Tuesday, November 01, 2016

মৃত্যু এতিয়া ওচৰ ৷

২৯ অক্টোবৰ, পুৱা ৩ বজা:
----------------------------

হাতত কাগজ এখন লৈ আৰক্ষী বিষয়াজন মোৰ ৰুমলৈ হুৰমুৰকৈ সোমাই আহিল ৷

"কি কেছ?"

"এক্সিডেণ্ট কেছ ছাৰ ৷ মাৰা গৈছে ৷"

"কিমান বয়স?"

"বিশ একৈশ বছৰমান হ'ব ৷ বাইক এক্সিডেণ্ট ৷ ইমান ধুনীয়া ল'ৰা, দেখি বেয়াই লাগি গৈছে ৷ কিন্তু কি কৰিব ছাৰ, ইমান ৰাতিখন বহুত বেছি মদ খাই বাইক চলাইছিল ৷ ওচৰলৈ গ'লেই মদৰ গোন্ধ পায় ৷ হেলমেটো পিন্ধা নাছিল ৷ পেট্ৰলিং ডিউটিত আছিলোঁ সেইসময়ত, মোৰ চকুৰ সন্মূখতে হোৱা ঘটনা ৷ ফুল স্পীডত থকা বাইকখনে ডিভাইডাৰত খুন্দা মাৰি ৰাস্তাৰ ইটো কাষলৈ উফৰি পৰিছিল ৷ ভাগ্যে সেই সময়ত ৰাস্তাত কোনো নাছিল বুলিহে, নহ'লে নিজৰ লগতে বেলেগ কাৰোবাকো মহতিয়াই নিলেহেঁতেন ৷ আই কাৰ্ডখন পাইছোঁ তাৰ পকেটত ৷ বি,এ, ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট ৷"

তেখেতক একো নক'লোঁ ৷ কাগজখনত চহী কৰাৰ লগতে বিভাগীয় কামখিনি সম্পন্ন কৰি প'ষ্ট মৰ্টেম কৰা ঠাইত ল'ৰাটোৰ 'বডীটো' ৰখাৰ ব্যৱস্থা কৰিলোঁ ৷ এনে উচ্ছৃংখলতা দেখি বেয়া লাগে ৷ দূৰ্ঘটনাগ্ৰস্ত হ'লে দুখ লাগে ৷ মদ্যপান কৰি বাইক বা গাড়ী চলাই পথচাৰীক মহতিয়াই নিজৰ লগতে বেলেগৰ জীৱন সংকটাপূৰ্ণ কৰি তুলিলে দুখ লগাৰ লগতে খঙ উঠে ৷ হেৰৌ, নিজে মৰিব খুজিছ মৰ ! বেলেগক কিয় মাৰ? দোষ কাৰ? ইমান সৰু ল'ৰাটোৱে কাৰ পইছাৰে মদ খাইছিল? কাৰ বাইক চলাইছিল? ৰাতিখন ল'ৰাটোৱে ক'ত কি কৰি আছিল, সেয়া মাক দেউতাকে খবৰ ৰাখিছিলনে? অভিভাৱক তথা নৱপ্ৰজন্ম সচেতন হ'বৰ সময় হোৱা নাইনে? হ'বগৈনে কেতিয়াবা?

#বাস্তৱ ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Friday, October 28, 2016

বিষয়: পঙ্কজ পাঠক প্ৰসংগ ৷ চিকিৎসা, বনৌষধ আৰু বিভ্ৰান্তি ৷ (আমাৰ অসম কাকতত ২৫ অক্টোবৰ, ২০১৫ তাৰিখে প্ৰকাশিত)


"অসমীয়া মানুহবোৰ অত্যন্ত ঈৰ্ষাপৰায়ন ৷ কাৰো উন্নতি সহ্য কৰিব নোৱাৰে ৷ এজন মানুহ দোপত দোপে ওপৰলৈ উঠিব ধৰিছে, তাকে দেখি বাকীবোৰ জ্বলিছে ৷ তেখেতক শেষ কৰাৰ বাবে আটাইবোৰ উঠিপৰি লাগিছে ৷"

একেবাৰেই ভুল ভাবিছে ৷ ভাৰতীয় প্ৰশাসনিক বিভাগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমীয়া ল'ৰা ছোৱালীকেইজনক লৈ আমি সকলোৱে প্ৰতিবছৰে গৰ্ব কৰোঁ ৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ কৌশলৰ বিষয়ে নিজ সন্তানক অৱগত কৰাওঁ ৷ সৰ্বভাৰতীয় বিভিন্ন টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব' প্ৰতিযোগিতাবোৰত আমাৰ অসমৰ কোনোবা থাকিলে মন ভৰি পৰে ৷ মোবাইলৰ বিল খৰচ কৰি হ'লেও ভোট দিওঁ, যাতে জিকি আহে ৷ আৰু পৰ্য্যায়ক্ৰমে যেতিয়া সেই প্ৰতিযোগীগৰাকী আগবাঢ়ি যায়, আমাৰ বুকু ফুলি উঠে ৷ গৌৰৱ অনুভৱ কৰোঁ, হয়, তেওঁ অসমৰ সন্তান ৷ গতিকে অসমীয়া জাতিটো সঁচাকৈ ঈৰ্ষাপৰায়ননে? কেতিয়াও নহয় ৷ অলপ অচৰপ ঈৰ্ষা সকলোৰে থাকেই ৷ সেইটো একো ভাবিবলগা কথা নহয় ৷ নিজৰ কৰ্মদক্ষতাৰে যেতিয়াই কোনোবা আগবাঢ়ি যোৱা দেখোঁ, আমাৰ অসমীয়া জাতিটোৱে ধৰ্ম, বৰ্ণ, পেছা নিৰ্বিশেষে উৎসাহ প্ৰদান কৰি আহিছে ৷ কিন্তু দক্ষতা নথকা বিষয় একোটাত অযুক্তিকৰ ভাষ্য প্ৰদানেৰে জনসাধাৰণৰ অহিত সাধন কৰিব পৰা কামেৰে বিখ্যাত হ'ব বিচৰা লোক একোজনক প্ৰত্যেকজন প্ৰকৃত অসমীয়াই প্ৰতিহত কৰিব ৷

অসমত কিছুদিনৰপৰা বহুচৰ্চিত হৈ পৰা পঙ্কজ পাঠক নামৰ ব্যক্তিজনৰ প্ৰসংগত উপৰোক্ত কথাখিনি প্ৰথমতেই উল্লেখ কৰিবলৈ বাধ্য হ'লোঁ ৷ তেখেতৰ ভুলখিনি দেখুৱালেই তেখেতৰ সমৰ্থকসকলে সাধাৰণতেই তেনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা যায় ৷

যুগ যুগ ধৰি বনৌষধিৰ গুণাগুণ আমাৰ দৈনন্দিন জীৱনত আমি নিজেই প্ৰত্যক্ষ কৰি আহিছোঁ ৷ আমাৰ মা দেউতা, ককা আইতাকে আদি কৰি বহুতৰ মুখত বিভিন্ন বনৌষধিৰ লাভালাভৰ কথা সৰুৰেপৰাই শুনি আহিছোঁ ৷ স্বৰ্গীয় গুণাৰাম খনিকৰদেৱৰ 'সহজলভ্য বনদৰৱৰ গুণ' শীৰ্ষক কিতাপখন গৰিষ্ঠসংখ্যক অসমীয়াৰ ঘৰতেই উপলব্ধ বুলি ক'লেও বোধকৰোঁ ভুল কোৱা নহ'ব ৷ পাহৰণিৰ গৰ্ভত সোমাই পৰা কিছুমান ভাল কথা ৰাইজৰ মাজলৈ পুনৰাই লৈ অনাটো অতিশয় প্ৰশংসনীয়, সেই কাম পঙ্কজ পাঠকেই কৰক বা আন কোনোবাই কৰক ৷ পঙ্কজ পাঠক ডাঙৰীয়াই প্ৰদান কৰা শুদ্ধ পৰামৰ্শবোৰক লৈ আমাৰ কোনো সমস্যা নাই ৷ ভাল কথা ৷ পানী চোবাই খোৱাৰ দৰে উদ্ভট কথাটোৰ ক্ষেত্ৰটো একো মন্তব্য নিদিওঁ, পানী চোবাই খাওক বা গিলি থওক, দেহৰ ভিতৰলৈয়েই যাব, লোকচানটো একো নহয় ৷ কিন্তু জনসাধাৰণক বিভ্ৰান্ত কৰিব পৰা তথা বিপদত পেলাব পৰা কথা কিছুমান যেনে চকুত কাজল সনাৰ দৰে লালটিৰ প্ৰয়োগেৰে কেৰা চকু চিধা কৰা,  গোমুত্ৰই চকুৰ ছানি ভাল কৰা বা গোমুত্ৰ আৰু হালধীৰ সংমিশ্ৰণে যিকোনো পৰ্য্যায়ৰ কৰ্কটৰোগ ভাল কৰিব পাৰে বুলি কোৱা কথাবোৰত আমাৰ আপত্তি আছে ৷ কিছুমান ৰোগত নিজৰ ওপৰত পৰীক্ষা কৰি নজনা ঔষধ কিছুমান খাই থকাৰ সময় নাথাকে ৷ হৃদৰোগী একোজনৰ বাবে প্ৰত্যেকটো মুহুৰ্তই চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ ৷ অলপমান হীনদেৰি হ'লেই ৰোগী গৰাকীৰ জীৱনলৈ সংশয় আহি পৰে ৷ তেনেক্ষেত্ৰত সঠিককৈ অৱগত নোহোৱা যিকোনো ঔষধ (সেয়া বনদৰৱ, হোমিঅ'পেথিক, এল'পেথিক বা আয়ুৰ্বেদিক ঔষধ যিয়েই নহওক কিয়) ব্যৱহাৰ কৰি গুণাগুণ পৰীক্ষা কৰিবলৈ বুলি ঘৰত ৰখাই থ'লে ৰোগীগৰাকীক হেৰুৱাবলগীয়া পৰিস্থিতি একোটাৰো উদ্ভৱ হ'ব পাৰে ৷ কিছুমান কৰ্কটৰোগ বৰ সোনকালে বাঢ়ি যায় তথা শৰীৰৰ বিভিন্ন অংগলৈ বিয়পি পৰে ৷ শুভস্য শীঘ্ৰম ৷ প্ৰাৰম্ভিক পৰ্য্যায়ত ধৰা পৰিলে উপযুক্ত চিকিৎসাৰে ৰোগী এগৰাকীয়ে স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হয় ৷ আমাৰ মাজত ইয়াৰ কিছু জীৱন্ত উদাহৰণেই আছে ৷ কিন্তু তাকে নকৰি চিকিৎসকৰ কাষ চপাত দেৰি কৰিলে শেষ পৰ্য্যায়ত বিশেষ একো কৰাৰ উপায় নাথাকিব ৷ লালটিৰ প্ৰয়োগেৰে চশমাৰ পৰা মুক্তি পোৱাৰ কোনো পৰীক্ষামূলক প্ৰমাণ নাই ৷ চকুৰ ছানি পৰা ৰোগ বা কেটাৰেক্ট চকুৰ ভিতৰত থকা লেন্সৰ এক ক্ষয়কাৰী ৰোগ ৷ গোমুত্ৰ বা বেলেগ কিবা ঔষধৰ প্ৰয়োগেৰে এই ৰোগবিধ ঠিক কৰিব নোৱাৰি ৷ ছানি পৰা ৰোগৰ একমাত্ৰ উপায় হৈছে অপাৰেছন ৷

বনৌষধিকে আদি কৰি যিকোনো ভাল কথা ৰাইজৰ মাজত প্ৰচাৰ কৰি সজাগতাৰ সৃষ্টি কৰিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই ৷ কিন্তু বহু পৰীক্ষা নিৰীক্ষা তথা উপযুক্তভাৱে প্ৰমাণ লাভ কৰাৰ পিছত ৰাইজৰ হিতৰ অৰ্থে চৰকাৰে বছৰ বছৰ ধৰি চলাই অহা আঁচনি একোটা অমান্য কৰিবলৈ ৰাইজক আহ্বান জনাবলৈ বা বেলেগৰ শুদ্ধ কথা এটা ভুল বুলি বা নিজৰ ভুল কথা এটা শুদ্ধ বুলি প্ৰচাৰ কৰিবলৈ হ'লে সেই বিষয়ত এজন লোক উচিত ডিগ্ৰীধাৰী হোৱাৰ উপৰিও তাৰ 'যথাযথ' প্ৰমাণ তেখেতৰ হাতত থাকিব লাগিব ৷ উদাহৰণস্বৰূপে পঙ্কজ পাঠকৰ এটা বিধানৰ কথা উনুকিয়াইছোঁ ৷ তেখেতৰ মতে আয়ডিনযুক্ত নিমখ পৰিহাৰ কৰিলেহে বোলে থাইৰয়ডৰ সমস্যাৰপৰা মুক্তি পাব পাৰি ৷ এনে অদ্ভুত তথা অযুক্তিকৰ কথাৰ কিবা প্ৰমাণ আছেনে পঙ্কজ পাঠকৰ ওচৰত? নে তেখেত এই বিষয়ৰ বিশেষজ্ঞ? থাইৰয়ড হৰ্মনৰ অভাৱত শিশুৰ মানসিক বিকাশ ক্ষতিগ্ৰস্ত হয় ৷ গৰ্ভৱতী মহিলাকে আদি কৰি যিকোনো মানুহৰ থাইৰয়ড হৰ্মনৰ অভাৱত বিভিন্ন জটিলতাই দেখা দিয়ে ৷ বয়োজ্যেষ্ঠসকলে মনত পেলাবলৈ যত্ন কৰকচোন, এটা সময় আছিল যেতিয়া থাইৰয়ডজনিত ৰোগত আক্ৰান্ত হৈ একোটা ডাঙৰ হৈ ফুলি উঠা ডিঙি লৈ ঘুৰি ফুৰিবলগা মানুহ সতকাই দেখা গৈছিল ৷ অস্ত্ৰোপ্ৰচাৰ কৰিবলগীয়া হৈছিল ৷ আয়ডিনযুক্ত নিমখৰ ব্যৱহাৰৰ ফলশ্ৰুতিত এনে ৰোগ লক্ষ্যণীয়ভাৱে কমি গ'ল ৷ এতিয়া পাঠক ডাঙৰীয়াই ৰাইজক আয়ডিনযুক্ত নিমখ পৰিহাৰ কৰিবলৈ আহ্বান জনাই আগন্তুক কেইবছৰমানৰ ভিতৰত আমাৰ সমাজখনত এনে ৰোগী পুনৰ বঢ়াই তোলাত পৰোক্ষভাৱে সহায় কৰা যেন নহ'বনে? অনাহকত চিকিৎসকসকলৰ কামৰ বোজা নাবাঢ়িবনে? সমাজখনক এক অনাহুত বিপৰ্য্যয়ৰ মাজলৈ ঠেলি দিয়া নহ'বনে?

তেখেতৰ নিজৰ ভাষ্য অনুসৰিয়েই তেখেতৰ কথাবোৰ তেখেতৰ ব্যক্তিগত ধ্যান ধাৰণা নহয়, তেখেতৰ গুৰু ৰাজীৱ দিক্ষীত নামৰ ব্যক্তি এজনে কৈ যোৱা কথাবোৰকেই তেখেতে প্ৰচাৰ কৰি আছে ৷ তেখেতে গুৰু মনা কোনোবা এজনৰ ভুলখিনিকো ৰাইজৰ মাজত শুদ্ধ বুলি প্ৰচাৰ কৰি তেখেতে ৰাইজক বিপদৰ মাজলৈ ঠেলি দিবলৈও কুণ্ঠাবোধ নকৰিব নেকি? অসমৰ সহজ সৰল মানুহখিনিৰ বহুখিনিয়ে পঙ্কজ পাঠকক চকু মুদি বিশ্বাসত লৈছে, তেখেতসকলৰ প্ৰতি পাঠক ডাঙৰীয়াৰ তিলমানো দ্বায়িত্বজ্ঞান নাইনে? শুদ্ধখিনি প্ৰচাৰ কৰক, ৰাইজে আঁকোৱালি ল'ব ৷ ভুলখিনি নোসোধৰালে এতিয়া সন্মোহিত হৈ থকা তেখেতৰ অন্ধ সমৰ্থকখিনিয়েও তেখেতক অন্তৰৰপৰা আঁতৰাই পঠাবলৈ বেছি সময় নালাগিব ৷

পঙ্কজ পাঠকে কেইদিনমান আগতে নিজেই স্বীকাৰ কৰিলে যে তেখেতৰ চিকিৎসা বিষয়ক কোনো আনুষ্ঠানিক অৰ্হতা নাই ৷ বাস্তৱত পঙ্কজ পাঠকে কেৱল বনৌষধিৰ গুণাগুণৰ প্ৰচাৰ কৰা নাই, তেখেতে ৰোগী একোজনক নেদেখাকৈয়ে দুই তিনিটামান লক্ষণ শুনিয়েই মুহুৰ্তৰ ভিতৰতে ৰোগৰ ডায়গন'ছিছ তথা বিধান (চিকিৎসা) দিছে ৷ কথা হ'ল, চিকিৎসাবিজ্ঞানৰ একোৱেই ভূ নোপোৱা এনে স্বয়ম্ভু চিকিৎসক এজনৰ কৰ্ম কাণ্ডই ৰোগীসকলক বিপদত নেপেলাবনে? চিকিৎসাবিজ্ঞান ইমান সৰল নহয় যে ইমান সহজেই ৰোগ একোটা সঠিককৈ ধৰা পেলাব পাৰি ৷ নামটো শুনিবলৈ একেধৰণৰ যেন লাগিলেও মেনিনজাইটিছ আৰু ফেৰিনজাইটিছ একে  নহয়, চিকিৎসা পদ্ধতিও ভিন্ন ৷ পেটৰ বিষ আৰু আঁঠুৰ বিষৰ ঔষধ একে নহয় ৷ প্ৰত্যেকটো বিষৰে আকৌ বিভিন্ন কাৰণ থাকিব পাৰে ৷ গেষ্ট্ৰিক আলছাৰৰ বাবে হোৱা পেটৰ বিষ অন্য কাৰণৰ বাবে হোৱা পেটৰ বিষৰ লগত খেলিমেলি কৰি সাধাৰণ বেদনানাশক দৰৱ ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে ৷ পাকস্থলী ফাঁটি যাবও পাৰে ৷ মুৰৰ বিষৰ অগণন কাৰণ আছে ৷ সকলোৰে চিকিৎসা পদ্ধতিও বেলেগ ৷ চকু ৰঙা পৰাৰ বহুতো কাৰণ আছে ৷ সেইবোৰৰ নিৰাময়ৰ উপায়ো বেলেগ বেলেগ ৷ চুলি সৰাৰ তথা অকালতে পকি যোৱাৰ অসংখ্য কাৰণ আছে ৷ কেৱলমাত্ৰ গা ধোৱাৰ এক নিৰ্দিষ্ট নিয়ম পালন কৰি চুলি সৰা তথা পকা ৰোধ কৰিব নোৱাৰি ৷ যিকোনো ৰোগৰেই প্ৰকৃত কাৰণ বিচাৰি উলিয়াই সেই কাৰণৰ চিকিৎসা কৰিলেহে ৰোগবিধ ঠিকমতে নিৰাময় কৰিব পাৰি ৷ চিকিৎসাবিজ্ঞানক অতি সৰলীকৃত কৰিবলৈ কৰা এনে ধৰণৰ অপচেষ্টাই অৱশেষত ৰোগী একোগৰাকীৰ জীৱন বিপদাপন্ন কৰি তুলিব ৷ যথোপযুক্ত শিক্ষা তথা ডিগ্ৰী নোহোৱাকৈ মানৱ শৰীৰতন্ত্ৰৰ ন্যুনতম জ্ঞান অবিহনে কাৰোবাক চিকিৎসা প্ৰদান কৰাটো গৰিহণাৰ যোগ্য ৷

আয়ুৰ্বিজ্ঞানেই হওক বা আধুনিক চিকিৎসাবিজ্ঞানেই হওক, সঠিক সময়ত ধৰা পৰিলে একোটা ঔষধৰ অনাকাংক্ষিত পাৰ্শ্চক্ৰিয়াৰ চিকিৎসাৰ ব্যৱস্থা আছে ৷ বনৌষধিৰ ক্ষেত্ৰটো একেই ৷ কিন্তু তাৰবাবে কি বনৌষধি খাই পাৰ্শ্চক্ৰিয়া হৈছিল বা সেই বনৌষধিত কি এনে বস্তু আছিল যাৰ বাবে এনে পাৰ্শ্চক্ৰিয়া হৈছিল, তাৰ বিষয়ক পুংখানুপুংখ অধ্যয়নৰ আৱশ্যকতা আহি পৰিব ৷ কেৱলমাত্ৰ কেইখনমান কিতাপ পঢ়িয়েই বা কোনোবা এজন আজীৱন সাধকৰ কেইটামান ভাষণ শুনিয়েই তাৰ বিধান দিয়াটো কাৰো বাবে সম্ভৱ নহয় ৷ মনত ৰাখিব, যিবিধ বনৌষধি এবিধৰ সৈতে মিহলালে মহৌষধ হ'ব, সেইবিধেই আন এবিধৰ লগত মিহলালে বৰবিহ হৈ পৰিব ৷ আজিৰ যুগত নিত্য ব্যৱহাৰ্য্য শাক পাচলি চিনোতেই ভুল কৰা লোকসকলে বনৌষধি চিনাক্তকৰণত ভুল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ শুদ্ধভাৱে চিনাক্ত কৰিলেও,আন এক উল্লেখনীয় কথা এয়ে যে একোবিধ বনৌষধিত একেলগে লাগতিয়াল অলাগতিয়াল বহু দ্ৰব্য থাকে ৷ বনৌষধিবিধ পৰিষোধিত কৰি প্ৰয়োজনীয় দ্ৰব্যবিধ নিষ্কাষণ কৰি একোবিধ ৰোগত ব্যৱহাৰ কৰিবলৈ ঔষধ তৈয়াৰ কৰা দেখা যায় ৷ তাকে নকৰি গোটেই বনৌষধিবিধৰ ব্যৱহাৰৰ ফলত তাত থকা অলাগতিয়াল পদাৰ্থবোৰে দেহত অদৰকাৰীভাৱে চাপ পেলোৱাৰো সম্ভাৱনা আছে ৷ আমাৰ আগৰ প্ৰায়বোৰ প্ৰজন্ম বনৌষধিৰ ওপৰতেই বৰ্তি আহিছিল ৷ কিন্তু বৰ্তমান আমাৰ আয়ুৰ্বেদিক বা আধুনিক চিকিৎসাবিদ্যা বিভিন্ন গৱেষণা তথা পৰীক্ষা নিৰীক্ষাৰ মাজেৰে বহুখিনি আগুৱাই গৈছে ৷ জনসাধাৰণে তাৰ লাভালাভো জীৱন্ত ৰূপত দেখিবলৈ পাইছে ৷ বিশ্বাস হোৱা নাই? আগৰ যুগৰ আৰু এই সময়ৰ আমাৰ মানুহৰ গড় আয়ুস তুলনা কৰি চাওক, সকলোবোৰ পৰিষ্কাৰ হৈ পৰিব ৷

ছ'ছিয়েল মেডিয়াত পঙ্কজ পাঠকৰ সমৰ্থকসকলে সাধাৰণতেই এটা যুক্তি দিয়া দেখা যায় যে তেখেতে বিধান দিছে ঠিকেই, কিন্তু কাকো বিধান মানিবৰ বাবে বাধ্য কৰোৱা নাই,  যাৰ মন আছে, তেওঁলোকে মানিব, ইচ্ছা নথকাবোৰে নামানিব ৷ ঠিক আছে, ময়ো মানি ল'লোঁ ৷ সহজ সৰল জনসাধাৰণে কেনেকৈ জানিব যে কোনটো ভুল, কোনটো শুদ্ধ? কোনটো বিধান মনা ভাল হ'ব, কোনটো বিধান মানিলে ভুল কৰা হ'ব? সৰ্প দংশনৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ ৷ প্ৰায় ক্ষেত্ৰতেই দেখা যায় যে সাপৰ বিষতকৈও ভয়তহে ৰোগী এগৰাকী লেবেজান হৈ পৰে ৷ অবিষাক্ত সাপে খুঁটিলে মানুহ এজনে ভয় খোৱাৰ বাহিৰে বেলেগ একো অনিষ্টও নহয় ৷ তেনে ক্ষেত্ৰত 'ফু মৰা পানী' অকণমান খুৱাইয়ো ৰোগী একোগৰাকী ভাল কৰিব পাৰিব ৷ কিন্তু বিষাক্ত নে অবিষাক্ত সাপে দংশন কৰিছে, সেয়া ৰোগীগৰাকীয়ে কেনেদৰে গম পাব? বিষাক্ত সাপৰ ক্ষেত্ৰত 'এণ্টি ভেনম' ইনজেকচনৰ প্ৰয়োজন পৰিব ৷ তেনে এগৰাকী ৰোগীক যদি ঘৰতে ৰাখি পঙ্কজ পাঠকৰ দিহা অনুসৰি 'নাজা ২০০' নামৰ ঔষধ এক ড্ৰপ এক ড্ৰপকৈ দহ মিনিটৰ মুৰে মুৰে মুখেৰে খুৱাই ভাল কৰিবলৈ যত্ন কৰি সময় অপচয় কৰে, তেন্তে ভগৱানে নকৰক, ৰোগীগৰাকীক হেৰুৱাবলগা হ'লে পিছত কাৰোবাক দোষ দি কিবা লাভ হ'ব জানোঁ?

আমাৰ দেশত জনসংখ্যাৰ হিচাপত চিকিৎসকৰ সংখ্যা তেনেই তাকৰ ৷ সৰু সুৰা জনা শুনা বেমাৰ আজাৰত চিকিৎসকৰ কাষ চপাৰ পৰিবৰ্তে সহজতে উপলব্ধ ঘৰুৱা পথ্য ব্যৱহাৰ কৰি সুফল পোৱাটো সকলোৱে কামনা কৰে ৷ সাধাৰণ পানী লগা চৰ্দি জাতীয় অসুখত ময়ো গৰম পানীৰ ভাপেই ব্যৱহাৰ কৰোঁ ৷ ৰোগীসকলকো একেটাই জনাওঁ ৷ আধুনিক চিকিৎসা বিজ্ঞানত ব্যৱহৃত প্ৰায়বোৰ ঔষধৰেই অনাকাংক্ষিত পাৰ্শ্চক্ৰিয়া থাকে ৷ গতিকে চিকিৎসকসকলেও যথাসম্ভৱ কম ঔষধেৰেই চিকিৎসা কৰিবলৈ যত্ন কৰে ৷ কিন্তু কিছুমান ৰোগত উপায় নাথাকে ৷ আনুসংগিক বেলেগ কিবা কিবি ৰোগৰ উপস্থিতিয়ে কোনোবাজন ৰোগীৰ চিকিৎসা যথেষ্ট গম্ভীৰ কৰি তোলে ৷ বাকীখিনি চিকিৎসকৰ কথা বাদেই দিয়ক, সেই বিভাগৰ মুধাফুটা চিকিৎসকজনেও এনে ৰোগী এগৰাকীক ঔষধ দিওতে বহু চিন্তা কৰিবলগীয়া হয় ৷ কিন্তু পাঠক ডাঙৰীয়াই তেখেতৰ সীমিত জ্ঞানেৰেই চকুৰ পচাৰতে যিকোনো ৰোগৰ বিধান দিয়ে ৷ তাৰোপৰি আয়ুৰ্বেদিক, হোমিঅ'পেথিক বা আধুনিক চিকিৎসাবিদ্যাৰ কোনো চিকিৎসকে সতকাই নোকোৱা কথা এষাৰো তেখেতে কয় ৷ এই লিখনিটো লিখাৰ আগত মই তেখেতে আগবঢ়োৱা বহুকেইটা বিধান পঢ়ি চাইছোঁ ৷ বহুকেইটা বিধানতে তেখেতে প্ৰচুৰ আত্মপ্ৰত্যয়েৰে কৈছে, 'এইখিনি কৰক, ঠিক হৈ যাব ৷' শৰীৰৰ অংগসমূহৰ গঠন তথা কাৰ্য্যপ্ৰণালী ইমান সহজে বুজি পাব পৰা বিধৰ নহয় যে বিশেষ ভবা চিন্তা নকৰাকৈয়ে একোটা ঔষধ দিব পাৰি ৷ দেহৰ একোটা অংশত ভাল ক্ৰিয়া কৰা ঔষধ একোটাৰ আন এটা অংশত বিৰূপ প্ৰভাৱ পৰিব পাৰে ৷ তাৰোপৰি ৰোগীজনৰ লিংগ, বয়স আদি বহুতো কাৰকৰ বিবেচনাৰ অন্তত যোগাত্মক আৰু ঋণাত্মক দিশবোৰ বিবেচনা কৰিহে ঔষধ একোটা ব্যৱহাৰ কৰিবলৈ দিয়া হয় ৷ শিশু ৰোগীৰ ক্ষেত্ৰত আকৌ  ওজন অনুযায়ী একেটা ঔষধৰেই পৰিমাণ বেলেগ বেলেগ ৷ উদাহৰণ এটা আগবঢ়াইছোঁ ৷ ডায়েবেটিছ বা বহুমুত্ৰ ৰোগত মেথিগুটিৰ উপকাৰিতা সৰ্বজনবিদিত ৷ কিন্তু কিমান পৰিমাণত? আধুনিক চিকিৎসাবিদ্যাত ডায়েবেটিছৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি ঔষধৰ মাত্ৰাও বেলেগ বেলেগ ৷ বেলেগ বেলেগ ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজনীয় ইনছুলিন ইনজেকচনৰ প্ৰকাৰ তথা পৰিমাণ বেলেগ বেলেগ ৷ প্ৰতি ডেচিলিটাৰ তেজত ব্লাড চুগাৰৰ পৰিমাণ ১৫০ আৰু ৪৫০ মিলিগ্ৰাম থকা ৰোগী দুগৰাকীৰ বাবে ঔষধ তথা ইনছুলিনৰ পৰিমাণো বেলেগ বেলেগ ৷ এতিয়া ধৰি লওক মই দুয়োগৰাকী ৰোগীকে মেথিগুটি খাবলৈ উপদেশ দিলোঁ ৷ কিন্তু কিমান পৰিমাণত খাব লাগে বা কিমান মিথিগুটি খালে ব্লাড চুগাৰ কিমান হ্ৰাস পায় সেই সম্বন্ধে ময়ো অজ্ঞ ৷ দুয়োগৰাকী ৰোগীয়ে নিজে ব্যৱহাৰ কৰি থকা আগৰ ঔষধ তথা ইনছুলিন ইনজেকছন বন্ধ কৰি একে পৰিমাণত মেথিগুটি খাবলৈ আৰম্ভ কৰিলে ৷ পৰিণাম সহজেই অনুমেয় ৷ ৪৫০ মিলিগ্ৰাম/ডেচিলিটাৰ চুগাৰ থকা ৰোগীজনৰ চুগাৰ বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা ৷ তেখেতৰ জীৱনটোক লৈ টনা আজোঁৰা চলিলেও আচৰিত হ'বলগা নাই ৷

মানৱ শৰীৰটো এটা পৰীক্ষাগাৰ নহয় ৷ সকলোৰে ভালবোৰ আমি গ্ৰহণ কৰিব লাগে ৷ আমাৰ নিজৰ বাবেই ভাল ৷ কিন্তু সেই সিদ্ধান্ত নিজৰ বিবেক বিবেচনা তথা যুক্তিৰে বৈজ্ঞানিক ভিত্তিৰে গ্ৰহণ কৰিব পাৰিলে সকলোৰে বাবে মঙ্গল ৷ কাৰোবাক অন্ধভাৱে সমৰ্থন কৰি বিপদ মাতি আনিলে পিছত দুখ কৰি একো লাভ নহ'ব ৷

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

৩০ অক্টোবৰ, দীপান্বিতা আৰু আমি ৷

"বৰ সাংঘাটিক এক্সিডেণ্ট অ' ৷ বেয়া লাগে দেই এইবোৰ দেখিলে ৷"

টিভিৰ স্ক্ৰীণত বাতৰি চলি আছিল ৷ বাইক দূৰ্ঘটনাৰ বাতৰিটো দেখি বৰা ডাঙৰীয়াই যেন স্বগতোক্তিহে কৰিছিল তেনেদৰে ৷ অৱশ্যে কথাষাৰ কৈয়েই খাই থকা ভাতৰ কাঁহীত পৰি থকা মাছৰ টুকুৰাটোৰপৰা কাইট বছাত ব্যস্ত হৈ পৰিল তেখেত ৷ তাৰোপৰি সেই বাতৰিটোৰ পিছতেই পৰিবেশন কৰা কোনোবা সাংস্কৃতিক অনুষ্ঠানৰ বাতৰিয়ে আগৰ বাতৰিটো একপ্ৰকাৰ পাহৰায়েই পেলালে ৷ পাকঘৰত কাম কৰি থকা ঘৈণীয়েকক ৰিঙিয়াই তেখেতে ক'লে,

"হেৰা, মাছৰ আঞ্জাখন তুমি বেছ ভাল বনাইছা দেই আজি ৷"

বৰা ডাঙৰীয়াক দোষ দিব বিচৰা নাই ৷ তেনে এটি বাতৰিত আমি প্ৰায়সংখ্যকেই আচলতে একেই প্ৰতিক্ৰিয়াই দেখুৱাও ৷ কিছুসময়ৰ বাবে দুখী কৰি তোলা বাতৰি একোটা পাহৰিবলৈ আমাৰ এক মুহূৰ্ত সময়ো নালাগে ৷ বেছিভাগ ক্ষেত্ৰতেই এনে একোটা বাতৰি শুনাৰ পিছতো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈয়েই আমি আমাৰ কৰ্মক্ষেত্ৰ তথা পৰিয়ালৰ কামত ব্যস্ত হৈ পৰোঁ ৷ কিন্তু তৎসত্বেও প্ৰত্যেক বছৰেই ৩০ অক্টোবৰৰ দিনটোত এক বিভীষিকাৰ স্মৃতিয়ে দোলা দি যায় আমাৰ সকলোৰে মনত ৷

পোহৰৰ উৎসৱ দীপাৱলী ৷ ফটকা, ফুলজাৰি, কলগছ, ৰকেট আদি বিভিন্ন আতচবাজিৰ লগতে প্ৰত্যেক ঘৰতে মাটিৰ চাকি তথা কৃত্ৰিম পোহৰৰ চমকনি, আকাশ উজলাই তোলা কাৰুকাৰ্য্যৰ পয়োভৰত অসুয়া অপায় অমংগল বিনাশৰ আহ্বানেৰে পৰিয়াল পৰিজনৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিবেশে সকলোৰে মনবোৰ পোহৰাই তোলে ৷ এখন্তেকৰ বাবে হ'লেও ব্যক্তিগত অভাৱ অভিযোগ, দুখ দুৰ্দশাবোৰো যেন পাহৰি পেলাও আমি সকলোৱে ৷ শিশুসকলেও এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে ৷ দীপান্বিতা এইবাৰো আহিল ৷ কিন্তু এইবাৰ দীপান্বিতা যে ৩০ অক্টোবৰত ৷

৩০ অক্টোবৰ, ২০০৮ ৷ সেই সময়ত  মই আগৰতলাত কৰ্মৰত আছিলোঁ ৷ অসম কঁপাই তোলা গুৱাহাটী, বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাৱৰ ধাৰাবাহিক বোমাবিষ্ফোৰণৰ খবৰে হৃদয় কঁপাই তুলিছিল ৷ প্ৰায় পাঁচশজন হতাহত আৰু শতকৰ ওচৰা ওচৰি লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বাতৰিত হতচকিত হৈ পৰিছিলোঁ ৷

কি হৈ আছে এইবোৰ? আকৌ এবাৰ প্ৰচণ্ড ঘৃণা উপজিছিল সেইসকললৈ, যিসকলে নিজৰ বীৰত্ব দেখুৱাবলৈ নিৰীহ জনতাৰ জীৱন ল'বলৈও কুণ্ঠাবোধ নকৰে ৷ টিভিৰ পৰ্দাৰ সন্মূখত বহি খবৰ জানিবলৈ চেষ্টা কৰিছিলোঁ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত বন্ধু এজনলৈ ফোন কৰিছিলোঁ ৷

"বহুত বেয়া অৱস্থা পাৰ্থ ৷ তাৰোপৰি একেলগে অহা ইমানবোৰ ৰোগীৰ বাবে তেজৰ আকাল ৷ তই ইয়াত থকা হ'লে বুজিলিহেতেন ৷"

তাৰ কথাখিনি শুনাৰ পিছত অন্তৰেৰে এটাই কামনা কৰিছিলোঁ, সন্ত্ৰাসবাদ নিপাতে যাওক ৷ ধ্বংস হৈ যাওক সন্ত্ৰাসবাদীবোৰ ৷

বিদ্ৰোহৰ নামত একোটা হত্যাকাৰীৰ দলৰ সৃষ্টি কৰি জনমানসত এক অদ্ভুত ভয় সোমোৱাই দিয়াৰ পৰিকল্পনাৰে গঠিত হোৱা এনে একোটা সংগঠনৰ বিপক্ষে আমি সকলো মাৰ বান্ধি ঠিয় হোৱাৰ সময় হোৱা নাইনে? বিদ্ৰোহী শক্তি একোটা সৃষ্টিৰ নেপথ্যত বহুতো যুক্তিবাদী কাৰণ থাকিব পাৰে, কিন্তু কাৰণ যিয়েই নাথাকক কিয়, এনে ধৰণৰ নৰসংহাৰ কোনো ফালৰপৰাই গ্ৰহণযোগ্য নহয় ৷ আমি কাৰোবাক কিবা কাৰণত সমৰ্থন কৰিব পাৰোঁ, সেয়া আমাৰ ব্যক্তিগত স্বাধীনতা ৷ কিন্তু বেয়াটো বেয়া বুলি, ভুলটো ভুল বুলি, পাপটো পাপ বুলি, নাপায়টো নাপায় বুলি স্বীকাৰ কৰি ল'বলৈ আমি কিয় টান পাওঁ? জঘন্য কাম একোটা কৰাৰ পিছটো কেৱল যুক্তিৰ স্বাৰ্থত চকু মুদি কাৰোবাৰ অপকৰ্মৰ বৈধ যুক্তিযুক্ততা বিচাৰ কৰাটোৱে পৰোক্ষভাৱে এনে অপশক্তিবোৰক নিজৰ ধ্বংসযজ্ঞ চলাই যাবলৈয়েই প্ৰৰোচিত নকৰিবনে? প্ৰতিবাদ কৰিবলৈ নিষ্পেষিত জনতাৰ পূৰ্ণ অধিকাৰ আছে, কৰ্তৃপক্ষৰ অৱহেলা আৰু কোপদৃষ্টিৰ বিপক্ষে আন্দোলন কৰিবলৈ কেতিয়াবা আমিবোৰ বাধ্য হৈ পৰোঁ ৷ কিন্তু আন্দোলনৰ স্বাৰ্থত এনে পাশৱিকতাক কোনোপধ্যে স্বীকাৰ কৰিব নোৱাৰি ৷ বিদ্ৰোহ আৰু সন্ত্ৰাস সমাৰ্থক নহয় ৷ সন্ত্ৰাসৰ কোনো ধৰ্ম নাই ৷  সন্ত্ৰাসৰ ধৰ্ম এটাই, সেয়া হৈছে সন্ত্ৰাস ৷ কোনো ধৰ্মই সন্ত্ৰাসক প্ৰশ্ৰয় নিদিয়ে ৷ সন্ত্ৰাসৰ কোনো জাত নাই ৷ এনে কিবা একোটা ঘটনা সংঘটিত হ'লেই সচৰাচৰ দেখা যায় যে আমি নিজৰ মাজতেই ধৰ্ম, জাত পাতৰ ভিত্তিত এজনে আনজনক সমালোচনা কৰিবলৈ আৰম্ভ কৰোঁ ৷ প্ৰকৃত কাৰকৰ বিশ্লেষণ ক'ৰবাতে পৰি ৰয় ৷ ফলশ্ৰুতিত আচল হত্যাকাৰীহঁতে আঁতৰৰপৰা ৰং চাই মুখ টিপি হাঁহে ৷ আমাৰ এনে তুলুঙা কৰ্ম কাণ্ডৰে সিহঁতে সৃষ্টি কৰিবলৈ বিচৰা সামাজিক বিভেদৰ বিষবাষ্প সিচঁৰিত কৰি তোলাত আমিয়েই পৰোক্ষভাৱে সহায় কৰা নাইনে?

নৰসংহাৰ কৰিম বুলিয়েই ক'ৰবাৰপৰা সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আহি নিৰীহ জনতাৰ ওপৰত নিৰ্বিচাৰে গুলী চলাই বীৰত্বৰ পৰিচয় দিয়া বা নিঃসন্দেহ জনতাক আভুৱা ভৰি গোপনে ক'ৰবাত সংস্থাপন কৰি থোৱা বোমা এটা বিষ্ফোৰিত কৰাতকৈ আৰু কিবা সহজ কাম আছে বুলি মই নাভাবোঁ ৷ ধিক সন্ত্ৰাসবাদ ৷ এনেকৈয়ে কিমান জীৱন যে দুৰ্বিসহ কৰি তুলিছে এই অমানুহবোৰে ৷

৩০ অক্টোবৰৰ দিনটো অসমৰ ইতিহাসত এক ক'লা দিন হিচাপে চিহ্নিত হৈ ৰ'ব ৷ এই দিনটোতেই সন্ত্ৰাসবাদীৰ কাৰ্য্যকলাপে বহুজনৰ জীৱনৰ মৰ্মন্তুদ অৱসান ঘটালে ৷ প্ৰত্যেকটো জীৱনৰে কিমান সপোন, কিমান পৰিকল্পনা যে মুহুৰ্ততে চাৰখাৰ হৈ পৰিল ! নিষ্পাপ শিশুটিৰপৰা আৰম্ভ কৰি অশীতিপৰ বৃদ্ধ বৃদ্ধালৈকে কোনোৱেই সন্ত্ৰাসৰ মৃত্যুঘণ্টাৰপৰা হাত সাৰি নগ'ল ৷ কোনোৱে সন্তান, কোনোৱে জীৱনসংগী, কোনোৱে একান্ত আপোনজনক হেৰুৱালে ৷ কোনোটো সন্তান অনাথ হৈ পৰিল ৷ মা দেউতা শব্দদুটিৰ যেন অপমৃত্যু ঘটিল সেই কণমানিকেইটাৰ বাবে ৷ কোনোবাজন আকৌ চিৰজীৱনৰ বাবে ঘুণীয়া হৈ পৰিল ৷ কোনোবাজনে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি থাকিল ৷ প্ৰত্যেক বছৰ এই দিনটোত হতাহত হোৱাসকলক আমি শ্ৰদ্ধাৰে সুৱৰিছোঁ ৷ তেখেতসকলৰ আত্মাৰ সদগতি কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷ গণেশগুৰিকে আদি কৰি ঘটনাস্থলীসমূহত চাকি, মম আদি জ্বলাই শান্তিৰ আহ্বান কৰিছোঁ ৷ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ সপোন দেখিছোঁ ৷ আমাৰ অগণন পৰিয়াললৈ ঘোৰ অমানিশা কঢ়িয়াই অনা ৩০ অক্টোবৰৰ দিনটো আকৌ আহিল ৷ সেই পৰিয়ালবোৰে সেই দুখজনক স্মৃতিবোৰ পাহৰিব পৰা নাই এতিয়াও ৷ পাহৰিবই বা কেনেকৈ? অনাকাংক্ষিতভাৱে আপোনজনক হেৰুওৱাৰ বেদনা ভুক্তভোগীজনেহে অনুভৱ কৰিব পাৰে ৷ এনে দুখজনক স্মৃতি বিজড়িত দিনটোতেই এইবাৰ দীপান্বিতা ৷  কিন্তু এনে এটি দিনতেই যদি এই সকলোবোৰ পাহৰি আমি এইবাৰ উৎসৱমুখৰ পৰিবেশত দীপাৱলী উৎযাপন কৰোঁ, তেনেহ'লে এই দিনটোত আপোন কোনোবাজনক হেৰুৱাবলগীয়া হোৱা লোকসকল এইবোৰ দেখি শুনি ব্যথিত হৈ নপৰিবনে?

বহুতৰ মনত এটি প্ৰশ্নৰ উদয় হ'ব পাৰে ৷ এনে সন্ত্ৰাসৰ লগত জড়িত বহুতকে আমাৰ মাজৰে কিছুসংখ্যকে বৰপীৰা পাৰি বহুৱাইছে ৷ জাতীয় বীৰৰ মৰ্য্যদা দিছে ৷ চৰকাৰেও তেওঁলোকক মুক্ত বিচৰণৰ সুবিধা দিছে ৷ তেনেক্ষেত্ৰত তেওঁলোকৰ অপকৰ্মৰ বিৰূদ্ধে প্ৰতিবাদ কৰি দেখুওৱাটো এখন নাটক যেন নহ'বনে? মুঠেও নহয় ৷ আমি শান্তিপ্ৰিয় মানুহ ৷ বৰপীৰাত বহুওৱা বা জাতীয় বীৰৰ দৰে মৰ্য্যদা দিয়াটোৰ সন্দৰ্ভত আমাৰ দ্বিমত থকাটো একেবাৰেই স্বাভাৱিক ৷ কিন্তু ৰাইজ বা চৰকাৰৰ তৰফৰপৰা তেওঁলোকক মুক্ত বিচৰণৰ সুবিধা দি মুল সুঁতিলৈ ঘুৰি আহিবলৈ সুবিধা দিয়াটো আদৰণীয় ৷ আলোচনাৰ মাধ্যমেৰে অসমত শান্তি সম্প্ৰীতি ঘুৰাই অনাৰ ক্ষেত্ৰত ই এক উল্লেখনীয় পদক্ষেপ ৷

প্ৰত্যেকদিনেই বিভিন্ন দূৰ্ঘটনা সংঘটিত হৈ আহিছে  ৷ আমাৰ অসমতেই কুটাঘাটৰ পৰিণতিত অগণন নিৰীহে প্ৰাণ হেৰুৱাইছে ৷ হৃদয়বিদাৰক এনে প্ৰতিটো ঘটনাই আমাক ব্যথিত কৰে ৷ তৎস্বত্বেও আমি নিজ কৰ্মত আগুৱাই গৈ আছোঁ ৷ মৃতক এজনৰ ঘৰতো নিকটতম আত্মীয়জনক বাকী আত্মীয়সকলেই বুজাই বঢ়াই কিবা এটা খাবলৈ যাচে ৷ এয়েতো জীৱন ৷ আঁতৰি যোৱাজনৰ বিৰহে আতুৰ কৰিলেও জীয়াই থকাকেইজন সুস্থ হৈ থাকি কৰ্মত অগ্ৰসৰ হোৱাটোৱেই সকলোৰে কাম্য ৷ এঘৰত কাৰোবাক হেৰুওৱাৰ একেটা সময়তে হয়তো আন এঘৰত কোনোবা নৱজাতকৰ আগমনত হৰ্ষোল্লাস ৷ এঘৰত মৃতকৰ শ্ৰাদ্ধ সম্পন্ন হৈ থকাৰ সময়তে আন এঘৰত হয়তো বিয়া বাৰুৰ উৎসৱমুখৰ পৰিবেশ ৷ এনেদৰেই আমি জীৱনটো আগুৱাই নিব লাগিব ৷ তেন্তে ৩০ অক্টোবৰত জাকজমকতাৰে দীপাৱলী উৎযাপন কৰাত বাধা ক'ত? একো বাধা নাই ৷ কাৰো একো আপত্তি নাই ৷ আইনৰ গণ্ডীৰ ভিতৰত আমি সকলোৱে ইচ্ছা বা সাধ্যনুসৰি দীপান্বিতা পালন কৰিব পাৰোঁ ৷ তেনেহ'লে আমাৰ সচেতক মহলৰ একাংশই আমাক এইবাৰ জাকজমকতা পৰিহাৰ কৰিবলৈ আহ্বান জনোৱাৰ যুক্তিযুক্ততা ক'ত? যুক্তি এইটোৱেই যে আমি সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিওঁ বুলি সামুহিকভাৱে জনোৱাৰ ই এক আধাৰ হৈ পৰিব ৷ সন্ত্ৰাস সৃষ্টিকাৰীসকললৈ আমি এক স্পষ্ট সকীয়নী পঠাবলৈ সক্ষম হ'ম যে তেওঁলোকে যিদৰে আমাৰ জীৱনৰ লগত নিঃসংকোচে খেলা কৰিব পাৰে, তেনেদৰেই তেওঁলোকৰ পাশৱিকতাৰ প্ৰতিবাদস্বৰূপে আমিও দীপাৱলীৰ দৰে এক উৎসৱমুখৰ অনুষ্ঠানতো জাকজমকতা পৰিহাৰেৰে এক আশাৰ প্ৰদীপ জ্বলাব পাৰোঁ ৷

আমি সকলো একত্ৰিত হোৱাৰ সময় উকলি যোৱাৰ পথত ৷ জোৰ পুৰি হাত পালেহি ৷ এতিয়াও যদি আমি সচকিত নহওঁ, তেন্তে মনত ৰাখিব, এই অপশক্তিৰ বলি যিদৰে আজি বেলেগ কোনোবা হৈছে, কালিলৈ আপুনি বা মই বা আমাৰেই কোনো পৰম আত্মীয় হ'ব ৷ আহকচোন, আমি সকলো মিলি এইবাৰ দীপাৱলীত আমাৰ মাজৰপৰা হেৰাই যোৱাসকলৰ সোঁৱৰণত একোটিকৈ মাটিৰ চাকি জ্বলাওঁ আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত ব্যক্তিগত পৰ্য্যায়ত আমাৰ যৎকিঞ্চিত অৱদান আগবঢ়াও ৷ সেইদিনা এটা টিভি চেনেলৰ অনুষ্ঠানত এগৰাকী মাতৃক দেখা পালোঁ ৷ তেখেতৰ ল'ৰা এটা সেই বিষ্ফোৰণৰ ফলশ্ৰুতিত চিৰজীৱনৰ বাবে পঙ্গু হৈ পৰিছিল ৷ সেই মাতৃগৰাকীয়ে আবেগিক হৈ জনাইছিল, বেলেগটো বাদেই, এতিয়া এটি গাড়ীৰ চকা ফুটাৰ শব্দইয়ো তেখেতৰ হৃদয়ত তীব্ৰ বিষ্ফোৰণ ঘটায় ৷ আহকচোন, সেই মাতৃগৰাকীকে আদি কৰি সকলোকে আমি জনাওঁ যে তেখেতসকলৰ এই দুখদায়ক মানসিক সংগ্ৰামত আমি সকলো তেখেতসকলৰ লগত আছোঁ ৷ তেখেতসকল অকলশৰীয়া কোনোপধ্যে নহয় ৷

#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Saturday, October 01, 2016

কেৱল ময়েই ভাল ৷

-------------------------------
খণ্ডচিত্ৰ: ১: ৰসাতল:
-------------------------------

“কি যুগ আহিল হেৰৌ? কালি ছোৱালী এজনীয়ে মদ কিনা দেখিলোঁ ৷”

“মানে?”

“মানে আৰু কি বন্ধু? মোৰ ওচৰতে থিয় হৈ তাই বিনদাছ মদ কিনি আছিল সেই চাৰিআলিটোৰ মদৰ দোকানখনৰপৰা ৷ তাইৰ মুখখনলৈ চালে তই বুজিবই নোৱাৰিবি, যে তাই ইমান বেয়া কাম এটা কৰি আছে ৷ এনে লাগিছিল, যেন গেলামালৰ দোকানৰপৰা আলু হে কিনি আছিল তাই ! বুজিছ সমাজখন ৰসাতলে গ’ল আৰু ৷”

“বুজিলোঁ, সমাজখন সঁচাকৈয়ে ৰসাতলে গ’ল ৷ কিন্তু তই কি কৰিবলৈ গৈছিলি মদৰ দোকানখনলৈ? ঘোঁৰা ঘাঁহ কাটিবলৈ? নে সমাজখন উদ্ধাৰ কৰিবলৈ?”

#কেৱল_ময়েই_ভাল ৷

------------------------------
খণ্ডচিত্ৰ: ২: ব্যৱহাৰ:
------------------------------

“বুজিছে দাদা, মানুহবোৰৰ ব্যৱহাৰ বৰ বেয়া হ’ল আজিকালি ৷ ভালদৰে কথা পাতিবই নাজানে ৷ কিবা সুধিলেই ভালকৈ কোৱাৰ সলনি কিবা দেখোন গেঙেৰি মাৰিহে উঠে ৷”

“তোমাৰ কৈ শেষ হ’ল, নে আৰু কিবা ক’ব লগা আছে?”

“নাই, কিয়?”

“সেইখন হস্পিতেললৈ আজিৰ দিনটো ধৰি তুমি মুঠতে চাৰিবাৰ গ’লা ৷ প্ৰথমদিনা এজন ৱাৰ্ড বয়ৰ লগত তোমাৰ তৰ্কা তৰ্কি ৷ দ্বিতীয় দিনা এজন টেকনিচিয়ান ৷ তৃতীয় দিনা এজন ডাক্তৰৰ বদনাম গালাহি ৷ আৰু আজি এজনী ৰিচেপচনিষ্টে বাৰুকৈহে তোমাক নচৰিয়ালে ৷”

“কিয় শুনাই আছে এইবোৰ?”

“কাৰণ আছে, শুনা ৷ জানাই, পাঁচোটা আঙুলি কেতিয়াও সমান হ’ব নোৱাৰে ৷ সকলোৰে কথা বতৰা বা ব্যৱহাৰো বেলেগ বেলেগ ৷ কিন্তু এইটো কথা মই কেনেকৈ মানি ল’ম যে প্ৰত্যেকবাৰেই তুমি গৈ সেই গেলা কেইটাৰ পাল্লাতহে পৰা ! এবাৰ নিজকে চিকুটি চাবাচোন, কিজানি তোমাৰেই কিবা খুঁট বিচাৰি পোৱা ৷”

#কেৱল_ময়েই_ভাল ৷

-------------------------------
খণ্ডচিত্ৰ: ৩: আপোচ:
-------------------------------

“মাজনী ইয়ালৈ গুছি আহিল বোলে ডাঙৰ বা?”

“নক’বি আৰু সৰুবোপা ৷ গিৰিয়েকৰ ঘৰখনে তাইক নিজৰ বুলি ভাবিবই নোৱাৰিলে ৷”

“সঁচানে?”

“মিছা কিয় ক’ম?”

“সঁচা মিছা বাদ দিয়া ৷ মই অলপ বেলেগকৈ ভাবিছোঁ কথাখিনি ৷ চোৱা ডাঙৰ বা, মোৰ একমাত্ৰ ভাগিণী হিচাপে তাইক মই বহুত মৰম কৰোঁ ৷ কিন্তু তাই তোমালোকৰ ঘৰৰ বাহিৰে বেলেগ ক’ৰবাত এডজাষ্ট হ’ব পৰা দেখিছা জানো তুমি? তাই ক্লাছ টুৱেল্ভ পাছ কৰাৰ পিছৰ কথাখিনিলৈ মনত পেলোৱাচোন ৷ প্ৰথমে চৰকাৰী হোষ্টেল এৰিলে, চিনিয়ৰখিনি বোলে বহুতেই বেয়া ৷ দুমাহতেই প্ৰাইভেট হোষ্টেল তিনিটা সলালে, শেষত ভাৰাঘৰ লৈ ভিনদেউক ইয়াত অকলে ৰাখি তুমি তাইৰ লগত থাকি নিজে ৰান্ধি বাঢ়ি খুৱাইহে তাইৰ ক’ৰ্ছ তুমি কমপ্লিট কৰালা ৷ তাইৰ এজনীমান অন্তৰংগ বান্ধৱী আছেনে? গিৰিয়েকৰ ঘৰখন ভাল নে বেয়া সেয়া বাৰু আমি আকৌ এবাৰ অনুসন্ধান কৰিম, কিন্তু সমস্যাবোৰৰ প্ৰধান কাৰণ তাই নিজেই নহয়টো?”

#কেৱল_ময়েই_ভাল ৷

------------------------------
খণ্ডচিত্ৰ: ৪: মানৱতা:
------------------------------

“বুজিছ, আজিকালি মানুহবোৰৰ মানৱতা নাইকিয়া হ’ল একেবাৰে ৷ ৰাস্তাত ওলালেই দেখিবি, এম্বুলেন্স এখনক ৰাস্তা এৰি দিবলৈও টান পায় গাড়ীবোৰে ৷ আৰে ভাই, নিজৰ বেমাৰী এজন লৈ যাব লগা হ’লে এনেকুৱা পৰিস্থিতিত কেনেকুৱা লাগিব মানুহবোৰে এবাৰলৈও ভাবি নাচাই কিয়?”

নৱম মানত পঢ়ি থকা ল’ৰাটোক নীতি বচনৰ শিক্ষা দি দি দেউতাকজনে গাড়ী চলাই থাকিল ৷

“বুজিছ, মানুহক সহায় কৰিবি ৷ ভগৱান আছেনে নাই নাজানোঁ, কিন্তু এক শক্তি আছে, যি আমাক পৰিচালনা কৰি আছে ৷ সৰগ নৰক বুলি একো কথা নাই ৷ সকলোৰে বিচাৰ এইটো জনমতে হয় ৷”

অকস্মাতে কেকুঁৰিটো ঘুৰিয়েই মানুহৰ জুম এটা চকুত পৰিল ৷ এজন বয়সস্থ মানুহৰ মুৰৰপৰা তেজ বৈ আছিল ৷ বোধকৰোঁ কিহবাই খুন্দিয়াইছে ৷ জুমটোৰ মাজৰ এজন লোক গাড়ীখন ৰখাবলৈ ইঙ্গিত দি আগবাঢ়ি আহিল ৷ দেউতাকজনে গাড়ীখন নৰখালে ৷ বৰঞ্চ গতিবেগ আৰু অলপ বঢ়াই সেইখিনি পাৰ হৈ আহিল ৷ দেউতাকৰ গোৱালগালি পুতেকৰ কাণত পৰিল,

“বেলেগ কাম নাই আৰু, বাটৰ কচু গাত ঘঁহিবলৈ মোৰ কিবা গৰজহে পৰিছে ! তাৰোপৰি মানুহটোৰ তেজ ওলাই আছে ভাই ৷ চিটকেইটা লেতেৰা নহ’বনে? ইমানেই সহায় কৰিবলৈ মন, এম্বুলেন্স এখন মাতি  দে ৷ বেলেগৰ গাড়ী ৰাখি দিগদাৰ দিয়াৰ কি দৰকাৰ?”

#কেৱল_ময়েই_ভাল ৷

---------------------------------
খণ্ডচিত্ৰ: ৫: চৌৰ্য্যবৃত্তি:
---------------------------------

“আজিকালি চাৰিওফালে কেৱল চোৰেই চোৰ বুজিছা প্ৰিয়ংকৰ ৷ শিক্ষকে মধ্যাহ্ন ভোজনৰ চাউল চুৰ কৰে, চিকিৎসকে ৰোগীৰ বাবে অহা ঔষধেৰে প্ৰাইভেট প্ৰেকটিছ কৰে, অভিযন্তাই দলং বনাবলৈ অহা পইচাৰে নিজৰ বিল্ডিং বনায়, বাকী ঠিকাদাৰ, নেতা, পালিনেতাবোৰৰ কথা কি ক’ম আৰু তোমাক? দুই নম্বৰী কামেৰে কোনোবাই সুখী হ’ব পৰা দেখিছানে? বটিয়াব, বুজিছা ৷ ইহ জনমতে বটিয়াই থৈ যাব লাগিব ৷”

চৰকাৰী স্কুল এখনৰ শিক্ষক হিচাপে কৰ্মৰত সম্পৰ্কীয় খুৰাকৰ ঘৰলৈ প্ৰিয়ংকৰ ফুৰিবলৈ গৈছিল ৷ খুৰাকে কোৱা কথাবোৰ এশ শতাংশই সত্য ৷  এবাৰত খুৰাকে তাক ক’লে,

“তুমি ভাল ছবি আঁকা বুলি শুনিছোঁ ৷ আমাৰ ইয়াক কিবা এটা শিকাই থৈ যোৱা অ’ ৷”

“কি যে কয় খুৰা ৷ অলপ অচৰপ কিবা আকোঁ আৰু কেতিয়াবা সময় পালে ৷”

“হ’ব দিয়া ৷ ক্লাছ থ্ৰীৰ ল’ৰাটোকনো কিনো সাংঘাটিক কিবা শিকাব লাগে? ফুল বা প্ৰাকৃতিক দৃশ্য এটাকে আঁকিবলৈ শিকাই দিয়া আৰু ৷ অই বাবাটো, তোমাৰ বাহিৰা বহী এখন লৈ আনাচোন ৷ দাদাই তোমাক কিবা এটা শিকাই দিব ৷”

বাবাটোৱে তাৰ ‘বাহিৰা বহী’ এখন লৈ প্ৰিয়ংকৰৰ ওচৰত আগ্ৰহেৰে হাজিৰ হ’ল ৷ প্ৰিয়ংকৰে বহীখনলৈ মন কৰিলে ৷ খৰচী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া বাবাটোৰ হাতত সেয়া সৰ্বশিক্ষা মিছনৰ তৰফৰপৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা বিনামুলীয়া বহী এখন ৷ প্ৰিয়ংকৰে  ঠিকেই বুজিলে, চাৰিওফালে কেৱল চোৰেই চোৰ ৷

#কেৱল_ময়েই_ভাল ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷

Saturday, September 24, 2016

মানে, সাংঘাটিক ৰস পালোঁ ৷

মানে বুজিছে? আজি গোটেই দিনটোৱেই মোৰ বঢ়িয়াকৈ পাৰ হ'ল ৷ আৰু ৰাতিটো? একদম ৰসাল ৷ অন্তিম মুহুৰ্তত অকণমান ঠগন খালোঁ বাৰু, তথাপিও ব্ৰহ্ম সুখ পালোঁ ৷ কিনো ক'ম আৰু? মানে, সামাজিকভাৱে আন সময়ত নকৰা কেইটামান কাম কৰাৰ লগতে ড্ৰয়িং ৰুমত আজি এনেকুৱা এটা বস্তু প্ৰতিষ্ঠা কৰিলোঁ, যে লগৰ কেইটামানৰ চকু কপালত উঠিল আৰু কেইটামান পেটে পটে বাৰুকৈয়ে জ্বলিল ৷ আৰু মই? সাংঘাটিক ৰস পালোঁ ৷ বুজা নাই নহয়? ৰ'ব, বুজাই কওঁ আপোনাক ৷

ৰাতিপুৱাৰপৰা মন কৰিছোঁ, মানসীৰ মনটো সিমান এটা ঠিক নহয় ৷ গা পা ধুই অফিচলৈ বুলি সাজু হ'লোঁ, নিদিলে নহয় বাবেই যেন ভাতকেইটা বাঢ়ি দিলে ৷ সুধিলোও এবাৰ, উত্তৰটোহে কিবা একা চেকা পালোঁ ৷

"কিনো কিবা হোৱা দেখিলা? ঠিকেই আছোঁ ৷ আমাৰনো আৰু কি? দিন যাব ৰাতি পুৱাব ৷ এনেকৈয়ে থাকিব লাগিব আৰু ৷"

চিধা প্ৰশ্নৰ বৰ কেকোঁৰাচেপা উত্তৰ ৷ নিমাতে ৰৈ ভবাত লাগিলোঁ ৷ ৰাতিলৈকে ঠিকেই আছিল দেখোন ৷ বিগত নিশাৰপৰা তেতিয়ালৈকে প্ৰত্যেক মুহুৰ্তৰ তন্ন তন্নকৈ বিশ্লেষণ কৰিয়ো যেতিয়া একো আওভাও নাপালোঁ, ভাবিবলৈ বাদ দিলোঁ ৷ এনেয়ো, কথাতে কয় নহয়, নাৰীৰ মহিমা স্বয়ং ভগৱানেও বোলে বুজিবলৈ অপাৰগ ৷ তেনে ক্ষেত্ৰত মোৰ দৰে সাধাৰণ নৰ মনিষ এটাইনো কেনেকৈ সকলো কথা বুজিব পাৰিম? কিছু দেৰিৰ পিছতহে উৰহৰ উৰটো ওলাল ৷ মানসী পাকঘৰলৈ যোৱাৰ সুযোগতে মায়ে নিজৰ কামৰপৰা উঠি আহি মোৰ ওচৰত ফুচফুচাই ক'লেহি,

"বাবা, আজিৰ দিনটোৰ কথাও তই পাহৰিব লাগেনে? আজি  তহঁতৰ বিয়াৰ দিন নহয়? সেয়ে তাইৰ মনটো বেয়া আকৌ ৷"

কথাষাৰ কৈয়েই মা আঁতৰি গ'ল ৷ সঁচাকৈ, এটা ডাঙৰ বিপদৰপৰা বচালে দেই মায়ে ৷ মানসীয়ে উলটি আহি যন্ত্ৰবৎ মোৰ বাকী থকা ভাতকেইটাৰ ওপৰতে ডালি অলপ ঢালি দি আমাৰ ৰুমলৈ বুলি আগবাঢ়িল ৷ মই কিবা ক'ব খুজিও মনে মনে থাকিলোঁ ৷ ৰাতিপুৱাৰপৰা একো নোকোৱাকৈ কথা নাই বতৰা নাই অকস্মাতে "হেপ্পী মেৰেজ এনিভাৰচেৰী মানসী" বুলি যদি কওঁ, তেন্তে নিৰ্ঘাট এখন ভাওনা হ'ব ৷ গতিকেই মনে মনে আমন জিমনকৈ ভাত খোৱাত লাগিলোঁ ৷ লাহে লাহে কিন্তু ক'ব নোৱাৰাকৈয়ে খঙেই উঠি আহিল ৷ মানি ল'লোঁ, মই আজিৰ দিনটোৰ কথা পাহৰিলোঁ, কিন্তু মোৰ কিবা নিজৰ জন্মদিনটোৰ কথাই মনত  থাকেনে? সেয়াও দেখোন তেওহে মনত পেলাই দিয়ে ৷ তেৱো ভালদৰেই বুজি পায় ৷ আৰু মানি লৈছোঁ, এই দিনবোৰ পাহৰোঁ বাৰু মই, কিন্তু তেওঁক মৰম নকৰাকৈ আছোনে? এনেদৰে এইবোৰ দিনত শুভেচ্ছা দিয়াৰ নিয়ম কোনে যে উলিয়াইছিল নহয়, তেওকহে এসেকা দিবৰ মন যায় ৷ তেওঁ এনে নিয়ম বনাই গুছি গ'ল, আৰু মোৰ নিচিনা 'পাহৰা' বেমাৰ থকাবোৰে তাৰ বাবে ভূগিব লগা হৈছে ৷ কথা হ'লনে? সংসাৰখনত টেনচনৰ আকাল লাগিছেনে? তাতে আকৌ এইবোৰ ৷ হাত ধুই ৰুমৰ দুৱাৰমুখ পোৱালৈ পিছে পট পৰিবৰ্তন ঘটিল ৷ বিষন্ন মনেৰে সোনক স্কুললৈ বুলি সাজু কৰি থকা মানসীক দেখি মনটো কিবা দেখোন বেয়া লাগি গ'ল ৷ হ'ল বুলিয়েই এই এটা দিনো মই মনত ৰাখিব নোৱাৰোনে? চেহ, কি কৰা যায় ? লাজ নকৰোঁ দিয়ক, সঁচাকৈ কৈছোঁ, মানসীক কিবা ক'ব খুজিও পেটে পেটে অলপমান ভয়েই লাগিল ৷ কি বা প্ৰত্যুত্তৰ পাওঁ ! নাই, বেলেগ উপায় অৱলম্বন কৰিম আজি ৷ হুলেৰেই হুল কাঢ়িম ৷ বছ, ভবা মতেই কাম ৷ তেওলোকলৈ একো কাণসাৰ নকৰাকৈ বিচনাত পৰি চকু দুটা জপাই শোৱাৰ অভিনয় কৰাত লাগিলোঁ ৷ পিছে মোৰ আঁচনি পানী হোৱাৰ উপক্ৰম হ'ল ৷ মানসীয়ে না কিবা ক'লে, না মোৰ কাষ চাপি আহিল ৷ লাভ নাই ৷ তেওঁ মানে আজি সেই কিবা শেনৰ এজাত ৷ মোক বখলিয়াইহে শান্তি পাব যেন লাগিছে ৷ তথাপিও তেওনো কি কৰি আছে সেইটোৱেই এবাৰ চাই লোৱা যাওক বুলি আঁৰচকুৰে চাওঁ বুলি ভাবোতেই মানসীৰ উষ্ম হাতৰ পৰশে মোৰ কপাল আঁৱৰি পেলালে ৷

"কি হ'ল চন্দন? গা বেয়া নেকি? অফিচলৈ ওলোৱাৰ সময়ত বাগৰিছা যে? জ্বৰ জ্বৰ লাগিছে নেকি অ'?"

উস, মানে কি ক'ম আৰু? মানসীৰ এনে এটি স্পৰ্শই মোক যে মতলীয়া, মানে সেই মাতাল প্ৰেমিকত পৰিণত কৰে ৷ মন ৰাইজাই কৰি তোলে ৷ এক মুহুৰ্তলৈ মই কৰি থকা অভিনয়ৰ কথা পাহৰিয়েই পেলাইছিলোঁ ৷ ভাগ্যক্ৰমেহে মোৰ ফটা মুখখন খোল নাখালে ৷ মানসীৰ হাতখনত আলফুলে সাৱটি তেওক মোৰ ফাললৈ টানি আনিলোঁ ৷ অনাকাংক্ষিত আকলুৱা আজোৰটিত নিয়ন্ত্ৰণ হেৰুৱাই মানসী মোৰ গাৰ ওপৰত বাগৰি পৰিল ৷ তেওক মৰমেৰে সাৱটি ধৰি তেওৰ উমাল বুকুৰ মাজত নিজকে বিলীন কৰি দিলোঁ ৷ মোৰ চুলিত হাত ফুৰাই  উৎকণ্ঠাৰে মানসীয়ে সুধিলে,

"কি হ'ল অ'? কিয় এনেকুৱাখন কৰিছা বাৰু? গা বেয়া লাগিছে যদি অফিছ যাব নালাগে দিয়া ৷ ময়েই তোমাৰ অফিছলৈ ফোন কৰি দিওঁ ৷"

এক দুখী আত্মাৰ দৰে চেহেৰা বনাই মানসীৰ চকুত চকু থৈ ক'লোঁ,

"গা বেয়া লগা নাই মানসী ৷ মনটোহে বেয়া ৷"

"কিয়?"

"ৰাতিপুৱাৰেপৰা ৰখি আছোঁ, তুমি এবাৰলৈও মোক 'ৱিছ' নকৰিলা ৷"

"মানে?"

"কিয়? আজি আমাৰ বিবাহ বাৰ্ষিকী নহয়?"

"ইছ, তোমাৰ মনত আছে তাৰমানে? মই আকৌ…"

মানসীৰ কথা শেষ হোৱাৰ আগতেই প্ৰচণ্ড আবেগেৰে তেওৰ কপালত চুমা এটি যাচি ক'লোঁ,

"হেপ্পী মেৰেজ এনিভাৰছেৰী চুইটহাৰ্ট ৷ আগতে পাহৰিলোঁ বুলিয়েই এইবাৰো পাহৰিমনে? তোমাক কি উপহাৰ লাগিব কোৱা ৷"

"তুমি যি দিয়া ৷"

বাছিলোঁ বুজিছে, বেলেগ কিছুমানৰ দৰে "ডায়মণ্ডৰ ৰিং এটা হ'লেই হ'ব" বুলি যে নক'লে ৷ সোনৰ খিলখিলনিত বাস্তৱলৈ উভটি আহিলোঁ ৷ ধেৎ তেৰিকি ধেৎ ৷ ৰোমাঞ্চৰ আবেগত সোনৰ উপস্থিতিৰ কথা পাহৰিয়েই পেলাইছিলোঁ ৷ মানসী একেজাপেই উঠি বহিল ৷ সোনে তামাম স্ফূৰ্তি পালে ৷ হাঁহি হাঁহিয়েই সি ক'লে,

"অ' দেতা, তুমি বৰ দুষ্ট দেই ৷"

মই হাঁহিলোঁ ৷ লাজত মানসীৰ দুগালত এক সেন্দুৰীয়া আভা উদ্ভাসিত হ'ল ৷ ততাতৈয়াকৈ তাক কোলাত লৈ তেওঁ ক'লে,

"ব'লা সোন ৷ ভাত খাব লাগে ৷ স্কুললৈ দেৰিয়েই হ'ব এতিয়া ৷ আৰু চন্দন, তুমিও কাপোৰ কানি পিন্ধি সাজু হোৱা ৷ তোমাৰো দেৰি হ'ব নহ'লে ৷"

দৰ্জাখন পাৰ হোৱাৰ আগমুহুৰ্তত মানসীয়ে কেৰাহিকৈ চাই মোলৈ বুলি এক দুষ্টামিভৰা হাঁহি এৰি থৈ গ'ল ৷ আৰু সেই হাঁহিৰ সুবাসত কিছুসময়লৈ মই আপোন পাহৰা হৈ থাকিলোঁ ৷ কিমান সময় পাৰ হ'ল নাজানোঁ, মানসীৰ মাততহে চকু মেলি চালোঁ ৷

"হেৰা, এনেদৰে শুই শুই হাঁহি থাকিলে হ'বনে? অফিছলৈ কোন যাব?"

একেকোবেই কাপোৰ সলাই অফিছলৈ বুলি বাইক ষ্টাৰ্ট দিলোঁ ৷ ৰাস্তাত উঠিছোহে, দেখিলোঁ এটা ক'লা মেকুৰীয়ে ৰাস্তা পাৰ হ'বলৈ বুলি সাজু হৈছে ৷ নাই, আজিৰ এনে ভাল দিন এটাত এই মেকুৰীটোক মই মোৰ ৰাস্তা কাটিবলৈ কোনোপধ্যেই দিব নোৱাৰোঁ ৷ বাইকৰ স্পীড বঢ়াই মেকুৰীটোৰ সন্মূখেৰে পাৰ হৈ আহি ৰাস্তাৰ কাষত বাইকখন ৰখাই মেকুৰীটোলৈ চালোঁ ৷ মেকুৰীটোৱেও এবাৰ মোলৈ চালে, তাৰ পিছমুহুৰ্ততে মনতে কিবা ভাবিলে, আকৌ এবাৰ পৰম দুখতহে যেন মোলৈ চালে, আৰু ৰাস্তা পাৰ হোৱাৰ সলনি উলটি গুছি গ'ল ৷ বঢ়িয়া, মনটোত বৰ সুখ পালোঁ ৷ জীৱনত প্ৰথমবাৰৰ বাবে ক'ৰবাৰ কোনোবা ক'লা মেকুৰী এটাৰ যাত্ৰা ভংগ কৰিলোঁ ৷

মেকুৰীটো আঁতৰি যোৱাৰ পিছতে মোৰ চকুৰ আগত আন কেইটামান ক'লা মেকুৰীৰ চকু ভাঁহি আহিল ৷ এই মেকুৰী কেইটা আচলতে মোৰেই কেইটামান একেবাৰেই ঘনিষ্ঠ বন্ধু ৷ কিন্তু ইহঁতৰ কিছুমান কামৰ বাবে কম যাতনা ভুগিছোনে? এক মিনিটতে প্লেন ঠিৰাং কৰি পেলালোঁ ৷ আজি জ্বলাম এইকেইটাক ৷ নিজকে বৰ বুধিয়ক দেখাৱ নহয়, আজি পাবি মজাটো ৷ কাৰ পৰা আৰম্ভ কৰোঁ ৷ বাৰু, এটা এটাকৈ কৈ যাওঁ ৷

মোৰ এই ধীৰাজ নামৰ বন্ধুটোৰ কথাই চাওক ৷ ৰুপে গুণে একদম সাক্ষাৎ কামদেৱ ৷ কলেজীয়া জীৱনত তাৰ ৰাসলীলা সৰ্বজনস্বীকৃত আলোচনাৰ বিষয়বস্তু আছিল ৷ কিমান ছোৱালীৰ লগত যে তাৰ কি কি সম্পৰ্ক নাছিল ! হুবহু লিখিব গ'লে আপোনালোকে মোকেই অশ্লীল বুলি কৈ গতিয়াই বাহিৰ কৰি দিব ৷ বাকী যিয়েই নহওক, অৱশেষত সি যেনিবা আমাৰ জুনিয়ৰ বেটছটোৰ আটাইতকৈ ভাল ছোৱালী বুলি নাম থকা সুকন্যাক বিয়া কৰালে ৷ ওপৰৱালাৰ বিচাৰখনো কিবা অদ্ভুত যেন লাগে কেতিয়াবা ৷ আটাইতকৈ বেয়া ল'ৰাটোৱেই কিবা সেই আটাইতকৈ ভাল ছোৱালীজনী পায়গৈ ৷ মানে বেলেগ কথাত সি ভালেই বাৰু, কিন্তু এই ছোৱালীৰ প্ৰসংগত সি কিবা মানে, বাদ দিয়ক ৷ আপোনালোকে চাগে ভাবিছে, বিয়াৰ পিছত ৰত্নাকৰ বাল্মিকী হ'ল ৷ ভুল ভাবিছে ৷ কুকুৰৰ নেজ কেতিয়াবা চিধা হয় জানোঁ? এটা উদাহৰণ দিছোঁ ৰ'ব ৷ শুনকচোন ভালদৰে ৷

যোৱা বছৰৰ কথা ৷ ট্ৰেইনিং এটা শেষ কৰি দিল্লীৰপৰা গুৱাহাটীলৈ বুলি ৰেলত উঠিছোঁ ৷ এছি, থ্ৰি টায়াৰত ৷ এনেয়ে মই নিজৰ পইচাত ক'ৰবালৈ গ'লে খৰচৰ কথা ভাবি দ্বিতীয় শ্ৰেণীৰ শ্লীপাৰতে যাওঁ ৷ কিন্তু সেইদিনাৰ কথা বেলেগ ৷ চৰকাৰৰ কিবা প্ৰজেক্টৰ অধীনৰ অত্যাধুনিক সা সুবিধাসম্পন্ন ট্ৰেইনিং আছিল সেইটো ৷ অহা যোৱা, থকা খোৱা সকলোবোৰ একেবাৰে উত্তম ৷ বাৰু যিয়েই নহওক, ট্ৰেইনিংটোৰ সুবিধাতে জীৱনত প্ৰথমবাৰৰ বাবে বাতানুকুলিত শ্ৰেণীৰ ৰেলত উঠাৰ সুযোগ পালোঁ ৷ বিনামুলীয়া সুস্বাদু আহাৰৰ পয়োভৰত ডিঙিলৈকে উদৰ ভৰাই খালোঁ ৷ কয়েই নহয়, পৰৰ পালে জ্বৰৰ গাৰেও খায় ৷ দুটামান সুখৰ উগাৰ মাৰি দহমান বজাত শুবলৈ ল'লোঁ ৷ তেতিয়াহে মন কৰিলোঁ, বাহ, ৰেলৰ এছি দবাৰ কথাই সুকীয়া দেখোন ৷ প্ৰত্যেক চিটৰ লগে লগে একোখনকৈ পৰ্দা ৷ মানে তামাম আবুৰ আৰু দেই ৷ কোনোবাই লাইট জ্বলালেও বেলেগৰ শোৱাত অসুবিধা নহয় ৷ ছিটটোত বাগৰি বাগৰি হেডফোন লগাই মানসীৰ লগত ফোনত অলপ কথা পাতিলোঁ ৷ নিজৰ অভিজ্ঞতাবোৰ জনালোঁ ৷ লাহে লাহে লাইটবোৰ বন্ধ হৈ হৈ আন্ধাৰ নামি আহিল ৷ কথা পাতি থাকোতেই কেতিয়ানো সুখনিদ্ৰাত পৰিলোঁ গমেই নাপালোঁ ৷ অকস্মাতে সাৰ পালোঁ ৷ মোবাইলটোত সময়টো চালোঁ, ৰাতি দুই বাজোঁ বাজোঁ ৷ পেটটো অলপ কামুৰিছে দেখোন ৷ বাথৰুম যাব লাগিব ৷ কিহে পাইছিল বাৰু মোক? হ'ল যেনিবা বিনামূলীয়া, হ'ল বুলিয়েই আৰু যি পাওঁ তাকেই খাবলৈ ইমান খকুৱা নে মই? পাইছোনে এই ৰাতিখন মজাটো? নোযোৱাকৈ চলে নেকি বুলি অলপপৰ বাট চালোঁ ৷ নাই আৰু নোৱাৰিলোঁ ৷ ভাগ্যক্ৰমে মোৰ ছিটটো ল'ৱাৰ বাৰ্থৰ আছিল ৷ একে জাপতে হাৱাই চেন্দেলযোৰ ভৰিত সুমুৱাই বাথৰুম পাই কোনোমতেহে শেষ ৰক্ষা ৷ বাথৰুমৰপৰা ওলাই লাগিল লেঠা ৷ আৰে, মোৰ ছিটটো ক'ত আছিল? সকলো ছিটৰেই পৰ্দাবোৰ টানি থোৱা অৱস্থাত ৷ ভিতৰত কোন আছে গম পোৱা নাযায় ৷ সকলোবোৰ দেখাত একেই যেন লাগে ৷ তাৰা তাৰিত মোৰ নিজৰ পৰ্দাখনো উঠাই যোৱা নহ'ল ৷ আৰু এটা সমস্যা আহিল ৷ বাথৰুমলৈ যাওতে বাথৰুমৰপৰা অহা অকনমান পোহৰেই যথেষ্ট যেন লাগিছিল ৷ কিন্তু এতিয়া ওলোটা দিশত একেবাৰেই যেন অন্ধকাৰ ৷ তথাপি সাতে পাঁচে এক অংক মিলাই মোবাইল স্ক্ৰীনৰ ক্ষীণ পোহৰত মোৰ নিজৰ ছিট পালোহি ৷ ছিটটোত বহি চেন্দেলযোৰ খুলিছোহে, কাৰোবাৰ ভৰিত মোৰ হাতে স্পৰ্শ কৰিলে ৷ হাৰে, কোন আহি শুলেহি মোৰ ছিটত? এনে মানুহবোৰৰ বাবেই ৰেলত শান্তিৰে বাথৰুমো যাব নোৱাৰি ৷ খঙেই উঠি আহিল ৷ বেদখলকাৰীক চোৱা যাওক বুলি মোবাইল স্ক্ৰীণখন আকৌ এবাৰ উজ্বলাই ল'লোঁ ৷ আৰে, এয়া কি? মোৰ ছিটত এয়া দেখোন এজনী ছোৱালী ৷ তাৰমানে? হে প্ৰভু, তুমি বচালেহে বচোৱা ৷ বৰ ভয় খালোঁ বুজিছে? মোৰ হৃদপিণ্ডৰ শব্দত সমগ্ৰ ট্ৰেইনখনেই ৰজনজনাই যোৱা যেন লাগিল ৷ ভাগ্য ভাল যে কোনো সাৰে থকা নাছিল সেই সময়ত ৷ নহ'লে আপোনালোকক এইবোৰ শুনোৱাৰ সলনি বোধকৰোঁ হস্পিতেলতহে ভৰ্তি হ'বলগা হ'লহয় ৷ একেকোবেই আহি বাথৰুমৰ ওচৰ পালোহি ৷ আকৌ এবাৰ ছিট বিচাৰি যাবলৈ সাহে নোকোলালে ৷ ট্ৰেইনৰ এছি দবাৰ সুখ? ধুৰ, পোহৰ নোহোৱালৈকে বাথৰুমৰ ওচৰতে হামিয়াই হিকটিয়াই থাকিলোঁ ৷

মোৰ এই কাহিনীটো শুনি লগৰকেইটাই বৰ ৰস পাইছিল ৷ দুটামানেটো বিচনাত বাগৰি বাগৰি হাঁহিছিল ৷ অকস্মাতে ধীৰাজে প্ৰশ্ন কৰিছিল,

"অই চন্দন, ছোৱালীজনী দেখাত কেনে আছিল বে'?

ধেমালিত নহয়, চিৰিয়াছলি সুধিছিল সি ৷ পেন্দোৱাকৈ চাইছিলোঁ তালৈ ৷ বেটা, ছোৱালী নে বোৱাৰী নে তিৰোতা সেয়া বুজি পোৱাটো বাদেই দে, জীৱনটো যে বচাই লৈ আহিছোঁ সেয়াই বহুত ৷ একো নক'লোঁ তাক ৷ তাৰ মানসিকতাই সেইটো ৷ যোনদিনা কাৰোবাৰ কাণতলীয়া পৰিব, সেইদিনাহে বুজিব ৷ বেছি কৰিলে আমিয়েই দিম বাৰু ৷ সঁচানে মিছা নাজানোঁ, শুনামতে এতিয়াও তাৰ দুজনীমানৰ লগত লীলাখেলা চলি আছে ৷ কিন্তু ঘৈণীয়েকৰ লগত সিয়েই আটাইতকৈ ৰোমাণ্টিক ৷ উস, কি শব্দৰ বাহাৰ ! জানু, ডিয়েৰ, ডাৰ্লিং, চুইটি, চুইটহাৰ্ট আৰু কতনো কি ! আমি গোটেইকেইটা উপস্থিত থাকিলেও সকলোৰে আগত ঘৈণীয়েকৰ লগত তাৰ কি প্ৰেমভৰা কথোপকথন ! আৰু ফল ভূগিব লাগে মই ৷ মানসীয়ে কেতিয়াবা কৈয়েই পেলায়,

"তুমি কিয় ইমান আনৰোমাণ্টিক? অলপ শিকিবাচোন ধীৰাজৰপৰা ৷"

বেটা, ঘৈণীক মিছা মিছি লেৰেলা সাদৰ দেখুৱাবি, আৰু আমাৰ ঘৈণীবোৰে সঁচা বুলি ভাবি আমাক বিহু জাৰিব? পাবি আজি মজাটো ৷

এইবাৰ কওঁ পৰিমলৰ কথা ৷ বিয়াই পৰ্বই সি ঘৈণীয়েকক বেলেগ কিবা নহ'লেও অন্ততঃ মিঠাই এটুকুৰা হ'লেও খুৱাই দিয়াটো একেবাৰেই সুলভ দৃশ্য ৷ হেৰৌ, তোৰহে ঘৈণীয়েৰলৈ মৰম আছেনে? আমাৰ কি নাই? হ'ল বুলিয়ে আৰু মানসীক মই এনেদৰে সকলোৰে সন্মূখত খুৱাই দিব নোৱাৰোঁ দেই ৷ লাজতে মৰি যাম মই ৷ মানসীয়ে কেতিয়াবা কয়,

"দেখিছা, ঘৈণীয়েকক কিমান মৰম কৰে পৰিমলে ৷"

ৰ' বেটা ৷ আজি পাবি মজা ৷

বাকীকেইটাৰ কথা আজিলৈ থাকক ৷ এখন সৰু সুৰা মহাভাৰতেই হ'বগৈ ৷ মুঠতে ঠিৰাং কৰিলোঁ আজি ইহঁত গোটেইকেইটাকে তামাম শিক্ষা দিম ৷ জ্বলাই দিম বাপ্পেক্কে ৷ পটকৰে হাতত বাকী ৰোৱা পইছাকেইটালৈ মনত পৰিল ৷ একপ্ৰকাৰ তলি উদং ৷ কাৰোবাক জ্বলাবলৈও টকা খৰচ কৰিবৰ সামৰ্থ্য লাগিবটো ৷ এইবাৰ নিজলৈয়ে খং উঠিল ৷ কি খেতৰে পাইছিল মোক যে বিয়া পাতিবলৈ মাহৰ শেষৰফালৰ দিন এটা বাছি লৈছিলোঁ? এতিয়া প্ৰতি বছৰেই বিবাহ বাৰ্ষিকীৰ দিনটোলৈ বেংক বেলেন্স শেষেই হয়হি ৷ তথাপি ঠিৰাং কৰিলোঁ, কোনো কিন্তু নাই, আজি পিছহুহঁকি নাহোঁ ৷ বিপুললৈ ফোন কৰিলোঁ ৷ সি পইচা দিবলৈ হাঁহিমুখে ৰাজী ৷ ছমাহমানৰ ভিতৰত তাক উভোটাই দিলেই হ'ল ৷ অফিছ পায়েই দ্বীপেনক ফোন কৰিলোঁ ৷

"ক'ত আছ?"

"ঘৰত ৷ নাইট ডিউটি কৰি এইমাত্ৰ পাইছোহি ৷"

"এতিয়াৰ প্লেন কি?"

"কিহৰ প্লেন হেৰৌ ৷ ৰাতি তেনেকৈ শোৱাৰ চান্সেই নাপালোঁ ৷ এতিয়া গা পা ধুই শুই ল'ম অলপমান ৷"

"নালাগে শুব ৷"

"কিয়?"

"মোক অলপ হেল্প কৰি দে না ভাই ৷ প্লিজ ৷"

দ্বীপেনক গোটেই কথাখিনি বুজাই ক'লোঁ ৷ সি ক'লে,

"ঠিকেই আছে বাৰু ৷ কিন্তু চাৰি ঘণ্টাৰ ভিতৰত সকলোখিনি মেনেজ কৰাটো সম্ভৱ হ'ব জানোঁ?"

"নাজানোঁ ৷ তই কিবাকৈ মেনেজ কৰ ৷ পইচা বিপুলৰপৰা লৈ ল'বি ৷"

জীৱনত প্ৰথমবাৰৰ বাবে মোৰপৰা বিবাহ বাৰ্ষিকীৰ নিমন্ত্ৰণ পাই গোটেইকেইটা বহুত সুখী হ'ল ৷ সন্ধিয়ালৈ ঘৰখন অতিথিৰে ভৰি পৰিল ৷ অতিথি মানে মোৰ লগৰ কেইজন সপৰিয়ালে ৷ হ'ল বুলিয়েই বহু বেছি মানুহ মাতি ইমান বেছি খৰচো কৰিব নোৱাৰি ৷ গৰমৰ দিন ৷ পোহৰ আৰু বহাৰ ব্যৱস্থা কৰি চোতালখন সজাই ৰখা হৈছিল ৷ বতাহো বলি আছিল ৷ ভৰপুৰ  আড্ডা আৰম্ভ হ'ল ৷ এটা সময়ত দ্বীপেনে আহি মোৰ কাণে কাণে ক'লে,

"তোৰ বস্তুটো আহি পাইছে বোলে ৷ পিছফালৰ গেটৰ বাহিৰতে আছে ৷ লৈ আনোনে?"

"যা যা ৷ লৈ আন ৷ কাকো একো উমঘাম নিদিবি ৷"

"কোনেও একো গম নাপায় ৷ তই সকলোকে চোতালতে ব্যস্ত কৰি ৰাখ ৷ মই ড্ৰয়িং ৰুমত বস্তুটো একেবাৰে ফিট কৰি তোক জনাই আছোঁ ৷"

বেলেগৰ কথাটো বাদেই দিয়ক, দ্বীপেনে কোন তলকতনো বস্তুটো আনি ড্ৰযিং ৰুমত ৰখালেহি ময়েই গম নাপালোঁ ৷ এটা সময়ত ড্ৰয়িং ৰুমৰপৰা মাইক্ৰ'ফোনত দ্বীপেনৰ কণ্ঠস্বৰ ভাঁহি আহিল ৷

"সকলোৱে মন কৰিব ৷ সমুহ অতিথিকে ড্ৰয়িং ৰুমলৈ আহিবলৈ অনুৰোধ জনালোঁ ৷ এতিয়া বিবাহ বাৰ্ষিকী উপলক্ষে আমাৰ চন্দনে তাৰ সাদৰী পত্নী মানসীক আমাৰ সকলোৰে সন্মূখত এটি আটকধুনীয়া উপহাৰ প্ৰদান কৰিব ৷"

ই দ্বীপেনো কম নহয় দেই ৷ মোক নজনোৱাকৈ মাইক্ৰ'ফোনৰ ব্যৱস্থাও কৰিলে ৷ উত্তম, অতি উত্তম ৷ মানসীয়ে মোলৈ উৎসুকতাৰে চাই মোৰ কাণত সৰু সৰুকৈ ক'লে,

"কি আনিলা অ' চন্দন ৷ বেছি খৰচ কৰিলা নেকি? ঘৰ চলাবলৈ কষ্ট হ'ব আকৌ, চাবা ৷"

তেওৰ গাল এখনত মৰমেৰে মৃদুভাৱে টিপি ধৰি ক'লোঁ,

"একো নাই ৷ ব'লাচোন ৷"

মন কৰিলোঁ, এই এটি মৃদু টিপাটেই দুটামান জ্বলিছেই ৷ বঢ়িয়া, আৰু জ্বলাম তহঁতক ৷

ড্ৰয়িংৰুম পোৱাৰ লগে লগে সকলোবোৰ আচৰিত হ'ল ৷ ডাঙৰ ৱালখনৰ সোঁমাজতে এখন ডাঙৰকৈ বন্ধোৱা ফটো ৷ দীঘে প্ৰায় ছয়ফুট, পুতলে চাৰিফুট ৷ এখন ধুনীয়া আঁৰকাপোৰেৰে ফটোখন ঢাকি থোৱা আছিল ৷ দ্বীপেনে মোলৈ বুলি আঁৰকাপোৰৰ ৰচীডাল আগবঢ়াই দিলে ৷ মঞ্চ মুকলি কৰাৰ দৰেই লাহে লাহে ফটোখন সকলোৰে সন্মূখত উন্মোচিত কৰিলোঁ ৷ হাত চাপৰি, সুহুৰি আৰু মহিলাবোৰৰ উৰুলিৰে ড্ৰযিংৰুমটো ৰজনজনাই গ'ল ৷ ময়ো সদায় নাকৰ আগতেই লাগি থকা লাজটো অলপমান আঁতৰাই সকলোৰে সন্মূখতেই মানসীৰ হাত এখনত ধৰি কৰ্ডলেছ মাইক্ৰ'ফোনটোত ঘোষণা কৰিলোঁ,

"টু মাই লাভলী ৱাইফ, লাভ অৱ মাই লাইফ মানসী ৷"

প্ৰকাণ্ড ড্ৰয়িংৰুমটো আকৌ এবাৰ উকি, হাততালিৰ খলকনিত কঁপি উঠিল ৷ মানসী আবেগিক হৈ পৰিল ৷ ফটোত সেয়া আমাৰ বিয়াত তোলা মানসীৰ আটাইতকৈ ধুনীয়া ফটোখন ৷ আৰু ফটোখনে যেন ৰুমটোৰ সৌন্দৰ্য্য দুগুণ বঢ়াই তুলিলে ৷

মোৰ প্লেনমতে সকলো কাম ইতিমধ্যেই সম্পূৰ্ণ হৈ পৰিছিল ৷ কিন্তু দ্বীপেন আৰু এখোপ ওপৰত ৷ মোৰপৰা মাইক্ৰ'ফোনটো লৈ সি কৈ গ'ল,

"এতিয়া সকলোকে, বিশেষকৈ মহিলাসকলক চন্দনে নিজ পত্নীক দিয়া উপহাৰটিৰ সন্দৰ্ভত দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ ৷"

প্ৰথমেই আগবাঢ়ি আহিল ধীৰাজৰ পত্নী ৷

"আজিৰ এই উপহাৰেৰে চন্দনে মানসীৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমৰ নিদৰ্শন যুগমীয়া কৰিলে ৷"

উৎফুল্লিত মানসীয়ে মোৰ হাতখনত আৰু অলপ জোৰেৰে সাৱটি ধৰিলে ৷

পৰিমলৰ শ্ৰীমতীয়ে ক'লে,

"আমাৰ ঘৰতো এনেকৈ বন্ধাই থোৱা দুখনমান ফটো আছে ৷ কিন্তু সেয়া চিনেমাৰ অভিনেত্ৰীৰ ৷ তোমালৈ অশেষ ধন্যবাদ থাকিল চন্দন ৷ আৰু মানসী, তুমি বহুত লাকী যে এনে এজন হাজবেণ্ড পাইছা ৷"

অকলে থকাহ'লে মানসীৰপৰা নিশ্চিতভাৱে এটি চুম্বন পালোঁহেতেন ৷ এগৰাকীৰ পিছত এগৰাকীকৈ মহিলাবোৰে মোৰ গুণগান গালে ৷ বুজিছে, আপোনালোক থকা হ'লে বুজিলেহেঁতেন, গিৰিয়েকবোৰৰ মুখবোৰ কিন্তু চাবলগীয়া হৈছিল ৷ এটা সময়ত খোৱা বোৱা শেষ কৰি সকলোবোৰ ঘৰমুৱা হ'ল ৷ ধীৰাজে আহি মোৰ কণে কাণে ক'লেহি,

"তই বৰ কেজেং লগালি বন্ধু ৷ আজি ঘৰলৈ যাবলৈয়ে ভয় হৈছে ৷"

বেয়া নাপাব, তাৰ দুখ দেখি মই কিন্তু পৰম সুখ পালোঁ ৷ মোক বৰ্বৰ বুলি ভাবিলেও ভাবক, তাৰ কথাত মই একপ্ৰকাৰ টকালি টকালি ৰসস্বাদন কৰিলোঁ ৷ অৱশেষত তাৰমানে মোৰ প্লেন সফল হ'ল ৷

ৰাতি বিচনাত পৰাৰ সময়ত মোৰ বুকুৰ মাজত কুছি মুছি সোমাই আবেগেৰে মানসীয়ে ক'লে,

"তুমি মোক ইমান ভাল পোৱা চন্দন?"

মনটো ৰিমঝিম হৈ পৰিল ৷ মিচিকিয়াই হাঁহিলোঁ ৷ তেওক নক'লেও পেটে পেটে ভাবিলোঁ,

"আজি তোমাক এই উপহাৰটো দি যিমান সুখী হৈছোঁ, তাতোকৈও বেছি সুখী হৈছোঁ মোৰ বন্ধুকেইটাৰ ক'লা পৰা মুখকেইখন দেখি ৷ বৰ জ্বলাইছিল ইহঁতকেইটাই ৷"

অলপ সময়ৰ ব্যৱধানত মানসীয়ে পুনৰ সুধিলে,

"এটা কথা কোৱাচোন চন্দন ৷ মোৰ আৰু কোনোবা চেলিব্ৰিটিৰ ফটোৰ মাজতনো কি পাৰ্থক্য আছে?"

এইবাৰ মোৰ হাঁহি উঠাৰ পাল ৷ ৰখাবলৈ খুজিও ৰখাবলৈ নোৱাৰিলোঁ হাঁহিটো ৷

"হাঁহিলা যে?"

"নাই, এনেয়ে ৷"

"প্লিজ, কোৱানা ৷"

"বিশেষ পাৰ্থক্য নাই ৷ কিন্তু তোমাৰ ফটোখন কোনোবা পৰপুৰুষৰ বেডৰুমত লগাই ৰাখিলে বহুত পয়মাল লাগিব ৷"

মানসীয়ে বৰ লাজ পালে ৷ মোৰ আৰু ওচৰ চাপি আহি তেওঁ মোক ক'লে,

"বুজিছা চন্দন, সোন ডাঙৰ হৈছেই ইতিমধ্যেই ৷ আমাৰ পৰবৰ্তী সন্তানটোৰ কথা ভাবিব পাৰোঁ দেখোন অ' ৷"

এই, মজ্জা ৷ এনে সেউজ সংকেত পোৱাৰ পিছতো যদি মই পিছুৱাই আহোঁ, তেন্তে মোতকৈ বেছি বুৰ্বক আৰু পৃথিৱীত কোনোবা বেলেগ এটা নোলাব ৷

"ঠিকেই কৈছা ৷"

ৰুমৰ লাইটটো বন্ধ কৰি আহি পৰম উৎসাহেৰে বিচনাত উঠিছোহে, দৰ্জাত কোনোবাই টুকুৰিওৱাৰ শব্দ কাণত পৰিল ৷ দৰ্জাখন খুলিলোঁ ৷ সন্মূখত সেয়া সোন ঠিয় হৈ আছে ৷

"কি হ'ল সোন? আইতাৰ ওচৰৰপৰা গুছি আহিলা যে?"

"দেতা, মই আজি তোমালোকৰ লগত শুম ৷"

ৰুমৰ লাইটটো আকৌ জ্বলাই দিলোঁ ৷ আৰু এতিয়া মাকক আকোৱালি ধৰি আমাৰ একমাত্ৰ সন্তান সোন নিদ্ৰামগ্ন ৷ আৰু মই? উপায় নাই আৰু, আপোনালোকলৈ বুলি দিনটোৰ বিৱৰণী লিখাত ব্যস্ত ৷ আৰু আমাৰ পৰবৰ্তী সন্তান? বুজিছেই নহয়, আজিটো আৰু কোনোপধ্যেই সম্ভৱ নহ'ব ৷ হ'ব দিয়ক, বেলেগ এদিন চেষ্টা কৰি চাম ৷ জনাম বাৰু আপোনালোকক ৷ ইছ ৰাম, দুষ্ট ক'ৰবাৰ, নাপায়, নাপায়, সেইটো জনাৰ আশা যে আৰু কেতিয়াও নকৰিব ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা ৷
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য ৷
#ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম ৷