰ চুমা এটি যাচিবলৈ বুলি অগ্ৰসৰ হওঁতেই তেওঁ অকস্মাতে কৈ পেলালে,

"বাকীবোৰে ঠিকেই কয় চন্দন, তোমাৰ পেটটো সঁচাকৈয়ে বৰ ডাঙৰ হৈছে অ' ৷ তোমাৰ পেটটোৱে মোক কিবা হেঁচা মাৰি ধৰিছে ৷"

ৰোমাঞ্চ উৰি গৈ কোনোবাখিনি পালেগৈ ৷ খঙেই উঠি আহিল ৷ এনে এটি মুহুৰ্তত মোৰ ক্ৰমবৰ্ধিত পেটটোৰ কথা উনুকিয়াই দিবলৈ তেওঁৰ অলপো বেয়া নালাগিলনে? বিয়াৰ পিছত মাইকী মানুহবোৰৰ ৰোমাঞ্চ বোলা বস্তুটো কিবা নোহোৱাই হৈ যায় দেখোন ৷ অৱশ্যে অন্তৰাত্মাই চিঞৰি উঠিল, নিজেহে বৰ একেবাৰে ৰোমাণ্টিক হৈ আছ ৷ যিয়েই নহওক, চুম্বন যঁচাৰ স্পৃহা পলকতে নোহোৱা হৈ পৰিল ৷ কুৰুক্ষেত্ৰ এখন হোৱাৰপৰা বাচিবলৈকে খঙটোৰ বহিঃপ্ৰকাশ নঘটাই অন্তৰৰ বেদনা অন্তৰতে থাপি থুপি অশেষ কষ্টেৰে কোনোমতে ক'লোঁ,

"যাওঁ দিয়া মানসী ৷ অফিছলৈ দেৰিয়েই হ'বগৈ ৷"

ততাতৈয়াকৈ অফিচলৈ বুলি ৰাওনা হ'লোঁ ৷ কিন্তু গোটেই বাটটোৱেই মোৰ এটা কথাই মনলৈ আহি থাকিল ৷ মানসীয়ে ঠিকেই কৈছে ৷ পেটটো বৰকৈ বাঢ়িছে মোৰ ৷ কিবা কৰি কমাবই লাগিব ৷ সকলোৰে মুখত কেৱল যেন মোৰ পেটটোৰেই কথা ৷ অফিছৰ জুনিয়ৰবোৰৰ কথাই শুনক ৷ সময় অসময় নাই, যেতিয়াই তেতিয়াই ক'ব,

"চন্দন দা, বিয়াৰ পিছতে পেটটো ইমান বাঢ়িল যে, কথাটো কি? বৌৱে তামাম ৰান্ধি বাঢ়ি খুৱাইছে হ'বলা?"

তাতোকৈ এখোপ ওপৰলৈ গৈ লগৰ কেইটামানে সোধে,

"চন্দন, কেইমাহ চলি আছে? ডাক্তৰে তাৰিখ কেতিয়া দিছে?"

হাঁহি মাৰি সকলোৰে উত্তৰ দি থওঁ যদিও পেটে পেটে জ্বলি পকি মৰোঁ ৷ মোৰ পেট বাঢ়িল, তাতে সিহঁতৰ কি ক্ষতিটো হ'ল? এনেদৰে পেটটো  বঢ়াবলৈকো কম কষ্ট হেছে নেকি মোৰ? স্বাদগ্ৰন্থি তৃপ্ত কৰিবলৈ কম খাব লগা হৈছেনে? কিমান খাদ্য খোৱাৰ পিছতহে সেইবোৰ চৰ্বিলৈ ৰূপান্তৰিত হৈ মোৰ এই মেদবহুল উদৰটোৰ সৃষ্টি হৈছে সিহঁতে জানেনে? বাৰু, আৰু নকওঁ দিয়ক ৷ খঙত এইবোৰ বজৰুৱা যুক্তি বিচাৰি উলিয়ালেও ৰাতিপুৱা গা ধুই উঠি মানসীৰ ড্ৰেচিঙ টেবুলখনত সংলগ্ন প্ৰকাণ্ড আইনাখনৰ সন্মূখত থিয় হৈ নিশ্চয়কৈ হীনমন্যতাত ভোগো ৷ কি পেট আছিল, আৰু কি পেট হ'ল ৷ থিয় হৈ থকা অৱস্থাত তললৈ চাই পঠিয়ালে ভৰি দুখন দেখাই নাপাওঁ ৷ অৱশ্যে এটা কথাও আছে তাতে ৷ শৰীৰচৰ্চাৰ নামত শূণ্য, ব্যায়ামগাৰলৈ যোৱাটো দূৰৰে কথা, নাম শুনিলেও শৰীৰৰ য'তে ত'তে বিষোৱা যেন লাগে, মোৰ পেট নাবাঢ়ি বেলেগ কাৰোবাৰ পেট বাঢ়িবনে?

বাৰু বাদ দিয়ক এইবোৰ কথা, মুঠতে অপ্ৰস্তুত হৈ যাওঁ কেতিয়াবা এনে মন্তব্যবোৰত ৷ দুবাৰমানটো বৰ লাজতে পৰিব লগাত পৰিছোঁ ৷ এমাহমানৰ আগৰ কথা ৷ মোৰ প্ৰিয় বন্ধু এজনৰ বিয়াৰ কথা চলি আছিল ৷ তাৰ হ'বলগীয়া কইনাজনীৰ ঘৰলৈ যাব লগাত পৰিছিলোঁ ৷ কইনা চাবলৈ বুলি নহয়, আনুষ্ঠনিকতাৰ বাবেহে ৷ সিহঁত দুটাৰ চাৰি বছৰৰ দুৰ্ঘোৰ প্ৰেমৰ অন্তত দুমাহমানৰ আগতেহে দুয়োঘৰে উপায় নোপোৱাত পৰি বিয়াৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ নহ'লেটো মোৰ আগতে তাৰহে বিয়া হোৱাৰ কথা আছিল ৷ কইনাঘৰ আকৌ মোৰ কুটুম্ব হয়, কইনাৰ দেউতাক মোৰ দেউতাৰ সম্বন্ধীয় ভায়েক, মানে মোৰ খুৰা ৷ সেই খুৰাই তেওঁৰ জীয়ৰী আৰু মোৰ প্ৰিয় বন্ধুৰ প্ৰেমৰ কথাটো লৈ মোকো কমখন হাৰাশাস্তি কৰা নাই এতিয়ালৈ ৷ মোৰ লগৰটোৰ প্ৰসংগত তেখেতে হকে বিহকে অভিধানত থকা নথকা সকলো বিশেষণেই ব্যৱহাৰ কৰিছিল ৷ লগতে তাৰ কিছুমান মোলৈকো উফৰি আহিছিল, যিহেতুকে মোৰ লগত খুৰাহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ ফলশ্ৰুতিতেই ভণ্টীৰ প্ৰেমত পৰিছিল মোৰ বন্ধুজন ৷ অৰ্থাৎ খুৰাৰ মতে যতকুটৰ ঘাই আছিলোঁ মই ৷ তাৰোপৰি মোৰ বন্ধুৰ মুখত খুৰাৰ প্ৰতি সম্বোধন সদায় আছিল "তহঁতৰ সেই বুঢ়াটো" ৷ অৱশ্যে প্ৰেমৰ প্ৰধান কণ্টকৰ প্ৰতি ভাল ভাৱ নহাটোৱেই স্বাভাৱিক ৷ গতিকেই যেতিয়া বন্ধুজনে মোক খুৰাহঁতৰ ঘৰলৈ যাবৰ বাবে লগ ধৰিলে, মোৰ ওঁঠৰপৰা নিমিষতে ওলাই আহিল,

"তোৰ লগত যাম? আৰু সেই বুঢ়াৰ ঘৰলৈ? মোৰ মাথাত পোকে কামুৰিছে বুলি ভাবিছ নেকি?"

"বুঢ়া বুলি নকবিচোন, মৌৱে শুনিলে বৰ দুখ পাব অ' ৷"

মৌ মোৰ ভণ্টীজনীৰ ঘৰত মতা নাম ৷ আৰু মোৰ প্ৰিয় মিত্ৰক চাওক, সেই সিদিনালৈকে বিয়াত সন্মতি নিদিয়াৰ বাবে মোৰ খুৰাক মোৰ আগত সদায় "তহঁতৰ সেই বুঢ়াটো" বুলি গালিয়েই পাৰি থাকিলে, কিন্তু আজি মই সেইবুলি ক'লে আকৌ জগৰ লগা হ'ল ৷ সম্পৰ্কবোৰ আচলতে দেখোন তেনেকুৱাই ৷ মনে মনে কিন্তু বৰ সুখ পালোঁ ৷ নিৰ্দিষ্ট দিনত বন্ধুৰ বাইকৰ পিছপিনে বহি খুৰাহঁতৰ ঘৰলৈ বুলি ওলালোঁ ৷ অলপ সময়ৰ পিছতে বন্ধুৱে ক'লে,

"অই চন্দন, তই মোক ঠেলি আছ কিয়? অলপ পিছুৱাই বহচোন ৷"

মই আচলতে ঠিক ঠাইতে বহি আছিলোঁ, কিন্তু মোৰ পেটটোৱেহে বন্ধুক ঠেলা মাৰি আছিল ৷ মনটো আকৌ এবাৰ বেয়া লাগিল ৷ একো নক'লোঁ আৰু তাক, অলপ পিছুৱাই বহি পেটটো যথাসম্ভৱ ভিতৰলৈ সুমুৱাই যেনে তেনে খুৰাৰ ঘৰ পালোগৈ ৷

বিৰাট আয়োজন কৰিছিল সেইদিনা খুৰাহঁতৰ ঘৰত ৷ বাহ, খুৰাৰ মোৰ বন্ধুৰ লগত কি মোলায়েম ব্যৱহাৰ ৷ মানে কি ক'ম আৰু, আচৰিতেই হৈ গ'লোঁ একপ্ৰকাৰ ৷ অলপ সময় পিছত মৌৱে আহি মোক মাত দিলেহি,

"বাবা দাদা, আজিকালি তুমি আমাৰ ঘৰলৈ নহাই হ'লা দেখোন ৷ তোমালোকৰ ঘৰলৈ দিনতে যাও যে, সেয়ে বৰমা আৰু বৌহঁতকহে লগ পাওঁ ৷ বহুদিনৰ মুৰত দেখিলোঁ তোমাক ৷ বিয়াৰ পিছত স্বাস্থ্য ভাল হৈছে  দেই তোমাৰ ৷"

মনটো অলপমান ভাল লাগিবলৈ আৰম্ভ কৰিছিলহে, খুৰাই মৌক উলোটাই ধৰিলে,

"কি স্বাস্থ্য ভাল হোৱা দেখিলি তই? একো ভাল হোৱা নাই ৷ পেটুৱাহে হৈছে ৷ আৰু ৰচোন বাবা, বয়স হৈছে নহয় আমাৰ ৷ ঠিকেই বুজিছোঁ তোৰ পেট বঢ়াৰ কাৰণ ৷ তই তাৰমানে মদ, বীয়েৰ এইবোৰ খোৱা আৰম্ভ কৰিছ নহয়নে? এৰিবি দেই এইবোৰ অভ্যাস ৷ বেয়া কথা ৷ বিয়া পাতিছ, সন্তান জন্ম দিছ, গতিকে সিহঁতক চোৱা চিতা কৰিব পৰাকৈ তই সুস্থ হৈ থাকিব লাগিব ৷"

"খুৰাই যে কি কয় আৰু ৷ সেইবোৰ কাৰণ নহয় ৷ মোৰ পেটটো বেছিকৈ ভাত খোৱাৰ বাবেহে হৈছে ৷"

যেনে তেনে উত্তৰ দিলোঁ যদিও খুৰী আৰু মৌৰ আগত বৰ লাজ পালোঁ ৷ আকৌ এবাৰ খঙটো উঠি আহিল ৷ প্ৰথমে খুৰাৰ ওপৰত, নভবা নিচিন্তাকৈ কথা কোৱাৰ বাবে ৷ দ্বিতীয়তে খং উঠিল মোৰ নিজৰ ওপৰতে, গৰহৰ দৰে যেই সেই বস্তু গলাধকৰণ কৰাৰ বাবে ৷ আৰু তৃতীয়তে খঙটো উঠিল মোৰ নিজৰ পেটটোৰ ওপৰত ৷ আৰে ভাই, মই যেনিবা খালোৱেই, দেহটোত ইমানবোৰ অংগ আছে, তইহে বাঢ়িবলৈ পালিনে? যিয়েই নহওক, লাজ মান সামৰি যেনেতেনে ঘৰ পালোহি ৷

কেইদিনমানৰ আগৰ কথা ৷ ভাগিন এজনী আহিছিল আমাৰ ঘৰলৈ ৷ পঞ্চমমানত পঢ়ে তাই ৷ মোৰ লগত অলপ সময় কথা পতাৰ পিছত তাই দেখোন কিবা হাঁহিবলৈ ধৰিলে ৷ ময়ো অনুসন্ধিৎসু হৈ পৰিলোঁ ৷

"কি হ'ল অ' ৰিয়া মাজনী?"

"জানানে চন্দন মহা, তোমাক আঁকিবলৈ একেবাৰেই উজু ৷ অঁকা বাদেই দিয়া, অতি সহজতেই মই তোমাৰ মূৰ্তি বনায়েই দেখুৱাব পাৰিম ৷"

"কেনেকৈ?"

"ডাঙৰ গোল আলু এটাৰ তলপিনে দিয়াচলাইৰ কাঠি দুডাল ভৰাই দিলেই হৈ গ'ল ৷ আলুটো তোমাৰ পেট আৰু কাঠি দুডাল তোমাৰ ভৰি দুখন ৷"

উপস্থিত সকলোৰে হাঁহিৰ গিৰ্জনিত কোঠাটোত একপ্ৰকাৰ মানে শব্দ প্ৰদূষণৰেই সৃষ্টি হোৱা অৱস্থা হ'ল ৷ ময়ো উপায় নেদেখি হাঁহিলো আৰু, সেমেনা সেমেনিকৈ ৷ ভাগ্য ভাল, পৰিস্থিতিটো উপলব্ধি কৰি মানসীয়ে বেলেগ কথা উলিয়াই মোক বচালে বুলিহে ৷ কিন্তু কি ক'ম আৰু, আমাৰ ঘৰত থকাৰ গোটেই সময়খিনি ৰিয়া মাজনীয়ে মোলৈ চাই চাই মিচিক মিচিক হাঁহিয়েই থাকিল ৷ মানে মোক মোৰ এই প্ৰচণ্ড পেটটোৱে লাজত পেলায়েই থাকিব যেন পাইছোঁ ৷

পৰহিৰ কথা কওঁ ৷ অফিচৰপৰা ট্ৰেইনিং এটাত পঠাইছিল, ট্ৰেইনিং শেষ হোৱাত সোনকালেই আজৰি হৈ পৰিলোঁ সেইদিনা ৷ বাহিৰে বাহিৰে পটকৰে এবাৰ বাইদেউৰ ঘৰত সোমাই আহোঁ বুলি ভাবিলোঁ ৷ বাইদেউ ভিনদেউৰ ঘৰ আমাৰ অফিছৰ ওচৰতে, যাবলৈ সময় মিলাবলৈহে টান হৈ পৰে ৷ মই তেওঁলোকৰ চোতালত বাইকখন ৰাখিছোহে মাত্ৰ, বাইদেউৱে মোক দেখি যেন স্বস্তিৰ নিশ্বাসহে এৰিলে ৷

"বাবা, তই আহিছ ভালেই হৈছে ৷ পিজুৰ স্কুল ছুটীৰ সময় হৈছে অ' ৷ তই তাক স্কুলৰপৰা লৈ আনিব পাৰিবি নেকি?"

বিনাবাক্যে পিজুৰ স্কুললৈ বুলি বাইক ঘুৰালোঁ ৷ পিজু মোৰ সৰু ভাগিন ৷ পাঁচ বছৰ বয়স ৷ ওচৰৰে স্কুল এখনত দিছে ৷ সি ল'ৰাটো এনেই বৰ মৰমলগাই, কিন্তু কথা বতৰাবোৰহে সাংঘাটিক ৷ ভয়েই লাগে তালৈ অলপমান ৷ মই গৈ পোৱাৰ পাঁচমিনিটমান পিছতে স্কুল ছুটী হ'ল ৷ ল'ৰাছোৱালীবোৰ ওলাই আহিল গেটখনেদি ৷ মই বাইকৰ ওপৰত বহি তালৈ বুলি অপেক্ষা কৰিলোঁ ৷ হঠাতে দেখা পালোঁ নয়নাক ৷ নয়না মোৰ ভণ্টীৰ লগত একেলগে পঢ়া ৷ তাইৰ ছোৱালীজনী আকৌ পিজুৰ লগত একেলগে পঢ়ে ৷ তাই মোক দেখি হাঁহি হাঁহি আগুৱাই আহিল ৷

"চন্দন দা, বহুদিনৰ মুৰত লগ পালোঁ দেই ৷ পিছে আপোনাৰ ভাগিনে আপোনাৰ তামাম চিনাকি দি আছে ৷"

পিজুলৈ থকা মৰমৰ মাত্ৰাটো আৰু অলপ বাঢ়ি গ'ল ৷ হ'ব পাৰে কথা বতৰাত খাৰাংখাছ, কিন্তু এই পাঁচ বছৰ বয়সতে সি মই ক'ত কি কাম কৰোঁ সকলো জানে ৷ হ'ব পাৰে, তাৰ কথা বতৰাৰ বাবেই তাক অলপ ভয় কৰি চলোঁ, কিন্তু মানিব লাগিব, এই কম বয়সতে সি যি কয়, ঠিকেই কয় ৷ গৌৰৱত বুকুখন এবেগেতমান ফুলি গ'ল ৷ সিনো মোৰ বিষয়ে কি কৈছে সেয়া জানিবলৈ মন গ'ল, কিন্তু উপযাচি সুধিবলৈ অলপ সংকোচ উপজিল ৷ মোৰ মনৰ অৱস্থাটো হয়তো নয়নাই বুজি পালে ৷ তাই নিজেই ক'লে,

"আপোনাৰ ভাগিনে আপোনাৰ পৰিচয় কি বুলি দিছে গম পাইছেনে নাই চন্দন দা?"

"কি বুলি?"

"মোৰ ছোৱালীক সি কি বুলি কৈছে জানেনে?"

"কি বুলি কৈছে?"

"আপোনাক দেখুৱাই সি তাইক কৈছে, সেই বাইকখনত বহি থকা পেটুৱাটো যে দেখিছ, সেইটো মোৰ মামা হয় ৷"

নিজৰ কথাৰ ৰসত নিজেই হাঁহিত ফাটি পৰিল নয়না ৷ আৰু মোৰ? অলপ আগতে ফুলি উঠা বুকুখন পাম্প যোৱা বেলুনটোৰ দৰেই সোপোকা হৈ পৰিল ৷

বাৰু বাদ দিয়ক এইবোৰ কথা ৷ আজি দিনটো পিছে বৰ ধুনীয়াকৈ পাৰ হ'ল ৷ কিয় নাজানোঁ, লান্স ব্ৰেকৰ পিছৰপৰা কিন্তু অফিচত এনেই মাত নিদিয়া ছোৱালীকেইজনীয়েও আজি মোলৈ চাই লাজুক হাঁহি মাৰিছিল ৷ হয়তোবা জিৰণিৰ সময়চোৱাতে মোৰ হ'বলগীয়া প্ৰমোচনটোৰ কথা কাৰোবাৰপৰা গম পাইছে সকলোৱে ৷ বুজি পাইছোঁ, পেটটো যেনিবা বাঢ়িলেই, কোনো কথা নাই, অফিছত মোৰ পাত্তা লাহে লাহে আৰু বাঢ়িছে ৷ উভটি আহি ঘৰৰ গেৰেজটোৰ সন্মূখত বাইকখন ৰাখিবলৈ ধৰোতেই পকেটত থকা চেলফোনটো বাজি উঠিল ৷ মোৰ লগৰ তপনৰ ফোন ৷ বাইকত বহিয়েই তাৰ লগত কথা পাতি শেষ কৰিলোঁ ৷ ফোনৰ সংযোগ বিছিন্ন কৰাৰ সময়তেই ৰিণি আণ্টিক দেখিলোঁ ৷ মোৰ পেটটোলৈ চাই মুখ টিপি হাঁহি আছিল তেখেতে ৷ ৰিণি আণ্টি আমাৰ ওচৰ চুবুৰীয়া ৷ মাক লগ কৰিবলৈ আহিছিল বোধকৰোঁ ৷ আণ্টি এনেই ভালেই, পিছে মুখখনৰহে কিবা সেই লেকাম নোহোৱা বিধৰ ৷ স্থান, কাল বা পাত্ৰ নোচোৱাকৈ যি মুখত আহে তাকেই কৈ দিয়ে ৷ নিজে একো নাভাবে, শুনাবোৰে পিছে লাজ ঠিকেই পায় ৷ ইমান ভালকৈ দিনটো পাৰ হোৱাৰ পিছত সেই মুহুৰ্তত আকৌ এবাৰ পেটটোৰ কথা শুনি মন বেয়া কৰিবলৈ মই কোনোপধ্যেই প্ৰস্তুত নাছিলোঁ ৷ গতিকে আণ্টিয়ে কিবা কোৱাৰ আগতে মই নিজেই ক'লোঁ,

"আণ্টি, নক'ব আৰু ৷ পেটটো বৰকৈ বাঢ়িছে বুজিছেনে ৷ কমাম ৰ'ব ৷"

"বঢ়া বস্তু বাঢ়িবই ! কি কৰিবা আৰু? একো নাই দিয়া, খোৱাটো অলপ নিয়মিত কৰিবা, ব্যায়াম কৰিবা, পেট আপোনা আপুনি কমি যাব ৷ মোৰ পিছে বেলেগ এটা কাৰণেহে হাঁহি উঠিছে ৷"

আণ্টিৰ মুখত হাঁহিটো আৰু অধিক প্ৰস্ফুটিত হৈ পৰিল ৷ হাঁহি হাঁহিয়েই আণ্টিয়ে ক'লে,

"আচলতে তোমাৰ পেণ্টৰ চেইনডাল খোলা আছে ৷ মাৰিবলৈ পাহৰিলাই চাগৈ ৷"

"কি?"

একেজাপে বাইকৰপৰা নামি আণ্টিৰ ফালে পিঠি দি পেণ্টৰ চেইনডাল মাৰিলোঁ ৷ একেবাৰে সৰ্বনশীয়া কাৰবাৰ দেখোন ৷ তেনেহ'লে আজি লান্স ব্ৰেকত বাথৰুমৰপৰা অহাৰ পিছত অফিছৰ ছোৱালীবোৰে মোলৈ চাই সেইবাবেহে লাজুক লাজুক হাঁহি মাৰি আছিল ! আৰু মই ভাবি আছিলোঁ বেলেগ কিবা ! লাজত মৰি যোৱা যেন অৱস্থা এটা হ'ল মোৰ ৷ মুখখন লুকুৱাবলৈ ঠাই এডোখৰো বিচাৰি নোপোৱা অৱস্থা মানে একেবাৰে ৷ উপায় নাই আৰু, ঘুৰো নুঘুৰোকৈ তলমুৱা হৈ লাজ লাজকৈ আণ্টিৰ ফাললৈ ঘুৰি চালোঁ ৷ আণ্টি আগৰ ঠাইত নাছিল ৷ গেট খুলি পাৰ হৈ যোৱা অৱস্থাত হাঁহিৰ প্ৰকোপত হালি জালি থকা আণ্টিৰ দেহৰপৰা যেন খিলখিলাই থকা হাঁহিৰ স্ফুলিংগহে চিটিকি পৰিছিল ৷ মানে, আকৌ লাজ পালোঁ জানেনে? মানে ব্ৰহ্ম লাজ ৷ বছ, বহুত হ'ল ৷ আৰু কোনো কথা নাই ৷ পেট, পাত্তা, ৰোমাঞ্চ, শিহৰণ আদি গুলী মাৰক ৷ মনে মনে প্ৰতিজ্ঞা কৰিলোঁ, আজিৰ পিছত কেতিয়াবা আকৌ যদি কোনোবা ছোৱালীয়ে মোৰ ফালে চাই মিচিক মিচিক হাঁহে, তেন্তে বিদ্যা শপত কৈছোঁ, বেলেগ কিবা ভবাৰ আগতে পেণ্টৰ চেইনডালতহে এবাৰ হাত দি চাম ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Friday, July 29, 2016

মানে, বৰ লাজ পালোঁ ৷

নক'ব আৰু বুজিছেনে, মানসী, মানে মোৰ শ্ৰীমতীৰ বাবে নতুন চুৰিদাৰ এযোৰ কিনিবলৈ গৈছিলোঁ আজি ৷ ভাবিছিলোঁ, তেওঁক চাৰপ্ৰাইজ দিম ৷ কিন্তু বৰ লাজ পালোঁ বুজিছে? মানে কি বুলি যে বুজাওঁ আপোনাক ! বাৰু, অলপ আগৰপৰাই আৰম্ভ কৰা যাওক ৷

পৰহি মোৰ লগৰ এজনৰ ঘৰত ৰাতি ভাত খাবলৈ মাতিছিল ৷ মই অফিছৰপৰা ওলোৱাত অলপ দেৰিয়েই হৈছিল সেইদিনা ৷ লগৰজনে কৈছিল, বোলে আজিকালি দেখোন লগা লগি হোৱাৰ সময়েই নহয়, গতিকে অলপমান সোনকালে আহিবি, অতীত ৰোমন্থন কৰিব পাৰিম ৷ কিন্তু জানেই নহয়, য'তে বাঘৰ ভয়, ত'তে ৰাতি হয় ৷ কিবা কাম থকা দিনাখন সংসাৰখনৰ লেঠা কিছুমান ওলায় অফিচত ৷ অফিচতেই সন্ধিয়া সাত বাজিল সেইদিনা ৷ মানসীলৈ ফোন কৰিলোঁ,

"শুনিছা, মই আধা ঘণ্টাৰ ভিতৰত ঘৰ গৈ পাম ৷ তুমিও ওলোৱা আৰু সোণকো সাজু কৰি ৰাখা ৷ গৈ পোৱাৰ পিছত আৰু দেৰি নকৰোঁ ৷"

মানসীৰ উঠিল খং ৷ অৱশ্যে উঠিবলগীয়াই দিয়কচোন ৷

"তোমাৰ লগত আৰু নোৱাৰিছোঁ দেই চন্দন ৷ আমি কেতিয়াবাই ৰেডী ৷ চাৰে পাঁচবজাতে কাপোৰ কানি পিন্ধি সাজু হৈ থাকিবলৈ কোৱা নাছিলানে ৰাতিপুৱাই? আহা আহা, তুমিহে সোনকালে আহা ৷ ইপিনে সোণ যাবলৈ ৰেডী হৈ তুমি কেতিয়া আহি পাবা বুলি সুধি সুধি থেনথেনাই আছে ৷ দেউতাই উপায় নাপাই ফুৰাবলৈ লৈ গৈছে ৷"

"কিয়নো খং খাইছা অ'?"

"খং খোৱা নাই ৷ আহা তুমি ৷"

"হেৰি নহয়, ঘৰত নেমু আছেনে?"

"আছে, কিয়?"

"এটা কাম কৰাচোন, ধুনীয়াকৈ নেমু চৰ্বত এগিলাচ বনাই ফ্ৰীজত থৈ দিয়ানা ৷ চৰ্বত গিলাচ খায়েই বিপ্লৱহঁতৰ তালৈ বুলি ওলাই দিম ৷"

"কাম নাই আৰু এতিয়া মোৰ ৷ অতপৰে ৰৈ থাকি ব'ৰ হৈ আছোঁ, এতিয়া আকৌ তেওঁক নেমু চৰ্বত লাগে ৷ নোৱাৰোঁ মই বনাব ৷ ফ্ৰীজত  ঠাণ্ডা পানী আছে, তাকে খাবাহি ৷"

ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলোঁ ৷ আৰু কিবা কোৱা মানেই বিপদ চপাই লোৱা ৷ ঘৰ গৈ পায়েই বেলেগ কিবা ওজৰ আপত্তি শুনাৰ ভয়তে চিধা চিধি চিঞৰ বাখৰ লগাই দিলোঁ,

"ওলোৱা ওলোৱা ৷ যাও বুজিছা, দেৰিয়েই হ'ল ৷ বিপ্লৱহ'তে বেয়াই পাব এতিয়া ৷"

মানসীয়ে উভোটাই ধৰিলে,

"নিজেই দেৰিকৈ আহি কিহৰ চিঞৰ বাখৰখন কৰি দেখুৱাইছা? মুখখনটো কমচে কম ধুই লোৱা এবাৰ ৷"

পেটে পেটে ভালেই পালোঁ যদিও বাহিৰত একো নেদেখুৱাই আমাৰ শোৱনি কোঠাৰ সংলগ্ন বাথৰুমটোলৈ বুলি আগবাঢ়িলোঁ ৷ বাথৰুমৰপৰা ওলাই দেখোঁ, মানসীয়ে নেমু চৰ্বত এগিলাচ হাতত লৈ ৰৈ আছে ৷ কৈছোঁ নহয়, এইবোৰেইটো বিবাহিত জীৱনৰ সুখ ৷ এজনৰো খং বেছি সময় নাথাকে ৷ তথাপি অলপ অভিমান প্ৰকাশ কৰি ক'লোঁ,

"নবনাওঁ বুলি কৈছিলা দেখোন ৷ ঠাণ্ডা পানীৰেই চলাই দিলোঁহেতেন ৷ মিছা মিছি মোৰ বাবে কিয়নো কষ্ট কৰিব লাগে?"

মিচিকিয়া হাঁহি এটিৰে মোৰ গাল এখনত মিহিকৈ টিপা এটি মাৰি মানসীয়ে ক'লে,

"হ'ব দিয়া, ঠেঁহ পাতিব নালাগে এতিয়া ৷ খাই লৈ ওলোৱা ৷"

উস, মানসীৰ এনে এটি মৃদু টিপাই মোক যে শিহৰিত কৰি তোলে ৷ ৰিমঝিম বৰষুণত তিতি বুৰি লুকাই চুৰকৈ প্ৰেম কৰা দিনবোৰলৈ উলটি যাবলৈ হৃদয় ব্যাকুল হৈ উঠে ৷

চৰ্বত গিলাচ খাই থাকোতে মানসীলৈ চাই ৰ'লোঁ ৷ সৰু বেগ এটাত সোণৰ কিবা কিবি খুৱা বস্তু ভৰোৱাত ব্যস্ত তেওঁ ৷ পিছে তেওঁ পিন্ধি ওলোৱা কাপোৰযোৰহে মোৰ সিমান পচন্দ নহ'ল ৷ মানে ঠিকেই আছিল পোচাকযোৰ, কিন্তু অলপ যেন পুৰণি ৷

"এইযোৰ চুৰিদাৰেই পিন্ধি যাবানে মানসী?"

"অ' ৷ কিয়? কিবা বেয়া লাগিছে নেকি?"

"বেয়া লগা নাই ৷ কিন্তু বেলেগ, মানে অলপ নতুন এযোৰ পিন্ধা নেকি?"

"এইযোৰেই মোৰ আটাইতকৈ নতুন চুৰিদাৰ ৷ মনত আছেনে কেতিয়া দিছিলা?"

"কেতিয়া?"

"দুবছৰেই হ'লহি ৷ তাৰ পিছত দুবাৰকৈ পূজা গ'ল, কেইবাটাও বিহু গ'ল, এযোৰো নতুন কাপোৰ দিয়া নাই তুমি মোক ৷"

মানসীৰ অন্তৰৰ দুখ বাৰুকৈয়ে প্ৰকাশ পাইছিল তেওঁৰ কথাখিনিত ৷ তেওঁ আৰু একোৱেই নক'লে, আনটো ৰুমলৈ গৈ সোণক কোলাত লৈ মোৰ বাবে অপেক্ষা কৰিলে ৷ কিন্তু তেওঁৰ অভিমানভৰা নীৰৱতাই মোৰ অন্তৰ সেমেকাই তুলিলে ৷ বুজা পৰা কৰিব জনা মোৰ জীৱনৰ নাৰীগৰাকীয়ে মোৰ সীমিত উপাৰ্জনৰ কথা ভাবি মোক এযোৰ নতুন কাপোৰৰ কথা নক'লেই যেনিবা, মই গিৰিয়েকটো হৈ দুবছৰ ধৰি তেওঁক এযোৰো কাপোৰ নিদিয়াকৈ থাকিব পাইনে বাৰু? নকৰিবলগীয়া ঠাইতো কত টকাৰ শ্ৰাদ্ধ কৰি আছোঁ ৷ চেহ, নিজলৈয়ে ধিক্কাৰ জন্মিল ৷ মানসীয়ে হয়তো ঠিকেই কয়, মোৰ তেওঁৰ প্ৰতি ৰাপ অলপ কমিছেই বোধকৰোঁ আগতকৈ ৷ কিন্তু কৰিবনো কি? বস্তুৰ যিহে জুই চাই দাম, এই চাউল, ডালি, সোণৰ ডায়েপাৰ আদিবোৰৰ খৰচৰ হিচাপৰ প্ৰকোপত ৰোমাঞ্চ বোলা বস্তুটো কিবা যেন লুপ্তপ্ৰায় হ'ব ধৰিছে লাহে লাহে ৷ মনে মনে প্ৰতিজ্ঞা কৰিলোঁ, অতি সোনকালেই তেওঁৰ বাবে অলপ দাম দি ধুনীয়া কাপোৰ এযোৰ কিনি আনিম ৷ আৰু তাৰ ফলশ্ৰুতিতেই আজি মোৰ এই চুৰিদাৰ কিনা অভিযান পৰ্ব ৷

বছ, ভবা মতেই কাম ৷ আজি অফিচৰপৰা ওলায়েই কাপোৰৰ বজাৰখনলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ ৷ মোৰ সহকৰ্মী এজনে কৈয়েই পঠাইছে, কাপোৰৰ নতুন শ্ব'ৰুম এখন খুলিছে বোলে তাত ৷ বহুতৰ মাজত ভালৰো ভাল কাপোৰযোৰ বিচাৰি উলিয়াবলৈ উজু, তাৰোপৰি দামবোৰো খুব এটা বেছি নহয় বোলে, তাতোকৈ ভাল কথা, দৰ দামৰ কথা নাই, দামবোৰ লিখাই থাকে ৷ বাইকখন পাৰ্ক কৰি আঁতৰৰপৰাই দেখিলোঁ দোকানখন ৷ সন্মূখ ভাগটো সম্পূৰ্ণৰূপে কাঁচেৰে বনাইছে ৷ ভিতৰৰ উজ্বল লাইটৰ পোহৰত বাহিৰৰপৰা ভিতৰখন স্পষ্টভাৱে দেখা যায় ৷ একেবাৰে সন্মূখত বাহিৰলৈ মুখ কৰাই 'লাইফ চাইজ' পুতলা চাৰিজনীক ধুনীয়া ধুনীয়া চুৰিদাৰ একোযোৰ পিন্ধাই ৰাখিছে ৷ গোটেই কেইযোৰেই ধুনীয়া, কিন্তু গ্লাচৰ দৰ্জাখনৰ লগতেই থকা পুতলাজনীক পিন্ধাই ৰখা কোপোৰযোৰে মোৰ মন মুহি পেলালে ৷ বঢ়িয়া, মনতে ঠিৰাং কৰিলোঁ, সেইযোৰেই লৈ ল'ম ৷ নহ'লে ভিতৰত সোমোৱাৰ পিছত মোৰ যে 'অধিক মাছত বগলী কণা' ধৰণৰ সমস্যা নহ'ব, তাৰ কি মানে আছে? আঁতৰৰপৰা অলপ সময় আকৌ এবাৰ চাই ৰ'লোঁ পুতলাজনীলৈ ৷ কোনো কথাই নাই, এইযোৰ কাপোৰেৰে মানসীক বেছ ধুনীয়া লাগিব ৷ তাৰোপৰি কাপোৰযোৰ তেওঁ পচণ্ড কৰা কিবা সেই 'বেবী পিংক' বৰণীয়া ৷ অৱশ্যে কপাহী হ'লে সোণত সুৱগা চৰিব ৷ পুতলাজনীলৈ চাই চাই দৰ্জাখন ঠেলি ভিতৰলৈ সোমালোঁ ৷ কপাহী হয়নে নহয় এবাৰ চাই লোৱা ভাল হ'ব, সেইবুলি কাপোৰযোৰলৈ বুলি সোঁহাতখন আগুৱাওঁ বুলি ভাবোতেই পুতলাজনীয়ে মাত লগালে,

"কিবা ক'ব?"

মই থতমত খালোঁ ৷ হায় বিধি ! ইমানপৰে মই চাই থকা পুতলাজনী দেখোন এগৰাকী জীৱন্ত নাৰীহে ৷ হ'ল বুলিনো তেখেতে ইমানপৰে একেথৰে তেনেকৈ ৰৈ বাহিৰলৈ চাই থাকিব লাগেনে? বোধকৰোঁ কাৰোবাৰ অপেক্ষাত আছিল ৷ হয়তোবা কাৰোবাৰ কথা একান্ত মনে ভাবি আছিল ৷ আৰু মই তেওঁৰ কাপোৰযোৰেই পেকিং কৰি মানসীলৈ লৈ অনাৰ কথা ভাবি আছিলোঁ অতপৰে ৷ বৰ লাজ পালোঁ বুজিছেনে? মানে জঘন্য লাজ ৷ তেখেতৰ কথাৰ উত্তৰ দিওঁ বুলি ভাবিবলৈ নাপাওতেই মোৰ এই ফটা মুখখনৰপৰা মই গম নোপোৱাকৈয়ে নিজে নিজে ওলাই গ'ল,

"মানে আপোনাৰ কাপোৰযোৰ বৰ ধুনীয়া ৷"

"কি ক'লে?"

ফাঁট মেলা বসুমতী পাতালে লুকাওঁ ৷ কাণতলীয়া এটা যে নপৰিল গালত, সেয়াই বহুত ৷

"নাই নাই, একো নাই ৷ আপুনি ৰখক, মই পিছত আহিম ৷"

ততাতৈয়াকৈ দৰ্জা খুলি যোৱা বাটেৰেই খৰধৰকৈ ওলাই আহিলোঁ ৷ এবাৰ উজুটি খোৱা আঙুলিটোতে বাৰেপতি উজুটি খোৱা যায় ৷ সন্ধিয়াটো ভাল দেখা নাই, আৰু বা ক'ত কেনেকৈ লাজত পৰিব লগা হয়? ভাবি চিন্তি চিধা চিধি ঘৰলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ ৷ আৰু মানসীলৈ কাপোৰ? হ'ব, বেলেগ এদিন ৷ প্ৰতিজ্ঞা কৰিলোঁ, এইবাৰ তেওঁক লগত লৈহে কাপোৰ কিনিবলৈ আহিম ৷ আৰু কোনোবা কাপোৰৰ দোকানৰ পুতলালৈ সইত সইত তিনি সইত খাই কৈছোঁ, কেতিয়াও নাচাওঁ ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,

#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Monday, July 11, 2016

অসময়ৰ হাঁহিটো ৷ :-)

নেত্ৰদাৰ ভোক নাছিল সিমান ৷ আচলতে সন্ধিয়া আলহী আহিছিল আৰু আলহীৰ লগত বহুত খোৱা বোৱা হ'ল ৷ ৰাতিৰ আহাৰৰ সময়ত বৌক সেয়ে ক'লে,

"শুনিছা, মই এতিয়া একো নাখাওঁ আৰু ৷ আগৰ খোৱাখিনিৰেই পেট ভৰি আছে ৷"

বৌৰ ওন্দোলা মুখ ৷ মানে উফন্দি দুচকুৰপৰা ধাৰাসাৰ বৰষুণ হোৱাৰ পথত ৷

"ইমান কষ্ট কৰি পনীৰৰ তৰকাৰিখন তেনেহ'লে মই কাৰ বাবে বনালোঁ? নাখালে আগতীয়াকৈ কোৱা হ'লেই ভাল আছিল ৷"

নেত্ৰ দাই দেখিলে যে কথা সৰ্বনাশ ৷ বৌৱে বনোৱা বুলি ক'লে কিছুমান বস্তুৰ সোৱাদৰ কথা ভাবি নেত্ৰ দাৰ বুকু কপি উঠে ৷ যত সৱ দোষ এই নতুন মাইক্ৰ'ৱেভ অভেনটোৰ ৷ কি খেতৰে পাইছিল বাৰু কিনিবলৈ? তাৰোপৰি আজিকালি মোবাইল টিপি ইণ্টাৰনেটতে নতুন নতুন খাদ্য প্ৰণালী শিকিব পাৰি নহয় ৷ গিৰিয়েকবোৰৰহে বাৰ বজা যেন হৈছে ৷ আজি বা কি নতুন ৰেছিপী ট্ৰাই কৰি তেওঁক খাব দিয়ে? পেটে পেটে ভগৱানৰ নাম ল'লে নেত্ৰ দাই ৷

"হ'ব দিয়া ৷ পনীৰ বনাইছা বুলি মোক কোৱাই নাই দেখোন? আৰে, তুমি বনোৱা পনীৰ নোখোৱাকৈ থাকিব পাৰি নেকি? ভাত নাখাওঁ বাৰু, পনীৰৰ তৰকাৰি অলপকে দিয়া ৷"

মোলায়েম হাঁহি এটি জিলিকি উঠিল বৌৰ ওঁঠত ৷ নেত্ৰদাই টিভিটো চলালে ৷ নেত্ৰ দাৰ অতিকৈ প্ৰিয় হাস্যমধুৰ চিৰিয়েল এখন দি আছিল সেই সময়ত ৷ বৌয়ে এটি মধুৰ চাৱনিৰে আবেগিক ভাৱে পনীৰৰ তৰকাৰি অলপ বাতি এটাত দি আকৌ পাকঘৰলৈ সোমাই গ'ল ৷ পনীৰৰ তৰকাৰি খাই খাই নেত্ৰ দা চিৰিয়েলৰ সোৱাদ লোৱাত নিমজ্জ হ'ল ৷

পাকঘৰৰপৰা বৌৱে সুধিলে,

"কেনে হৈছে তৰকাৰিখন?"

"এহ, বঢ়িয়া ৷ তুমি বনোৱা খানা বেয়া হোৱা মই পোৱাই নাই আজিলৈকে ৷"

ভুলক্ৰমে হ'লেও তৰকাৰিখন সঁচাই বহুত ভাল হৈছিল সেইদিনা ৷ বৌৰ অন্তৰখন গৌৰৱত ফুলি গ'ল ৷ কথাখিনি কৈ শেষ হওঁ নহওঁতেই চিৰিয়েলখনৰ এটা দৃশ্যত নেত্ৰদাৰ বহুত হাঁহি উঠি গ'ল ৷ হো হোৱাই হাঁহি দিলে আমাৰ নেত্ৰদাই ৷ নাই, বৰ বেয়া সময়ত মাৰিলে নেত্ৰ দাই হাঁহিটো ৷

বৌ পাকঘৰৰপৰা ওলাই আহিল দৌৰ মাৰি ৷

"মই বনোৱা তৰকাৰিখনৰ সোৱাদ ইমানেই বেয়ানে যে চিঞৰি চিঞৰি হাঁহিব লাগে? নামাতিবা মোক আজিৰপৰা ৷"

আৰু যোৱা তিনিদিনৰপৰা নেত্ৰদা আৰু বৌৰ মাতাবোলা বন্ধ ৷ :-)

#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম

Saturday, July 02, 2016

জীৱন পৰিক্ৰমাৰ একেবাৰেই সাধাৰণ মুহুৰ্ত এটি ৷

জুলাই ২, ২০১৫:

সময় পুৱা ১০-৩০ বাজিছিল তেতিয়া ৷

১১ বছৰীয়া মৰম লগা ল'ৰা এটা দেউতাকৰ লগত তাৰ কিছুমান কাগজত চহী কৰাবলৈ মোৰ ওচৰলৈ আহিছিল ৷ প্ৰথম পৃষ্ঠাটোত মোৰ চহীটো কৰি তাৰিখটো লিখাৰ ঠিক আগমুহুৰ্তত তাক মই সুধিলোঁ,

"আজি জুলাই মাহৰ দুই তাৰিখ, নহয় জানোঁ?"

সি উত্তৰ দিলে,

"হয় ৷"

মই আকৌ সুধিলোঁ,

"আজি সঁচাকৈ জুলাই মাহৰ ২ তাৰিখ হয়নে?"

মৰমলগা হাঁহি এটিৰে সি উত্তৰ দিলে,

"হয় ৷ আজি সঁচাকৈ জুলাই মাহৰ ২ তাৰিখ ৷"

"তুমি নিশ্চিত?"

"নিশ্চিত ৷"

"খাটাং?"

"একদম খাটাং ৷"

কণমানিটোৰ হাঁহিটো আৰু অলপ বাঢ়ি গৈছিল ৷ মোৰ অভিপ্ৰায় সি হয়তো হৃদয়ঙ্গম কৰিবলৈ সক্ষম হৈছিল ৷ মোৰ চকুত চকু থৈ মৰা তাৰ দুষ্টামিভৰা হাঁহিটিয়ে মোৰ হৃদয় পুলকিত কৰি তুলিছিল ৷ তাৰ দেউতাকৰ মুখখনো উজলি উঠিছিল ৷

মই মিচিকিয়াই হাঁহিলোঁ, তাৰ পিছত কপালখন অলপ কোঁচ খোৱাই চিন্তা কৰা যেন দেখুৱাই তাক পুনৰ সুধিলোঁ,

"তেনেহ'লে মই লিখি দিওঁ আৰু ২ জুলাই বুলি?"

সি আৰু হাঁহি সামৰি ৰাখিব নোৱাৰিলে ৷ জোৰেৰে শব্দ কৰি হাঁহি তাৰ চকু, নাক আৰু কপাল কোঁচ খুৱাই নাটকীয় ভঙ্গীত সি কৈ উঠিল,

"লিখি দিয়ক ছাৰ লিখি দিয়ক ৷ লক কৰি দিয়ক ২ জুলাই বুলি ৷"

আৰু আমি তিনিওজনে প্ৰাণখুলি হাঁহিলোঁ ৷

চাবলৈ গ'লে মোৰ দৈনন্দিন জীৱনৰ এইটো একেবাৰেই সাধাৰণ মুহুৰ্ত এটি, আপোনালোকক ক'বলগীয়াকৈ তেনে কোনো বিশেষত্ব নাই ৷

কিন্তু দৰাচলতে এনে সাধাৰণ, ভাল লগা মুহুৰ্তবোৰেইটো আমাৰ জীৱনৰ নৌকাখন আগুৱাই লৈ যায় ৷

#বাস্তৱ,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷